ভাৰতৰ সামুদ্ৰিক খণ্ডই ক্ষিপ্ৰ গতি আৰু শক্তিৰে আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
আমি শতিকাৰো অধিক পুৰণি ঔপনিৱেশিক জাহাজ চলোৱা আইনসমূহৰ ঠাইত একবিংশ শতিকাৰ বাবে উপযুক্ত আধুনিক, ভৱিষ্যতৰ আইনসমূহ সলনি কৰিছোঃ প্ৰধানমন্ত্ৰী
আজি ভাৰতৰ বন্দৰসমূহ উন্নয়নশীল বিশ্বৰ আটাইতকৈ কাৰ্যক্ষম বন্দৰসমূহৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰা হয়; বহু দিশত এইবোৰে উন্নত বিশ্বৰ তুলনাত আৰু ভাল প্ৰদৰ্শন কৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত নতুন উচ্চতাত উপনীত হোৱাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিছে, আমি এতিয়া বৃহৎ জাহাজক আন্তঃগাঁথনি সম্পত্তিৰ মৰ্যাদা প্ৰদান কৰিছোঃপ্ৰধানমন্ত্ৰী
ভাৰতৰ জাহাজ পৰিবহণ খণ্ডত কাম আৰু সম্প্ৰসাৰণৰ বাবে এইটোৱেই উপযুক্ত সময়ঃ প্ৰধানমন্ত্ৰী
যেতিয়া বিশ্বৰ সাগৰবোৰ ৰুক্ষ হয়, তেতিয়া বিশ্বই এটা সুস্থিৰ লাইটহাউচ বিচাৰে, ভাৰতে সেই ভূমিকা শক্তি আৰু সুস্থিৰতাৰে পালন কৰিবলৈ ভালদৰে সাজু হৈছেঃ প্ৰধানমন্ত্ৰী
বিশ্বৰ উত্তেজনা, বাণিজ্যিক ব্যাঘাত আৰু যোগান শৃংখলৰ পৰিৱৰ্তনৰ মাজত ভাৰত কৌশলগত স্বায়ত্তশাসন, শান্তি আৰু সৰ্বাংগীন বিকাশৰ প্ৰতীক হিচাপে থিয় দিছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত ভাষণ দিয়াৰ লগতে বিশ্ব সামুদ্ৰিক চিইঅ’ ফ’ৰামৰ অধ্যক্ষতা কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে বিশ্ব সামুদ্ৰিক নেতা সন্মিলনত অংশগ্ৰহণ কৰা সকলোকে আদৰণি জনায়। ২০১৬ চনত মুম্বাইত আৰম্ভ হোৱা এই অনুষ্ঠানটো এতিয়া বিশ্বৰ শীৰ্ষ সন্মিলনলৈ উন্নীত হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সন্মিলনত ৮৫খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। অনুষ্ঠানত তেওঁ সমবেত হোৱা প্ৰধান জাহাজ চলোৱা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, ষ্টাৰ্টআপ, নীতি নিৰ্ধাৰক আৰু উদ্ভাৱকসকলৰ উপস্থিতিৰ কথা উল্লেখ কৰে। তেওঁ লগতে ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপস্থিতি স্বীকাৰ কৰি কয় যে তেওঁলোকৰ সামূহিক দৃষ্টিভংগীয়ে সন্মিলনৰ সহযোগিতা আৰু শক্তি যথেষ্ট বৃদ্ধি কৰিছে।

 

সন্মিলনত জাহাজ খণ্ডৰ সৈতে জড়িত কেইবাটাও প্ৰকল্প আৰম্ভ হোৱা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে জাহাজ খণ্ডতো লাখ লাখ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ইয়াৰ দ্বাৰা ভাৰতৰ সামুদ্ৰিক সামৰ্থ্যৰ ওপৰত বিশ্বজুৰি আস্থা প্ৰতিফলিত হৈছে। তেওঁ কয় যে অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলৰ উপস্থিতি তেওঁলোকৰ উমৈহতীয়া প্ৰতিশ্ৰুতিৰ প্ৰতীক হিচাপে থিয় দিছে।

“একবিংশ শতিকাত ভাৰতৰ সামুদ্ৰিক খণ্ডই ক্ষিপ্ৰ গতি আৰু শক্তিৰে আগবাঢ়িছে”, বুলি দৃঢ়তাৰে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২৫ চনটো এই খণ্ডৰ বাবে বিশেষভাৱে উল্লেখযোগ্য আৰু মূল কৃতিত্বসমূহ শ্বেয়াৰ কৰে। তেওঁ মন্তব্য কৰে যে ভাৰতৰ প্ৰথমটো গভীৰ পানীৰ আন্তঃৰাষ্ট্ৰীয় ট্ৰেন্স-শ্বিপমেণ্ট হাব ভিজিনজাম বন্দৰ এতিয়া কাৰ্যক্ষম হৈ উঠিছে। শেহতীয়াকৈ বিশ্বৰ সৰ্ববৃহৎ কণ্টেইনাৰ জাহাজখন বন্দৰটোত উপস্থিত হৈছে, যিয়ে প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱৰ মুহূৰ্ত হিচাপে চিহ্নিত হৈছে। শ্ৰী মোদীয়ে লগতে কয় যে ২০২৪–২৫ চনত ভাৰতৰ প্ৰধান বন্দৰসমূহে এতিয়ালৈকে সৰ্বাধিক মালবাহী সামগ্ৰী পৰিচালনা কৰি এক নতুন অভিলেখ গঢ়িছে। তেওঁ ঘোষণা কৰে যে প্ৰথমবাৰৰ বাবে ভাৰতীয় বন্দৰে মেগাৱাট পৰিসৰৰ থলুৱা সেউজ হাইড্ৰ’জেনৰ সুবিধা মুকলি কৰিছে, যিটো কৃতিত্ব কণ্ডলা বন্দৰৰ। তেওঁ লগতে কয় যে জেএনপিটিত আন এক বৃহৎ মাইলৰ খুঁটি উপনীত হৈছে, য’ত ভাৰত মুম্বাই কণ্টেইনাৰ টাৰ্মিনেলৰ দ্বিতীয় পৰ্যায় কাম আৰম্ভ হৈছে। “ইয়াৰ ফলত টাৰ্মিনেলৰ পৰিচালনা কৰাৰ ক্ষমতা দুগুণ হৈছে, ই ভাৰতৰ সৰ্ববৃহৎ কণ্টেইনাৰ বন্দৰ”। ভাৰতৰ বন্দৰৰ আন্তঃগাঁথনিত সৰ্বাধিক প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বাবেই এইটো সম্ভৱ হোৱা বুলি উল্লেখ কৰি তেওঁ ছিংগাপুৰৰ অংশীদাৰসকলৰ অৱদানৰ বাবে বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এইবাৰ ভাৰতে সামুদ্ৰিক খণ্ডত পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ দিশত বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। “এশ বছৰতকৈও অধিক পুৰণি ঔপনিৱেশিক জাহাজ আইনসমূহৰ ঠাইত একবিংশ শতিকাৰ বাবে উপযুক্ত আধুনিক আৰু ভৱিষ্যতৰ আইন প্ৰণয়ন কৰা হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয় যে এই নতুন আইনসমূহে ৰাজ্যিক সামুদ্ৰিক ব’ৰ্ডসমূহক ক্ষমতা প্ৰদান কৰে, সুৰক্ষা আৰু বহনক্ষমতাক শক্তিশালী কৰাৰ লগতে বন্দৰ ব্যৱস্থাপনাৰ ডিজিটেলাইজেশ্যন সম্প্ৰসাৰণ কৰে।

তদুপৰি মাৰ্চেণ্ট শ্বিপিং এক্টৰ অধীনত ভাৰতীয় আইনসমূহ বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ সৈতে সংগতি ৰাখি ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এই সংহতিৰ ফলত সুৰক্ষাৰ মানদণ্ডৰ ওপৰত আস্থা বৃদ্ধি, ব্যৱসায়ৰ সুচলতা বৃদ্ধি পোৱাৰ লগতে চৰকাৰী হস্তক্ষেপ হ্ৰাস পাইছে। এই প্ৰচেষ্টাসমূহে অংশীদাৰ আৰু বিনিয়োগকাৰীসকলৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপকূলীয় জাহাজ আইনখন বাণিজ্য সৰল আৰু যোগান শৃংখলৰ সুৰক্ষা শক্তিশালী কৰাৰ বাবে ৰচনা কৰা হৈছে। তেওঁ দৃঢ়তাৰে কয় যে এই আইনখনে ভাৰতৰ বিস্তৃত উপকূলৰ কাষে কাষে সুষম উন্নয়ন নিশ্চিত কৰে। বন্দৰ সম্পৰ্কীয় পদ্ধতিসমূহক প্ৰামাণিককৰণ কৰা আৰু নথিপত্ৰৰ প্ৰয়োজনীয়তা যথেষ্ট হ্ৰাস কৰা এক ৰাষ্ট্ৰ, এক বন্দৰ প্ৰক্ৰিয়াৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে জাহাজ চলোৱা খণ্ডত এই সংস্কাৰসমূহ ভাৰতৰ দশকজোৰা সংস্কাৰ যাত্ৰাৰ ধাৰাবাহিকতা। বিগত দহ-এঘাৰ বছৰৰ কথা চিন্তা কৰি তেওঁ উল্লেখ কৰে যে ভাৰতৰ সামুদ্ৰিক খণ্ডৰ পৰিৱৰ্তন ঐতিহাসিক। সামুদ্ৰিক ভাৰত দৃষ্টিভংগীৰ অধীনত ১৫০টাতকৈও অধিক নতুন পদক্ষেপ আৰম্ভ কৰা হৈছে, যাৰ ফলত প্ৰধান বন্দৰসমূহৰ ক্ষমতা প্ৰায় দুগুণ বৃদ্ধি পাইছে, টাৰ্ণআউটৰ সময় যথেষ্ট হ্ৰাস পাইছে আৰু ক্ৰুজ পৰ্যটনৰ ক্ষেত্ৰত নতুন গতি লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আভ্যন্তৰীণ জলপথত মালবাহী জাহাজৰ চলাচল ৭০০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে, কাৰ্যক্ষম জলপথৰ সংখ্যা তিনিৰ পৰা ৩২টালৈ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে বিগত দশকত ভাৰতীয় বন্দৰসমূহৰ শুদ্ধ বাৰ্ষিক উদ্বৃত্ত ৯গুণ বৃদ্ধি পাইছে।

“ভাৰতৰ বন্দৰসমূহ এতিয়া উন্নয়নশীল বিশ্বৰ আটাইতকৈ কাৰ্যক্ষম বন্দৰৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰা হৈছে আৰু বহু ক্ষেত্ৰত, উন্নত বিশ্বৰ বন্দৰসমূহতকৈ বেছি প্ৰদৰ্শন কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ মূল প্ৰদৰ্শনৰ পৰিসংখ্যা শ্বেয়াৰ কৰি উল্লেখ কৰে যে ভাৰতত গড় কণ্টেইনাৰ থকাৰ সময় তিনিদিনতকৈও কমলৈ হ্ৰাস পাইছে, যিটো কেইবাখনো উন্নত ৰাষ্ট্ৰতকৈ ভাল। তেওঁ আলোকপাত কৰে যে জাহাজৰ গড় টাৰ্ণআউট সময় ৯৬ ঘণ্টাৰ পৰা মাত্ৰ ৪৮ ঘণ্টালৈ হ্ৰাস পাইছে, যাৰ ফলত ভাৰতীয় বন্দৰসমূহ বিশ্বজুৰি জাহাজ লাইনৰ বাবে অধিক প্ৰতিযোগিতামূলক আৰু আকৰ্ষণীয় হৈ পৰিছে। শ্ৰী মোদীয়ে লগতে কয় যে ভাৰতে বিশ্ব বেংকৰ লজিষ্টিক প্ৰদৰ্শন সূচকত যথেষ্ট উন্নতি দেখুৱাইছে। তেওঁ সামুদ্ৰিক মানৱ সম্পদৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমৱৰ্ধমান শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে বিগত দশকত ভাৰতীয় নাৱিকৰ সংখ্যা ১.২৫ লাখৰ পৰা ৩ লাখৰো অধিক হৈছে। আজি ভাৰত নাৱিকৰ সংখ্যাৰ ফালৰ পৰা বিশ্বৰ শীৰ্ষ তিনিখন দেশৰ ভিতৰত স্থান লাভ কৰিছে।

একবিংশ শতিকাৰ এক চতুৰ্থাংশ পাৰ হৈ গ’ল আৰু পৰৱৰ্তী ২৫ বছৰ আৰু অধিক গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতৰ গুৰুত্ব নীলা অৰ্থনীতি আৰু বহনক্ষম উপকূলীয় উন্নয়নৰ ওপৰত। তেওঁ সেউজ লজিষ্টিক, বন্দৰ সংযোগ আৰু উপকূলীয় ঔদ্যোগিক ক্লাষ্টাৰৰ ওপৰত চৰকাৰে ব্যাপক গুৰুত্ব দিয়াৰ ওপৰত আলোকপাত কৰে।

 

“জাহাজ নিৰ্মাণ এতিয়া ভাৰতৰ শীৰ্ষ অগ্ৰাধিকাৰৰ ভিতৰত”, প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়। জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ ঐতিহাসিক প্ৰাধান্যৰ কথা মনত পেলাই তেওঁ উল্লেখ কৰে যে দেশখন এসময়ত এই ক্ষেত্ৰত এক প্ৰধান বিশ্ব কেন্দ্ৰ আছিল। তেওঁ কয় যে সভাস্থলীৰ পৰা অলপ দূৰৈত অজন্তা গুহা আছে, য’ত ষষ্ঠ শতিকাৰ এখন ছবিত তিনিটা মাষ্টযুক্ত জাহাজৰ ডিজাইন দেখুওৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে প্ৰাচীন ভাৰতীয় শিল্পত দেখা পোৱা এই ডিজাইনটো এশ বছৰৰ পিছত আন দেশসমূহেও গ্ৰহণ কৰিছিল।

ভাৰতত নিৰ্মিত জাহাজসমূহ এসময়ত বিশ্ব বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে পৰৱৰ্তী সময়ত জাহাজ ভাঙি পেলোৱা খণ্ডত আগবাঢ়িছিল আৰু এতিয়া জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত নতুন উচ্চতাত উপনীত হোৱাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিছে। তেওঁ উল্লেখ কৰে যে ভাৰতে বৃহৎ জাহাজক আন্তঃগাঁথনি সম্পত্তিৰ মৰ্যাদা প্ৰদান কৰিছে, যিটো নীতিগত সিদ্ধান্তই অনুষ্ঠানত উপস্থিত থকা সকলো জাহাজ নিৰ্মাতাৰ বাবে নতুন পথ মুকলি কৰিব। তেওঁ আলোকপাত কৰে যে ইয়াৰ দ্বাৰা নতুন বিত্তীয় বিকল্প লাভ কৰা হ’ব, সুদৰ খৰচ হ্ৰাস পাব আৰু ঋণৰ সুবিধা সহজ হ’ব। এই সংস্কাৰক আগুৱাই নিবলৈ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে চৰকাৰে প্ৰায় ৭০,০০০ কোটি টকা বিনিয়োগ কৰিব। এই বিনিয়োগে ঘৰুৱা ক্ষমতা বৃদ্ধি, দীৰ্ঘম্যাদী বিত্তীয় সাহায্যক প্ৰসাৰিত কৰা, গ্ৰীণফিল্ড আৰু ব্ৰাউনফিল্ড জাহাজ নিৰ্মাণ কাৰখানাৰ উন্নয়নত সহায় কৰা, উন্নত সামুদ্ৰিক দক্ষতা গঢ়ি তোলাৰ লগতে যুৱক-যুৱতীসকলৰ বাবে লাখ লাখ চাকৰিৰ সৃষ্টি কৰিব। তেওঁ লগতে কয় যে এই পদক্ষেপে সকলো অংশীদাৰৰ বাবে নতুন বিনিয়োগৰ সুযোগো মুকলি কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে সন্মিলন আয়োজন কৰা ভূমি ছত্ৰপতি শিৱাজী মহাৰাজৰ ভূমি, যিয়ে কেৱল সামুদ্ৰিক সুৰক্ষাৰ ভেটি স্থাপন কৰাই নহয় আৰব সাগৰৰ বাণিজ্যিক পথৰ ওপৰেৰে ভাৰতীয় শক্তিকো দৃঢ়তাৰে দখল কৰিছিল। তেওঁ শিৱাজী মহাৰাজৰ দৃষ্টিভংগীক আলোকপাত কৰে যে সাগৰসমূহ সীমা নহয় বৰঞ্চ সুযোগৰ দুৱাৰমুখ আৰু ভাৰতেও একে চিন্তাৰে আগবাঢ়িছে বুলি উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ যোগান শৃংখলৰ সুস্থিৰতা শক্তিশালী কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দেশখনে সক্ৰিয়ভাৱে বিশ্বমানৰ মেগা বন্দৰ নিৰ্মাণ কৰি থকা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে ঘোষণা কৰে যে মহাৰাষ্ট্ৰৰ বাধাৱনত ৭৬,০০০ কোটি টকা ব্যয়ৰে এটা নতুন বন্দৰ নিৰ্মাণ কৰা হৈছে। তেওঁ লগতে কয় যে ভাৰতে নিজৰ প্ৰধান বন্দৰসমূহৰ ক্ষমতা চাৰিগুণ বৃদ্ধি কৰাৰ লগতে কণ্টেইনাৰযুক্ত সামগ্ৰীৰ ক্ষেত্ৰত নিজৰ অংশ বৃদ্ধিৰ বাবে কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত উপস্থিত সকলো অংশীদাৰেই মূল অংশীদাৰ বুলি দৃঢ়তাৰে কয় আৰু তেওঁলোকৰ ধাৰণা, উদ্ভাৱন, আৰু বিনিয়োগক আদৰণি জনায়। তেওঁ পুনৰ কয় যে ভাৰতে বন্দৰ আৰু জাহাজ চলোৱাত ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিয়ে আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে। “মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড” দৃষ্টিভংগীৰ অধীনত উদগনি যোগোৱা হৈছে আৰু ৰাজ্যসমূহক বিনিয়োগ আকৰ্ষণ কৰিবলৈ উৎসাহিত কৰা হৈছে। তেওঁ বিভিন্ন দেশৰ বিনিয়োগকাৰীক ভাৰতৰ জাহাজ খণ্ডত জড়িত আৰু সম্প্ৰসাৰণৰ বাবে এই মুহূৰ্তটো আঁকোৱালি ল’বলৈ আহ্বান জনায় আৰু এইটোৱেই সঠিক সময় বুলি উল্লেখ কৰে।

ভাৰতৰ সজীৱ গণতন্ত্ৰ আৰু নিৰ্ভৰযোগ্যতাক সংজ্ঞায়িত শক্তি হিচাপে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে “যেতিয়া বিশ্বৰ সাগৰবোৰ ৰুক্ষ হয়, বিশ্বই এটা সুস্থিৰ লাইটহাউচ বিচাৰে, তেতিয়া ভাৰত সেই ভূমিকা শক্তি আৰু সুস্থিৰতাৰে পালন কৰিবলৈ ভালদৰে সাজু হয়”। বিশ্বৰ উত্তেজনা, বাণিজ্যিক বিঘিনি আৰু যোগান শৃংখলৰ পৰিৱৰ্তনৰ মাজতে শ্ৰী মোদীয়ে কয় যে ভাৰত কৌশলগত স্বায়ত্তশাসন, শান্তি আৰু সৰ্বাংগীন বিকাশৰ প্ৰতীক হিচাপে থিয় দিছে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতৰ সামুদ্ৰিক আৰু বাণিজ্যিক পদক্ষেপ এই বহল দৃষ্টিভংগীৰ অবিচ্ছেদ্য অংগ। ভাৰত–মধ্যপ্ৰাচ্য–ইউৰোপ অৰ্থনৈতিক কৰিডৰক উদাহৰণ হিচাপে উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা বাণিজ্যিক পথসমূহ পুনৰ সংজ্ঞায়িত কৰা হ’ব আৰু স্বচ্ছ শক্তি আৰু স্মাৰ্ট লজিষ্টিকক প্ৰসাৰ কৰা হ’ব।

 

ভাৰতৰ সৰ্বাংগীন সামুদ্ৰিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তি, প্ৰশিক্ষণ আৰু আন্তঃগাঁথনিৰ জৰিয়তে ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰ আৰু অতি কম উন্নত দেশসমূহক সৱলীকৰণ কৰিলেহে এই লক্ষ্য লাভ কৰিব পৰা যাব। তেওঁ জলবায়ু পৰিৱৰ্তন, যোগান শৃংখলৰ ব্যাঘাত, অৰ্থনৈতিক অনিশ্চয়তা আৰু সামুদ্ৰিক নিৰাপত্তাৰ সৈতে মোকাবিলা কৰিবলৈ সামূহিক পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। শ্ৰী মোদীয়ে সকলো অংশগ্ৰহণকাৰীক শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ দিশত একেলগে আগবাঢ়ি যাবলৈ আৰু বহনক্ষম ভৱিষ্যত গঢ়ি তুলিবলৈ আহ্বান জনায়। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে সন্মিলনৰ অংশগ্ৰহণ কৰা সকলোকে উষ্ম শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

 

ভাৰতৰ সৰ্বাংগীন সামুদ্ৰিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তি, প্ৰশিক্ষণ আৰু আন্তঃগাঁথনিৰ জৰিয়তে ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰ আৰু অতি কম উন্নত দেশসমূহক সৱলীকৰণ কৰিলেহে এই লক্ষ্য লাভ কৰিব পৰা যাব। তেওঁ জলবায়ু পৰিৱৰ্তন, যোগান শৃংখলৰ ব্যাঘাত, অৰ্থনৈতিক অনিশ্চয়তা আৰু সামুদ্ৰিক নিৰাপত্তাৰ সৈতে মোকাবিলা কৰিবলৈ সামূহিক পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। শ্ৰী মোদীয়ে সকলো অংশগ্ৰহণকাৰীক শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ দিশত একেলগে আগবাঢ়ি যাবলৈ আৰু বহনক্ষম ভৱিষ্যত গঢ়ি তুলিবলৈ আহ্বান জনায়। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে সন্মিলনৰ অংশগ্ৰহণ কৰা সকলোকে উষ্ম শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

 

এই উপলক্ষে অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনাবিছ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, শ্ৰী শান্তনু ঠাকুৰ আৰু শ্ৰী কীৰ্তিৱৰ্ধন সিঙৰ লগতে আন একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auto industry contributes over ₹22.75 lakh crore to Indian economy: SIAM

Media Coverage

Auto industry contributes over ₹22.75 lakh crore to Indian economy: SIAM
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Italian PM Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history
September 04, 2026

Prime Minister Shri Narendra Modi today congratulated Italian Prime Minister Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history.

The Prime Minister stated that this milestone is a reflection of the trust and confidence of the Italian people in her leadership. He further noted that her friendship has been instrumental in strengthening the India-Italy Special Strategic Partnership, adding that he looks forward to continuing their close cooperation to build a prosperous future for the people of both countries. He extended his best wishes for her continued success in the years ahead.

In a post on X, the Prime Minister shared:

"Congratulations to my friend Prime Minister Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history. This milestone is a reflection of the trust and confidence of the Italian people in her leadership.

Her friendship has also been instrumental in strengthening the India-Italy Special Strategic
Partnership and I look forward to continuing our close cooperation to build a prosperous future for the people of our countries.

My best wishes for her continued success in the years ahead.

@GiorgiaMeloni"