মালে ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উদযাপনত ‘সন্মানীয় অতিথি’ হিচাপে অংশগ্ৰহণ কৰে। মালদ্বীপৰ স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত প্ৰথমবাৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি মুইজ্জুৱে আতিথ্য প্ৰদান কৰা ৰাষ্ট্ৰপতি বা চৰকাৰৰ মুৰব্বী পৰ্যায়ৰ প্ৰথমজন বিদেশী নেতা হিচাপেও পৰিগণিত হয় প্ৰধানমন্ত্ৰী মোদী।

 

মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে প্ৰধানমন্ত্ৰীয়ে ৰিপাব্লিক স্কোৱাৰত স্বাধীনতা দিৱসৰ পেৰেড প্ৰত্যক্ষ কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে মালদ্বীপৰ জনসাধাৰণ আৰু চৰকাৰলৈ শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনী আৰু অন্যান্য স্থানীয় গোটৰ এক প্ৰাণৱন্ত পেৰেডৰ লগতে আধুনিক দেশ হিচাপে মালদ্বীপৰ কৃতিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি মুইজ্জু আৰু মালদ্বীপৰ জনসাধাৰণক আন্তৰিক আমন্ত্ৰণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ‘সন্মানীয় অতিথি’ হিচাপে স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত তেওঁৰ অংশগ্ৰহণে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ এক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে। ২০২৫ বৰ্ষতে ভাৰত আৰু মালদ্বীপৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০ বছৰ সম্পূৰ্ণ হ’ল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026