ভাৰতৰ কৃতিত্ব আৰু সফলতাই সমগ্ৰ বিশ্বতে আশাৰ নতুন ৰেঙণি দেখুৱাইছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে আজি বিশ্বৰ বিকাশক চালিত কৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ গ্ৰামাঞ্চলৰ গৃহস্থীসমূহক সম্পত্তিৰ অধিকাৰ প্ৰদানৰ বাবে আমি স্বামিত্ব আঁচনিৰ শুভাৰম্ভ কৰিছোঁ: প্ৰধানমন্ত্ৰী
যুৱ সমাজ হৈছে আজিৰ ভাৰতৰ এক্স-ফেক্টৰ, এক্সৰ অৰ্থ হৈছে এক্সপেৰিমেন্ট, এক্সেলেন্স আৰু এক্সপানচনঃ প্ৰধানমন্ত্ৰী
যোৱা দশকত আমি প্ৰভাৱ-হীন প্ৰশাসনক প্ৰভাৱশালী শাসনলৈ ৰূপান্তৰিত কৰিছোঁ: প্ৰধানমন্ত্ৰী
শ্ৰী মোদীয়ে কোনো ৰাজনৈতিক বেকগ্ৰাউণ্ড নথকা এক লাখ যুৱক-যুৱতীক ভাৰতৰ ৰাজনীতিলৈ অনাৰ ধাৰণাটোৰ কথা পুনৰ উল্লেখ কৰে।
তেখেতে কয় যে বিগত দশকত ভাৰত পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে আৰু বৰ্তমান বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ দিশত ক্ষীপ্ৰতাৰে আগবাঢ়িছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ৰিপাব্লিক টিভিক তৃণমূল পৰ্য্যায়ত যুৱক-যুৱতীসকলক জড়িতকৰণৰ বাবে আৰু এক উল্লেখযোগ্য হেকাথন প্ৰতিযোগিতা আয়োজনৰ উদ্ভাৱনী পদ্ধতি অৱলম্বনৰ বাবে অভিনন্দন জনায়। তেখেতে কয় যে এখন ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকল ৰাষ্ট্ৰীয় বিষয়ৰে জড়িত হৈ পৰা মাত্ৰেকে চিন্তা-ধাৰাৰ ক্ষেত্ৰত নতুনত্বৰ সঞ্চাৰ হয় আৰু সমগ্ৰ পৰিবেশকে তেওঁলোকৰ শক্তিৰে ভৰাই তোলে। তেখেতে কয় যে এই শক্তি আজিৰ সন্মিলনত অনুভূত হৈছে। তেখেতে আৰু কয় যে যুৱক-যুৱতীসকলৰ অংশগ্ৰহণে সকলো বাধা নেওচি সীমনালৈ যোৱাত সহায় কৰে, যাৰ ফলশ্ৰুতিত প্ৰতিটো লক্ষ্য সাধনযোগ্য আৰু প্ৰতিটো গন্তব্যস্থানত উপনীত হ’ব পৰা যায়। এই সন্মিলনৰ বাবে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰাৰ বাবে তেখেতে ৰিপাব্লিক টিভিৰ শলাগ লয় আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে কোনো ৰাজনৈতিক বেকগ্ৰাউণ্ড নথকা এক লাখ যুৱক-যুৱতীক ভাৰতৰ ৰাজনীতিলৈ অনাৰ ধাৰণাটোৰ কথা পুনৰ উল্লেখ কৰে।

“বিশ্বই এতিয়া এই শতিকাক ভাৰতৰ শতিকা হিচাপে স্বীকৃতি প্ৰদান কৰিছে আৰু ভাৰতৰ কৃতিত্ব তথা সফলতাই বিশ্বজুৰি নতুন আশাৰ সৃষ্টি কৰিছে”, শ্ৰী মোদীয়ে কয়। তেখেতে কয় যে এসময়ত নিজকে আৰু আনৰ লোকচান কৰা ৰাষ্ট্ৰ হিচাপে গণ্য কৰা ভাৰতে এতিয়া বিশ্বৰ বিকাশৰ সূচনা কৰিছে। স্বাধীনতাৰ ৬৫ বছৰৰ পাছতো ভাৰত বিশ্বৰ একাদশ সৰ্ববৃহৎ অৰ্থনীতি হৈ আছিল বুলি উল্লেখেৰে তেখেতে লগতে কয় যে ভাৰতৰ ভৱিষ্যতৰ দিশ আজিৰ কাম আৰু সাফল্যৰপৰা স্পষ্ট হৈ পৰিছে। তেখেতে কয় যে বিগত দশকত ভাৰত পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে আৰু বৰ্তমান বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ দিশত ক্ষীপ্ৰতাৰে আগবাঢ়িছে।

 

১৮ বছৰ পূৰ্বৰ পৰিস্থিতিৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় ২০০৭ত যেতিয়া ভাৰতৰ বাৰ্ষিক জিডিপি ১ ট্ৰিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছিল, তেতিয়া ভাৰতত গোটেই বছৰটোৰ অৰ্থনৈতিক কাৰ্য্যকলাপৰ মূল্য আছিল ১ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ। তেখেতে লগতে কয় যে আজি মাত্ৰ এটা ত্ৰৈমাসিকতে একে পৰিমাণৰ অৰ্থনৈতিক কাৰ্য্যকলাপ সম্পন্ন হৈছে, যিয়ে ভাৰত দ্ৰুত গতিত আগবাঢ়ি যোৱাৰ কথাটো প্ৰমাণিত কৰে। বিগত দশকত সাধন আৰু লাভ কৰা উল্লেখযোগ্য পৰিৱৰ্তন আৰু ফলাফলৰ উদাহৰণ দাঙি ধৰি তেখেতে কয় যে বিগত ১০ বছৰত ভাৰতে ২৫ কোটি লোকক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা সফলতাৰে মুক্ত কৰিছে, যি বহু দেশৰ জনসংখ্যাতকৈ অধিক। শ্ৰী মোদীয়ে সেই সময়ৰ কথাও ৰাইজক কয়, যেতিয়া চৰকাৰে প্ৰেৰণ কৰা এটা টকাৰ মাত্ৰ ১৫ পইচাহে দৰিদ্ৰ লোকে লাভ কৰিছিল, দুৰ্নীতিৰ বাবে ৮৫ পইচা নোহোৱা হৈ পৰিছিল। ইয়াৰ বিপৰীতে বিগত দশকত ৪২ লাখ কোটি টকাৰো অধিক ধন প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT)ৰ জৰিয়তে পোনপটীয়াকৈ দৰিদ্ৰ লোকসকলৰ একাউন্টলৈ প্ৰেৰণ কৰা হৈছে, যাৰ ফলত সম্পূৰ্ণ ধন হিতাধিকাৰীসকলৰ হাতলৈ যোৱাটো নিশ্চিত হৈছে।

১০ বছৰ পূৰ্বে ভাৰত সৌৰশক্তিৰ ক্ষেত্ৰত পিছ পৰি আছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আজি ভাৰত সৌৰ শক্তিৰ ক্ষমতাৰ ক্ষেত্ৰত শীৰ্ষ ৫ খন দেশৰ ভিতৰত আছে যি ৩০ গুণ বৃদ্ধি পাইছে, একেদৰে সৌৰ মডিউল নিৰ্মাণৰ ক্ষেত্ৰতো ৩০ গুণ বৃদ্ধি ঘটিছে।” তেখেতে লগতে উল্লেখ কৰে যে ১০ বছৰ পূৰ্বে হোলীৰ ফিছকাৰীৰ দৰে শিশুৰ খেলনাও আমদানি কৰা হৈছিল, আনহাতে আজি ভাৰতৰ খেলনাৰ ৰপ্তানি তিনিগুণ বৃদ্ধি পাইছে। তেখেতে লগতে উল্লেখ কৰে যে ১০ বছৰ পূৰ্বে ভাৰতে নিজৰ সেনাবাহিনীৰ বাবে ৰাইফল আমদানি কৰিছিল যদিও বিগত দশকত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ২০ গুণ বৃদ্ধি পাইছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিগত ১০ বছৰত ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ তীখা উৎপাদনকাৰী, দ্বিতীয় সৰ্ববৃহৎ ম’বাইল ফোন নিৰ্মাতা আৰু তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ ইক’চিষ্টেম হিচাপে পৰিগণিত হৈছে। তেখেতে কয় যে একে সময়ছোৱাতে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতৰ মূলধনী ব্যয় পাঁচগুণ বৃদ্ধি পাইছে আৰু দেশত বিমানবন্দৰৰ সংখ্যা দুগুণ হৈছে তথা কাৰ্য্যক্ষম এইমছৰ সংখ্যা তিনিগুণ বৃদ্ধি পাইছে। তেখেতে আৰু কয় যে বিগত দশকত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসা আসনৰ সংখ্যা প্ৰায় দুগুণ বৃদ্ধি পাইছে।

“আজিৰ ভাৰতে ডাঙৰ চিন্তা, অভিলাষী লক্ষ্য নিৰ্ধাৰণ আৰু উল্লেখযোগ্য ফলাফল প্ৰদান কৰে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এয়া সম্ভৱ হোৱাৰ কাৰণ হৈছে ৰাষ্ট্ৰখনৰ মানসিকতা সলনি হৈছে আৰু ভাৰতে মহান আকাংক্ষাৰে আগবাঢ়িছে। তেখেতে কয় যে পূৰ্বে মানসিকতা আছিল যথাৰ্থ অৱস্থাক গ্ৰহণ কৰা, কিন্তু এতিয়া, জনতাই জানে যে কোনে ফলাফল দিব পাৰে। খৰাং সাহায্যৰ অনুৰোধৰপৰা আৰম্ভ কৰি বন্দে ভাৰতৰ সংযোগ আৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ দাবীলৈকে জনসাধাৰণৰ আকাংক্ষা কেনেদৰে বিকশিত হৈছে তাৰ উদাহৰণ তেখেতে দাঙি ধৰে। তেখেতে উল্লেখ কৰে যে পূৰ্বৰ ব্যৱস্থাসমূহে জনসাধাৰণৰ আকাংক্ষাক চেপি ধৰিছিল, যাৰ ফলত তেওঁলোকৰ আশা হেৰাই গৈছিল। কিন্তু আজি পৰিস্থিতি আৰু মানসিকতা দ্রুতগতিত সলনি হৈছে আৰু জনতা এতিয়া এখনি বিকশিত ভাৰতৰ লক্ষ্যৰে পৰিচালিত হৈছে।

 

যিকোনো সমাজ বা ৰাষ্ট্ৰৰ তেতিয়াহে শক্তি বাঢ়ে, যেতিয়া ইয়াৰ নাগৰিকৰ বাধাসমূহ আঁতৰি যায়, এইবুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ইয়াৰ ফলত নাগৰিকৰ সামৰ্থ্য বৃদ্ধি পায়। তেখেতে উল্লেখ কৰে যে চৰকাৰে পূৰ্বৰ প্ৰশাসনসমূহে সৃষ্টি কৰা বাধাসমূহ অহৰহ আঁতৰাই আছে আৰু মহাকাশ খণ্ডৰ উদাহৰণ দাঙি ধৰে, য’ত পূৰ্বে সকলো ইছৰোৰ অধীনত আছিল। ইছৰোৱে প্ৰশংসনীয় কাম কৰিলেও দেশত মহাকাশ বিজ্ঞান আৰু উদ্যোগীকৰণৰ সম্ভাৱনা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা নহ’ল। তেখেতে কয় যে মহাকাশ খণ্ডটো এতিয়া যুৱ উদ্ভাৱকসকলৰ বাবে মুকলি কৰা হৈছে, যাৰ ফলত দেশত ২৫০ ৰো অধিক মহাকাশ ষ্টাৰ্টআপৰ সৃষ্টি হৈছে। এই ষ্টাৰ্টআপসমূহে এতিয়া বিক্ৰম-এছ আৰু অগ্নিবানৰ দৰে ৰকেট নিৰ্মাণ কৰি আছে বুলিও তেখেতে লগতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে মেপিং খণ্ডৰ কথাও উল্লেখ কৰে, পূৰ্বে ভাৰতত মেপ তৈয়াৰ কৰিবলৈ চৰকাৰী অনুমতিৰ প্ৰয়োজন আছিল। এতিয়া এই নিষেধাজ্ঞা আঁতৰোৱা হৈছে আৰু আজি ভূ-স্থানীয় মেপিং তথ্যই নতুন ষ্টাৰ্টআপৰ বাবে পথ মুকলি কৰিছে। পূৰ্বে ভিন্ন নিষেধাজ্ঞাৰে পাৰমাণৱিক শক্তি খণ্ড চৰকাৰী নিয়ন্ত্ৰণত আছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰৰ বাজেটত ব্যক্তিগত খণ্ডৰ বাবে এই খণ্ড মুকলিৰ কথা ঘোষণা কৰা হৈছে, যাৰ ফলত ২০৪৭ৰ ভিতৰত ১০০ গিগাৱাটৰ পাৰমাণৱিক শক্তিৰ ক্ষমতা সংযোজনৰ পথ প্ৰশস্ত হৈছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ গাঁওসমূহত ১০০ লাখ কোটিৰো অধিক অব্যৱহৃত অৰ্থনৈতিক সম্ভাৱনা আছে আৰু এই সম্ভাৱনা ঘৰৰ ৰূপত আছে, য’ত আইনী নথি-পত্ৰ আৰু সঠিক মেপিঙৰ অভাৱ, যাৰ পৰিণতিত গাঁওবাসীয়ে বেংক ঋণৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰে। তেখেতে উল্লেখ কৰে যে এই বিষয়টো কেৱল ভাৰতৰ বাবেই নহয়, কিয়নো বহু বৃহৎ দেশতো নিজৰ নাগৰিকৰ বাবে সম্পত্তিৰ অধিকাৰৰ অভাৱ। আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে কয় যে নিজৰ নাগৰিকক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰা দেশসমূহৰ জিডিপিত যথেষ্ট বৃদ্ধি দেখা যায় বুলিও তেখেতে লগতে কয়। “ভাৰতৰ গাঁৱৰ ঘৰৰ সম্পত্তিৰ অধিকাৰ প্ৰদানৰ বাবে স্বামিত্ব আঁচনিৰ শুভাৰম্ভ কৰা হৈছে আৰু ড্ৰোনৰ ব্যৱহাৰেৰে গাঁৱৰ প্ৰতিটো ঘৰৰ সমীক্ষা আৰু মানচিত্ৰ তৈয়াৰ কৰা হৈছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি উল্লেখেৰে কয় যে সমগ্ৰ দেশতে প্ৰপাৰ্টি কাৰ্ড বিতৰণ কৰা হৈছে, ইতিমধ্যে ২ কোটিৰো অধিক প্ৰপাৰ্টি কাৰ্ড জাৰি কৰা হৈছে। তেখেতে উল্লেখ কৰে যে প্ৰপাৰ্টি কাৰ্ডৰ অভাৱৰ বাবে পূৰ্বে গাঁৱে-ভূঞে অসংখ্য বিবাদ আৰু আদালতৰ গোচৰৰ সৃষ্টি হৈছিল, যিসমূহৰ এতিয়া সমাধান হৈছে। তেখেতে আৰু কয় যে গাঁওবাসীয়ে এতিয়া এই প্ৰপাৰ্টি কাৰ্ডৰ ব্যৱহাৰেৰে বেংকৰ ঋণ লাভ কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিবলৈ আৰু আত্মনিয়োগ কৰিবলৈ সক্ষম হৈছে।

তেখেতে আগবঢ়োৱা উদাহৰণসমূহৰ জৰিয়তে দেশৰ যুৱক-যুৱতীসকল সৰ্বাধিক লাভৱান হোৱাৰ কথা উল্লেখেৰে তেখেতে কয়, “যুৱক-যুৱতীসকল হৈছে এখনি বিকশিত ভাৰতৰ সৰ্ববৃহৎ অংশীদাৰ আৰু আজিৰ ভাৰতৰ এক্স-ফেক্টৰ, এক্সৰ অৰ্থ হৈছে এক্সপেৰিমেন্ট, এক্সেলেন্স আৰু এক্সপানচন।” তেখেতে কয় যে যুৱক-যুৱতীসকলে পুৰণি পদ্ধতিৰ বাহিৰলৈ গৈ নতুন পথৰ সৃষ্টি কৰিছে, বিশ্বজুৰি মাপকাঠি নিৰ্ধাৰণ কৰিছে, ১৪০ কোটি ভাৰতীয়ৰ বাবে উদ্ভাৱনৰ পৰিসৰ বৃদ্ধি কৰিছে। তেখেতে উল্লেখ কৰে যে যুৱক-যুৱতীসকলে দেশৰ বৃহৎ সমস্যাসমূহৰ সমাধান আগবঢ়াব পাৰে, যি সম্ভাৱনা পূৰ্বে ব্যৱহাৰ কৰা হোৱা নাছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে চৰকাৰে এতিয়া প্ৰতি বছৰে স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ আয়োজন কৰে, এতিয়ালৈকে ১০ লাখ যুৱক-যুৱতীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। তেখেতে কয় যে ভিন্ন মন্ত্ৰালয় আৰু বিভাগে এই যুৱ অংশগ্ৰহণকাৰীসকলৰ আগত শাসন ব্যৱস্থাৰ সৈতে জড়িত অসংখ্য সমস্যাৰ কথা ব্যক্ত কৰিছে, যিসকলে প্ৰায় ২,৫০০ সমাধান বিকশিত কৰিছে। ৰিপাব্লিক টিভিয়েও হেকাথন সংস্কৃতিক অধিক প্ৰচাৰ কৰাত তেখেতে সন্তোষ প্ৰকাশ কৰে।

 

“যোৱা দশকত দেশখনে নতুন যুগৰ শাসনৰ অভিজ্ঞতা লাভ কৰিছে, প্ৰভাৱহীন প্ৰশাসনক প্ৰভাৱশালী শাসনলৈ ৰূপান্তৰিত কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে লগতে কয় যে এই আঁচনিসমূহ আগতেও আছিল যদিও চৰকাৰী আঁচনিৰদ্বাৰা এতিয়াহে লাভৱান হোৱা বুলি জনসাধাৰণে প্ৰায়ে কয়। এতিয়া পাৰ্থক্যটো হ’ল নিশ্চিত লাষ্ট মাইল ডেলিভাৰী বুলিও তেখেতে কয়। পূৰ্বে দৰিদ্ৰ লোকৰ বাবে ঘৰৰ কাগজে-পত্ৰইহে অনুমোদন দিয়া হৈছিল, কিন্তু এতিয়া, মাটিত ঘৰ নিৰ্মাণ কৰা হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে গৃহ নিৰ্মাণৰ সমগ্ৰ প্ৰক্ৰিয়াটো চৰকাৰীভাৱে পৰিচালিত আছিল, ডিজাইন আৰু সামগ্ৰী নিৰ্ধাৰণ কৰিছিল। কিন্তু এতিয়া চৰকাৰে ইয়াক মালিক-চালিত কৰি হিতাধিকাৰীৰ একাউন্টলৈ ধন প্ৰেৰণেৰে ঘৰৰ ডিজাইন নিৰ্ণয় কৰিবলৈ অনুমতি প্ৰদান কৰিছে বুলিও তেখেতে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ দেশতে ঘৰৰ ডিজাইনৰ বাবে প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল, য’ত জনসাধাৰণৰ অংশগ্ৰহণ আছিল, যাৰ ফলত গৃহ নিৰ্মাণৰ মানদণ্ড আৰু গতি উন্নত হৈছিল। তেখেতে উল্লেখ কৰে যে আগতে অসম্পূৰ্ণ ঘৰ গতাই দিয়া হৈছিল, কিন্তু এতিয়া, চৰকাৰে দৰিদ্ৰ লোকৰ বাবে সপোনৰ ঘৰ, পানী সংযোগ, উজ্জ্বলা আঁচনিৰ অধীনত গেছ সংযোগ আৰু সৌভাগ্য আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ আদিৰে সম্পূৰ্ণ যোগান ধৰিছে। “আমি কেৱল চাৰিখন বেৰ নিৰ্মাণ কৰাই নহয়, বৰঞ্চ এই ঘৰসমূহলৈ প্ৰাণৰ সঞ্চাৰ কৰিছোঁ”, তেখেতে লগতে কয়।

এখন দেশৰ উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ গুৰুত্বত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰাপত্তা বৃদ্ধিৰ বাবে বিগত দশকত কৰা উল্লেখযোগ্য কামৰ কথা উল্লেখ কৰে। তেখেতে কয় যে আগতে ধাৰাবাহিক বোমা বিস্ফোৰণৰ ব্ৰেকিং নিউজ আৰু শ্লীপাৰ চেল নেটৱৰ্কক লৈ বিশেষ অনুষ্ঠান টিভিত সাধাৰণ আছিল যদিও আজি টিভিৰ পৰ্দা আৰু ভাৰতৰ মাটি উভয়তে এনে ঘটনা নাই। তেখেতে কয় যে নক্সালবাদ এতিয়া নিৰ্মূল হৈছে, প্ৰভাৱিত জিলাৰ সংখ্যা এশৰো অধিকৰপৰা দুই ডজনৰো কমলৈ হ্ৰাস পাইছে। তেখেতে লগতে কয়, "ৰাষ্ট্ৰ প্ৰথম" মনোভাৱেৰে কাম কৰি আৰু এই ক্ষেত্ৰসমূহত শাসন ব্যৱস্থাক তৃণমূল পৰ্য্যায়লৈ নিয়াৰদ্বাৰা এই কাম সম্ভৱ হৈছে। শ্ৰী মোদীয়ে এই জিলাসমূহত হাজাৰ-হাজাৰ কিলোমিটাৰ পথ, বিদ্যালয়, চিকিৎসালয় নিৰ্মাণ আৰু ৪জি ম’বাইল নেটৱৰ্কৰ প্ৰসাৰত আলোকপাত কৰে আৰু ইয়াৰ ফলাফল সকলোৰে বাবে স্পষ্ট বুলি তেখেতে কয়।

 

শ্ৰী মোদীয়ে কয় যে নিৰ্ণায়ক চৰকাৰী কাৰ্য্যই নক্সালবাদক জংঘলৰপৰা মুক্ত কৰিছে, কিন্তু এতিয়া ই নগৰ কেন্দ্ৰলৈ বিয়পি পৰিছে। নগৰীয়া নক্সালসকল ভাৰতৰ উন্নয়ন আৰু ঐতিহ্যৰ কঠোৰ বিৰোধী বুলি সকীয়াই দিয়ে। নগৰীয়া নক্সালসকলক উদঙাই দিয়াৰ ক্ষেত্ৰত শ্ৰী অৰ্ণৱ গোস্বামীৰ প্ৰচেষ্টাক স্বীকাৰেৰে এখনি উন্নত ভাৰতৰ বাবে উন্নয়ন আৰু ঐতিহ্য, উভয়ৰে সবলীকৰণ অপৰিহাৰ্য্য বুলি উল্লেখেৰে নগৰীয়া নক্সালসকলৰ বিৰুদ্ধে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।

“প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আজি ভাৰত নতুন শিখৰত উপনীত হৈছে”, বুলি উল্লেখেৰে ৰিপাব্লিক টিভি নেটৱৰ্কে "ৰাষ্ট্ৰ প্ৰথম" মনোভাৱেৰে সাংবাদিকতাক উন্নীত কৰি যাব বুলি শ্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে। ৰিপাব্লিক টিভিৰ সাংবাদিকতাই এখনি উন্নত ভাৰতৰ আকাংক্ষা পৰিপূৰণত অনুঘটক হিচাপে কাম কৰি যাব বুলি কৈ তেখেতে ভাষণৰ সামৰণি মাৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
 PLI schemes attract over Rs 2.16 lakh crore investment, generate 14.39 lakh jobs

Media Coverage

PLI schemes attract over Rs 2.16 lakh crore investment, generate 14.39 lakh jobs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with Crown Prince and PM of Saudi Arabia, HRH Prince Mohammed bin Salman
March 28, 2026

The Prime Minister, Shri Narendra Modi, today spoke with Crown Prince and PM of Saudi Arabia, HRH Prince Mohammed bin Salman and discussed the ongoing conflict in West Asia. Shri Modi reiterated India’s condemnation of attacks on regional energy infrastructure, and the need to ensure freedom of navigation and keeping shipping lines open and secure. “Thanked him for his continued support for the welfare of the Indian community in Saudi Arabia”, Shri Modi stated.

Shri Modi posted on X:

“Spoke with Crown Prince and PM of Saudi Arabia, HRH Prince Mohammed bin Salman and discussed the ongoing conflict in West Asia.

I reiterated India’s condemnation of attacks on regional energy infrastructure.

We agreed on the need to ensure freedom of navigation and keeping shipping lines open and secure.

Thanked him for his continued support for the welfare of the Indian community in Saudi Arabia”