প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে নিউজএক্স ৱৰ্ল্ড চেনেল
একবিংশ শতিকাৰ ভাৰতক চোকা নজৰেৰে লক্ষ্য কৰিছে বিশ্বই: প্ৰধানমন্ত্ৰী
আজি সমগ্ৰ বিশ্ব সাক্ষী হৈছে ভাৰতৰ সংগঠন আৰু উদ্ভাৱনী দক্ষতাৰ: প্ৰধানমন্ত্ৰী
মই ‘ভ’কেল ফৰ লোকেল’ আৰু ‘লোকেল ফৰ গ্ল’বেল’ৰ দৃষ্টিভংগী দেশৰ সমূখত উপস্থাপন কৰিছিলোঁ আৰু আজি, আমি এই দৃষ্টিভংগী বাস্তৱলৈ পৰিণত হোৱা দেখিবলৈ পাইছো: প্ৰধানমন্ত্ৰী
আজি বিশ্বৰ নতুন কাৰখানা হিচাপে উত্থান ঘটিছে ভাৰতৰ; আমি কেৱল এক কৰ্মশক্তি নহয়; আমি এতিয়া এক বিশ্ব-শক্তি!: প্ৰধানমন্ত্ৰী
‘ন্যূনতম চৰকাৰ, সৰ্বোচ্চ শাসন’ হৈছে দক্ষ আৰু ফলপ্ৰসূ শাসনৰ মন্ত্ৰ: প্ৰধানমন্ত্ৰী
ভাৰত এতিয়া অসীম উদ্ভাৱনৰ ভূমি হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ যুৱক-যুৱতী আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে কেইবাটাও ফেল’শ্বিপ আৰু ফেল’শ্বিপৰ আৰম্ভণিৰ কথাও উল্লেখ কৰি এই কাৰ্যসূচীসমূহৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত এনএক্সটি কনক্লেভত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ নিউজএক্স ৱৰ্ল্ডৰ শুভ উন্মোচনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ আলোকপাত কৰে যে নেটৱৰ্কটোৱে হিন্দী, ইংৰাজী, আৰু বিভিন্ন আঞ্চলিক ভাষাৰ চেনেলসমূহক সামৰি লৈছে, আৰু আজি, ই বিশ্বব্যাপী হোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কেইবাটাও ফেল’শ্বিপ আৰু ফেল’শ্বিপৰ আৰম্ভণিৰ কথাও উল্লেখ কৰি এই কাৰ্যসূচীসমূহৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে তেওঁ পূৰ্বেও অনুৰূপ সংবাদ মাধ্যমৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল যদিও নিউজএক্স ৱৰ্ল্ডে আজি এক নতুন ধাৰা গঢ়ি তুলিছে, আৰু এই কৃতিত্বৰ বাবে তেওঁ বিশেষ অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ উল্লেখ কৰে যে যদিও দেশত এই ধৰণৰ সংবাদ মাধ্যমৰ অনুষ্ঠান এটা পৰম্পৰা, নিউজএক্স ৱৰ্ল্ডে ইয়াক এক সতেজ আৰু উদ্ভাৱনীমূলক মাত্ৰা প্ৰদান কৰিছে। শ্ৰী মোদীয়ে তেওঁলোকৰ শীৰ্ষ সন্মিলন নীতিকেন্দ্ৰিক বুলি উল্লেখ কৰাৰ লগতে, এয়া ৰাজনীতিতকৈ নীতিৰ আলোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলি আলোকপাত কৰি বিভিন্ন ক্ষেত্ৰৰ অসংখ্য গণ্যমান্য ব্যক্তিয়ে আলোচনাক দিয়া গুৰুত্বৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। তেওঁ নিউজএক্স ৱৰ্ল্ডে গ্ৰহণ কৰা উদ্ভাৱনীমূলক আৰ্হিক স্বীকাৰ কৰে আৰু আন মিডিয়া হাউছে এই ধাৰা আৰু টেমপ্লেটক নিজৰ অনন্য আৰু সৃষ্টিশীলভাৱে আৰু অধিক সমৃদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বসহকাৰে কয়, ‘বিশ্বই একবিংশ শতিকাৰ ভাৰতক চোকা নজৰেৰে চাই আছে। তেওঁ লগতে কয় যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে ভাৰত ভ্ৰমণ কৰিবলৈ আৰু বুজিবলৈ আগ্ৰহী, যিখন দেশত ইতিবাচক খবৰৰ সৃষ্টি হৈছে, যিখন দেশে দৈনিক নতুন অভিলেখ গঢ়িছে, আৰু প্ৰতিদিনে কিবা এটা উল্লেখযোগ্য কথা ঘটি আছে। নদীৰ পাৰৰ এখন অস্থায়ী চহৰত কোটি কোটি লোকে গা ধুই বিশ্ববাসীক আচৰিত কৰি তোলা তথা ২৬ ফেব্ৰুৱাৰীত প্ৰয়াগৰাজত সদ্যসমাপ্ত মহাকুম্ভৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, “ভাৰতৰ সংগঠিত আৰু উদ্ভাৱনীয় দক্ষতা বিশ্বই প্ৰত্যক্ষ কৰিছে।” তেওঁ সজোৰে কয় যে ভাৰতে অৰ্ধপৰিবাহীৰ পৰা আৰম্ভ কৰি বিমানবাহী জাহাজলৈকে সকলো উৎপাদন কৰি আছে, আৰু বিশ্বই ভাৰতৰ সফলতাৰ বিষয়ে বিতংভাৱে জানিবলৈ আগ্ৰহী হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে যে ইয়াৰ দ্বাৰা নিউজএক্স ৱৰ্ল্ডৰ বাবে ভাৰতৰ সাফল্য আৰু অগ্ৰগতি বিশ্ব মঞ্চত প্ৰদৰ্শনৰ এক উল্লেখযোগ্য সুযোগ হৈ পৰিব।

কেইমাহমানৰ আগতে ভাৰতে বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচন অনুষ্ঠিত কৰা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে ৬০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতৰ এখন চৰকাৰে একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ ঘূৰি আহিছে। তেওঁ সজোৰে কয় যে এই জনবিশ্বাসৰ মূলতে ভাৰতে বিগত ১১ বছৰত অসংখ্য কৃতিত্ব অৰ্জন কৰিছে। শ্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে নতুন চেনেল নিউজএক্স ৱৰ্ল্ডে ভাৰতৰ বাস্তৱ কাহিনীসমূহ কোনো পক্ষপাতিত্ব নোহোৱাকৈ বিশ্বৰ আগত উপস্থাপন কৰিব, দেশখনক প্ৰকৃততে যিদৰে আছে তেনেদৰেই প্ৰদৰ্শন কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ কয়, “কেইবছৰমানৰ আগতে মই ‘ভ’কেল ফৰ লোকেল’ আৰু ‘লোকেল ফৰ গ্ল’বেল’ৰ দৃষ্টিভংগী দেশবাসীৰ সমূখত উপস্থাপন কৰিছিলোঁ, আৰু আজি আমি এই দৃষ্টিভংগী বাস্তৱলৈ পৰিণত হোৱা দেখিবলৈ পাইছো। তেওঁ আলোকপাত কৰে যে ভাৰতৰ আয়ুষৰ সামগ্ৰী আৰু যোগাসন স্থানীয়ৰ পৰা বিশ্বব্যাপী প্ৰাধান্যলৈ পৰিৱৰ্তিত হৈছে। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে ভাৰতৰ ছুপাৰফুড মাখনাই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ লগতে বাজৰাইও লাভ কৰিছে বিশ্বব্যাপী সঁহাৰি, যাক তেওঁ "শ্ৰী অন্ন" বুলিও উল্লেখ কৰে। তেওঁৰ বন্ধু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি এবটৰ বিষয়ে এটা কাহিনী শ্বেয়াৰ কৰে, যিয়ে দিল্লী হাটত ভাৰতীয় বাজৰাৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিছিল আৰু বাজ্ৰা খাদ্য হিচাপে গ্ৰহণ কৰি সন্তোষ প্ৰকাশ কৰিছিল, যিটো মুহূৰ্তই তেওঁক অতি সন্তুষ্টি দিছিল বুলিও উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কয় যে কেৱল বাজ্ৰা নহয়, ভাৰতৰ হালধিয়েও স্থানীয় বজাৰৰ পৰিসীমা অতিক্ৰমী এতিয়া বিশ্ব বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। কেৱল সেয়াই নহয়, ভাৰতে শেহতীয়াকৈ বিশ্বৰ ৬০ শতাংশতকৈ অধিক হালধিৰ প্ৰয়োজনীয়তা পূৰণ কৰিছে। তেওঁ কয় যে ভাৰতৰ কফিয়েও বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে আৰু দেশখনক বিশ্বৰ সপ্তম বৃহত্তম কফি ৰপ্তানিকাৰক হিচাপে স্থান দিছে। শ্ৰী মোদীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ মোবাইল ফোন, ইলেক্ট্ৰনিক সামগ্ৰী, ঔষধে আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতে শেহতীয়াকৈ ফ্ৰান্সত অনুষ্ঠিত হোৱা এ আই একচন ছামিটকে ধৰি কেইবাটাও বিশ্বব্যাপী পদক্ষেপৰ নেতৃত্ব দিছে, য’ত ভাৰত সহ-আয়োজক আছিল আৰু এতিয়া এই অনুষ্ঠানৰ আয়োজনৰ দায়িত্বও ল’ব ভাৰতে। ভাৰতৰ সফল জি-২০ অধ্যক্ষতাৰ কথা সুঁৱৰি তেওঁ ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ কৰিড’ৰক নতুন অৰ্থনৈতিক পথ হিচাপে প্ৰৱৰ্তনৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে গ্ল’বেল চাউথৰ উপস্থিতি অধিক দৃঢ় কৰা আৰু দ্বীপ ৰাষ্ট্ৰৰ স্বাৰ্থজনিত দিশবোৰক অগ্ৰাধিকাৰ দিয়াৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ ওপৰতো আলোকপাত কৰে। জলবায়ু সংকটৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে মিছন লাইফৰ দৃষ্টিভংগী বিশ্বৰ আগত দাঙি ধৰিছে। ইয়াৰ উপৰিও তেওঁ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী আৰু দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁটৰ দৰে পদক্ষেপত ভাৰতৰ নেতৃত্বৰ কথাও উপস্থাপন কৰে। শ্ৰী মোদীয়ে সন্তুষ্টি প্ৰকাশ কৰে যে বিশ্বজুৰি অসংখ্য ভাৰতীয় ব্ৰেণ্ডৰ সম্প্ৰসাৰণৰ লগে লগে ভাৰতৰ সংবাদ মাধ্যমেও এই বিশ্বব্যাপী সুযোগক স্বীকৃতি দিছে আৰু আকোৱালি লৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে দশক দশক ধৰি বিশ্বই ভাৰতক নিজৰ বেক অফিচ বুলি গণ্য কৰি আহিছিল, কিন্তু “আজি ভাৰত বিশ্বৰ নতুন কমাৰশাল বা কাৰখানা হৈ পৰিছে।” এসময়ত বহু সামগ্ৰীৰ আমদানিৰ ওপৰত নিৰ্ভৰশীল দেশখনে এতিয়া এক প্ৰধান ৰপ্তানি কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি আলোকপাত কৰি তেওঁ ভাৰত কেৱল কৰ্মশক্তি নহয়, বিশ্ব শক্তি হৈ পৰা বুলি উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে এসময়ত স্থানীয় বজাৰত আৱদ্ধ হৈ থকা কৃষকসকলে এতিয়া নিজৰ উৎপাদিত সামগ্ৰীৰে বিশ্ব বজাৰত প্ৰৱেশ কৰাবলৈ সক্ষম হৈছে। তেওঁ পুলৱামাৰ স্নো পীজ, মহাৰাষ্ট্ৰৰ পুৰন্দৰ ডুমুৰ, কাশ্মীৰৰ ক্ৰিকেট বেটৰ ক্ৰমবৰ্ধমান আন্তঃৰাষ্ট্ৰীয় চাহিদাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰতিৰক্ষা সামগ্ৰীয়ে ভাৰতীয় অভিযান্ত্ৰিক আৰু প্ৰযুক্তিৰ শক্তি বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰি আছে বুলি আলোকপাত কৰে। তেওঁ লগতে কয় যে ইলেক্ট্ৰনিকছৰ পৰা অটোমোবাইল খণ্ডলৈকে বিশ্বই ভাৰতৰ পৰিসৰ আৰু সামৰ্থ্যৰ সাক্ষী হৈ আহিছে। তেওঁ লগতে কয়, ‘ভাৰত কেৱল বিশ্বক সামগ্ৰী যোগান ধৰাই নহয়, বিশ্বৰ যোগান শৃংখলৰ এক বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য অংশীদাৰ হৈ পৰিছে।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘বিভিন্ন খণ্ডত ভাৰতৰ নেতৃত্ব বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম, পদ্ধতিগত আৰু নীতিগত সিদ্ধান্তৰ ফচল। তেওঁ বিগত দশকত হোৱা অগ্ৰগতিৰ ওপৰতো আলোকপাত কৰে, য’ত অসম্পূৰ্ণ দলং আৰু কাম বন্ধ হৈ থকা পথসমূহ সুনিৰ্মিত পথলৈ আৰু উৎকৃষ্ট এক্সপ্ৰেছৱে’ৰ নেটৱৰ্কলৈ ৰূপান্তৰিত কৰা হৈছে, যাৰ ফলত দেশৰ সপোনক নতুন গতিৰে আগবঢ়াই নিবলৈ সক্ষম হৈছে। শ্ৰী মোদীয়ে কয় যে ভ্ৰমণৰ সময় আৰু খৰচ হ্ৰাসে উদ্যোগসমূহক লজিষ্টিক টাৰ্ণআউট সময় হ্ৰাস কৰাৰ সুযোগ প্ৰদান কৰিছে, যাৰ ফলত অটোমোবাইল খণ্ডৰ যথেষ্ট লাভ হৈছে। তেওঁ বাহনৰ চাহিদা বৃদ্ধি আৰু বৈদ্যুতিক বাহন (ইভি) উৎপাদনক উৎসাহিত কৰাৰ কথা উল্লেখ কৰি কয় যে আজি ভাৰতে এখন প্ৰধান অটোমোবাইল উৎপাদক আৰু ৰপ্তানিকাৰক হিচাপে আত্মপ্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ইলেক্ট্ৰনিকছ উৎপাদন খণ্ডতো একেধৰণৰ পৰিৱৰ্তন দেখা গৈছে। বিগত দশকত প্ৰথমবাৰৰ বাবে ২.৫ কোটিতকৈও অধিক পৰিয়ালত বিদ্যুৎ যোগান ধৰাৰ ফলত ইলেক্ট্ৰনিক সঁজুলিৰ চাহিদা আৰু উৎপাদন বৃদ্ধি পাইছে। তেওঁ আলোকপাত কৰে যে সুলভ মূল্যৰ ডাটাই মোবাইল ফোনৰ চাহিদা বৃদ্ধি কৰিছে, আৰু মোবাইল ডিভাইচত সেৱাৰ বৰ্ধিত উপলব্ধতাই ডিজিটেল সামগ্ৰীৰ অধিক ব্যৱহাৰৰ সূচনা কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে প্ৰডাকচন লিংকড ইনচেন্টিভ (পিএলআই) আঁচনিৰ দৰে পদক্ষেপে এই চাহিদাক সুযোগলৈ ৰূপান্তৰিত কৰিছে, ভাৰতক ইলেক্ট্ৰনিকছৰ প্ৰধান ৰপ্তানিকাৰক হিচাপে স্থান দিছে। অপ্ৰয়োজনীয় হস্তক্ষেপ বা প্ৰভাৱ নোহোৱাকৈ দক্ষ আৰু ফলপ্ৰসূ শাসন ব্যৱস্থাক প্ৰসাৰিত কৰা "ন্যূনতম চৰকাৰ, সৰ্বোচ্চ শাসন ব্যৱস্থা"ৰ মন্ত্ৰত ভাৰতৰ অভিলাষী লক্ষ্য নিৰ্ধাৰণ আৰু সেয়া সাধন কৰাৰ সামৰ্থ্যও লুকাই আছে বুলি কৈ শ্ৰী মোদীয়ে আওপুৰণি আইন বিলুপ্ত কৰিবলৈ চৰকাৰৰ প্ৰচেষ্টাৰ উদাহৰণ দাঙি ধৰে। বিগত দশকত প্ৰায় ১৫০০খন অচল আইন বাতিল কৰা হৈছে, ইয়াৰে বহু আইন ব্ৰিটিছ শাসনৰ সময়ত প্ৰণয়ন কৰা হৈছিল। তেনে এক আইন আছিল নাটকীয় পৰিবেশন আইন, য’ত ৰাজহুৱা স্থানত নৃত্য কৰা লোকক গ্ৰেপ্তাৰ কৰাৰ অনুমতি দিয়া হৈছিল। স্বাধীনতাৰ পাছতো এই আইনখন ৭০ বছৰ ধৰি প্ৰযোজ্য হৈ থাকিল আৰু বৰ্তমানৰ চৰকাৰে এই আইনখন বিলুপ্ত কৰিলে। প্ৰধানমন্ত্ৰীয়ে জনজাতীয় অঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে জীৱনৰেখা হিচাপে পৰিগণিত হোৱা বাঁহৰ উদাহৰণো উল্লেখ কৰে। পূৰ্বে বাঁহ কাটিলে গ্ৰেপ্তাৰ হ’ব পাৰে, কিয়নো ইয়াক গছ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল। দশক দশক পুৰণি এই আইনখন সলনি কৰি এতিয়া চৰকাৰে বাঁহক ঘাঁহ হিচাপে পুনৰ শ্ৰেণীভুক্ত কৰিছে। শ্ৰী মোদীয়ে এনে আওপুৰণি আইনসমূহৰ ওপৰত পূৰ্বৰ নেতাসকলৰ অভিজাত শ্ৰেণীৰ মৌনতাক আঙুলিয়াই দিয়ে আৰু প্ৰগতি আৰু সৰ্বাংগীনতাক লালন-পালন কৰিবলৈ এইবোৰ আঁতৰোৱাৰ বাবে বৰ্তমান চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দহ বছৰৰ আগতে আয়কৰ ৰিটাৰ্ণ (আই টি আৰ) দাখিল কৰাটো সাধাৰণ নাগৰিকৰ বাবে এক প্ৰত্যাহ্বানমূলক কাম আছিল, কিন্তু আজি, মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে ইয়াক সম্পূৰ্ণ কৰিব পৰা যায়, কিছুদিনৰ ভিতৰতে একাউণ্টত ধন ঘূৰাই দিয়া হয়। তেওঁ লগতে কয় যে আয়কৰ আইন সৰল কৰাৰ প্ৰক্ৰিয়া সংসদত চলি আছে, ১২ লাখ পৰ্যন্ত আয় এতিয়া কৰমুক্ত কৰা হৈছে, যাৰ ফলত দৰমহা পোৱা শ্ৰেণীটো যথেষ্ট উপকৃত হৈছে। শ্ৰী মোদীয়ে লগতে কয় যে বাজেটে যুৱ পেছাদাৰীসকলক তেওঁলোকৰ আকাংক্ষা পূৰণ কৰাত আৰু তেওঁলোকৰ সঞ্চয় বৃদ্ধি কৰাত সহায় কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰৰ লক্ষ্য হৈছে দেশৰ জনসাধাৰণ আৰু তেওঁলোকৰ আকাংক্ষাৰ বাবে সহজ-সৰল জীৱন-যাপন (ইজ-অৱ-লিভিং), সহজ-সৰল ব্যৱসায় (ইজ অৱ ডুয়িং বিজনেছ), আৰু মুকলি আকাশৰ ব্যৱস্থা কৰা। তেওঁ উল্লেখ কৰে যে বহু ষ্টাৰ্টআপে এতিয়া ভূ-স্থানীয় তথ্যৰ দ্বাৰা লাভৱান হৈছে, যিবোৰৰ বাবে পূৰ্বতে মানচিত্ৰ নিৰ্মাণৰ বাবে চৰকাৰী অনুমতিৰ প্ৰয়োজন হৈছিল। চৰকাৰে এই নীতি সলনি কৰি ষ্টাৰ্টআপ আৰু ব্যক্তিগত কোম্পানীসমূহক ভূ-স্থানীয় তথ্যৰ উৎকৃষ্ট ব্যৱহাৰ কৰিবলৈ সক্ষম কৰি উদ্ভাৱন আৰু বিকাশৰ পোষকতা কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আলোকপাত কৰে যে বিশ্বক শূন্যৰ ধাৰণা দিয়া ভাৰত এতিয়া অসীম উদ্ভাৱনৰ ভূমি হৈ পৰিছে। তেওঁ কয় যে ভাৰতে কেৱল উদ্ভাৱন কৰাই নহয়, "Indovating" অৰ্থাৎ ভাৰতীয় পদ্ধতিৰে উদ্ভাৱন কৰিছে। শ্ৰী মোদীয়ে আৰু কয় যে ভাৰতে এনে সমাধান সৃষ্টি কৰিছে যিবোৰ সুলভ, সুচল, আৰু খাপ খোৱা, আৰু এই সমাধানসমূহ মধ্যভোগী অবিহনে বিশ্ববাসীক আগবঢ়াইছে। তেওঁ উল্লেখ কৰে যে যেতিয়া বিশ্বক নিৰাপদ আৰু ব্যয়বহুল ডিজিটেল পেমেণ্ট ব্যৱস্থাৰ প্ৰয়োজন হৈছিল তেতিয়া ভাৰতে ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই) প্ৰস্তুত কৰিছিল। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে অধ্যাপক কাৰ্লোছ মণ্টেছ ইউপিআই প্ৰযুক্তিৰ জনঅনুকূল ৰূপত আপ্লুত হৈ পৰিছিল আৰু উল্লেখ কৰে যে ফ্ৰান্স, ইউএই, আৰু ছিংগাপুৰৰ দৰে দেশসমূহে এতিয়া ইউপিআইক নিজৰ বিত্তীয় পৰিৱেশ তন্ত্ৰত একত্ৰিত কৰিছে। ইণ্ডিয়া ষ্টেক নামেৰে জনাজাত ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ সৈতে সংযোগ স্থাপনৰ বাবে বহু দেশে চুক্তি স্বাক্ষৰ কৰা বুলিও তেওঁ আলোকপাত কৰে। ক’ভিড-১৯ মহামাৰীৰ সময়ত ভাৰতৰ ভেকচিনসমূহে বিশ্ববাসীক মানসম্পন্ন স্বাস্থ্যসেৱাৰ সমাধান প্ৰদানৰ ক্ষমতা প্ৰদৰ্শন কৰিছিল। শ্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে আৰোগ্য সেতু এপটোক মুক্ত উৎস কৰি বিশ্ব সমাজৰ উপকাৰিতাৰ বাবে আগুৱাই দিয়া হৈছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰত এখন প্ৰধান মহাকাশ শক্তি আৰু ই আন দেশকো তেওঁলোকৰ মহাকাশ আকাংক্ষা পূৰণত সহায় কৰি আছে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে জনসাধাৰণৰ মংগলৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ ওপৰত কাম কৰি আছে আৰু নিজৰ অভিজ্ঞতা আৰু বিশেষজ্ঞতা বিশ্বৰ সৈতে ভাগ-বতৰা কৰি উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষস্থানীয় নেতা হিচাপে নিজৰ ভূমিকা আৰু অধিক মজবুত কৰি তুলিছে।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইটিভি নেটৱৰ্কক ভালেমান ফেল’শ্বিপ প্ৰোগ্ৰাম আৰম্ভ কৰাৰ বাবে প্ৰশংসা কৰি কয় যে ভাৰতৰ যুৱক-যুৱতীসকল উন্নত ভাৰতৰ সৰ্ববৃহৎ হিতাধিকাৰী আৰু অংশীদাৰ, তেওঁলোকক শীৰ্ষ অগ্ৰাধিকাৰ হিচাপে গণ্য কৰা হওক। তেওঁ আলোকপাত কৰে যে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শিশুসকলক পাঠ্যপুথিৰ বাহিৰলৈ চিন্তা কৰাৰ লগতে নতুন দিগন্ত অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰিছে। শ্ৰী মোদীয়ে লগতে কয় যে মধ্যবিদ্যালয়ৰ পৰা শিশুসকলে ক’ডিং শিকিছে আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু ডাটা বিজ্ঞানৰ দৰে ক্ষেত্ৰৰ বাবে প্ৰস্তুতি চলাইছে। তেওঁ অটল টিংকাৰিং লেবৰ বিষয়ে কয়, যিয়ে শিশুসকলক উদীয়মান প্ৰযুক্তিৰ সৈতে হাতে কামে অভিজ্ঞতা প্ৰদান কৰি আছে, উদ্ভাৱন আৰু সৃষ্টিশীলতাক লালন-পালন কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে এইবাৰৰ বাজেটত ৫০ হাজাৰ নতুন অটল টিংকাৰিং লেব সৃষ্টিৰ কথা ঘোষণা কৰা হৈছে, যাৰ ফলত যুৱক-যুৱতীসকলৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ সৈতে জড়িত হোৱাৰ সুযোগ আৰু অধিক সম্প্ৰসাৰিত হৈছে আৰু ভৱিষ্যতৰ বাবে সাজু দক্ষতা বিকাশ হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে বাতৰিৰ জগতত বিভিন্ন সংস্থাৰ চাবস্ক্ৰিপচনে বাতৰিৰ কভাৰেজ বৃদ্ধি কৰে। একেদৰে ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলেও নিজৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ বিভিন্ন তথ্যৰ উৎসৰ সুবিধা লাভ কৰিব লাগিব। তেওঁ উল্লেখ কৰে যে ইয়াৰ পূৰ্বে গৱেষকসকলে বহু খৰচত বিভিন্ন আলোচনীৰ চাবস্ক্ৰাইব কৰিবলগীয়া হৈছিল যদিও চৰকাৰে "এক জাতি, এক চাবস্ক্ৰিপচন" পদক্ষেপ প্ৰৱৰ্তন কৰি এই বিষয়টোৰ সমাধান কৰিছে। এই পদক্ষেপে দেশৰ প্ৰতিজন গৱেষকৰ বাবে বিশ্বজুৰি বিখ্যাত আলোচনীসমূহৰ বিনামূলীয়া সুবিধা নিশ্চিত কৰে, চৰকাৰে এই প্ৰচেষ্টাত ৬,০০০ কোটি টকাৰো অধিক ব্যয় কৰিব। শ্ৰী মোদীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে মহাকাশ অন্বেষণ, জৈৱ প্ৰযুক্তি গৱেষণা, বা কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ক্ষেত্ৰতেই হওক প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে সৰ্বোত্তম গৱেষণাৰ সুবিধা প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। আই আই টিৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ড০ ব্রায়ান গ্ৰীণৰ সাক্ষাৎ আৰু মহাকাশচাৰী মাইক মেছিমিনোৰ চেণ্ট্ৰেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা আদান-প্ৰদানৰ উল্লেখযোগ্য অভিজ্ঞতাৰ উদাহৰণ দি তেওঁ ভাৰতৰ শিশুসকল ভৱিষ্যতৰ নেতা হিচাপে আত্মপ্ৰকাশ কৰা বুলি আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ এখন সৰু বিদ্যালয়ৰ পৰা ভৱিষ্যতে এক উল্লেখযোগ্য উদ্ভাৱনৰ উন্মেষ ঘটিব, দেশৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনাক প্ৰদৰ্শন কৰিব বুলি আস্থা প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ আকাংক্ষাই আকাশ চুমাৰ নিদৰ্শন হৈছে প্ৰতিটো বিশ্ব মঞ্চত ভাৰতৰ পতাকাৰ লহৰ। তেওঁ মন্তব্য কৰে যে এইটো সৰু চিন্তা বা সৰু সৰু পদক্ষেপৰ সময় নহয়, নিউজএক্স ৱৰ্ল্ডে সংবাদ মাধ্যমৰ প্ৰতিষ্ঠান হিচাপে এই আৱেগক বুজি পোৱাত সুখ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে দহ বছৰৰ আগতে দেশৰ ভিতৰৰ বিভিন্ন ৰাজ্যলৈ যোৱাৰ ওপৰতে গুৰুত্ব দিয়া হৈছিল, কিন্তু আজি নেটৱৰ্কে বিশ্বব্যাপী হোৱাৰ সাহসী পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে এই প্ৰেৰণা আৰু সংকল্প প্ৰতিজন নাগৰিক আৰু উদ্যোগীৰ মাজত উপস্থিত থাকিব লাগে। নিজৰ দৃষ্টিভংগীৰ বিষয়ে ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ বিশ্বজুৰি প্ৰতিখন বজাৰ, ড্ৰয়িং ৰুম, আৰু ডাইনিং টেবুলত এটা ভাৰতীয় ব্ৰেণ্ড দেখাৰ সপোন দেখিছে। তেওঁ জোৰ দি কয় যে "মেড ইন ইণ্ডিয়া" বিশ্বৰ মন্ত্ৰ হ'ব লাগে। শ্ৰী মোদীয়ে নিজৰ আকাংক্ষা প্ৰকাশ কৰে যে মানুহে অসুস্থ হ'লে "হিল ইন ইণ্ডিয়া", বিয়াৰ পৰিকল্পনা কৰিলে "ৱেড ইন ইণ্ডিয়া" বুলি ভাবে, আৰু ভ্ৰমণ, সন্মিলন, প্ৰদৰ্শনী, আৰু কনচাৰ্টৰ বাবে ভাৰতক অগ্ৰাধিকাৰ দিয়ে। তেওঁ নিজৰ ভিতৰতে এই ইতিবাচক মনোভাৱ আৰু শক্তিক লালন-পালন কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু এই প্ৰচেষ্টাত নেটৱৰ্ক আৰু চেনেলৰ উল্লেখযোগ্য ভূমিকাক স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে সামৰণি মাৰি কয় যে সম্ভাৱনাবোৰ অন্তহীন, আৰু সাহস আৰু দৃঢ়তাৰে সেইবোৰ বাস্তৱলৈ ৰূপান্তৰ কৰাটো এতিয়া আমাৰ ওপৰত নিৰ্ভৰশীল।

“অহা ২৫ বছৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ সংকল্প লৈ ভাৰত আগবাঢ়িছে”, শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি আইটিভি নেটৱৰ্কক বিশ্ব মঞ্চত নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে একেধৰণৰ সংকল্প ল’বলৈ উৎসাহিত কৰি তেওঁলোকৰ সফলতাৰ ওপৰত আস্থা প্ৰকাশ কৰি ভাষণৰ সামৰণি মাৰে।

 

এই অনুষ্ঠানত আইটিভি মিডিয়া নেটৱৰ্কৰ প্ৰতিষ্ঠাপক তথা ৰাজ্যসভাৰ সাংসদ শ্ৰী কাৰ্তিকেয়া শৰ্মা, অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, মহামহিম মিষ্টাৰ টনি এবট, প্ৰাক্তন ৰাষ্ট্ৰপতি তথা শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহামহিম মিষ্টাৰ ৰানিল উইক্ৰেমসিংহৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ লগতে উপস্থিত থাকে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India is a significant player in Asia Pacific air traffic growth: IATA

Media Coverage

India is a significant player in Asia Pacific air traffic growth: IATA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights 12 years of transformative initiatives centered on Garib Kalyan and human empowerment
June 08, 2026

Prime Minister Shri Narendra Modi today highlighted that over the last 12 years, India has witnessed many transformations, stating that at the core of these changes is the welfare of the poor and downtrodden. The Prime Minister noted that the government has always been inspired by Antyodaya and its effort has always been to ensure that the benefits of development reach those who were left behind for decades.

Shri Modi observed that from Jan Dhan accounts and Direct Benefit Transfer to Swachh Bharat, PM Awas Yojana, Jal Jeevan Mission, Ayushman Bharat and more, every initiative has been driven by a simple objective of ensuring people have dignity and opportunity.

The Prime Minister expressed gladness that technology has played a vital role in ensuring a better quality of life for the poor. Shri Modi pointed out that through Direct Benefit Transfer and digital platforms, support is reaching people directly and transparently. The Prime Minister affirmed that this has reduced leakages, improved efficiency, and strengthened trust in governance, adding that this is how the journey of furthering Garib Kalyan has become a collective movement towards human empowerment and realising the dream of a Viksit Bharat.

In a series of posts on X, the Prime Minister shared:

"Over the last 12 years, India has witnessed many transformations and at the core of these changes is the welfare of the poor and downtrodden. We have always been inspired by Antyodaya and our effort has always been to ensure that the benefits of development reach those who were left behind for decades. From Jan Dhan accounts and Direct Benefit Transfer to Swachh Bharat, PM Awas Yojana, Jal Jeevan Mission, Ayushman Bharat and more, every initiative has been driven by a simple objective of ensuring people have dignity and opportunity.
#12YearsOfGaribKalyan”

“It is also gladdening that technology has played a vital role in ensuring a better quality of life for the poor. Through Direct Benefit Transfer and digital platforms, support is reaching people directly and transparently. This has reduced leakages, improved efficiency and strengthened trust in governance. This is how the journey of furthering Garib Kalyan has become a collective movement towards human empowerment and realising our dream of a Viksit Bharat.

#12YearsOfGaribKalyan"