প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে নিউজএক্স ৱৰ্ল্ড চেনেল
একবিংশ শতিকাৰ ভাৰতক চোকা নজৰেৰে লক্ষ্য কৰিছে বিশ্বই: প্ৰধানমন্ত্ৰী
আজি সমগ্ৰ বিশ্ব সাক্ষী হৈছে ভাৰতৰ সংগঠন আৰু উদ্ভাৱনী দক্ষতাৰ: প্ৰধানমন্ত্ৰী
মই ‘ভ’কেল ফৰ লোকেল’ আৰু ‘লোকেল ফৰ গ্ল’বেল’ৰ দৃষ্টিভংগী দেশৰ সমূখত উপস্থাপন কৰিছিলোঁ আৰু আজি, আমি এই দৃষ্টিভংগী বাস্তৱলৈ পৰিণত হোৱা দেখিবলৈ পাইছো: প্ৰধানমন্ত্ৰী
আজি বিশ্বৰ নতুন কাৰখানা হিচাপে উত্থান ঘটিছে ভাৰতৰ; আমি কেৱল এক কৰ্মশক্তি নহয়; আমি এতিয়া এক বিশ্ব-শক্তি!: প্ৰধানমন্ত্ৰী
‘ন্যূনতম চৰকাৰ, সৰ্বোচ্চ শাসন’ হৈছে দক্ষ আৰু ফলপ্ৰসূ শাসনৰ মন্ত্ৰ: প্ৰধানমন্ত্ৰী
ভাৰত এতিয়া অসীম উদ্ভাৱনৰ ভূমি হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ যুৱক-যুৱতী আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে কেইবাটাও ফেল’শ্বিপ আৰু ফেল’শ্বিপৰ আৰম্ভণিৰ কথাও উল্লেখ কৰি এই কাৰ্যসূচীসমূহৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

আইটিভি নেটৱৰ্কৰ প্ৰতিষ্ঠাপক তথা সংসদত মোৰ সতীৰ্থ শ্ৰীযুত কাৰ্তিকেয়া শৰ্মা জী, নেটৱৰ্কৰ সমগ্ৰ দল, দেশ-বিদেশৰ সকলো অতিথি, অন্যান্য বিশিষ্ট ব্যক্তিবৃন্দ, নিউজএক্স ৱৰ্ল্ডৰ শুভ আৰম্ভণিৰ বাবে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনাইছো। আজি হিন্দী আৰু ইংৰাজীকে ধৰি আপোনাৰ নেটৱৰ্কৰ সকলো আঞ্চলিক চেনেলে বিশ্বমুখী যাত্ৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও আজি কেইবাটাও ফেল’শ্বিপ আৰু বৃত্তিও আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীসমূহৰ বাবে আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।

বন্ধুসকল,

আগতেও বহু সংবাদ মাধ্যমৰ অনুষ্ঠানলৈ গৈছিলো, কিন্তু আজি অনুভৱ কৰিছো যে আপোনালোকে নতুন কিবা এটা আৰম্ভ কৰিছে, আৰু তাৰ বাবেও আপোনালোকৰ শলাগ লৈছো। এনেধৰণৰ সংবাদ মাধ্যমৰ অনুষ্ঠান আমাৰ দেশত এক নিয়ম, য’ত সাধাৰণতে স্বাৰ্থজনিত বিষয়ৰ কথা আলোচনা হয়। কিন্তু আপোনাৰ চেনেলে গতানুগতিকতাৰ পৰা আঁতৰি এক নতুন মডেলৰ ওপৰত কাম কৰি ইয়াক এক নতুন দিশ প্ৰদান কৰিছে। পূৰ্বৰ শীৰ্ষ সন্মিলনসমূহ আৰু কালিৰ পৰা চলি থকা এই শীৰ্ষ সন্মিলনখনলৈ লক্ষ্য কৰি মোৰ মনলৈ আহিছে যে আন সংবাদ মাধ্যমৰ শীৰ্ষ সন্মিলনসমূহৰ বেছিভাগেই নেতাকেন্দ্ৰিক আছিল। মই আনন্দিত যে এই শীৰ্ষ সন্মিলনখন নীতিকেন্দ্ৰিক, নীতিৰ বিষয়ে ইয়াত গুৰুত্ব দিয়া হৈছে। মই দেখা বা উপস্থিত থকা বেছিভাগ অনুষ্ঠানতে বিতৰ্ক সদায় বিষয়বস্তু হয়, কিন্তু এই অনুষ্ঠানত আলোচনাই মূল বিষয়বস্তু। মই নিশ্চিত যে আন অনুষ্ঠানবোৰ সাধাৰণতে সৰু সৰু কোঠাত কম দৰ্শকৰ সমূখত অনুষ্ঠিত হয় যদিও ইমান ডাঙৰ অনুষ্ঠান এটা মিডিয়া হাউছে আয়োজন কৰা, বিভিন্ন পটভূমিৰ লোকৰ অৱদান থকাৰ এক অদ্ভূত মিলন দেখি সঁচাকৈয়ে আচৰিত হৈছো। আন সংবাদ মাধ্যমৰ বাবে হয়তো ইয়াত চাঞ্চল্যকৰ এক্সক্লুছিভ নাথাকিবও পাৰে, কিন্তু প্ৰতিগৰাকী অংশগ্ৰহণকাৰীয়ে উপস্থাপন কৰা বিভিন্ন ধাৰণা আৰু চিন্তাৰ পৰা দেশখনে নিশ্চয়কৈ প্ৰেৰণাৰ এক বৃহৎ ৰেঙণি দেখিবলৈ পাব। আশাকৰোঁ আন সংবাদ মাধ্যমৰ সংস্থাসমূহেও এনে কাম কৰিব আৰু অনাগত দিনত নিজৰ কল্পনাপ্ৰসূত পদ্ধতিৰে এই ধাৰা আৰু আৰ্হি অনুসৰণ কৰিব, সৰু কোঠাৰ সংকীৰ্ণ পৰিসীমাৰ বাহিৰলৈ গৈ এক সামগ্ৰিক আৰু সৰ্বাংগীন কৌশল গ্ৰহণ কৰিব। ইয়াৰ দ্বাৰা সংবাদ মাধ্যমৰ দৃশ্যপট সমৃদ্ধ হোৱাই নহয়, গঠনমূলক বিতৰ্ক আৰু দূৰদৰ্শী চিন্তাৰে দেশখনক, জাতিটোক উৎসাহিত কৰা হ’ব।

 

বন্ধুসকল,

এতিয়া সমগ্ৰ বিশ্বই একবিংশ শতিকাৰ ভাৰতৰ ফালে চাই আছে। সমগ্ৰ বিশ্ববাসীয়ে এতিয়া ভাৰতভূমিত পদাৰ্পন কৰিবলৈ বিচাৰিছে আৰু ইয়াৰ বিকাশৰ সাক্ষী হ’বলৈ আগ্ৰহী হৈ পৰিছে। ভাৰত এতিয়া সেই দেশ, য’ত ২৪ ঘণ্টাই ভাল খবৰৰ সৃষ্টি হৈছে। ইয়াত বাতৰি সৃষ্টি কৰাৰ প্ৰয়োজন নাই, কিয়নো প্ৰতিদিনে নতুন নতুন অভিলেখ গঢ়িছে, আৰু অসাধাৰণ কিবা এটা সদায় ঘটি আছে। শেহতীয়াকৈ ২৬ ফেব্ৰুৱাৰীত প্ৰয়াগৰাজত মানৱজাতিৰ ঐক্যৰ মহাকুম্ভৰ অন্ত পৰিল। অস্থায়ী আন্তঃগাঁথনি থকা এখন অস্থায়ী চহৰত কোটি কোটি জনতাই কেনেকৈ শ শ কিলোমিটাৰ যাত্ৰা কৰি নদীৰ পাৰলৈ গৈ পবিত্ৰ স্নান কৰিছিল, আৱেগেৰে ভৰি পৰিছিল, তাক লৈ বিশ্ব আচৰিত হৈছে। এতিয়া বিশ্বই ভাৰতৰ পৰিকল্পনা আৰু উদ্ভাৱন শক্তিৰ সাক্ষী হৈ পৰিছে। অৰ্ধপৰিবাহীৰ পৰা আৰম্ভ কৰি বিমানবাহী জাহাজলৈকে আমি ইয়াত ভাৰতত সকলো উৎপাদন কৰি আছো। সমগ্ৰ বিশ্বই ভাৰতৰ সফলতাৰ সকলো কথা শুনিবলৈ অপেক্ষা কৰি আছে। মোৰ দৃঢ় বিশ্বাস যে ইয়াত সমগ্ৰ বিশ্বৰ সন্মুখত এই কাহিনীবোৰ ৰাজহুৱা কৰাৰ ক্ষেত্ৰত NewsX World ৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই মঞ্চই বিশ্বৰ মঞ্চত ভাৰতৰ সাফল্য আৰু অগ্ৰগতিৰ ওপৰত উজ্জ্বল কৰি তোলাত উল্লেখযোগ্য ভূমিকা ল’ব পাৰে।

বন্ধুসকল,

মাত্ৰ কেইমাহমানৰ আগতে ভাৰতে বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচন অনুষ্ঠিত কৰিছিল। ৬০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতৰ এখন চৰকাৰে একেৰাহে তৃতীয়বাৰৰ বাবে পুনৰ ক্ষমতালৈ আহিছে। এই জনবিশ্বাসৰ মূলতে ভাৰতৰ বিগত ১১ বছৰত অসংখ্য কৃতিত্ব। আপোনাৰ নতুন চেনেল নিউজএক্স ৱৰ্ল্ডে ভাৰতৰ সত্য কাহিনী আন্তঃৰাষ্ট্ৰীয় সমাজলৈ কঢ়িয়াই নিব বুলি মই নিশ্চিত। কোনো পক্ষপাতিত্ব আৰু সংযোজন নোহোৱাকৈ আপোনাৰ আন্তঃৰাষ্ট্ৰীয় চেনেলে ভাৰতৰ প্ৰকৃত ছবিখন যিদৰে আছে তেনেদৰেই দেখুৱাব। ভাৰতত কোনো ধৰণৰ প্ৰলেপ সনাৰ প্ৰয়োজন নাই; ইয়াৰ কৃতিত্ব আৰু প্ৰগতিয়েই নিজৰ কথা কয়।

বন্ধুসকল,

বহু বছৰৰ আগতে মই ভ’কেল ফৰ লোকেল আৰু লোকেল ফৰ গ্ল’বেলৰ দৃষ্টিভংগী দেশৰ আগত দাঙি ধৰিছিলো। আজি আমি এই দৃষ্টিভংগী বাস্তৱলৈ পৰিণত হোৱা দেখিবলৈ পাইছো। আমাৰ AYUSH সামগ্ৰী আৰু যোগ স্থানীয়ৰ পৰা বিশ্বব্যাপীলৈ পৰিৱৰ্তিত হৈছে। পৃথিৱীৰ য'লৈকেই যাওক তাতেই যোগাভ্যাস কৰা কোনোবা এজনক পাব। আজি ইয়াত উপস্থিত থকা মোৰ বন্ধু টনী এব্বট এগৰাকী দৈনিক যোগাসন কৰা ব্যক্তি। ভাৰতৰ ছুপাৰফুড মাখ্নাও বিশ্বজনীন হৈ পৰিছে। একেদৰে ভাৰতৰ বাজ্ৰা, যাক আমি শ্ৰী অন্ন বুলি কওঁ, ই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। মই জানিব পাৰিছো যে মোৰ বন্ধু টনী এব্বটে দিল্লী হাটত ভাৰতীয় বাজ্ৰাৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিছিল আৰু বাজ্ৰাৰ খাদ্যবোৰ খুব ভাল পাইছিল, এই কথা জানিও মই বৰ সুখী হৈছিলো।

 

বন্ধুসকল,

কেৱল বাজ্ৰাই নহয়, ভাৰতৰ হালধিয়েও স্থানীয় বজাৰৰ পৰা বিশ্ব বজাৰলৈ যাত্ৰা কৰিছে, ইয়াৰ মাজেৰে ভাৰতে বিশ্বৰ ৬০ শতাংশতকৈ অধিক হালধিৰ চাহিদা পূৰণ কৰিছে। ভাৰতৰ কফিয়েও বিশ্বজুৰি নিজৰ স্থান দখল কৰিছে আৰু সম্প্ৰতি বিশ্বৰ সপ্তম বৃহত্তম কফি ৰপ্তানিকাৰী দেশ হিচাপে পৰিগণিত হৈছে। আজি ভাৰতৰ মোবাইল ফোন, ইলেক্ট্ৰনিক সামগ্ৰী আৰু ঔষধেও নিজৰ বিশ্বজনীন পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ইয়াৰ সমান্তৰালকৈ ভাৰতে অসংখ্য বিশ্বব্যাপী পদক্ষেপৰো নেতৃত্ব দি আহিছে। শেহতীয়াকৈ ফ্ৰান্সত অনুষ্ঠিত হোৱা এ আই একচন ছামিটত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ, য’ত ভাৰত সহ-আয়োজক আছিল। এই সন্মিলনে বিশ্বক এআই-চালিত ভৱিষ্যতৰ দিশত পৰিচালিত কৰিছে, আৰু এতিয়া ইয়াৰ আয়োজন কৰাৰ দায়িত্ব ভাৰতৰ ওপৰত পৰিছে। জি-২০ৰ অধ্যক্ষতাৰ সময়ছোৱাত ভাৰতে এক উল্লেখযোগ্য জি-২০ সন্মিলনৰ আয়োজন কৰিছিল, য’ত আমি ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ কৰিডৰৰ সূচনা কৰিছিলো, যিটো বিশ্বৰ বাবে এক নতুন অৰ্থনৈতিক পথ হিচাপে উদ্ভাসিত হৈছে। ইয়াৰ সমান্তৰালকৈ বিশ্বত ভাৰতে গ্ল’বেল চাউথৰ গুৰুত্ব যথেষ্ট বৃদ্ধি কৰিলে আৰু দ্বীপ ৰাষ্ট্ৰসমূহৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিলে। জলবায়ু সংকটৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে মিছন লাইফৰ দৃষ্টিভংগী বিশ্বৰ আগত দাঙি ধৰিছে। ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় সৌৰমৈত্ৰী আৰু দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁটৰ দৰে পদক্ষেপৰ জৰিয়তে ভাৰতে বিশ্বৰ সমূখত নজিৰ ৰাখিছে। মই আনন্দিত যে যিহেতু ভাৰতৰ বহু ব্ৰেণ্ড এতিয়া বিশ্বজনীন হৈ পৰিছে, গতিকে ভাৰতৰ সংবাদ মাধ্যমেও এই বিশ্বজনীনতাৰ সুযোগক আকোৱালি লৈছে আৰু ইয়াৰ তাৎপৰ্য বুজি পাইছে। ইয়াৰ দ্বাৰা বিশ্বমঞ্চত ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰভাৱ আৰু অৱদানৰ প্ৰতিফলন ঘটিছে।

বন্ধুসকল,

দশক দশক ধৰি বিশ্বই ভাৰতক নিজৰ বেক অফিচ বুলি গণ্য কৰিছিল। কিন্তু এতিয়া ভাৰতে বিশ্বৰ নতুন কাৰখানা হিচাপে আত্মপ্ৰকাশ কৰিছে। আমি এতিয়া কেৱল এক কৰ্মশক্তি নহয়; আমি এক বিশ্ব-শক্তি হিচাপে উদ্ভাসিত হৈছো! এসময়ত বহু সামগ্ৰী আমদানি কৰা দেশখনে এতিয়া এক প্ৰধান ৰপ্তানি কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। এসময়ত স্থানীয় বজাৰতে আৱদ্ধ হৈ থকা কৃষকসকলে এতিয়া নিজৰ উৎপাদিত সামগ্ৰীৰে বিশ্ব বজাৰত শক্তিশালী পদাৰ্পন কৰিছে। পুলৱামাৰ স্নো পীজ, মহাৰাষ্ট্ৰৰ পুৰন্দৰ ডুমুৰ, কাশ্মীৰৰ ক্ৰিকেট বেটৰ চাহিদা বিশ্বজুৰি বাঢ়িছে। আমাৰ প্ৰতিৰক্ষা সামগ্ৰীয়ে ভাৰতীয় অভিযান্ত্ৰিক আৰু প্ৰযুক্তিৰ শক্তি বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰি আছে। ইলেক্ট্ৰনিকছৰ পৰা অটোমোবাইল খণ্ডলৈকে ভাৰতৰ পৰিসৰ আৰু সামৰ্থ্য বিশ্বই প্ৰত্যক্ষ কৰিছে। আমি কেৱল বিশ্বক সামগ্ৰী যোগান ধৰাই নহয়, বিশ্বৰ যোগান শৃংখলৰ এক বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য অংশীদাৰ হৈ পৰিছো। ভাৰতৰ এই পৰিৱৰ্তন বিশ্ব মঞ্চত নেতৃত্ব দিয়াৰ সম্ভাৱনা আৰু দৃঢ়তাৰ প্ৰমাণ।

বন্ধুসকল,

আজি যদি ভাৰত বহু খণ্ডত আগশাৰীৰ দেশত পৰিণত হৈছে, তেন্তে সেয়া হৈছে বছৰ বছৰ ধৰি সুপৰিকল্পিত কঠোৰ পৰিশ্ৰম আৰু পদ্ধতিগত নীতিগত সিদ্ধান্তৰ ফল। যোৱা দশকত আমি অসম্পূৰ্ণ দলং আৰু বহু দিন ধৰি স্থবিৰ হৈ থকা পথসমূহক উৎকৃষ্ট এক্সপ্ৰেছৱে’ আৰু সুনিৰ্মিত পথৰ নেটৱৰ্কলৈ ৰূপান্তৰিত কৰিছো, যাৰ ফলত সপোনক নতুন গতিৰে আগবাঢ়ি যোৱাত উদগণি দিব পৰা হৈছে। ভ্ৰমণৰ সময় আৰু খৰচ হ্ৰাস পোৱাৰ ফলত উদ্যোগসমূহে লজিষ্টিক টাৰ্ণআউট সময় হ্ৰাস কৰাৰ সুযোগ লাভ কৰিছে, যাৰ ফলত অটোম’বাইলৰ দৰে খণ্ডসমূহ যথেষ্ট লাভৱান হৈছে। বাহনৰ চাহিদা বৃদ্ধি পাইছে, আৰু আমি পৰম্পৰাগত বাহন আৰু বৈদ্যুতিক বাহন (ইভি) উভয়ৰে উৎপাদনক উৎসাহিত কৰিছো। আজি ভাৰতে বিশ্বমঞ্চত অটোমোবাইল উৎপাদক আৰু ৰপ্তানিকাৰক হিচাপে আত্মপ্ৰকাশ কৰিছে। এই অগ্ৰগতিয়ে আন্তঃগাঁথনি উন্নয়ন, উদ্ভাৱন, আৰু বহনক্ষম বিকাশৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে, যিয়ে এক উজ্জ্বল ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিছে।

 

বন্ধুসকল,

ইলেক্ট্ৰনিকছ উৎপাদন খণ্ডতো একেধৰণৰ পৰিৱৰ্তন দেখা গৈছে। বিগত দশকত প্ৰথমবাৰৰ বাবে ২.৫ কোটিতকৈও অধিক পৰিয়ালত বিদ্যুৎ যোগান ধৰাৰ ফলত বিদ্যুতৰ চাহিদা বৃদ্ধি পাইছে আৰু উৎপাদন বৃদ্ধি পাইছে। ইয়াৰ ফলত ইলেক্ট্ৰনিক সঁজুলিৰ চাহিদা বৃদ্ধি পাইছে। আমি যেতিয়া ডাটাক অধিক সুলভ কৰি তুলিলোঁ, তেতিয়া মোবাইল ফোনৰ চাহিদা বৃদ্ধি পালে। মোবাইল প্লেটফৰ্মত অধিক সেৱা উপলব্ধ হোৱাৰ লগে লগে ডিজিটেল ডিভাইচৰ ব্যৱহাৰ আৰু অধিক বৃদ্ধি পালে। এই ক্ৰমবৰ্ধমান চাহিদাক এটা সুযোগলৈ ৰূপান্তৰিত কৰি আমি প্ৰডাকচন লিংকড ইনচেন্টিভ (পিএলআই) আঁচনিৰ দৰে পদক্ষেপ আৰম্ভ কৰিলোঁ। আজি ভাৰতে ইলেক্ট্ৰনিকছৰ প্ৰধান ৰপ্তানিকাৰক হিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে আমাৰ উদ্ভাৱন, অভিযোজন, আৰু বিশ্ব বজাৰত নেতৃত্ব দিয়াৰ ক্ষমতা প্ৰদৰ্শন কৰিছে। এই অগ্ৰগতিৰ প্ৰতিফলনেই হৈছে প্ৰযুক্তিৰ সদ্ব্যৱহাৰ আৰু স্বাৱলম্বী ভাৰত গঢ়ি তোলাৰ প্ৰতি আমাৰ দায়বদ্ধতা।

বন্ধুসকল,

আজি ভাৰতৰ অভিলাষী লক্ষ্য নিৰ্ধাৰণ আৰু সেই লক্ষ্যত উপ্নীত হোৱাৰ ক্ষমতা এটা বিশেষ মন্ত্ৰত শিপাই আছে, সেয়া হৈছে - নূন্যতম চৰকাৰ, সৰ্বোচ্চ শাসন। এই মন্ত্ৰটোৱে দক্ষ আৰু ফলপ্ৰসূ শাসন ব্যৱস্থাক সামৰি লৈছে, যাৰ ফলত চৰকাৰৰ কোনো অপ্ৰয়োজনীয় হস্তক্ষেপ বা প্ৰভাৱ নাইকিয়া কৰাটো নিশ্চিত কৰা হৈছে। এটা আমোদজনক উদাহৰণ দিওঁ। যোৱা দশকত আমি প্ৰায় ১৫০০খন পুৰণি আইন বিলুপ্ত কৰিছো, যিবোৰৰ প্ৰাসংগিকতা হেৰাই গৈছিল। ইয়াৰে বহু আইন ব্ৰিটিছ শাসনৰ সময়তে প্ৰণয়ন কৰা হৈছিল। তেনে এক আইন আছিল ঔপনিৱেশিক চৰকাৰৰ বিৰুদ্ধে নাটক আৰু ভ্ৰাম্যমাণক ব্যৱহাৰ কৰিব নোৱাৰাকৈয়ে ১৫০ বছৰ পূৰ্বে ব্ৰিটিছে প্ৰৱৰ্তন কৰা নাটকীয় পৰিবেশন আইন। এই আইনত এনে এটা ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছিল য’ত ৰাজহুৱা স্থানত নাচি থকা ১০ বা তাতোধিক লোকক গ্ৰেপ্তাৰ কৰাৰ অনুমতি দিয়া হৈছিল। অদ্ভূত কথাটো হ’ল ভাৰতৰ স্বাধীনতাৰ পাছতো ৭৫ বছৰ ধৰি এই আইন প্ৰযোজ্য হৈ থাকিল। কল্পনা কৰকচোন এখন বিয়াৰ শোভাযাত্ৰা, য’ত ১০ জন লোকে আনন্দ উল্লাস কৰি নাচিলে দৰাকে ধৰি আটাইকেইগৰাকী গ্ৰেপ্তাৰ হ’ব পাৰে! আমাৰ চৰকাৰে এই প্ৰাচীন আইনখন বিলুপ্ত কৰিলে। এই আইনখন ইমান দিনে নিৰ্বিঘ্নে চলি থকাটো আচৰিত কথা নহয় নে, আৰু মই তাজ্জ্বব মানিছো যে এইবোৰ ক্ষেত্ৰত তথাকথিত খান মাৰ্কেট গেং লুটিয়েনৰ অভিজাত শ্ৰেণীটো কিয় নিমাত হৈ আছিল। যিসকলে সঘনাই আদালতলৈ যায় আৰু পিআইএলৰ ঠিকাদাৰৰ ৰূপ লয়—তেওঁলোকে মাত মাতিব নোৱাৰিলে কিয়? তেতিয়া তেওঁলোকৰ স্বাধীনতাৰ চিন্তা ক’ত আছিল? আজি যদি এনে আইন প্ৰস্তাৱ কৰা হ'লহেঁতেন তেন্তে ছ'চিয়েল মিডিয়াৰ ট্ৰ'লে অজস্ৰ মিছা বাতৰি প্ৰচাৰ কৰিলেহেঁতেন, হুলস্থুলৰ সৃষ্টি কৰিলেহেঁতেন, আনকি ৰূপকভাৱে "মোডীৰ চুলিয়েই  টানিলেহেতেন"। এই উদাহৰণে আওপুৰণি আইনসমূহ আঁতৰাই প্ৰগতিশীল আৰু সৰ্বাংগীন সমাজ গঢ়ি তোলাৰ প্ৰতি আমাৰ দায়বদ্ধতাক উজ্জ্বল কৰি তুলিছে।

বন্ধুসকল,

আমাৰ চৰকাৰেই এই ঔপনিৱেশিক শাসনৰ যুগৰ পৰা চলি থকা প্ৰাচীন আইনখন বিলুপ্ত কৰিছিল। আন এটা উদাহৰণ দিওঁ—বাঁহ। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ আমাৰ জনজাতীয় অঞ্চলৰ জীৱনৰেখা হৈছে বাঁহ। কিন্তু আগতে বাঁহ কাটিলে জেলত সোমাবলগীয়া হৈছিল। কিয়? কাৰণ, দশক দশক ধৰি বাঁহক গছ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল। স্বাধীনতাৰ ৭০ বছৰৰ পাছতো আমাৰ দেশৰ চৰকাৰসমূহে বাঁহক গছ বুলি গণ্য কৰি আহিছিল, আৰু গছৰ ক্ষেত্ৰত প্ৰযোজ্য সকলো আইন বাঁহৰ ক্ষেত্ৰতো প্ৰযোজ্য হৈছিল। ইয়াৰ ফলত বাঁহ গছ নহয়, ঘাঁহ হোৱাৰ পিছতো কাটি বা ব্যৱহাৰ কৰাটো অত্যন্ত কঠিন হৈ পৰিছিল। ব্ৰিটিছৰ এনে শ্ৰেণীবিভাজনৰ নিজস্ব কাৰণ থাকিব পাৰে, কিন্তু আমি স্বাধীনতাৰ পিছত এই কথাটো কিয় শুধৰাই নিদিলোঁ? আমাৰ চৰকাৰেই অৱশেষত এই দশক পুৰণি আইনখন সলনি কৰি বাঁহক ঘাঁহ হিচাপে পুনৰ শ্ৰেণীভুক্ত কৰি নিষেধাজ্ঞামূলক নিয়মৰ পৰা মুক্ত কৰিলো। এই পৰিৱৰ্তনে জনজাতীয় সম্প্ৰদায়সমূহক শক্তিশালী কৰিছে আৰু বাঁহৰ অৰ্থনীতিক উন্নীত কৰিছে, যিয়ে পুৰণি আইনসমূহক যুক্তিসংগত কৰি দেশৰ প্ৰতিটো চুকতে বিকাশৰ পোষকতা কৰাৰ আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।

 

বন্ধুসকল,

আপোনালোকৰ নিশ্চয় মনত আছে যে ১০ বছৰ আগতে এজন সাধাৰণ ব্যক্তিৰ বাবে আয়কৰ ৰিটাৰ্ণ (আই টি আৰ) দাখিল কৰাটো কিমান কঠিন আছিল। আজি আপুনি মাত্ৰ কেইমুহূৰ্তৰ ভিতৰতে আপোনাৰ আইটিআৰ দাখিল কৰিব পাৰে, আৰু কিছুদিনৰ ভিতৰতে এই ৰিটাৰ্ণৰ ধন পোনপটীয়াকৈ আপোনাৰ একাউণ্টত জমা কৰা হয়। আয়কৰ আইন সৰল কৰাৰ প্ৰক্ৰিয়া সংসদতো চলি আছে, আৰু আমি ১২ লাখ পৰ্যন্ত আয় কৰমুক্ত কৰিছো। এই পদক্ষেপে বিশেষকৈ সংবাদ মাধ্যমৰ পেছাদাৰী আৰু কেৰিয়াৰ আৰম্ভ কৰা যুৱ নাগৰিককে ধৰি দৰমহাপ্ৰাপ্ত শ্ৰেণীটোক উপকৃত কৰিব। আজিৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা আৰু খৰচ বেলেগ, আৰু আমাৰ বাজেট এনেদৰে ৰচনা কৰা হৈছে যাতে তেওঁলোকে সঞ্চয় বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ সপোন পূৰণ কৰাত সহায় কৰে। আমাৰ লক্ষ্য হৈছে Ease of Living আৰু Ease of Doing Business প্ৰদান কৰা, মানুহৰ সপোনক উৰিবলৈ স্বাধীনতা প্ৰদান কৰা। উদাহৰণস্বৰূপে, আজি বহু ষ্টাৰ্টআপে ভূ-স্থানীয় তথ্যৰ সহায় লৈছে। আগতে মানচিত্ৰ তৈয়াৰ কৰিবলৈ চৰকাৰী অনুমতিৰ প্ৰয়োজন আছিল যদিও আমি এই নীতি সলনি কৰিলোঁ। এতিয়া ষ্টাৰ্টআপ আৰু ব্যক্তিগত কোম্পানীসমূহে এই তথ্যৰ উৎকৃষ্ট ব্যৱহাৰ কৰি উদ্ভাৱন আৰু বিকাশৰ সূচনা কৰিছে। ইয়াৰ দ্বাৰা ব্যক্তি আৰু ব্যৱসায়ীসকলক দ্ৰুতগতিত বিকশিত হোৱা পৃথিৱীখনত লাভৱান হ’বলৈ সবলীকৰণৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰা হৈছে।

বন্ধুসকল,

বিশ্বক শূন্যৰ ধাৰণা দিয়া ভূমি ভাৰত এতিয়া অসীম উদ্ভাৱনৰ ভূমি হৈ পৰিছে। আজি ভাৰতে কেৱল উদ্ভাৱন কৰাই নহয় ইণ্ডোভেটিংও কৰিছে, অৰ্থাৎ ভাৰতীয় পদ্ধতিৰে উদ্ভাৱন কৰিছে। Indovation ৰ জৰিয়তে আমি এনে সমাধানৰ সৃষ্টি কৰিছো যিবোৰ সুচল, সুলভ আৰু খাপ খোৱা। আমি এই সমাধানবোৰ গেটকিপিং কৰা নাই বৰঞ্চ সমগ্ৰ বিশ্বক আগবঢ়াইছো। যেতিয়া বিশ্বক এটা সুৰক্ষিত আৰু খৰচ-বহনক্ষম ডিজিটেল পেমেণ্ট ব্যৱস্থাৰ প্ৰয়োজন হৈছিল, তেতিয়া আমি ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই) বিকশিত কৰিলোঁ। শেহতীয়াকৈ মই শুনা মতে অধ্যাপক কাৰ্লোছ মণ্টেছে ইউ পি আইৰ দৰে প্ৰযুক্তিৰ জনঅনুকূল স্বৰূপটোৱে মুগ্ধ কৰিছে বুলি উল্লেখ কৰিছে। আজি ফ্ৰান্স, ইউ এ ই, ছিংগাপুৰৰ দৰে দেশসমূহে ইউ পি আইক নিজৰ বিত্তীয় পৰিৱেশ তন্ত্ৰত একত্ৰিত কৰিছে। বহু ৰাষ্ট্ৰই আমাৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি ইণ্ডিয়া ষ্টেকত যোগদান কৰিবলৈও চুক্তি স্বাক্ষৰ কৰিছে। ক'ভিড-১৯ মহামাৰীৰ সময়ত আমাৰ ভেকচিনসমূহে ভাৰতৰ মানসম্পন্ন স্বাস্থ্যসেৱাৰ সমাধানসমূহ বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিছিল। আমি আৰোগ্য সেতু এপটোও মুক্ত উৎস বনালোঁ যাতে বিশ্ব সমাজে ইয়াৰ পৰা লাভৱান হ’ব পাৰে। মহাকাশ শক্তি হিচাপে ভাৰতে আন দেশকো মহাকাশৰ আকাংক্ষা পূৰণ কৰাত সহায় কৰি আছে। আমি AI for Public Good ৰ ওপৰতো কাম কৰি আছো আৰু আমাৰ অভিজ্ঞতা আৰু বিশেষজ্ঞতা বিশ্বৰ সৈতে ভাগ-বতৰা কৰিছো। ইয়াৰ দ্বাৰা ভাৰতৰ উদ্ভাৱন, সহযোগিতা, আৰু বিশ্বৰ প্ৰগতিৰ প্ৰতি দায়বদ্ধতা প্ৰতিফলিত হৈছে।

বন্ধুসকল,

আইটিভি নেটৱৰ্কে আজি কেইবাটাও ফেল’শ্বিপ আৰম্ভ কৰিছে, আৰু এই পদক্ষেপক মই শলাগ লৈছো। ভাৰতৰ যুৱক-যুৱতীসকল হৈছে উন্নত ভাৰতৰ সৰ্বপ্ৰথম হিতাধিকাৰী আৰু মূল অংশীদাৰ, যাৰ ফলত তেওঁলোক আমাৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ। ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শিশুসকলৰ বাবে পাঠ্যপুথিৰ পৰিসৰৰ বাহিৰলৈ গৈ চিন্তা কৰাৰ আৰু নতুন সম্ভাৱনাৰ সন্ধান কৰাৰ দুৱাৰ মুকলি কৰিছে। মাধ্যমিক বিদ্যালয়ৰ পৰা শিশুসকলে ক’ডিং শিকিছে আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু ডাটা বিজ্ঞানৰ দৰে ক্ষেত্ৰৰ বাবে প্ৰস্তুতি চলাইছে। অটল টিংকাৰিং লেবে শিশুসকলক উদীয়মান প্ৰযুক্তিৰ হাতে কামে অভিজ্ঞতা প্ৰদান কৰি আছে, উদ্ভাৱন আৰু সৃষ্টিশীলতাক লালন-পালন কৰিছে। এইবাৰৰ বাজেটত আমি ৫০ হাজাৰ নতুন অটল টিংকাৰিং লেব সৃষ্টিৰ কথা ঘোষণা কৰিছো, যাৰ ফলত যুৱসমাজৰ বাবে উন্নত প্ৰযুক্তিৰ সৈতে জড়িত হোৱাৰ সুযোগ আৰু ভৱিষ্যতৰ বাবে দক্ষতা বিকাশৰ সুযোগ যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰা যুৱক-যুৱতীসকলক সবলীকৰণ আৰু এখন উজ্জ্বল, অধিক উদ্ভাৱনী ভাৰত গঢ়ি তোলাৰ প্ৰতি আমাৰ দায়বদ্ধতাক আলোকপাত কৰা হৈছে।

 

বন্ধুসকল,

বাতৰিৰ জগতখনত বিভিন্ন সংস্থাৰ চাবস্ক্ৰিপচনে আপোনালোকক উন্নত বাতৰিৰ কভাৰেজ লাভ কৰাত সহায় কৰে। একেদৰে গৱেষণাৰ ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন তথ্যৰ উৎসৰ সুবিধা লাভৰ প্ৰয়োজন। আগতে তেওঁলোকে নিজৰ ধন খৰচ কৰি বহু খৰচত বিভিন্ন আলোচনী চাবস্ক্ৰাইব কৰিবলগীয়া হৈছিল। আমাৰ চৰকাৰে এক জাতি, এক চাবস্ক্ৰিপচন পদক্ষেপৰ প্ৰৱৰ্তন কৰি গৱেষকসকলক এই বোজাৰ পৰা মুক্ত কৰিছে। ইয়াৰ লগে লগে দেশৰ প্ৰতিজন গৱেষকে বিশ্বৰ বিখ্যাত আলোচনীসমূহৰ বিনামূলীয়া সুবিধা লাভ কৰাৰ নিশ্চয়তা লাভ কৰিব। এই পদক্ষেপত চৰকাৰে ৬০০০ কোটিৰো অধিক বিনিয়োগ কৰিছে। প্ৰতিজন ছাত্ৰই মহাকাশ অন্বেষণ, জৈৱ প্ৰযুক্তি গৱেষণা, বা কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ক্ষেত্ৰত শ্ৰেষ্ঠ গৱেষণাৰ সুবিধাসমূহৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ সন্তানসকলে ভৱিষ্যতৰ নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে। আই আই টিৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ড০ ব্রায়ান গ্ৰীনৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰু মহাকাশচাৰী মাইক মেছিমিনোৰ এখন কেন্দ্ৰীয় বিদ্যালয় ভ্ৰমণে তেওঁলোকৰ সন্মুখত আচৰিত অভিজ্ঞতা লাভ কৰিছিল। ভাৰতৰ এখন সৰু বিদ্যালয়ৰ পৰা ভৱিষ্যতৰ এক যুগান্তকাৰী উদ্ভাৱনৰ উন্মেষ ঘটা দিনটো বেছি দূৰৈত নাই। ইয়াৰ দ্বাৰা ভাৰতৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনাৰ প্ৰতি আমাৰ বিশ্বাস আৰু তেওঁলোকৰ প্ৰতিভাক লালন-পালনৰ প্ৰতি আমাৰ দায়বদ্ধতা প্ৰতিফলিত হয়।

বন্ধুসকল,

প্ৰতিখন বিশ্বজনীন মঞ্চত ভাৰতৰ পতাকা উৰি থাকক, এয়াই আমাৰ আকাংক্ষা, এয়াই আমাৰ প্ৰয়াস।

 

বন্ধুসকল,

এয়া সৰু সৰু চিন্তা বা সৰু সৰু খোজৰ সময় নহয়। মই আনন্দিত যে, এটা সংবাদ মাধ্যম হিচাপে আপুনি এই আৱেগক আকোৱালি লৈছে। এটা দশক আগতে আপোনাৰ চিন্তা বা লক্ষ্য আছিল দেশৰ ভিতৰৰ বিভিন্ন ৰাজ্যত উপনীত হোৱাত, কিন্তু আজি, আপুনি বিশ্বজনীন হোৱাৰ সাহসী পদক্ষেপ গ্ৰহণ কৰিছে। এই প্ৰেৰণা আৰু সংকল্প প্ৰতিজন নাগৰিক আৰু উদ্যোগীৰ মাজত অনুৰণন ঘটাব লাগে। মোৰ সপোন হৈছে বিশ্বৰ প্ৰতিখন বজাৰত, প্ৰতিটো ড্ৰয়িং ৰূমত, আৰু প্ৰতিখন ডাইনিং টেবুলত এটা ভাৰতীয় ব্ৰেণ্ড দেখা। মেড ইন ইণ্ডিয়া বিশ্বৰ মন্ত্ৰ হোৱা উচিত। কোনোবাই অসুস্থ হ’লে ভাৰতত উপশম পোৱাৰ কথা ভাবিব লাগে। কোনোবাই যদি বিয়াৰ পৰিকল্পনা কৰে তেন্তে ভাৰতত ডেষ্টিনেশ্যন ৱেডিংৰ কথা বিবেচনা কৰিব লাগে। যদি কোনোবাই ভ্ৰমণ কৰিব বিচাৰে তেন্তে ভাৰত তেওঁলোকৰ শীৰ্ষ পছন্দ হ’ব লাগে। সন্মিলন, প্ৰদৰ্শনী, বা কনচাৰ্টৰ বাবেও ভাৰত হ’ব লাগে প্ৰথম গন্তব্যস্থান। আমি নিজৰ ভিতৰতে এই শক্তি আৰু ইতিবাচক মনোভাৱ গঢ়ি তুলিব লাগিব। এই দৃষ্টিভংগী লাভ কৰাত আপোনাৰ নেটৱৰ্ক আৰু চেনেলে উল্লেখযোগ্য ভূমিকা পালন কৰিব। সম্ভাৱনাবোৰ অন্তহীন হৈ থাকক, আৰু সাহস আৰু দৃঢ়তাৰে সেইবোৰ বাস্তৱলৈ ৰূপান্তৰ কৰাটো এতিয়া আমাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰক। তেতিয়াহে আমি সকলোৱে মিলি ভাৰতক প্ৰতিটো ক্ষেত্ৰতে বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তুলিব পাৰিম।

 

বন্ধুসকল,

আগন্তুক ২৫ বছৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ সংকল্প লৈ ভাৰত আগবাঢ়িছে। আপুনিও নিজকে বিশ্বজনীন এক মিডিয়া হাউচ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্প লৈ আগবাঢ়িব লাগে। মোৰ বিশ্বাস যে আপুনি এই প্ৰচেষ্টাত সফল হ’ব। আকৌ এবাৰ আই টি ভি নেটৱৰ্কৰ সমগ্ৰ দললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অংশগ্ৰহণকাৰীসকলকো অভিনন্দন জনাইছো, মোৰ বিশ্বাস যে তেওঁলোকৰ দৃষ্টিভংগীয়ে নিঃসন্দেহে ইতিবাচক চিন্তাধাৰাক শক্তিশালী কৰি তুলিছে। ইয়াৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ, কিয়নো যেতিয়া ভাৰতৰ গৌৰৱ বাঢ়ে তেতিয়া প্ৰতিজন ভাৰতীয়ই আনন্দ আৰু গৌৰৱ অনুভৱ কৰে। ইয়াৰ বাবে সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছো। নমস্কাৰম!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian scientists break a century-old limit on turning heat into electricity

Media Coverage

Indian scientists break a century-old limit on turning heat into electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Italian PM Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history
September 04, 2026

Prime Minister Shri Narendra Modi today congratulated Italian Prime Minister Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history.

The Prime Minister stated that this milestone is a reflection of the trust and confidence of the Italian people in her leadership. He further noted that her friendship has been instrumental in strengthening the India-Italy Special Strategic Partnership, adding that he looks forward to continuing their close cooperation to build a prosperous future for the people of both countries. He extended his best wishes for her continued success in the years ahead.

In a post on X, the Prime Minister shared:

"Congratulations to my friend Prime Minister Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history. This milestone is a reflection of the trust and confidence of the Italian people in her leadership.

Her friendship has also been instrumental in strengthening the India-Italy Special Strategic
Partnership and I look forward to continuing our close cooperation to build a prosperous future for the people of our countries.

My best wishes for her continued success in the years ahead.

@GiorgiaMeloni"