"আপোনালোকে 'অমৃত প্ৰজন্ম'ৰ প্ৰতিনিধিত্ব কৰে যি এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ নিৰ্মাণ কৰিব"
"যেতিয়া সপোন সংকল্পত পৰিণত হয় আৰু তাৰ প্ৰতি জীৱন সমৰ্পিত কৰা হয় তেতিয়া সফলতা সুনিশ্চিত হয়। ভাৰতৰ যুৱক-যুৱতীৰ বাবে এই সময় নতুন সুযোগৰ সময়"
"ভাৰতৰ সময় আহি গ'ল"
"যুৱ শক্তি ভাৰতৰ বিকাশ যাত্ৰাৰ প্ৰেৰক শক্তি"
"যেতিয়া দেশ যুৱক-যুৱতীৰ শক্তি আৰু উৎসাহেৰে পৰিপূৰ্ণ, সেয়ে সেই দেশৰ প্ৰাথমিকতা সদায় তাৰ যুৱক-যুৱতীয়েই হ'ব"
"এয়া বিশেষভাৱে প্ৰতিৰক্ষা বাহিনী আৰু এজেঞ্চিসমূহত দেশৰ কন্যাসকলৰ বাবে অপাৰ সম্ভাৱনাৰ সময়"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত বাৰ্ষিক ৰাষ্ট্ৰীয় কেডেট কোৰ-এনচিচি পিএম ৰেলীক সম্বোধন কৰে। এই বছৰ এনচিচিয়ে নিজৰ প্ৰতিষ্ঠাৰ ৭৫তম বৰ্ষ পালন কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যক্ৰমৰ সময়ছোৱাত এনচিচিৰ ৭৫টা সফল বছৰৰ উপলক্ষত এক বিশেষ ডে' কভাৰ আৰু ৭৫ টকা মূল্যবৰ্গৰ বিশেষভাৱে গঢ়া এটা স্মাৰক মুদ্ৰা জাৰি কৰে। কন্যাকুমাৰীৰ পৰা দিল্লী-একতাৰ অগ্নিশিখা প্ৰধানমন্ত্ৰীক অৰ্পণ কৰি কাৰিয়াপ্পা ময়দানত প্ৰজ্বলিত কৰা হয়। ৰেলীক দিন আৰু ৰাতিৰ হাইব্ৰীড কাৰ্যক্ৰম হিচাপে আয়োজন কৰা হয় আৰু ইয়াত 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' বিষয়ৰ ওপৰত এটা সাংস্কৃতিক কাৰ্যক্ৰমো অন্তৰ্ভুক্ত কৰা হৈছিল। বসুধৈৱ কুটুম্বকমৰ প্ৰকৃত ভাৰতীয় ভাবনাত, ১৯খন অন্য দেশৰ ১৯৬জন বিষয়া আৰু কেডেটক সমাৰোহত ভাগ ল'বলৈ আমন্ত্ৰণ জনোৱা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে ৰেলীক সম্বোধন কৰি কয় যে ভাৰত আৰু এনচিচি উভয়ে এই বছৰ নিজৰ ৭৫তম বৰ্ষপূৰ্তি পালন কৰি আছে। শ্ৰী মোদীয়ে সেই লোকসকলৰ প্ৰয়াসৰ প্ৰশংসা কৰে যিসকলে এনচিচিৰ নেতৃত্ব কৰি আৰু ইয়াৰ অংশ হৈ ৰাষ্ট্ৰ নিৰ্মাণত যোগদান দিছে। প্ৰধানমন্ত্ৰীয়ে কেডেটসকলক কয় যে এনচিচি কেডেট আৰু ৰাষ্ট্ৰৰ যুৱক-যুৱতী উভয়ৰে ৰূপত তেওঁলোক দেশৰ 'অমৃত প্ৰজন্ম'ৰ প্ৰতিনিধিত্ব কৰিছে যি অহা ২৫ বছৰত দেশক নতুন উচ্চতালৈ লৈ যাব আৰু এক 'বিকশিত' আৰু 'আত্মনিৰ্ভৰ ভাৰত' গঢ়িব। প্ৰধানমন্ত্ৰীয়ে ৬০ দিনলৈকে দৈনিক ৫০ কিলোমিটাৰৰ দুৰত্ব অতিক্ৰম কৰি কন্যাকুমাৰীৰ পৰা দিল্লীলৈকে যাত্ৰা সম্পূৰ্ণ কৰা বাবে একতাৰ অগ্নিশিখাৰ বাবে কেডেটসকলৰ প্ৰশংসা কৰে। শ্ৰী মোদীয়ে কয় যে এই অগ্নিশিখা আৰু সন্ধিয়াৰ সাংস্কৃতিক কাৰ্যক্ৰমে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ ভাবনা শক্তিশালী কৰিছে।

প্ৰধানমন্ত্ৰীয়ে গণতন্ত্ৰ দিৱস পেৰেডত এনচিচি কেডেটে ভাগ লোৱাৰ প্ৰশংসা কৰি প্ৰথমবাৰ কৰ্তব্য পথত হোৱা পেৰেডৰ বিশেষত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ এনচিচি কেডেটসকলক ৰাষ্ট্ৰীয় সমৰ স্মাৰক, পুলিচ স্মাৰক, লালকিলাত নেতাজী সুভাষ চন্দ্ৰ বসু সংগ্ৰহালয়, প্ৰধানমন্ত্ৰী সংগ্ৰহালয়, চৰ্দাৰ পেটেল সংগ্ৰহালয় আৰু ডঃ ভীমৰাও আম্বেদকাৰ সংগ্ৰহালয়ৰ দৰে স্থান ভ্ৰমণ কৰাৰো পৰামৰ্শ দিয়ে যাতে তেওঁলোকে জীৱনত আগুৱাই যাবলৈ প্ৰেৰণা আৰু উদগণি পাব পাৰে।

প্ৰধানমন্ত্ৰীয়ে এখন ৰাষ্ট্ৰক সঞ্চালন কৰা প্ৰধান শক্তি হিচাপে যুৱক-যুৱতীৰ প্ৰাধান্যৰ ওপৰত জোৰ দিয়ে। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয়, "যেতিয়া সপোন সংকল্পত পৰিণত হয় আৰু তাৰ প্ৰতি জীৱন সমৰ্পিত কৰা হয় তেতিয়াই সফলতা সুনিশ্চিত হয়। ভাৰতৰ যুৱক-যুৱতীৰ বাবে এই সময় নতুন সুযোগৰ সময়। সকলো ঠাইত এই কথা স্পষ্ট যে ভাৰতৰ সময় আহি গ'ল। সমগ্ৰ পৃথিৱীয়ে ভাৰতৰ ফালে চাই আছে আৰু এই সকলো ভাৰতৰ যুৱক-যুৱতীৰ কাৰণে হৈছে।" প্ৰধানমন্ত্ৰীয়ে অহা জি20 অধ্যক্ষতাৰ বাবে যুৱক-যুৱতীৰ উৎসাহত গৌৰৱ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, "যেতিয়া দেশে যুৱক-যুৱতীৰ শক্তি আৰু উৎসাহেৰে পৰিপূৰ্ণ, তেতিয়া সেই দেশৰ প্ৰাথমিকতা সদায় তাৰ যুৱক-যুৱতীয়েই হ'ব।" প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীৰ বাবে এখন মঞ্চ প্ৰদান কৰিবলৈ চৰকাৰৰ প্ৰয়াসৰ কথা উল্লেখ কৰি কয় যে যি তেওঁৰ সপোন আহৰণত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ যুৱক-যুৱতীৰ বাবে বিভিন্ন ক্ষেত্ৰ মুকলি কৰি থকা হৈছে, সেয়া ডিজিটেল ক্ৰান্তি হওক, ষ্টাৰ্টআপ ক্ৰান্তি হওক বা ইনভেচন ক্ৰান্তি, এই সকলোৰে সৰ্বাধিক লাভ ভাৰতৰ যুৱক-যুৱতীৰেই হৈ আছে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা ক্ষেত্ৰত সংস্কাৰৰ ওপৰত আলোকপাত কৰি এইবুলি কয় যে এছল্ট ৰাইফল আৰু বুলেট প্ৰুফ জেকেটো ভাৰতলৈ আমদানি কৰা হৈছিল, কিন্তু বৰ্তমান ভাৰতে শ শ প্ৰতিৰক্ষা উপকৰণ নিৰ্মাণ কৰি আছে। তেওঁ দ্ৰুতগতিত হৈ থকা সীমান্তৱৰ্তী বুনিয়াদী আন্তঃগাঁথনিৰ কামৰো আলোকপাত কৰে আৰু কয় যে ই ভাৰতৰ যুৱক-যুৱতীৰ বাবে সুযোগ আৰু সম্ভাৱনাৰ এক নতুন পৃথিৱী মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীৰ ক্ষমতাৰ ওপৰত ভৰষা কৰাৰ ইতিবাচক পৰিণামৰ উদাহৰণ হিচাপে ভাৰতৰ অন্তৰীক্ষ ক্ষেত্ৰত প্ৰগতিৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে যেতিয়াই যুৱ প্ৰতিভাৰ বাবে অন্তৰীক্ষ ক্ষেত্ৰৰ দুৱাৰ মুকলি হ'ল তেতিয়াই নিজা উপগ্ৰহৰ প্ৰক্ষেপণৰ দৰে চমকপ্ৰদ পৰিণাম প্ৰাপ্ত হ'ল। এনেকৈ, গেমিং আৰু এনিমেচন ক্ষেত্ৰই ভাৰতৰ প্ৰতিভাশালী যুৱক-যুৱতীৰ বাবে সুযোগৰ বিস্তাৰ কৰি আছে। ড্ৰোণ টেকনিকৰ লাভ মনোৰঞ্জন, লজিষ্টিকছৰ পৰা আৰম্ভ কৰি কৃষিলৈকে নতুন ক্ষেত্ৰৰো হৈ আছে।

প্ৰতিৰক্ষা বাহিনী আৰু এজেঞ্চিসমূহৰ সৈতে সংযুক্ত হোৱাৰ যুৱক-যুৱতীৰ আকাংক্ষাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই বিশেষ ৰূপত দেশৰ কন্যাসকলৰ বাবে অপাৰ সম্ভাৱনাৰ সময়। তেওঁ কয় যে যোৱা ৮ বছৰত পুলিচ আৰু অৰ্ধ সৈনিক বাহিনীত মহিলাৰ সংখ্যা দুগুণ হৈছে। শ্ৰী মোদীয়ে কয় যে সীমান্তত তিনিওটা সেনাৰ মহিলাৰ নিযুক্তিৰ পথ প্ৰশস্ত হৈছে। তেওঁ নৌসেনাত নাবিক হিচাপে মহিলাৰ প্ৰথম ভৰ্তিৰ ঘোষণা কৰে। শ্ৰী মোদীয়ে কয় যে মহিলাসকলে সশস্ত্ৰ বাহিনীত যুঁজাৰু ভূমিকাত প্ৰৱেশ কৰা আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলা কেডেটৰ প্ৰথম বেটচে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমি-এনডিএ পুণেত প্ৰশিক্ষণ আৰম্ভ কৰিছে। তেওঁ উল্লেখ কৰে যে ১৫০০গৰাকী ছোৱালীক সৈনিক স্কুলত প্ৰৱেশ দিয়া হৈছে কিয়নো এই স্কুলসমূহক প্ৰথমবাৰ ছাত্ৰীৰ বাবে মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এনচিচিতো যোৱা এটা দশকত মহিলাৰ অংশগ্ৰহণত অহৰহ বৃদ্ধি পৰিলক্ষিত হৈছে।

প্ৰধানমন্ত্ৰীয়ে যুৱ শক্তিৰ ওপৰত আলোকপাত কৰি কয় যে দেশৰ সীমান্ত আৰু উপকূলীয় ক্ষেত্ৰত এক লাখৰো অধিক কেডেটক নামাংকিত কৰা হৈছে আৰু বিশ্বাস ব্যক্ত কৰে যে যদি ইমান ডাঙৰ সংখ্যাত যুৱক-যুৱতী ৰাষ্ট্ৰৰ বিকাশৰ বাবে একেলগে আহে তেন্তে কোনো উদ্দেশ্য অজেয় হৈ নাথাকে। প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে কেডেটে ব্যক্তিগত ৰূপত আৰু এটা সংস্থা হিচাপে ৰাষ্ট্ৰৰ বিকাশত নিজৰ ভূমিকা বিস্তাৰ কৰিব। তেওঁ কয় যে স্বাধীনতা সংগ্ৰামৰ সময়ত দেশৰ বাবে বহুতো বীৰে নিজৰ প্ৰাণৰ আহুতি দিয়াৰ পথ আঁকোৱালি লৈছিল কিন্তু আজি দেশৰ বাবে জীয়াৰ উদ্দীপনাই দেশক নতুন উচ্চতালৈ লৈ গৈছে।

প্ৰধানমন্ত্ৰীয়ে মতভেদ সৃষ্টি কৰা আৰু মানুহৰ মাজত ব্যৱধান সৃষ্টি কৰাৰ প্ৰয়াসৰ বিৰুদ্ধে কঠোৰ সকীয়নিও দিয়ে। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয়, "মতভেদ সৃষ্টি কৰাৰ এনেধৰণৰ প্ৰয়াস সত্ত্বেও ভাৰতৰ মানুহৰ মাজত কেতিয়াও মতভেদ সৃষ্টি নহ'ব।" তেওঁ কয়, "মা কে দুধ মে কভি দৰাৰ নহী হো সকতি'। একতাৰ এই মন্ত্ৰ পৰম ঔষধি। একতাৰ মন্ত্ৰ সংকল্পও আৰু ভাৰতৰ শক্তিও। এয়াই একমাত্ৰ পদ্ধতি যাৰ জৰিয়তে ভাৰতে ভব্যতা আহৰণ কৰিব।"

প্ৰধানমন্ত্ৰীয়ে সম্বোধন সমাপ্ত কৰি কয় যে এয়া কেৱল ভাৰতৰ অমৃত কাল নহয়, বৰং ভাৰতৰ যুৱক-যুৱতীৰ অমৃত কাল আৰু যেতিয়া ৰাষ্ট্ৰই নিজৰ স্বাধীনতাৰ ১০০ বছৰ পালন কৰিব, তেতিয়া এই যুৱক-যুৱতীয়েই হ'ব যি সফলতাৰ শিখৰত থাকিব। শ্ৰী মোদীয়ে শেষত কয়, "আমি কোনো সুযোগ হেৰুৱাব নালাগে আৰু ভাৰতক নতুন উচ্চতালৈ লৈ যোৱাৰ সংকল্পৰে আগবাঢ়ি থকা দৰকাৰ।"

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, এনচিচিৰ মহানিৰ্দেশক লেঃ জেনেৰেল গুৰবীৰপাল সিংহ, প্ৰধান প্ৰতিৰক্ষা অধ্যক্ষ লেঃ জেনেৰেল অনিল চৌহান, থল সেনা অধ্যক্ষ জেনেৰেল মনোজ পাণ্ডে, নৌসেনা অধ্যক্ষ এডমিৰেল আৰ হৰিকুমাৰ, বায়ু সেনাৰ অধ্যক্ষ আৰু প্ৰতিৰক্ষা সচিব শ্ৰী গিৰধৰ অৰমানে এই অনুষ্ঠানত উপস্থিত আছিল।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report

Media Coverage

India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom
July 21, 2026

Prime Minister Shri Narendra Modi today extended congratulations to Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom.

Shri Modi noted that India and the UK are bound by shared democratic values and enjoy wide-ranging cooperation across trade, investment, technology, defence, and people-to-people relations. With CETA entering into force this month, the Prime Minister pointed out that the bilateral partnership is poised to grow even stronger.

The Prime Minister stated that he looks forward to working closely with him to further deepen the India-UK Comprehensive Strategic Partnership and advance their shared Vision 2035.

In a post on X, the Prime Minister shared:

"Warmest congratulations to Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom.

India and the UK are bound by shared democratic values and enjoy wide-ranging cooperation across trade, investment, technology, defence and people-to-people relations. With CETA entering into force this month, our bilateral partnership is poised to grow even stronger.

I look forward to working closely with you to further deepen the India-UK Comprehensive Strategic Partnership and advance our shared Vision 2035.

@andyburnham"