যোৱা দশকত পঞ্চায়তসমূহক সবলীকৰণৰ বাবে একাধিক ব্যৱস্থা গ্ৰহণ, প্ৰযুক্তিৰ জৰিয়তে পঞ্চায়তসমূহক সুদৃঢ় কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
যোৱা দশকত গ্ৰাম্য অৰ্থনীতিয়ে নতুন গতি লাভ কৰিছেঃ প্ৰধানমন্ত্ৰী
বিগত দশকটো ভাৰতৰ আন্তঃগাঁথনিৰ দশক আছিলঃ প্ৰধানমন্ত্ৰী
মাখনা আজি দেশ আৰু বিশ্বৰ বাবে ছুপাৰফুড, কিন্তু মিথিলাত ই সংস্কৃতিৰ এক অংশ,সমৃদ্ধিৰ উৎসঃ প্ৰধানমন্ত্ৰী
১৪০ কোটি ভাৰতীয়ৰ ইচ্ছাশক্তিয়ে এতিয়া সন্ত্ৰাসবাদীৰ কঁকাল ভাঙিবঃ প্ৰধানমন্ত্ৰী
সন্ত্ৰাসবাদে শাস্তি নোপোৱাকৈ নাথাকে, ন্যায় নিশ্চিত কৰিবলৈ সকলো প্ৰচেষ্টা গ্ৰহণ কৰা হ'ব, সমগ্ৰ ৰাষ্ট্ৰ এই সংকল্পত অটল হৈ আছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ৰ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণৰ বলি হোৱা সকলৰ বিদেহ আত্মাৰ সদগতি কামনাৰে মৌন প্ৰাৰ্থনা কৰিবলৈ সকলোকে আহ্বান জনায়। তেখেতে কয় যে আজি বিহাৰৰ উন্নয়ন সাধনৰ লক্ষ্যৰে হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। বিদ্যুৎ, ৰেল, আন্তঃগাঁথনিমূলক এই পদক্ষেপসমূহে বিহাৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। তেখেতে মহান কবি ৰামধাৰী সিং দিনকৰ জীলৈ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বিহাৰ মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ মন্ত্ৰ সম্প্ৰসাৰণ কৰা ভূমি বুলি উল্লেখেৰে শ্ৰী মোদীয়ে মহাত্মা গান্ধীৰ দৃঢ় বিশ্বাসত আলোকপাত কৰে। মহাত্মাই কৈছিল যে ভাৰতৰ গাঁওসমূহ শক্তিশালী হোৱা মাত্ৰেকেহে ইয়াৰ দ্ৰুত বিকাশ সম্ভৱ। তেখেতে কয় যে পঞ্চায়তী ৰাজৰ ধাৰণাটো এই কথাৰে বদ্ধমূল। “যোৱা দশকত পঞ্চায়তসমূহক সবলীকৰণৰ বাবে নিৰন্তৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। পঞ্চায়তসমূহক সুদৃঢ়কৰণত প্ৰযুক্তিয়ে এটি উল্লেখযোগ্য ভূমিকা পালন কৰিছে, যোৱা দশকত ২ লাখৰো অধিক গ্ৰাম পঞ্চায়ত ইন্টাৰনেটৰ সৈতে সংযুক্ত হৈছে”, তেখেতে লগতে কয়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে পঞ্চায়তসমূহৰ ডিজিটেলাইজেচনে অতিৰিক্ত সা-সুবিধাৰ সঞ্চাৰ কৰিছে, যেনেঃ জন্ম-মৃত্যুৰ প্ৰমাণ পত্ৰৰ দৰে নথি-পত্ৰ আৰু ভূমিৰ প্ৰমাণ-পত্ৰ আদি সহজভাৱে লাভ কৰা হৈছে। গাঁওসমূহত ৫.৫ লাখৰো অধিক কমন চাৰ্ভিচ চেন্টাৰ স্থাপন কৰা হৈছে। তেখেতে কয় যে স্বাধীনতাৰ কেইবা দশক পিছত ৰাষ্ট্ৰখনে নতুন সংসদ ভৱন লাভ কৰাৰ সমান্তৰালকৈ সমগ্ৰ দেশতে ৩০ হাজাৰ নতুন পঞ্চায়ত ভৱনো নিৰ্মাণ কৰা হৈছে। পঞ্চায়তসমূহৰ বাবে পৰ্য্যাপ্ত পুঁজি সুনিশ্চিত কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয় বুলিও তেখেতে কয়। “যোৱা দশকত পঞ্চায়তসমূহে ২ লাখ কোটি টকাৰো অধিক ধন লাভ কৰিছে, এই সকলোবোৰ গাঁৱৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হৈছে”, তেখেতে কয়।

 

গ্ৰাম পঞ্চায়তসমূহে সন্মুখীন হোৱা এটা বৃহৎ সমস্যা ভূমি বিবাদ বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াকে লৈ সঘনাই উদ্ভৱ হোৱা মতানৈক্যৰ কথা কয়। তেখেতে কয় যে এই সমস্যাটো সমাধানৰ বাবে ভূমিৰ অভিলেখ ডিজিটেলাইজেচনৰ কাম হাতত লোৱা হৈছে, যিয়ে অপ্ৰয়োজনীয় বিবাদসমূহৰ ফলপ্ৰসূ সমাধানত সহায় কৰিছে।

শ্ৰী মোদীয়ে পঞ্চায়তসমূহে সামাজিক অংশগ্ৰহণৰ বৰ্ধন ঘটাইছে বুলি উল্লেখেৰে কয় যে বিহাৰ দেশৰ প্ৰথমখন ৰাজ্য যিয়ে পঞ্চায়তত মহিলাসকলৰ বাবে ৫০% সংৰক্ষণৰ ব্যৱস্থা কৰিছে। তেখেতে কয় যে আজি বিহাৰত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী, দলিত, মহাদলিত, পিছপৰা আৰু অতিশয় পিছপৰা সমাজৰ যথেষ্ট সংখ্যক মহিলাই জনপ্ৰতিনিধি হিচাপে সেৱা আগবঢ়াইছে। তেখেতে এই কাৰ্য্যক প্ৰকৃত সামাজিক ন্যায় আৰু প্ৰকৃত সামাজিক অংশগ্ৰহণ বুলি অভিহিত কৰে। তেখেতে উল্লেখ কৰে যে গণতন্ত্ৰ অধিক অংশগ্ৰহণৰ জৰিয়তে লাভৱান হয় আৰু শক্তিশালী হয়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই দৃষ্টিভংগীৰ প্ৰতিফলন ঘটাই লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাসকলৰ বাবে ৩৩% সংৰক্ষণৰ ব্যৱস্থা কৰা আইনো প্ৰণয়ন কৰা হৈছে। তেখেতে কয় যে ইয়াৰ জৰিয়তে সকলো ৰাজ্যৰ মহিলাসকল উপকৃত হ’ব, আমাৰ ভগ্নী আৰু কন্যাসকলক অধিক প্ৰতিনিধিত্ব প্ৰদান কৰা হ’ব।

চৰকাৰে মহিলাৰ আয় বৃদ্ধি আৰু নিয়োগ তথা স্ব-নিয়োগৰ নতুন সুযোগ সৃষ্টিৰ বাবে মিছন মোডত কাম কৰি আছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে বিহাৰত ‘জীৱিকা দিদি’ কাৰ্য্যসূচীৰ ৰূপান্তৰশীল প্ৰভাৱত আলোকপাত কৰে, যিয়ে বহু মহিলাৰ জীৱন যাত্ৰা সলনি কৰিছে। তেখেতে কয় যে আজি বিহাৰৰ মহিলাৰ আত্মসহায়ক গোটসমূহক প্ৰায় ১,০০০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে, ইয়াৰ দ্বাৰা মহিলাসকলৰ অৰ্থনৈতিক সবলীকৰণ ত্বৰান্বিত হ’ব আৰু সমগ্ৰ দেশতে ৩ কোটি লাখপতি দিদি গঢ়াৰ লক্ষ্যত অৰিহণা যোগাব বুলি উল্লেখ কৰে। তেখেতে কয় যে বিগত দশকত গ্ৰাম্য অৰ্থনীতিয়ে নতুন গতি লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে গাঁওসমূহত দৰিদ্ৰ লোকৰ বাবে গৃহ, পথ, গেছৰ সংযোগ, পানীৰ সংযোগ আৰু শৌচাগাৰ নিৰ্মাণ কৰা হৈছে, যাৰ বাবে গ্ৰামাঞ্চলসমূহলৈ লাখ-লাখ কোটি টকা আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে, যাৰ ফলত শ্ৰমিক, কৃষক, বাহন পৰিচালক আৰু দোকানীসকল উপকৃত হৈছে, যিয়ে তেওঁলোকক আয়ৰ নতুন পথ প্ৰদান কৰিছে। তেখেতে কয় যে ইয়াৰ ফলত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বঞ্চিত সমাজসমূহ বিশেষভাৱে উপকৃত হৈছে। তেখেতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ উদাহৰণ দাঙি ধৰে, যাৰ লক্ষ্য দেশৰ কোনো পৰিয়াল যাতে গৃহহীন হৈ নাথাকে আৰু প্ৰত্যেকৰে মূৰৰ ওপৰত এখন স্থায়ী চালি থাকে। তেখেতে উল্লেখ কৰে যে বিগত দশকত এই আঁচনিখনৰ অধীনত ৪ কোটিৰো অধিক স্থায়ী গৃহ নিৰ্মাণ কৰা হৈছে। তেখেতে কয় যে কেৱল বিহাৰতে ৫৭ লাখ দৰিদ্ৰ পৰিয়ালে স্থায়ী ঘৰ লাভ কৰিছে। তেখেতে কয় যে এই ঘৰসমূহ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ পৰিয়াল, দলিত আৰু পছমণ্ড পৰিয়ালৰ দৰে পিছপৰা আৰু অত্যন্ত পিছপৰা সমাজৰ পৰিয়ালক প্ৰদান কৰা হৈছে। শ্ৰী মোদীয়ে ঘোষণা কৰে যে অনাগত বছৰসমূহত দৰিদ্ৰ লোকসকললৈ ৩ কোটি স্থায়ী ঘৰৰ ব্যৱস্থা কৰা হ’ব। তেখেতে উল্লেখ কৰে যে আজি বিহাৰৰ প্ৰায় ডেৰ লাখ পৰিয়াল নিজৰ নতুন স্থায়ী ঘৰলৈ স্থানান্তৰিত হৈছে। তেখেতে কয় যে বিহাৰৰ ৩.৫ লাখ হিতাধিকাৰীকে প্ৰমুখ্য কৰি সমগ্ৰ দেশতে ১৫ লাখ দৰিদ্ৰ পৰিয়ালক নতুন ঘৰ নিৰ্মাণৰ অনুমোদন পত্ৰ প্ৰদান কৰা হৈছে। তেখেতে উল্লেখ কৰে যে আজি বিহাৰৰ গ্ৰামাঞ্চলসমূহৰ ৮০ হাজাৰ পৰিয়াল আৰু চহৰাঞ্চলসমূহৰ ১ লাখ পৰিয়ালকে প্ৰমুখ্য কৰি প্ৰায় ১০ লাখ দৰিদ্ৰ পৰিয়াললৈ তেওঁলোকৰ স্থায়ী ঘৰৰ বাবে আৰ্থিক সাহায্য প্ৰেৰণ কৰা হৈছে।

 

“বিগত দশকটো ভাৰতৰ আন্তঃগাঁথনি উন্নয়নৰ দশক আছিল”, এই আধুনিক আন্তঃগাঁথনিয়ে এখনি উন্নত ভাৰতৰ ভেটি সুদৃঢ় কৰি তোলাৰ কথা প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে উল্লেখ কৰে যে পোন-প্ৰথমবাৰৰ বাবে গ্ৰামাঞ্চলসমূহৰ ১২ কোটিৰো অধিক গৃহস্থীয়ে নিজৰ ঘৰত টেপৰ পানীৰ সংযোগ লাভ কৰিছে। ২.৫ কোটিৰো অধিক গৃহস্থীয়ে বিদ্যুৎ সংযোগ লাভ কৰিছে আৰু যিসকলে কেতিয়াও গেছ ষ্ট’ভত ৰন্ধা-বঢ়া কৰাৰ কথা কল্পনা কৰা নাছিল, তেওঁলোকে এতিয়া গেছৰ চিলিণ্ডাৰ লাভ কৰিছে। “লাডাখ আৰু চিয়াচেনৰ দৰে প্ৰত্যাহ্বানমূলক অঞ্চলতো, য’ত মৌলিক সুবিধা প্ৰদান কৰাটো কঠিন, তাত এতিয়া ৪জি আৰু ৫জি ম’বাইল সংযোগ স্থাপন কৰা হৈছে, যিয়ে দেশৰ বৰ্তমানৰ অগ্ৰাধিকাৰক প্ৰতিফলিত কৰিছে”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাস্থ্যসেৱাৰ অগ্ৰগতিৰ ওপৰত আলোকপাতেৰে এইমছৰ দৰে প্ৰতিষ্ঠানসমূহ এসময়ত দিল্লীৰ দৰে ডাঙৰ চহৰতে সীমাবদ্ধ আছিল বুলি উল্লেখ কৰে। তেখেতে কয় যে এতিয়া এইমছ দাৰভাঙাত স্থাপন কৰা হৈছে আৰু বিগত দশকত দেশত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা প্ৰায় দুগুণ বৃদ্ধি পাইছে। তেখেতে ঝাংঝাৰপুৰত এখন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কথা উল্লেখ কৰে। তেখেতে কয় যে গাঁৱে-ভূঞে গুণগত স্বাস্থ্যসেৱা সুনিশ্চিত কৰিবলৈ দেশজুৰি ১.৫ লাখৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হৈছে। বিহাৰত ১০ হাজাৰৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হৈছে। তেখেতে কয় যে জন ঔষধি কেন্দ্ৰসমূহ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে এক উল্লেখযোগ্য সকাহ হিচাপে পৰিগণিত হৈছে, যিসমূহ কেন্দ্ৰই ৮০% ৰেহাই দৰত ঔষধ আগবঢ়াইছে। তেখেতে উল্লেখ কৰে যে বিহাৰত এতিয়া ৮০০ৰো অধিক জন ঔষধি কেন্দ্ৰ আছে, যাৰ ফলত ইয়াৰ জনসাধাৰণৰ চিকিৎসা ব্যয়ৰ পৰা ২,০০০ কোটি টকা ৰাহি হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত বিহাৰৰ লাখ-লাখ পৰিয়ালে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিছে, যাৰ ফলত এই পৰিয়ালসমূহৰ হাজাৰ-হাজাৰ কোটি টকা ৰাহি হৈছে।

“ভাৰতে ৰেলৱে, পথ আৰু বিমানবন্দৰৰ দৰে আন্তঃগাঁথনিৰ জৰিয়তে ইয়াৰ যোগাযোগ ব্যৱস্থাক ক্ষীপ্ৰতাৰে আগুৱাই নিছে”, শ্ৰী মোদীয়ে কয়। তেখেতে আৰু কয় যে পাটনাত মেট্ৰ’ প্ৰকল্পৰ কাম অব্যাহত আছে আৰু সমগ্ৰ দেশৰ দুই ডজনৰো অধিক চহৰ এতিয়া মেট্ৰ’ সুবিধাৰ সৈতে সংযুক্ত হৈছে। তেখেতে পাটনা আৰু জয়নগৰৰ মাজত ‘নমো ভাৰত ৰেপিড ৰেল’ সেৱা প্ৰৱৰ্তনৰ কথা ঘোষণা কৰে, যাৰ ফলত উভয় স্থানৰ মাজত যাত্ৰাৰ সময় বহু পৰিমাণে হ্ৰাস পাব আৰু এই উন্নয়নে সমস্তিপুৰ, দাৰভাঙা, মধুবনী, বেগুছৰাইৰ লাখ-লাখ লোকক উপকৃত কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰত একাধিক নতুন ৰেলপথ উদ্বোধন আৰু শুভাৰম্ভ কৰাৰ কথাও উল্লেখেৰে সাহাৰছা আৰু মুম্বাইৰ মাজত আধুনিক অমৃত ভাৰত ৰেল সেৱা আৰম্ভ হোৱাৰ কথা কয়, যিয়ে শ্ৰমিক পৰিয়ালসমূহক যথেষ্ট উপকৃত কৰিব। তেখেতে কয় যে চৰকাৰে মধুবনী আৰু ঝাঞ্জাৰপুৰকে প্ৰমুখ্য কৰি বিহাৰৰ কেইবাটাও ৰেল ষ্টেচনৰ আধুনিকীকৰণ কৰি আছে। তেখেতে কয় যে দাৰভাঙা বিমানবন্দৰৰ জৰিয়তে মিথিলা আৰু বিহাৰৰ বিমান সংযোগৰ যথেষ্ট অগ্ৰগতি সাধন হৈছে। পাটনা বিমানবন্দৰৰ সম্প্ৰসাৰণৰ কাম অব্যাহত আছে। “এই উন্নয়নমূলক প্ৰকল্পসমূহে বিহাৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে”, তেখেতে লগতে কয়।

“কৃষকসকল গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ড, এই মেৰুদণ্ড যিমানেই শক্তিশালী হয়, গাঁওবোৰ সিমানেই শক্তিশালী হ’ব আৰু ফলস্বৰূপে ৰাষ্ট্ৰখন শক্তিশালী হৈ উঠিব”, শ্ৰী মোদীয়ে কয়। তেখেতে মিথিলা আৰু কোচি অঞ্চলৰ বানপানীৰ ধাৰাবাহিক প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাতেৰে বিহাৰৰ বানপানীৰ প্ৰভাৱ হ্ৰাসৰ বাবে চৰকাৰে ১১,০০০ কোটি টকা বিনিয়োগ কৰিবলৈ সাজু হৈছে বুলি উল্লেখ কৰে। তেখেতে কয় যে এই বিনিয়োগে বাগমতী, ধৰ, বুঢ়ী গণ্ডক আৰু কোচি আদি নদীত মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব আৰু লগতে কয় যে খাল নিৰ্মাণ কৰা হ’ব, যাৰ ফলত নদীৰ পানীৰ জৰিয়তে জলসিঞ্চনৰ ব্যৱস্থা নিশ্চিত হ’ব। “এই পদক্ষেপে বানপানী সম্পৰ্কীয় সমস্যা হ্ৰাসেই নহয়, বৰঞ্চ প্ৰতিগৰাকী কৃষকৰ পথাৰত পৰ্য্যাপ্ত পানী যোগান ধৰাটোও নিশ্চিত কৰিব”, তেখেতে লগতে কয়।

 

“মিথিলাৰ পৰম্পৰাগত খাদ্য মাখনাই এতিয়া ছুপাৰফুড হিচাপে বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে”, শ্ৰী মোদীয়ে এইদৰে উল্লেখেৰে কয় যে মাখনাক জিআই টেগ প্ৰদান কৰা হৈছে, আনুষ্ঠানিকভাৱে ইয়াক এই অঞ্চলৰ উৎপাদন হিচাপে প্ৰমাণিত কৰা হৈছে। তেখেতে লগতে কয় যে মাখনা গৱেষণা কেন্দ্ৰক ৰাষ্ট্ৰীয় মৰ্য্যাদা প্ৰদান কৰা হৈছে। মাখনা ব’ৰ্ডলৈ বাজেট ঘোষণাৰ ওপৰতো আলোকপাতেৰে মাখনাই কৃষক ৰাইজৰ ভাগ্যৰ পৰিৱৰ্তন ঘটাব বুলি আশা প্ৰকাশেৰে বিহাৰৰ মাখনাই এতিয়া ছুপাৰফুড হিচাপে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিব বুলি কয়। তেখেতে উল্লেখ কৰে যে বিহাৰত নেচনেল ইনষ্টিটিউট অৱ ফুড টেকন’লজি এণ্ড মেনেজমেন্ট স্থাপন কৰা হৈছে, যিয়ে যুৱক-যুৱতীসকলক খাদ্য সংসাধনৰ সৈতে জড়িত ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত সহায় কৰিব। তেখেতে আৰু কয় যে বিহাৰে কৃষিৰ লগতে মীনপালনৰ ক্ষেত্ৰতো ধাৰাবাহিকভাৱে অগ্ৰগতি লাভ কৰিছে। তেখেতে আৰু কয় যে মাছমৰীয়াসকলে এতিয়া কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধাসমূহ লাভ কৰিছে, যাৰ ফলত মীনপালনৰ সৈতে জড়িত অসংখ্য পৰিয়ালক সুবিধা প্ৰদান কৰা হৈছে। তেখেতে কয় যে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত বিহাৰত শ-শ কোটি টকাৰ প্ৰকল্প ৰূপায়ণ কৰা হৈছে।

যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে নিৰীহ, সাধাৰণ নাগৰিকক নিৰ্মমভাৱে হত্যা কৰা কাৰ্য্যত গভীৰ শোক প্ৰকাশেৰে শ্ৰী মোদীয়ে কয় যে সমগ্ৰ ৰাষ্ট্ৰখনে ভুক্তভোগী আৰু শোকসন্তপ্ত পৰিয়ালসমূহৰ কাষত সংহতিৰে থিয় দিছে। তেখেতে কয় যে চিকিৎসাধীন লোকসকলৰ আশু-আৰোগ্যৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। তেখেতে পৰিয়ালসমূহৰ মৰ্মবেদনাত আলোকপাত কৰে। য’ত কোনোৱে পুত্ৰ, ভ্ৰাতৃ বা জীৱন সংগীক হেৰুৱাবলগীয়া হৈছে। ভুক্তভোগীসকলৰ নানা ভাষিক আৰু আঞ্চলিক পটভূমিৰ কথা উল্লেখেৰে তেখেতে কয় যে কোনো আছিল বাংলাভাষী, কোনো আছিল কানাড়াভাষী, কোনোৱে মাৰাঠী কয়, কোনোৱে ওড়িয়া কয়, কোনোৱে গুজৰাটী কয় আৰু কোনোজন আছিল বিহাৰৰ। কাৰ্গিলৰ পৰা কন্যাকুমাৰীলৈকে এই আক্ৰমণক লৈ বিৰাজ কৰা শোক আৰু ক্ষোভে সমগ্ৰ দেশকে প্ৰভাৱিত কৰিছে বুলি শ্ৰী মোদীয়ে কয়। তেখেতে কয় যে এই আক্ৰমণ কেৱল নিৰস্ত্ৰ পৰ্যটকৰ ওপৰতেই নহয়, বৰঞ্চ ভাৰতৰ আত্মাৰ ওপৰত কৰা এক নিৰ্লজ্জ আক্ৰমণ। “এই আক্ৰমণৰ বাবে দায়ী সন্ত্ৰাসবাদীবোৰৰ লগতে ইয়াৰ ষড়যন্ত্ৰ কৰাবোৰো কল্পনাতীত শাস্তিৰ সন্মুখীন হ’ব”, তেখেতে কয়। তেখেতে আৰু কয় যে সন্ত্ৰাসবাদৰ বাকী থকা ঘাটিসমূহ নিৰ্মূল কৰাৰ সময় আহি পৰিছে। “১৪০ কোটি ভাৰতীয়ৰ ইচ্ছাশক্তিয়ে এতিয়া সন্ত্ৰাসবাদীৰ কঁকাল ভাঙিব”, তেখেতে দৃঢ়তাৰে কয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰৰ ভূমিৰপৰা ঘোষণা কৰে যে ভাৰতে প্ৰতিটো সন্ত্ৰাসবাদী, ইয়াক সহায়কাৰী আৰু ইয়াৰ সমৰ্থকক চিনাক্ত, অনুসৰণ আৰু শাস্তি প্ৰদান কৰিব। ভাৰতে ইয়াক বিশ্বৰপৰা নিৰ্মূল কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব। “সন্ত্ৰাসবাদে কেতিয়াও ভাৰতৰ মনোবল ভাঙিব নোৱাৰে আৰু সন্ত্ৰাসবাদী শাস্তি নোপোৱাকৈ সাৰি যাব নোৱাৰে। ভুক্তভোগীয়ে ন্যায় লাভ কৰাটো নিশ্চিতকৰণৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই সংকল্পত সমগ্ৰ ৰাষ্ট্ৰ অটল হৈ আছে”, তেখেতে কয়। তেখেতে আৰু কয় যে মানৱতাত বিশ্বাস কৰা প্ৰতিগৰাকী ব্যক্তিয়েই এই সময়ত ভাৰতৰ কাষত থিয় দিছে। তেখেতে এই মুহূৰ্তত ভাৰতলৈ সমৰ্থন জনোৱা ভিন্ন দেশৰ জনসাধাৰণ আৰু নেতাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

“দ্রুত উন্নয়নৰ বাবে শান্তি আৰু নিৰাপত্তা আটাইতকৈ গুৰুত্বপূৰ্ণ পূৰ্বচৰ্ত”, উন্নত ভাৰতৰ বাবে উন্নত বিহাৰ অপৰিহাৰ্য্য বুলি শ্ৰী মোদীয়ে কয়। তেখেতে সামৰণিত কয় যে বিহাৰৰ উন্নয়ন সুনিশ্চিতকৰণৰ লগতে প্ৰগতিৰ সা-সুবিধাসমূহ ৰাজ্যখনৰ প্ৰতিটো খণ্ড আৰু প্ৰতিটো অঞ্চললৈ সম্প্ৰসাৰণৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। তেখেতে পঞ্চায়তীৰাজ দিৱস উপলক্ষে এই কাৰ্য্যসূচীত যোগদানৰ বাবে সকলোকে কৃতজ্ঞতা জনায়।

 

এই অনুষ্ঠানত বিহাৰৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিং, শ্ৰী জিতন ৰাম মাঝি, শ্ৰী গিৰিৰাজ সিং, শ্ৰী চিৰাগ পাছৱান, শ্ৰী নিত্যানন্দ ৰায়, শ্ৰী ৰামনাথ ঠাকুৰ, ডঃ ৰাজ ভূষণ চৌধুৰীকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পটভূমি

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰৰ মধুবনীত আয়োজিত ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে উন্নত-প্ৰদৰ্শন কৰা পঞ্চায়তসমূহক ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰদান কৰা হয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰৰ গোপালগঞ্জ জিলাৰ হাথুৱাত প্ৰায় ৩৪০ কোটি টকা মূল্যৰ ৰেল আনলডিং সুবিধা সম্পন্ন এল পি জি বটলিং প্লান্টৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ জৰিয়তে যোগান শৃংখলক সুশৃংখলিতকৰণৰ লগতে বাল্ক এলপিজি পৰিবহণৰ কাৰ্য্যক্ষমতা বৃদ্ধিত সহায়ক হ’ব।

অঞ্চলটোৰ শক্তি আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ১,১৭০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰাজিৰ আধাৰশিলা স্থাপনৰ লগতে পুনৰ সংশোধিত বিতৰণ খণ্ড আঁচনিৰ অধীনত বিহাৰৰ বিদ্যুৎ খণ্ডত ৫,০৩০ কোটি টকাৰো অধিক মূল্যৰ একাধিক প্ৰকল্প উদ্বোধন কৰে।

 

সমগ্ৰ দেশতে ৰেল সংযোগ বৃদ্ধিৰ অংগীকাৰেৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰীগৰাকীয়ে সাহাৰছা আৰু মুম্বাইৰ মাজত অমৃত ভাৰত এক্সপ্ৰেছ, জয়নগৰ আৰু পাটনাৰ মাজত নমো ভাৰত ৰেপিড ৰেল তথা পিপৰা আৰু সাহাৰছা, সাহাৰছা আৰু সমস্তিপুৰৰ মাজত ৰেলসমূহৰ ফ্লেগ অফ কৰে। এই প্ৰকল্পসমূহে যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ লগতে অঞ্চলটোৰ সামগ্ৰিক আৰ্থ-সামাজিক বিকাশৰ সূচনা কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দীনদয়াল অন্ত্যোদয় যোজনা - ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান (DAY- NRLM)-ৰ অধীনত বিহাৰৰ ২ লাখৰো অধিক আত্ম-সহায়ক গোটক (SHG) কমিউনিটি ইনভেষ্টমেন্ট ফাণ্ডৰ অধীনত প্ৰায় ৯৩০ কোটি টকাৰ সাহায্য প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে পিএমএৱাই-গ্ৰামীণৰ ১৫ লাখ নতুন হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদানৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ১০ লাখ পিএমএৱাই-জি হিতাধিকাৰীলৈ কিস্তি মুকলি কৰে। তেখেতে লগতে বিহাৰৰ ১ লাখ পিএমএৱাই-জি আৰু ৫৪ হাজাৰ পিএমএৱাই-ইউৰ একাংশ হিতাধিকাৰীক চাবিও প্ৰদান কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Join sports, playgrounds more important than PlayStation: PM to youth

Media Coverage

Join sports, playgrounds more important than PlayStation: PM to youth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights transformative impact of Jan Dhan Yojana
August 28, 2026

The Prime Minister, Shri Narendra Modi, has highlighted the unprecedented scale and transformative outcomes of the Pradhan Mantri Jan Dhan Yojana in last 12 years. Shri Modi said that Jan Dhan Yojana has had an unparalleled impact, playing a significant role in advancing financial inclusion and empowering people across the country.

The Prime Minister posted on X:

Unprecedented scale and transformative outcomes!

Jan Dhan Yojana has had an unparalleled impact.

#12YearsOfJanDhan