India and Bangladesh must progress together for the prosperity of the region: PM Modi
Under Bangabandhu Mujibur Rahman’s leadership, common people of Bangladesh across the social spectrum came together and became ‘Muktibahini’: PM Modi
I must have been 20-22 years old when my colleagues and I did Satyagraha for Bangladesh’s freedom: PM Modi

দুদিনীয়া কাৰ্যসূচীৰে বাংলাদেশ ভ্ৰমণৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তীত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইয়াত ভাগ লয় বাংলাদেশৰ ৰাষ্ট্ৰপতি, মহামান্য মহম্মদ আব্দুল হামিদ; বাংলাদেশৰ প্ৰধানমন্ত্ৰী, মহামান্য শেখ হাচিনা; শেখ মুজিবুৰ ৰহমানৰ কনিষ্ঠ কন্যা শেখ ৰেহেনা; মুজিব বৰ্ষ উদযাপনাৰ্থে ৰাষ্ট্ৰীয় ৰূপায়ণ কমিটিৰ মুখ্য সমন্বয়ক, ডঃ কামাল আব্দুল নাছেৰ চৌধাৰী আৰু আন-আন বিশিষ্ট ব্যক্তিসকলে। তেজগাঁওস্থিত ৰাষ্ট্ৰীয় পেৰেড স্কোৱেৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াতে বাংলাদেশৰ জাতিৰ পিতা, বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকীও পালন কৰা হয়।

 

কোৰান, ভাগৱত গীতা, ত্ৰিপিটক আৰু বাইবেলকে ধৰি পৱিত্ৰ গ্ৰন্থসমূহ পাঠেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভণি ঘটে। “দ্য এটাৰ্ণেল মুজিব” শীৰ্ষক এটি ভিডিঅ’ প্ৰদৰ্শনৰ পাছতে বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী উপলক্ষে এটি প্ৰতীক উন্মোচন কৰা হয়। এই বিশেষ কাৰ্যসূচী উদযাপনাৰ্থে এটি থিম ছং ও পৰিবেশন কৰা হয়। এই কাৰ্যসূচীতে “দ্য এটাৰ্ণেল মুজিব” বিষয়ৰে এটি এনিমেশ্যন ভিডিঅ’ও প্ৰদৰ্শিত হয়। বাংলাদেশৰ সশস্ত্ৰ বাহিনীসমূহে প্ৰদৰ্শন কৰা এটি বিশেষ কাৰ্যসূচীৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণত সশস্ত্ৰ বাহিনীসমূহৰ ভূমিকা থূপাই প্ৰদৰ্শন কৰা হয়।

 

ইয়াত আদৰণি ভাষণ আগবঢ়াই ডঃ কামাল আব্দুল নাছেৰ চৌধাৰীয়ে। তেওঁ ১৯৭১ ত বাংলাদেশৰ মুক্তি যুদ্ধত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ আৰু প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰা ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহৰ প্ৰবীণসকলৰ কথা স্বীকাৰ কৰে। বহু ৰাষ্ট্ৰৰ মুৰব্বী, চৰকাৰৰ মুৰব্বী আৰু বিশিষ্ট ব্যক্তিসকলৰ অভিনন্দনমূলক বাৰ্তা ইয়াত শুনোৱা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াতে শেখ মুজিবুৰ ৰহমানলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা গান্ধী শান্তি বঁটা, ২০২০ শেখ মুজিবুৰ ৰহমানৰ কনিষ্ঠ কন্যা শেখ ৰেহেনাৰ হাতত অৰ্পণ কৰে। ইয়াত তেওঁৰ ভগ্নী, প্ৰধানমন্ত্ৰী শেখ হাচিনাই সংগদান কৰে। অহিংসা আৰু গান্ধীবাদী ধ্যান-ধাৰণাৰে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ৰূপান্তৰৰ অৰ্থে তেওঁৰ অসাধাৰণ বৰঙণিৰ স্বীকৃতিস্বৰূপে এই বঁটাটি আগবঢ়োৱা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ ভাষণ প্ৰদান কৰি সকলো বিশিষ্ট লোককে ধন্যবাদ জনায়। তেখেতে এই কাৰ্যসূচীৰ তাৎপৰ্য উল্লেখ কৰে আৰু দুযোখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ভিন্ন দিশৰ অৱলোকন কৰে। তেখেতৰ ভাষণৰ পাছতেই, শেখ ৰেহেনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ‘স্বাশ্বত মুজিব স্মাৰক’ প্ৰদান কৰে।

বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ আব্দুল হামিদে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ জনসাধাৰণক ধন্যবাদ জনাই আৰু ১৯৭১ ৰ বাংলাদেশৰ মুক্তি যুদ্ধত ভাৰতে পালন কৰা ভূমিকা আৰু গ্ৰহণ কৰা ব্যৱস্থাক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰী শেখ হাচিনাই তেওঁৰ ভাষণতো ক’ভিড-১৯ মহামাৰীটো সত্বেও এই কাৰ্যসূচীত কায়িকভাৱে অংশগ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক কৃতজ্ঞতা জনায়। তেওঁ ভাৰত চৰকাৰে বাংলাদেশক সকলো সময়তে আগবঢ়োৱা সহায়ৰ শলাগ লয়।

এই কাৰ্যসূচীৰ আনুষ্ঠানিকতাৰ পাছতে সাংস্কৃতিক কাৰ্যক্ৰম অনুষ্ঠিত হয়। প্ৰসিদ্ধ হিন্দুস্তানী ধ্ৰুপদী সংগীতজ্ঞ পণ্ডিত অজয় চক্ৰৱৰ্তীয়ে বংগবন্ধুলৈ উৎসৰ্গীকৃত তেঁৱেই ৰচনা কৰা ৰাগেৰে বিশিষ্ট ব্যক্তিসকল আৰু দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে। এ.আৰ ৰহমানৰ সুৰীয়া সংগীতে বহুতৰে অন্তৰ জয় কৰে। বহু সাংগীতিক, নৃত্য আৰু নাটকীয় প্ৰদৰ্শনেৰে এই সাংস্কৃতিক কাৰ্যক্ৰমৰ সমাপ্তি ঘটে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'

Media Coverage

Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 আগষ্ট 2026
August 30, 2026

Tiranga in Tashkent, Relief in Nepal: Soft Power Meets First Responder

Vocal for Local, Nari Shakti, Real Heroes: Mann Ki Baat’s Atmanirbhar Hour