"যেতিয়াই টেলেণ্ট আৰু টেকনলজিৰ প্ৰসংগ উত্থাপিত হয়, তেতিয়া মনলৈ যিটো নাম প্ৰথমেই আহে, সেইটো হৈছে ব্ৰাণ্ড বেংগালুৰু"
'ইনভেষ্ট কৰ্ণাটক ২০২২' প্ৰতিদ্বন্দ্বিতা আৰু সহকাৰী সংঘবাদৰ এটা সঠিক উদাহৰণ"
"এই অনিশ্চিত সময়ত সমগ্ৰ বিশ্বই ভাৰতীয় অৰ্থব্যৱস্থাৰ ভেটিৰ শক্তিক লৈ আশ্বস্ত"
"আমি ইনভেষ্টৰ্ছক ৰেড টেপৰ জালত আৱদ্ধ কৰাৰ সলনি তেওঁলোকৰ বিনিয়োগৰ বাবে ৰেড কাৰ্পেটৰ পৰিৱেশ সৃষ্টি কৰিলো"
"নতুন ভাৰতৰ নিৰ্মাণ বোল্ড ৰিফৰ্মছ, বিগ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু বেষ্ট টেলেণ্টৰ জৰিয়তেহে সম্ভৱ"
"বিকাশৰ লক্ষ্যক কেৱল বিনিয়োগ আৰু মানৱ পুঁজিৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰিহে আহৰণ কৰিব পাৰি"
"ডবল ইঞ্জিনৰ শক্তিযুক্ত চৰকাৰে কৰ্ণাটকৰ বিকাশক গতি দি আছে"
"ভাৰতত বিনিয়োগৰ অৰ্থ হৈছে অন্তর্ভুক্তিমূলক প্ৰক্ৰিয়াত বিনিয়োগ কৰা, গণতন্ত্ৰত বিনিয়োগ কৰা, বিশ্বৰ বাবে বিনিয়োগ কৰা আৰু এখন উন্নত, স্বচ্ছ তথা সুৰক্ষিত পৃথিৱীৰ বাবে বিনিয়োগ কৰা"

কর্ণাটক হ'ল প্রযুক্তি আৰু ঐতিহ্য, প্রকৃতি আৰু সংস্কৃতি, অনুপম স্থাপত্য আৰু প্ৰাণৱন্ত ষ্টাৰ্টআপৰ এক মহামিলন ক্ষেত্র। প্রযুক্তি ক্ষেত্রত যেতিয়াই আমি মেধাৰ কথা উল্লেখ কৰো তেতিয়াই যিটো নাম আমাৰ প্রথমেই মনত পৰে সেইটো হ'ল ‘ব্ৰাণ্ড বেঙ্গালুৰু’। বেঙ্গালুৰু নামটো কেৱল ভাৰততেই নহয়, সমগ্র বিশ্বতেই আজি সুপৰিচিত।

আজি ‘ইনভেষ্ট কর্ণাটক, ২০২২’ শীর্ষক আন্তর্জাতিক এখন বিনিয়োগ সন্মিলনৰ উদ্বোধনকালত এই মন্তব্য কৰে প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে। কৰ্ণাটকত আয়োজিত এই সন্মিলনত তেওঁ বক্তব্য ৰাখে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত। প্রধানমন্ত্রীয়ে কয়, এই আন্তর্জাতিক বিনিয়োগ সন্মিলনৰ মাজেৰে কর্ণাটকে সুনির্দিষ্ট ক্ষেত্রবিলাক চিহ্নিত কৰি সংশ্লিষ্ট দেশসমূহৰ সৈতে এক অংশীদাৰিত্বৰ সম্পর্ক গঢ়ি তোলাৰ সুযোগ পাব।

প্রধানমন্ত্রীয়ে কয়, একবিংশ শতাব্দীত ভাৰত আজি আৰু পিছলৈ উভতি চাবলৈ ৰাজি নহয়। তাৰ সন্মুখত এতিয়া অনাগত দিনৰ যাত্রাপথ অনেক সম্ভাৱনা আৰু প্রতিশ্রুতি লৈ অপেক্ষাৰত। বিগত বছৰতে ভাৰতত ৮৪ বিলিয়ন মার্কিন ডলাৰৰ দৰে ৰেকর্ড পৰিমাণৰ বিদেশী বিনিয়োগ বাস্তৱায়িত হৈছে। বিশ্বৰ প্রায় প্ৰতিখন দেশেই এতিয়া ভাৰতৰ উন্নয়নৰ সম্ভাৱনাক লৈ আশাবাদী। আন্তর্জাতিক প্রেক্ষাপটৰ এই অনিশ্চিত সময়তো ভাৰতীয় অর্থনীতি সম্পর্কে আস্থা আৰু বিশ্বাসৰ মনোভাব গঢ়ি উঠিছে অধিকাংশ দেশতে। সমগ্ৰ বিশ্বৰ সৈতে ভাৰত যে একেলগে অগ্ৰসৰ হৈছে সিমানেই নহয়, বিশ্বৰ প্রায় প্ৰতিখন দেশৰ সৈতে কাম কৰি যাবলৈ এই দেশ এতিয়া সমান আগ্রহী। বিশ্বৰ অন্যত্র য'ত যোগান শৃংখলা আজি বিপর্যস্ত, তাত একমাত্র ভাৰতেই পাৰে ঔষধ আৰু ভেকচিন সৰবৰাহ কৰিব। আন্তর্জাতিক বাণিজ্যৰ গতি য'ত ৰুদ্ধ প্রায়, ভাৰতত সেই সময়ত বাণিজ্যিক সম্ভাৱনা কেৱল উজ্জ্বলেই নহয়, বাণিজ্যিক উদ্যোগ আৰু কর্মপ্রচেষ্টাও যথেষ্ট শক্তিশালী।

শ্রী মোদীয়ে কয়, প্রায় প্রতিদিনেই ভাৰতীয় অর্থনীতিক অধিক আৰু অধিকতৰ শক্তিশালী কৰি তোলাৰ লক্ষ্যত আমি পূর্ণোদ্যমে আগুৱাই গৈছো। বিনিয়োগকাৰীসকলক ৰঙা ফিটাৰ মেৰপাকত বান্ধি ৰাখিবলৈ আমি এতিয়া আগ্রহী নহয় বৰং, বিনিয়োগ কর্তাসকলক আদৰণি জনাবলৈ ৰেড কার্পেট লৈ আমি অপেক্ষাৰত। বিনিয়োগ সম্ভাৱনাক অধিক উজ্জ্বল কৰি তুলিবলৈ দীর্ঘসূত্রিতা পৰিহাৰ কৰি সংশ্লিষ্ট জটিল আইনবিলাক আৰু বাস্তৱমুখী কৰি তুলিছো। কাৰণ, বলিষ্ঠ সংস্কাৰ প্রচেষ্টা, পৰিকাঠামোৰ ব্যাপক প্রসাৰ আৰু শ্ৰেষ্ঠ মেধাশক্তিক কামত লগাই এখন নতুন ভাৰত গঢ়ি তোলা সম্ভৱ। চৰকাৰৰ প্রায় প্রতিটো ক্ষেত্রতে বর্তমান বলিষ্ঠ আৰু শক্তিশালী সংস্কাৰ প্রচেষ্টা অব্যাহত আছে। তেওঁ কয়, জিএছটি, আইবিচি, বেঙ্কিং ক্ষেত্রৰ সংস্কাৰ, ইউপিআইৰ মাধ্যমত লেনদেন আৰু দেড় হাজাৰৰ দৰে অতি প্রাচীন আইন-কানুন আৰু ৪০ হাজাৰৰ দৰে অপ্রয়োজনীয় জটিলতা পৰিহাৰৰ মাধ্যমত আমি বাণিজ্যিক প্রচেষ্টাক উত্তৰোত্তৰ সফল কৰি তুলিছো।

‘প্রধানমন্ত্রী গতি শক্তি জাতীয় মাষ্টাৰ প্লেন’-ৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা ব্যাখ্যা কৰি প্রধানমন্ত্রীয়ে কয়, এটা সুসংহত পৰিকাঠামো উন্নয়ন প্রচেষ্টাক জোৰদাৰ কৰি তুলিবলৈকে এই মাষ্টাৰ প্লেনটো ৰচিত হৈছে। এনে এটা ৰোডমেপ তৈয়াৰ কৰা হৈছে যাতে কেৱল নতুন নতুন পৰিকাঠামোৰেই প্রসাৰ নঘটে, তাৰ লগতে বর্তমান পৰিকাঠামোবিলাকো যথেষ্ট শক্তিশালী হৈ উঠিব। দেশৰ শেষ সীমা পর্যন্ত সংযোগ আৰু যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্রী মোদীয়ে কয়, ভাৰতৰ এই প্রচেষ্টাত যুৱশক্তিৰ মেধা আৰু উৎসাহে যথেষ্ট অৱদানৰ স্বাক্ষৰ ৰাখিছে। তেওঁ কয়, উন্নয়নৰ লক্ষ্য পূৰণ খুব সহজেই সম্ভৱ হৈ উঠিব পাৰে বিনিয়োগ আৰু মানৱসম্পদৰ যথাযথ ব্যৱহাৰৰ মাধ্যমত। এনেকৈয়ে স্বাস্থ্য আৰু শিক্ষাক্ষেত্রত ভাৰতত বিনিয়োগৰ প্রসাৰ ঘটিছে উল্লেখযোগ্যভাৱে। সমান্তৰালভাৱে, আমাৰ লক্ষ্য হ'ল দেশৰ উৎপাদনশীলতা বৃদ্ধি আৰু মানৱসম্পদৰ বিকাশ। মানৱসম্পদক এটা বিশেষ মূলধন বুলি বর্ণনা কৰে প্রধানমন্ত্রীয়ে।

তেওঁ কয়, চৰকাৰৰ উদ্যোগ আৰু কর্মপ্রচেষ্টাই আৰু বেছিকৈ আকর্ষণ কৰিছে বিশ্বৰ বিনিয়োগ কর্তাসকলক। আমাৰ এই প্রচেষ্টাৰ মূলতে আছে দুটা বিষয় - পৰিবেশ-বান্ধৱ উন্নয়ন আৰু নিৰন্তৰ ইন্ধনৰ উৎস উদ্ভাৱন।

প্রধানমন্ত্রীয়ে কয়, বিনিয়োগ কর্তাসকল মজলীয়াৰ পৰা দীর্ঘম্যাদী লক্ষ্যমাত্রাত আগবাঢ়ি আহে বিনিয়োগ প্রচেষ্টাক উৎসাহিত কৰিবলৈ। ভাৰততো তেনেকৈয়ে আছে বহু দীর্ঘম্যাদী উন্নয়ন পৰিকল্পনা। নেনো-ইউৰিয়া, হাইড্রোজেন এনার্জি, গ্রিন এমোনিয়া আৰু মহাকাশ উপগ্রহৰ দৰে কেইবাটাও ক্ষেত্রত ভাৰতৰ উন্নয়ন আৰু কর্মপ্রচেষ্টাৰ কিছু খণ্ডচিত্রও প্রধানমন্ত্রীয়ে তুলি ধৰে তেওঁৰ বক্তব্যত। তেওঁ কয়, বর্তমান সময় হ'ল ভাৰতৰ অমৃতকাল। স্বাধীনতাৰ এই অমৃত মহোৎসৱত এখন নতুন ভাৰত গঠনত সঙ্কল্পবদ্ধ দেশবাসী। অহা ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্রলৈ ৰূপান্তৰিত হোৱাৰ লক্ষ্যমাত্রা আছে ভাৰতৰ। এই পৰিস্থিতিত বিনিয়োগ আকর্ষণৰ ক্ষেত্রত ভাৰতৰ উৎসাহে উন্নয়নক অধিক ত্বৰান্বিত কৰিব পাৰে। অন্তর্ভুক্তিমূলক উন্নয়ন প্রচেষ্টাৰ মাজেৰে এখন শক্তিশালী গণতান্ত্রিক ৰাষ্ট্র হিচাপে ভাৰতে বিশ্বৰ উন্নয়ন প্রচেষ্টাতো গতি সঞ্চাৰ কৰিব পাৰে। কাৰণ, ভাৰতত বিনিয়োগৰ অর্থ হৈছে অন্তর্ভুক্তিমূলক কর্মপ্রচেষ্টাত বিনিয়োগ তথা গণতান্ত্রিক পন্থাপদ্ধতি আৰু ব্যৱস্থাত বিনিয়োগ। কেৱল সেয়াই নহয়, বিনিয়োগ কর্তাসকলে মনত ৰাখিব লাগিব যে ভাৰতত বিনিয়োগৰ অর্থ হ'ল সমগ্র বিশ্বৰ উন্নয়নৰ লক্ষ্যত বিনিয়োগ। পৃথিৱীক এটা উন্নততৰ, দূষণমুক্ত আৰু নিৰাপদ বাসযোগ্য গ্রহ হিচাপে গঢ়ি তুলিবলৈ এই প্রচেষ্টাৰ কোনো তুলনা নাই।

কর্ণাটকত এই ধৰণৰ আন্তর্জাতিক বিনিয়োগ সন্মিলন আয়োজিত হোৱাত বিশেষ আনন্দ প্রকাশ কৰে প্রধানমন্ত্রীয়ে। তেওঁ কয়, প্রতিযোগিতামূলক তথা সহযোগিতামূলক যুক্তৰাষ্ট্রীয় কাঠামোৰ এয়া হ'ল এক উজ্জ্বল দৃষ্টান্ত। এই সন্মিলনৰ মাজেৰে অসংখ্য বাণিজ্যিক অংশীদাৰিত্ব গঢ়ি উঠিব যি ভৱিষ্যতে দেশত কৰ্মসংস্থানৰ সুযোগ সৃষ্টিকো আৰু উজ্জ্বল কৰি তুলিব।

প্রসঙ্গক্ৰমে, ভাৰতীয় অৰ্থনীতিৰ বর্তমান যুগ-সন্ধিক্ষণৰ বিষয়টো তুলি ধৰি শ্রী মোদীয়ে কয়, বিগত প্রায় এক দশক ধৰি দেশৰ উন্নয়ন সম্পর্কে সার্বিক দৃষ্টিভঙ্গীৰ এক বিশেষ পৰিৱর্তন ঘটিছে। কাৰণ, এটা সময়ত নীতি নির্ধাৰণ আৰু তাৰ বাস্তৱায়নৰ মাজত বহু ব্যৱধান আমি লক্ষ্য কৰিছো। কিন্তু এতিয়া আমাৰ সন্মুখত এটাই পথ খোলা, সেয়া হ'ল – আগুৱাই যোৱা। ‘চৰৈৱেতি’ মন্ত্রক সম্বল কৰি সেই লক্ষ্যতে আমি এতিয়া আগুৱাই গৈছো।

পৃষ্ঠভূমি

সম্ভাব্য বিনিয়োগ কৰ্তাসকলক আকৰ্ষণ কৰা আৰু অহা দশকৰ বাবে এটা বিকাশ যোজনা প্ৰস্তুত কৰা বৈঠকৰ উদ্দেশ্য। বেংগালুৰুত ২ৰ পৰা ৪ নবেম্বৰলৈকে আয়োজিত হ'বলগা তিনিদিনীয়া কাৰ্যক্ৰমত ৮০ৰো অধিক বক্তা উপস্থিত থাকিব। বক্তাসকলৰ মাজত উদ্যোগ জগতৰ কিছুসংখ্যক শীৰ্ষ পুৰোধা যেনে- শ্ৰী কুমাৰ মংগলম বিড়লা, শ্ৰী সজ্জন জিন্দাল আৰু শ্ৰী বিক্ৰম কিৰ্লোস্কাৰ অন্তৰ্ভুক্ত আছে। ইয়াৰ লগতে, তিনিশৰো অধিক প্ৰদৰ্শক আৰু দেশৰ ওপৰত আধাৰিত সত্ৰৰ লগতে কেইবাটাও ব্যাৱসায়িক প্ৰদৰ্শনী সমান্তৰালকৈ চলিব। দেশৰ ওপৰত আধাৰিত সত্ৰ প্ৰতিখন অংশগ্ৰহণকাৰী দেশ- ফ্ৰাঞ্চ, জাৰ্মানী, নেডাৰলেণ্ড, দক্ষিণ কোৰিয়া, জাপান আৰু অষ্ট্ৰেলিয়াৰ দ্বাৰা আয়োজিত কৰা হ'ব য'ত এই দেশসমূহৰ পৰা উচ্চ স্তৰীয় মন্ত্ৰী পৰ্যায়ৰ আৰু ঔদ্যোগিক প্ৰতিনিধিসকল অন্তৰ্ভুক্ত হ'ব। এই বিশ্ব স্তৰৰ আয়োজনৰ ফলত কৰ্ণাটকে নিজৰ সংস্কৃতিক পৃথিৱীৰ সন্মুখত প্ৰদৰ্শন কৰাৰো সুযোগ লাভ কৰিব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tier III and IV cities are on a hiring high, overtaking metros post India’s Labour Codes

Media Coverage

Tier III and IV cities are on a hiring high, overtaking metros post India’s Labour Codes
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates people of Chhattisgarh for special celebration of ‘Bastar Pandum’ festival
February 10, 2026

The Prime Minister, Shri Narendra Modi has congratulated the people of Chhattisgarh for special celebration of ‘Bastar Pandum’ festival, between February 7 and 9 in Chhattisgarh. During the festival, the rich culture, traditions, and tribal heritage of Bastar were showcased in a magnificent way. Shri Modi stated that such events play a vital role in preserving our cultural heritage and empowering local communities.

"Earlier, whenever the name of Bastar was mentioned, images of Maoism, violence, and backwardness in development would come to mind. But now the situation has completely changed. Today, Bastar is known not only for its development but also for the growing self-confidence of its local people. My only wish is that the coming time for this region be filled with the spirit of peace, progress, and cultural pride", Shri Modi stated.

Responding to a post by Union Minister, Shri Amit Shah on X, Shri Modi said:

"7 से 9 फरवरी के बीच छत्तीसगढ़ में ‘बस्तर पंडुम’ का विशेष आयोजन किया गया। इस उत्सव के दौरान बस्तर की समृद्ध संस्कृति, परंपरा और जनजातीय विरासत का भव्य रूप दिखा। इस प्रयास से जुड़े अपने सभी परिवारजनों को मेरी हार्दिक बधाई। ऐसे आयोजन हमारी सांस्कृतिक विरासत को संरक्षित करने और स्थानीय समुदायों को सशक्त बनाने में अहम भूमिका निभाते हैं।

पहले जब बस्तर का नाम लिया जाता था तो माओवाद, हिंसा और विकास में पिछड़ेपन की छवि उभरती थी। लेकिन अब हालात बिल्कुल बदल चुके हैं। आज बस्तर विकास के साथ-साथ स्थानीय लोगों के बढ़ते आत्मविश्वास के लिए जाना जाता है। मेरी यही कामना है कि यहां का आने वाला समय शांति, प्रगति और सांस्कृतिक गौरव की भावना से परिपूर्ण हो।"