“India's FinTech revolution is improving financial inclusion as well as driving innovation”
“India's FinTech diversity amazes everyone”
“Jan Dhan Yojana has been pivotal in boosting financial inclusion”
“UPI is a great example of India's FinTech success”
“Jan Dhan Program has laid strong foundations of financial empowerment of women”
“Transformation brought about by FinTech in India is not limited to just technology. Its social impact is far-reaching”
“FinTech has played a significant role in democratizing financial services”
“India's Fintech ecosystem will enhance the Ease of Living of the entire world. Our best is yet to come”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইৰ জিঅ' বিশ্ব সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ‘গ্লোবেল ফিনটেক ফেষ্ট’ (জিএফএফ) ২০২৪ ত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনীখনো পদব্ৰজে পৰিদৰ্শন কৰে। ‘ভাৰতীয় পৰিশোধ পৰিষদ’, ‘ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগম’ আৰু ‘ফিনটেক কনভাৰ্জেঞ্চ কাউন্সিল’-য়ে যুটীয়াভাৱে ‘জিএফএফ’-ৰ আয়োজন কৰিছে আৰু ইয়াৰ লক্ষ্য হৈছে ‘ফিনটেক জগত’ত ভাৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰদৰ্শন কৰা আৰু খণ্ডটোৰ মুখ্য অংশীদাৰসকলক একত্ৰিত কৰা।

 

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যি সময়ত দেশত উৎসৱৰ বতৰ আৰম্ভ হৈছে আৰু সপোনৰ চহৰ মুম্বাইত গ্লোবেল ফিনটেক ফেষ্ট অনুষ্ঠিত হৈছে সেই সময়ত দেশৰ অৰ্থনীতি আৰু বজাৰসমূহ উদযাপনৰ উন্মাদনাৰে উদ্বেলিত হৈ আছে। প্ৰধানমন্ত্ৰীয়ে সকলো বিশিষ্ট ব্যক্তি আৰু অতিথিক উষ্ম আদৰণি জনায়। অনুষ্ঠানৰ প্ৰাক ক্ষণত পৰিদৰ্শন কৰা প্ৰদৰ্শনীখনৰ অভিজ্ঞতা আৰু বাৰ্তালাপৰ বিষয়ে উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে যুৱপ্ৰজন্মৰ উদ্ভাৱন আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ এক সম্পূৰ্ণ নতুন পৃথিৱী প্ৰত্যক্ষ কৰিব পাৰিলো। তেওঁ ‘গ্লোবেল ফিনটেক ফেষ্ট’ (জিএফএফ) ২০২৪ৰ সফল ভাবে অনুষ্ঠিত কৰাত অৱদান আগবঢ়োৱা সকলোকে অভিনন্দন জনায়। 

ভাৰতৰ ‘ফিনটেক’ উদ্ভাৱনক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "আগতে ভাৰত ভ্ৰমণ কৰা বিদেশী অতিথিসকলে ইয়াৰ সাংস্কৃতিক বৈচিত্ৰ্য দেখি আচৰিত হৈছিল, এতিয়া তেওঁলোকে ইয়াৰ ‘ফিনটেক বৈচিত্ৰ্য’ৰ দেখিও আশ্চৰ্যচকিত হ’বলৈ লৈছে।" শ্ৰী মোদীয়ে কয় যে বিমানবন্দৰত উপস্থিত হোৱাৰ মুহূৰ্তৰে পৰা আৰম্ভ কৰি ‘ষ্ট্ৰীট ফুড’ আৰু বজাৰৰ অভিজ্ঞতালৈকে ভাৰতৰ ‘ফিনটেক বিপ্লৱে’ ব্যাপকতা লাভ কৰিছে। "যোৱা ১০টা বছৰত উদ্যোগটোৱে ৫০০ শতাংশ হাৰত ষ্টাৰ্টআপ-ৰ সংখ্যা বৃদ্ধিৰ সাক্ষ্য বহণ কৰাৰ লগতে অভিলেখ পৰিমাণৰ ৩১ বিলিয়ন মাৰ্কিন ডলাৰৰো অধিক বিনিয়োগ লাভ কৰিছে।" তেওঁ সুলভ মোবাইল ফোন, সস্তা দৰৰ ডাটা আৰু জিৰো বেলেন্সৰে আৰম্ভ কৰা ‘জন ধন বেংক একাউণ্ট’-য়ে অনা বিপ্লৱ প্ৰসংগত আলোকপাত কৰে। "আজি দেশত মুঠ ‘ব্ৰডবেণ্ড’ ব্যৱহাৰকাৰীৰ সংখ্যা ৬০ নিযুতৰ পৰা ৯৪০ নিযুতলৈ বৃদ্ধি পাইছে," শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে ‘আধাৰ’, ‘ডিজিটেল চিনাক্তকৰণ’ নোহোৱাকৈ থকা ১৮ বছৰীয়া যুৱক এতিয়া দেশত তেনেই বিৰল।

 

"আজি দেশৰ ৫৩০ নিযুতৰো অধিক লোকৰ ‘জন ধন একাউণ্ট’ আছে। এক প্ৰকাৰে আমি মাত্ৰ ১০ বছৰত সমগ্ৰ ‘ইউৰোপীয় ইউনিয়ন’-ৰ সমান জনসংখ্যাক বেংকৰ সৈতে সংযুক্ত কৰিছো," তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ‘জন ধন, আধাৰ আৰু ম'বাইল’-ৰ ত্ৰিমূৰ্তিয়ে 'কেছ ইজ কিং'ৰ মানসিকতা ভাঙি পেলাইছে আৰু ভাৰতত সম্পাদিত হোৱা বিশ্বৰ ‘ডিজিটেল লেনদেন’ৰ প্ৰায় আধাখিনিৰ বাবে পথ প্ৰস্তুত কৰিছে। "ভাৰতৰ ‘ইউপিআই’ বিশ্বত ‘ফিনটেক’-ৰ এক মুখ্য নিদৰ্শন হৈ উঠিছে", প্ৰধানমন্ত্ৰীয়ে কয় যে ই সকলো বতৰৰ পৰিস্থিতিত প্ৰতিখন গাঁও আৰু চহৰত ২৭ X ৭ বেংকিং সেৱা সক্ষম কৰি তুলিছে। ক’ভিড মহামাৰীৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত হৈছে বিশ্বৰ মুষ্টিমেয় দেশসমূহৰ অন্যতম য'ত বেংকিং ব্যৱস্থা নিৰৱচ্ছিন্ন ভাবে অব্যাহত আছিল।

প্ৰধানমন্ত্ৰীয়ে দিন দিয়েক পূৰ্বে ‘জন ধন যোজনা’ৰ দশম বাৰ্ষিকী উদযাপনৰ কথা উল্লেখ কৰি কয় যে ই মহিলা সবলীকৰণৰ বাবে এক বৃহৎ মাধ্যম হৈ উঠিছে। এতিয়ালৈকে মহিলাসকলৰ বাবে ২৯ কোটিতকৈয়ো অধিক বেংক একাউণ্ট খোলা হৈছে যিয়ে সঞ্চয় আৰু বিনিয়োগৰ বাবে নতুন সুযোগ মুকলি কৰিছে বুলি তথ্য অৱগত কৰে। তেওঁ লগতে কয় যে সৰ্ববৃহৎ মাইক্ৰ'ফাইনেন্স আঁচনি মুদ্ৰা যোজনা ‘জন ধন একাউণ্ট’-ৰ দৰ্শনত আৰম্ভ কৰা হৈছিল আৰু এই পৰ্যন্ত ২৭ ট্ৰিলিয়ন টকাৰ ঋণ বিতৰণ কৰা হৈছে। "এই আঁচনিৰ ৭০ শতাংশ হিতাধিকাৰী হৈছে মহিলা", শ্ৰী মোদীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে ব্যাখ্যা কৰে যে ‘আত্ম-সহায়ক গোট’সমূহক বেংকিং ব্যৱস্থাৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰতো ‘জন ধন একাউণ্ট’ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ ফলত ১০ কোটি গ্ৰামীন মহিলা উপকৃত হৈছে। "জন ধন কাৰ্যসূচীয়ে মহিলাসকলৰ বিত্তীয় সৱলীকৰণৰ শক্তিশালী ভেটি স্থাপন কৰিছে", প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে।

 

বিশ্বৰ বাবে সমান্তৰাল অৰ্থনীতিৰ বিপদ সম্পৰ্কে সতৰ্ক কৰি দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ‘ফিনটেক’-য়ে এনে ব্যৱস্থাক ক্ষতিগ্ৰস্ত কৰাত প্ৰভাৱশালী ভূমিকা পালন কৰাৰ লগতে স্বচ্ছতাৰ উদ্ভৱক কৃতিত্ব প্ৰদান কৰিছে। তেওঁ কয় যে ‘ডিজিটেল প্ৰযুক্তি’য়ে ভাৰতত স্বচ্ছতা প্ৰৱৰ্তন কৰিছে আৰু শ শ চৰকাৰী আঁচনিত ব্যৱহৃত প্ৰত্যক্ষ লাভ স্থানান্তৰণ ব্যৱস্থা ৰূপায়ণৰ উদাহৰণ দি কয় যে এই ব্যৱস্থাই ধনৰ হৰলুকি প্ৰতিহত কৰিছে। "আজি মানুহে আনুষ্ঠানিক ‘বেংকিং ব্যৱস্থা’ৰ সৈতে সংগতি ৰাখি লাভৰ মুখ দেখিব পাৰিছে", প্ৰধানমন্ত্ৰীয়ে পুনৰ কয়। 

দেশৰ ‘ফিনটেক উদ্যোগ’ৰ দ্বাৰা অহা পৰিৱৰ্তনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই কেৱল ভাৰতৰ প্ৰযুক্তিগত দিশটোক সলনি কৰাই নহয়, নগৰ আৰু গ্ৰাম্য ভাৰতৰ মাজৰ ব্যৱধানকো হ্ৰাস কৰি এক ব্যাপক সামাজিক প্ৰভাৱ পেলাইছে। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে আগতে গোটেই দিনটো সময় লোৱা, কৃষক আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে বাধাৰ সৃষ্টি কৰা একেই বেংকিং সেৱা এতিয়া ‘ফিনটেক’-ৰ সহায়ত মোবাইল ফোনতে সহজে উপলব্ধ হ’বলৈ লৈছে। 

বিত্তীয় সেৱাসমূহৰ গণতান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত ‘ফিনটেক’-ৰ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সহজে উপলব্ধ ঋণ, ক্ৰেডিট কাৰ্ড, বিনিয়োগ আৰু বীমাৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয় যে ‘ফিনটেক’-য়ে ঋণৰ প্ৰৱেশানুকূলতা সহজ আৰু সামগ্ৰিক কৰি তুলিছে আৰু ‘প্ৰধানমন্ত্ৰী স্বনিধি যোজনা’ৰ উদাহৰণ দিছে যিয়ে পথৰ বিক্ৰেতাসকলক ‘আনুপ্ৰাসংগিকতা-মুক্ত’ ঋণ লাভ কৰিবলৈ আৰু ‘ডিজিটেল লেনদেন’ৰ সহায়ত তেওঁলোকৰ ব্যৱসায় অধিক সম্প্ৰসাৰিত কৰিবলৈ সক্ষম কৰিছে। তেওঁ ‘শ্বেয়াৰ বজাৰ’ আৰু ‘মিউচুৱেল ফাণ্ড’, বিনিয়োগ প্ৰতিবেদন আৰু ‘ডেমেট একাউণ্ট’ খোলাৰ সহজ প্ৰৱেশানুকূলতাৰ কথাও উল্লেখ কৰে। ‘ডিজিটেল ইণ্ডিয়া’-ৰ উত্থানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ‘ফিনটেক’ অবিহনে দূৰৱৰ্তী স্বাস্থ্যসেৱা, ‘ডিজিটেল শিক্ষা আৰু দক্ষতা শিক্ষণ’ৰ দৰে সেৱা সম্ভৱ নহ'ব। "ভাৰতৰ ‘ফিনটেক বিপ্লৱে’ জীৱনৰ মৰ্যাদা আৰু জীৱনৰ মান উন্নত কৰাত এক ডাঙৰ ভূমিকা পালন কৰি আছে", শ্ৰী মোদীয়ে লগতে কয়। 

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ ‘ফিনটেক বিপ্লৱে’ লাভ কৰা কৃতিত্বসমূহ কেৱল উদ্ভাৱনৰ বাবেই নহয়, গ্ৰহণৰ ক্ষেত্ৰতো। এই বিপ্লৱক দ্ৰুতগতিৰে আৰু বিশাল পৰিমাণত গ্ৰহণ কৰাৰ বাবে ভাৰতৰ জনসাধাৰণক প্ৰশংসা কৰি শ্ৰী মোদীয়ে এই পৰিৱৰ্তন অনাৰ বাবে ‘ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি’ (ডিপিআই)ৰ ভূমিকাকো প্ৰশংসা কৰে। তেওঁ কয় যে এই প্ৰযুক্তি সম্পৰ্কে বিশ্বাস গঢ়ি তোলাৰ বাবে দেশত আশ্চৰ্যজনক উদ্ভাৱন কৰা হৈছে।

‘অনলি ডিজিটেল বেংক’ আৰু ‘নিঅ’-বেংকিং’-ৰ আধুনিক ধাৰণাসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "একবিংশ শতিকাৰ পৃথিৱীখন দ্ৰুত গতিত সলনি হৈ আছে আৰু ‘মুদ্ৰা’-ৰ পৰা ‘কিউআৰ (দ্ৰুত সঁহাৰি) কোড’লৈ আমাৰ যাত্ৰাই অলপ সময় লৈছে যদিও আমি দৈনিক উদ্ভাৱনৰ সাক্ষী হৈ আহিছো।" ‘ডিজিটেল টুইন প্ৰযুক্তি’ক প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয় যে ই বিশ্বই বিপদাশংকা ব্যৱস্থাপনা মূল্যায়ন কৰা, প্ৰৱঞ্চনা চিনাক্তকৰণৰ মূল্যাঙ্কন কৰা আৰু গ্ৰাহকৰ অভিজ্ঞতাৰ তথ্য প্ৰদান কৰা পদ্ধতি সলনি কৰিব। ‘ডিজিটেল কমাৰ্চ’-ৰ বাবে ‘মুক্ত নেটৱৰ্ক’-ৰ সুবিধাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই ‘অনলাইন শ্বপিং’-ক অন্তৰ্ভুক্ত কৰি ক্ষুদ্ৰ ব্যৱসায় আৰু উদ্যোগসমূহক বৃহৎ সুযোগৰ সৈতে সংযোগ কৰিছে। আজি ‘একাউণ্ট এগ্ৰিগেটৰ’সকলে কোম্পানীসমূহৰ মসৃণ কাৰ্যকলাপৰ বাবে তথ্য ব্যৱহাৰ কৰি আছে, বাণিজ্য মঞ্চৰ বাবে সৰু প্ৰতিষ্ঠানসমূহৰ তৰল আৰু নগদ প্ৰবাহ উন্নত হৈ আছে আৰু ‘ই-ৰুপি’ৰ দৰে ‘ডিজিটেল ভাউচাৰ’সমূহ বিভিন্ন ৰূপত ব্যৱহাৰ কৰা হৈছে, শ্ৰী মোদীয়ে কয় যে এই সামগ্ৰীসমূহ বিশ্বৰ আন দেশৰ বাবেও সমানেই উপযোগী।   

 

"ভাৰতে ‘এআই’ৰ বাবে এক গোলকীয় পৰিকাঠামোৰ আহ্বান জনাইছে", প্ৰধানমন্ত্ৰীয়ে কয় যে ‘কিউআৰ কোড’-ৰ সৈতে ‘ধ্বনি বাকচ’-ৰ ব্যৱহাৰ এনে ধৰণৰ এক উদ্ভাৱন। তেওঁ লগতে ভাৰতৰ ‘ফিনটেক’ খণ্ডক চৰকাৰৰ ‘বেংক সখী’ কাৰ্যসূচী অধ্যয়ন কৰিবলৈ আহ্বান জনায় আৰু প্ৰতিখন গাঁৱত ‘বেংকিং আৰু ডিজিটেল’ সজাগতা বিয়পোৱাৰ ক্ষেত্ৰত কন্যাসকলৰ প্ৰচেষ্টা প্ৰসংগত আলোকপাত কৰে যাৰ দ্বাৰা ‘ফিনটেক’-ক এক নতুন বজাৰ প্ৰদান কৰিব পৰা যাব। 

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ‘ফিনটেক খণ্ড’ক সহায় কৰাৰ বাবে নীতি পৰ্যায়ত সকলো প্ৰয়োজনীয় পৰিৱৰ্তন কৰি আছে আৰু ‘এঞ্জেল টেক্স’ আঁতৰ কৰা, দেশত গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰিবলৈ ১ লাখ কোটি টকাৰ পুঁজি আৱণ্টন দিয়া আৰু ‘ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন’ ৰূপায়ণ কৰাৰ উদাহৰণ প্ৰদান কৰে৷ ‘চাইবাৰ জালিয়াতি বন্ধ কৰা’ৰ প্ৰয়োজনীয়তা ব্যক্ত কৰে৷ প্ৰধানমন্ত্ৰীয়ে নিয়ন্ত্ৰকসকলক ডিজিটেল সাক্ষৰতা বৃদ্ধিৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে দেশত ‘ফিনটেক’ আৰু ‘ষ্টাৰ্টআপ’সমূহৰ বিকাশৰ পথত ‘চাইবাৰ জালিয়াতি’ যাতে নহয় সেয়া নিশ্চিত কৰাটোও সমানেই গুৰুত্বপূৰ্ণ।  

"বহনক্ষম অৰ্থনৈতিক বিকাশ হৈছে আজি ভাৰতৰ প্ৰাথমিকতা", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ গুৰুত্ব আৰোপ কৰে যে চৰকাৰে উন্নত প্ৰযুক্তি আৰু নিয়ামক পৰিকাঠামোৰ সৈতে বিত্তীয় বজাৰ শক্তিশালী কৰাৰ বাবে শক্তিশালী, স্বচ্ছ আৰু দক্ষ ব্যৱস্থা গঢ়ি তুলিছে। তেওঁ সেউজ বিত্ত আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ সংপৃক্ততাৰ সৈতে বহনক্ষম বিকাশত সহায় কৰাৰ কথা উল্লেখ কৰে।  

 

ভাষণৰ সামৰণি মাৰিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জনসাধাৰণক এক মানসম্পন্ন জীৱনশৈলী প্ৰদান কৰাত ভাৰতৰ ‘ফিনটেক পৰিস্থিতিতন্ত্ৰ’ই এক বৃহৎ ভূমিকা পালন কৰিব বুলি বিশ্বাস ব্যক্ত কৰে। "মই নিশ্চিত যে ভাৰতৰ ‘ফিনটেক পৰিস্থিতিতন্ত্ৰ’ই সমগ্ৰ বিশ্বৰ জীৱন ধাৰণৰ স্বাচ্ছন্দ্যও বৃদ্ধি কৰিব। আমাৰ সৰ্বশ্ৰেষ্ঠখিনি আহিবলৈ এতিয়াও বাকী আছে", প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে পাঁচ বছৰৰ পিছত ‘জিএফএফ’-ৰ দশম সংস্কৰণত উপস্থিত থাকিব বুলিও বিশ্বাস ব্যক্ত কৰে। অনুষ্ঠানটো সমাপ্ত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে সমবেত লোকসকলৰ সৈতে এখন ছেলফি উঠাৰ বাবে বিশেষ ভংগীত থিয় দিয়ে আৰু ব্যাখ্যা কৰে যে ‘এআই’-ৰ ব্যৱহাৰৰে যিগৰাকী ব্যক্তিয়েই ফটোখনত নিজকে বিচাৰি পায় তেওঁলোকে ‘নমো এপ’-ৰ ফটো শাখালৈ যাব পাৰিব আৰু তেওঁলোকৰ ‘ছেলফি আপলোড’ কৰিব পাৰিব ।   

 

‘ভাৰতীয় ৰিজাৰ্ভ বেংক’-ৰ গভৰ্ণৰ শ্ৰী শক্তিকান্ত দাস আৰু ‘জিএফএফ’-ৰ অধ্যক্ষ শ্ৰী ক্ৰিছ গোপালকৃষ্ণন এই অনুষ্ঠানত উপস্থিত আছিল।

 

 

পটভূমি

‘ভাৰতীয় পৰিশোধ পৰিষদ’, ‘ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগম’ আৰু ‘ফিনটেক কনভাৰ্জেঞ্চ কাউন্সিল’-য়ে যুটীয়াভাৱে ‘গ্লোবেল ফিনটেক ফেষ্ট’-ৰ আয়োজন কৰিছে। ভাৰত আৰু অন্যান্য বিভিন্ন দেশৰ নীতি নিৰ্ধাৰক, নিয়ন্ত্ৰক, জ্যেষ্ঠ বেংকাৰ, উদ্যোগৰ অধিনায়ক আৰু শিক্ষাবিদসহ প্ৰায় ৮০০ গৰাকী বক্তাই সন্মিলনখনত ৩৫০ৰো অধিক অধিৱেশন সম্বোধন কৰিব। ইয়াত ‘ফিনটেক লেণ্ডস্কেপ’ৰ শেহতীয়া উদ্ভাৱনবোৰো প্ৰদৰ্শন কৰিব। ‘জিএফএফ ২০২৪’-ত ২০ খনতকৈয়ো অধিক ‘বিশেষজ্ঞ প্ৰতিবেদন’ আৰু ‘শ্বেতপত্ৰ’ ঘোষণা কৰা হ'ব, যি উদ্যোগ সন্দৰ্ভত অন্তৰ্দৃষ্টি আৰু গম্ভীৰ তথ্যাৱলী প্ৰদান কৰিব।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 44,544 crore capex loans to states so far in FY27

Media Coverage

Centre releases Rs 44,544 crore capex loans to states so far in FY27
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"