ভাৰতীয় যান-বাহন উদ্যোগৰে জড়িত ‘এমএছএমই’সমূহক সহযোগিতা আৰু উন্নত কৰাৰ বাবে প্ৰস্তুত কৰা দুটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ শুভাৰম্ভ কৰে
"এমএছএমইসমূহ যান-বাহন উদ্যোগক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কৰ্ণধাৰ হোৱাৰ উপৰি দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে গুৰুত্বপূৰ্ণ অংগ"
"অটোমোবাইল উদ্যোগ হৈছে অৰ্থনীতিৰ এক শক্তিক্ষেত্ৰ"
"আজি আমাৰ ‘এমএছএমই’সমূহে গোলকীয় যোগান শৃংখলাৰ এক শক্তিশালী অংশ হোৱাৰ এক সুন্দৰ সুযোগ লাভ কৰিছে"
"দেশখনে এমএছএমইসমূহৰ ভৱিষ্যতক ৰাষ্ট্ৰৰ ‘এমএছএমই’ হিচাপে প্ৰত্যক্ষ কৰিছে"
"ভাৰত চৰকাৰে আজি প্ৰতিটো উদ্যোগৰ সৈতে কান্ধত কান্ধ মিলাকৈ থিয় দি আহিছে"
"উদ্ভাৱন আৰু প্ৰতিযোগিতাক আগুৱাই নিয়ক। চৰকাৰ সম্পূৰ্ণৰূপে আপোনালোকৰ সৈতে আছে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ মাদুৰাইত ‘ক্ৰিয়েটিং দা ফিউশ্যাৰ – ডিজিটেল মবিলিটী ফৰ অটোমোটিভ এমএছএমই এণ্ট্ৰপ্ৰেনিউৰ্ছ'' (স্বয়ংচালিত এমএছএমইখণ্ডৰ উদ্যোগীসকলৰ বাবে ভৱিষ্যত নিৰ্মাণ– ডিজিটেল গতিশীলতা')শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু যান-বাহন উদ্যোগ খণ্ডত কাম কৰা হাজাৰ হাজাৰ ‘ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ’ (এমএছএমই)ৰ উদ্যোগীসকলক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ‘গান্ধীগ্ৰাম প্ৰশিক্ষিত মহিলা উদ্যোগী’ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও বাৰ্তালাপ কৰে।

 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তি আৰু উদ্ভাৱনী খণ্ডৰ বুদ্ধিদীপ্ত ব্যক্তিসকলৰ মাজত উপস্থিত থকাটো এক আনন্দদায়ক অভিজ্ঞতা, আৰু এই মুহূৰ্তত ভৱিষ্যত নিৰ্মাণ কৰা গৱেষণাগাৰলৈ যোৱাৰ দৰেই অনুভৱ হৈছে বুলি মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে তামিলনাডুয়ে প্ৰযুক্তিৰ ক্ষেত্ৰত, বিশেষকৈ স্বয়ংচালিত খণ্ডত বিশ্বৰ মঞ্চত নিজৰ দক্ষতা প্ৰতিপন্ন কৰিছে। তেওঁ 'স্বয়ংচালিত এমএছএমইখণ্ডৰ উদ্যোগীসকলৰ বাবে ভৱিষ্যত নিৰ্মাণ– ডিজিটেল গতিশীলতা' অনুষ্ঠানৰ বিষয়বস্তুক লৈ আনন্দ প্ৰকাশ কৰে আৰু সকলো ‘এমএছএমই’ আৰু উচ্চাকাংক্ষী যুৱক-যুৱতীক একত্ৰিত কৰাৰ বাবে ‘টিভিএছ কোম্পানী’ক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে ‘অটোমোবাইল উদ্যোগ’ৰ লগতে বিকশিত ভাৰতৰ উন্নয়ণে প্ৰয়োজনীয় উত্সাহ লাভ কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশৰ ‘’জিডিপি’ৰ ৭ শতাংশ অটোমোবাইল উদ্যোগৰ পৰা আহে, যিয়ে ইয়াক দেশৰ স্বায়ত্ততাৰ এক মুখ্য অংশ কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে উৎপাদন আৰু উদ্ভাৱনৰ প্ৰসাৰৰ ক্ষেত্ৰত অটোমোবাইল উদ্যোগৰ ভূমিকাৰ কথাও স্বীকাৰ কৰে।

 

ভাৰতলৈ ‘অটোমোবাইল উদ্যোগ’ৰ অৱদান অটোমোবাইল উদ্যোগত ‘এমএছএমই’সমূহৰ অৱদানৰ দৰেই বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত প্ৰতি বছৰে ৪৫ লাখতকৈয়ো অধিক গাড়ী, ২ কোটি দুচকীয়া বাহন, ১০ লাখ বাণিজ্যিক বাহন আৰু ৮.৫ লাখ তিনিচকীয়া বাহন নিৰ্মিত হয়। তেওঁ লগতে প্ৰতিখন যাত্ৰীবাহী বাহনত ৩০০০-৪০০০টা বিভিন্ন স্বয়ংচালিত যন্ত্ৰাংশ ব্যৱহাৰৰ কথা স্বীকাৰ কৰে আৰু কয় যে উৎপাদন প্ৰক্ৰিয়াত প্ৰতিদিনে লাখ লাখ এনে অংশ ব্যৱহাৰ কৰা হয়। ভাৰতৰ বেছিভাগ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীভুক্ত চহৰত এনে উদ্যোগৰ উপস্থিতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতৰ ‘এমএছএমই’সমূহেই এই যন্ত্ৰাংশসমূহ নিৰ্মাণৰ দায়িত্ব গ্ৰহণ কৰে"। "বিশ্বৰ বহুতো গাড়ীয়ে ভাৰতীয় ‘এমএছএমই’সমূহৰ দ্বাৰা নিৰ্মিত সামগ্ৰী ব্যৱহাৰ কৰে", প্ৰধানমন্ত্ৰীয়ে আমাৰ দুৱাৰত টোকৰ দিয়া গোলকীয় সম্ভাৱনাসমূহৰ কথা উল্লেখ কৰি এই মন্তব্য কৰে।

 

"আজি আমাৰ ‘এমএছএমই’সমূহে গোলকীয় যোগান শৃংখলাৰ এক শক্তিশালী অংশ হোৱাৰ এক সুন্দৰ সুযোগ লাভ কৰিছে", প্ৰধানমন্ত্ৰীয়ে গুণগত মান আৰু দীৰ্ঘম্যাদিতাৰ ক্ষেত্ৰত কাম কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি মান আৰু পাৰিপাৰ্শ্বিক স্থিৰতাক সামৰি লোৱা 'শূন্য ত্ৰুটি-শূন্য প্ৰভাৱ'ৰ দৰ্শনৰ কথা দোহাৰে।

 

প্ৰধানমন্ত্ৰীয়ে মহামাৰীৰ সময়ত ভাৰতৰ ‘এমএছএমই’সমূহে প্ৰদৰ্শন কৰা সম্ভাৱনাৰ কথা উল্লেখ কৰে। "দেশখনে ‘এমএছএমই’সমূহৰ ভৱিষ্যতক দেশৰ ‘এমএছএমই’ হিচাপে প্ৰত্যক্ষ কৰিছে" বুলিও তেওঁ লগতে কয়। ‘এমএছএমই’সমূহৰ বাবে চৰকাৰৰ বহুমুখী প্ৰচেষ্টাৰ বিষয়ে ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ আৰু ‘প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা’ৰ কথা উল্লেখ কৰে। তদুপৰি, মহামাৰীৰ সময়ত ‘এমএছএমই ক্ৰেডিট গেৰাণ্টী আঁচনি’য়ে ‘এমএছএমই’সমূহত লাখ লাখ লোকৰ চাকৰি সুৰক্ষিত কৰিছিল বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে নিশ্চিত কৰে যে আজি প্ৰতিটো খণ্ডতে ‘এমএছএমই’সমূহৰ বাবে কম ব্যয়ৰ ঋণ আৰু কাৰ্যকৰী মূলধনৰ সুবিধা নিশ্চিত কৰা হৈছে, যাৰ ফলত তেওঁলোকৰ পৰিসৰ বৃদ্ধি পাইছে। তেওঁ উল্লেখ কৰে যে দেশৰ ক্ষুদ্ৰ উদ্যোগসমূহৰ উন্নীতকৰণত চৰকাৰৰ গুৰুত্বও এক শক্তিশালী কাৰক হিচাপে প্ৰমাণিত হৈছে। "আজিৰ চৰকাৰ নতুন প্ৰযুক্তি আৰু দক্ষতাৰ বাবে ‘এমএছএমই’সমূহৰ প্ৰয়োজনীয়তাৰ প্ৰতি যত্নশীল", দেশত চলি থকা দক্ষতা বিকাশ কাৰ্যসূচী সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়। ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত দক্ষতা বিকাশৰ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ক্ষমতালৈ অহাৰ পিছত এটা নতুন মন্ত্ৰালয় স্থাপন কৰিছিল। "সাম্প্ৰতিক সময়ৰ প্ৰয়োজন অনুসৰি দক্ষতাৰ বিকাশৰ বাবে ভাৰতত উন্নত দক্ষতা বিশ্ববিদ্যালয় উপলব্ধ আছে"বুলিও তেওঁ লগতে কয়।

 

প্ৰধানমন্ত্ৰীয়ে উদ্যোগীসকলক বৈদ্যুতিক বাহন(ইভি)ৰ বৰ্ধিত চাহিদাৰ সৈতে সংগতি ৰাখি তেওঁলোকৰ সামৰ্থ্য বৃদ্ধি কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ আৰম্ভ কৰা ‘প্ৰধানমন্ত্ৰী সূৰ্যঘৰ যোজনা’ৰ কথা উল্লেখ কৰে, যিয়ে হিতাধিকাৰীসকলৰ বাবে বিনামূলীয়া বিদ্যুৎ আৰু অতিৰিক্ত উপাৰ্জনৰ ব্যৱস্থা প্ৰদান কৰিব। ১ কোটি পৰিয়ালৰ প্ৰাৰম্ভিক লক্ষ্যৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কয় যে ‘ইভি’সমূহে ঘৰসমূহত অধিক সুলভ ‘চাৰ্জিং ষ্টেশ্যন’ লাভ কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে ‘অটো’ আৰু ‘অটো উপাদান’ৰ বাবে ২৬,০০০ কোটি টকাৰ ‘পিএলআই আঁচনি’ৰ প্ৰসংগও উল্লেখ কৰে, যিয়ে উৎপাদনৰ লগতে হাইড্ৰজেনচালিত বাহনকো উত্সাহিত কৰি আছে। ইয়াৰ জৰিয়তে ১০০ তকৈয়ো অধিক উন্নত স্বয়ংচালিত প্ৰযুক্তিক উদগণি দি থকা হৈছে। "যেতিয়া দেশত নতুন প্ৰযুক্তিৰ বিকাশ হ'ব, তেতিয়া সেই প্ৰযুক্তিসমূহৰ বাবে গোলকীয় বিনিয়োগো ভাৰতলৈ আহিব", প্ৰধানমন্ত্ৰীয়ে উদ্যোগীসকলক তেওঁলোকৰ সামৰ্থ্য সম্প্ৰসাৰিত কৰিবলৈ আৰু নতুন ক্ষেত্ৰ অন্বেষণ কৰিবলৈ আহ্বান জনায়।

 

সুযোগৰ লগতে প্ৰত্যাহ্বানৰ উপস্থিতিৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে ডিজিটেলকৰণ, বৈদ্যুতিকীকৰণ, বৈকল্পিক ইন্ধন বাহন আৰু বজাৰৰ চাহিদাৰ তাৰতম্যক মুখ্য বিষয় হিচাপে উল্লেখ কৰে। তেওঁ এইবোৰক সুযোগলৈ ৰূপান্তৰিত কৰিবলৈ সঠিক ৰণনীতিৰ সৈতে কাম কৰাৰ প্ৰয়োজনীয়তাত জোৰ দিয়ে।

 

প্ৰধানমন্ত্ৰীয়ে ‘এমএছএমই’ৰ সংজ্ঞাত সংশোধনৰ দৰে ‘এমএছএমই’ৰ আনুষ্ঠানিকতাৰ দিশত পদক্ষেপ গ্ৰহণৰ লগতে ‘এমএছএমই’সমূহৰ আকাৰ বৃদ্ধিৰ পথ মুকলি কৰাৰ কথাও উল্লেখ কৰে।

 

"ভাৰত চৰকাৰে আজি প্ৰতিটো উদ্যোগৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে", প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে আগতে সৰু সৰু বিষয়ৰ বাবেও চৰকাৰী কাৰ্যালয়লৈ যাব লগা হৈছিল, সেয়া উদ্যোগেই হওক বা ব্যক্তিয়েই হওক, কিন্তু আজিৰ চৰকাৰে প্ৰতিটো খণ্ডই সন্মুখীন হোৱা সকলো সমস্যাৰে মোকাবিলা কৰি আছে। তেওঁ যোৱা কেইবছৰমানত ৪০,০০০ তকৈয়ো অধিক অনুপালন আঁতৰাই পেলোৱাৰ লগতে ব্যৱসায় সম্পৰ্কীয় বহুতো সৰু-সুৰা ভুলক অপৰাধৰ সংজ্ঞাৰ পৰা আঁতৰোৱাৰ দিহা কৰাৰ কথা উল্লেখ কৰে।

 

"নতুন ‘লজিষ্টিক নীতি’য়েই হওক বা ‘জিএছটি’য়েই হওক, এই সকলোবোৰে অটোমোবাইল খণ্ডৰ ক্ষুদ্ৰ উদ্যোগসমূহক সহায় কৰিছে", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ উল্লেখ কৰে যে চৰকাৰে ‘প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন’ প্ৰস্তুত কৰি ভাৰতত আন্তঃগাঁথনি উন্নয়নৰ দিশত গুৰুত্ব প্ৰদান কৰিছে, যাৰ অধীনত, বহু-আৰ্হিমূলক সংযোগক বৃহৎ শক্তি প্ৰদান কৰি ডেৰ হাজাৰতকৈয়ো অধিক স্তৰত তথ্য সংসাধনৰ জৰিয়তে ভৱিষ্যতৰ আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে। তেওঁ লগতে প্ৰতিটো উদ্যোগৰ বাবে সমৰ্থন প্ৰণালী বিকশিত কৰাত গুৰুত্ব আৰোপ কৰে আৰু অটোমোবাইলখণ্ডৰ ‘এমএছএমই অংশীদাৰ’সকলক এই সমৰ্থন প্ৰণালীৰ সুবিধা ল'বলৈ আহ্বান জনায়। "উদ্ভাৱন আৰু প্ৰতিযোগিতাক আগুৱাই নিয়ক। চৰকাৰ সম্পূৰ্ণৰূপে আপোনালোকৰ সৈতে আছে। মই নিশ্চিত যে ‘টিভিএছ’-ৰ এই প্ৰচেষ্টাই আপোনালোকক এই দিশত সহায় কৰিব", প্ৰধানমন্ত্ৰীয়ে কয়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰৰ ‘বাতিল নীতি’ৰ প্ৰসংগও স্পৰ্শ কৰে আৰু সকলো পুৰণি বাহনৰ সলনি নতুন আধুনিক বাহনৰ প্ৰচলনৰ পোষকতা কৰে আৰু অংশীদাৰসকলক সৰ্বাধিক সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ জাহাজ নিৰ্মাণৰ অভিনৱ আৰু পৰিকল্পিত উপায় আৰু ইয়াৰ অংশবোৰ পুনৰ ব্যৱহাৰ কৰাৰ বাবে আগবাঢ়ি অহাৰ কথাও কয়। ভাষণৰ সামৰণি মাৰিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে চালকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰতো আলোকপাত কৰে আৰু ৰাজপথত চালকসকলৰ বাবে সুবিধাৰ বাবে ১,০০০ কেন্দ্ৰ স্থাপনৰ উদ্যোগ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰি কয় যে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ পৰিকল্পনাত চৰকাৰ তেওঁলোকৰ কাষত থিয় দিছে।

 

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগন আৰু ‘টিভিএছ ছাপ্লাই চেইন লিমিটেড’-ৰ অধ্যক্ষ শ্ৰী আৰ দিনেশ এই অনুষ্ঠানত উপস্থিত আছিল।

 

পটভূমি

মাদুৰাইত প্ৰধানমন্ত্ৰীয়ে 'স্বয়ংচালিত এমএছএমই উদ্যোগীসকলৰ বাবে ভৱিষ্যত নিৰ্মাণ– ডিজিটেল গতিশীলতা' শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু স্বয়ংচালিত খণ্ডত কাম কৰা হাজাৰ হাজাৰ ‘ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ’ (এমএছএমই)ৰ উদ্যোগীসকলক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় স্বয়ংচালিত উদ্যোগত ‘এমএছএমই’সমূহক সমৰ্থন আৰু উন্নত কৰাৰ বাবে প্ৰস্তুত কৰা দুটা গুৰুত্বপূৰ্ণ পদক্ষেপো আৰম্ভ কৰে। পদক্ষেপসমূহৰ ভিতৰত আছে ‘টিভিএছ অপেন মোবিলিটী প্লেটফৰ্ম’ আৰু ‘টিভিএছ মোবিলিটী-চিআইআই চেণ্টাৰ অব এক্সেলেন্স’। এই পদক্ষেপসমূহ হৈছে দেশত ‘এমএছএমই’সমূহৰ বিকাশত সহায় কৰা আৰু তেওঁলোকৰ কাৰ্যকলাপলৈ আনুষ্ঠানিকতা প্ৰদান কৰা, গোলকীয় মূল্য শৃংখলাৰ সৈতে সংলগ্ন হোৱা আৰু আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত এক পদক্ষেপ।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
500 ethanol pumps by year-end: Union minister Hardeep Singh Puri

Media Coverage

500 ethanol pumps by year-end: Union minister Hardeep Singh Puri
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"