"আমাৰ চৰকাৰে যি গতিত আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে সেয়া অভূতপূৰ্ব"
"আজি আমি আলোচনা কৰি আছো- বিকশিত ভাৰতৰ দিশে যাত্ৰা। এয়া কেৱল অনুভূতিৰ পৰিৱৰ্তন নহয়, ই আত্মবিশ্বাসৰ পৰিৱৰ্তন প্ৰতিফলিত কৰে"
"ভাৰতৰ বিকাশ আৰু স্থিৰতা এই অনিশ্চিত পৃথিৱীত এক ব্যতিক্ৰম"
"আমি আমাৰ সকলো নাগৰিকৰ বাবে 'জীৱনৰ সহজতা' আৰু 'জীৱনৰ মান' নিশ্চিত কৰি আছো"
"মহামাৰী স্বত্বেও ভাৰতৰ বিত্তীয় বিচক্ষণতা বিশ্বৰ বাবে আদৰ্শ"
"আমাৰ চৰকাৰৰ অভিপ্ৰায় আৰু প্ৰতিশ্ৰুতি অতি স্পষ্ট। আমাৰ দিশত কোনো বিচ্যুতি নাই"
"আমাৰ চৰকাৰৰ ৰাজনৈতিক ইচ্ছাশক্তিৰ কোনো অভাৱ নাই। আমাৰ বাবে দেশ আৰু ইয়াৰ নাগৰিকসকলৰ আশা-আকাংক্ষা সৰ্বাধিক।"
"মই উদ্যোগ আৰু ভাৰতৰ ব্যক্তিগত খণ্ডক এখন উন্নত ভাৰত গঢ়ি তোলাৰ শক্তিশালী মাধ্যম হিচাপে বিবেচনা কৰোঁ"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতীয় উদ্যোগ পৰিষদৰ দ্বাৰা আয়োজিত 'জাৰ্নি টু বিকচিট ভাৰতঃ এ পোষ্ট ইউনিয়ন বাজেট ২০২৪-২৫ সন্মিলন'ৰ উদ্বোধনী অধিৱেশনত ভাষণ দিয়ে। সন্মিলনৰ উদ্দেশ্য হৈছে বিকাশৰ বাবে চৰকাৰৰ দৃষ্টিভংগী আৰু উদ্যোগটোৰ ভূমিকাৰ ৰূপৰেখা উপস্থাপন কৰা। উদ্যোগ, চৰকাৰ আৰু  কূটনৈতিক সম্প্ৰদায় পৰা ১০০০ ৰো অধিক অংশগ্ৰহণকাৰীয়ে ব্যক্তিগতভাৱে সন্মিলনখনত অংশগ্ৰহণ কৰিছিল। আনহাতে বহুতে দেশ-বিদেশৰ বিভিন্ন চিআইআই কেন্দ্ৰৰ পৰাও সংযুক্ত আছিল।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া ইয়াৰ নাগৰিকসকলে জীৱনৰ প্ৰতিটো দিশতে স্থিৰতা অৰ্জন কৰিছে আৰু তেওঁলোকৰ জীৱন উৎসাহেৰে ভৰি পৰিছে তেতিয়া ৰাষ্ট্ৰ কেতিয়াও পিছপৰি থাকিব নোৱাৰে। তেওঁ এই অনুষ্ঠানত ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ভাৰতীয় উদ্যোগ পৰিষদৰ (চিআইআই) প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

বিকাশ সম্পৰ্কীয় আশংকা সন্দৰ্ভত ব্যৱসায়ী সম্প্ৰদায়ৰ সৈতে মহামাৰীৰ সময়ত হোৱা আলোচনাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সেই সময়ত প্ৰকাশ কৰা আশাবাদৰ কথা স্মৰণ কৰি দেশখনে আজি যি দ্ৰুত বিকাশ ৰক্ষা কৰিছে তাৰ কথা উল্লেখ কৰে। "আজি আমি বিকশিত ভাৰতৰ দিশে যাত্ৰা সম্পৰ্কে আলোচনা কৰি আছো। এয়া কেৱল অনুভূতিৰ পৰিৱৰ্তন নহয়, ই আত্মবিশ্বাসৰ পৰিৱৰ্তন প্ৰতিফলিত কৰে", তেওঁ বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হিচাপে ভাৰতৰ স্থিতি আৰু তৃতীয় স্থানৰ দিশে দ্ৰুত গতিত আগবাঢ়ি যোৱাৰ কথা দোহাৰে।

 

প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনত বৰ্তমানৰ চৰকাৰ ক্ষমতালৈ নিৰ্বাচিত হোৱাৰ সময়ৰ কথা স্মৰণ কৰে। তেওঁ ২০১৪ চনৰ পূৰ্বৰ সময়ৰ কথা উল্লেখ কৰে যেতিয়া ৰাষ্ট্ৰখন পাঁচটা দুৰ্বল অৰ্থনীতিৰ তালিকাৰ অন্তৰ্ভুক্ত আছিল আৰু লাখ লাখ কোটি টকাৰ দুৰ্নীতি তথা কেলেংকাৰীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল। শ্বেতপত্ৰত চৰকাৰে উল্লেখ কৰা অৰ্থনৈতিক পৰিস্থিতিৰ নিৰ্দিষ্ট বিৱৰণ ৰক্ষা নকৰাকৈ প্ৰধানমন্ত্ৰীয়ে উদ্যোগৰ নেতা আৰু সংগঠনসমূহক নথি খন পুনৰীক্ষণ কৰিবলৈ আৰু ইয়াক অতীতৰ অৰ্থনৈতিক পৰিস্থিতিৰ সৈতে তুলনা কৰিবলৈ উৎসাহিত বৰ্তমানৰ চৰকাৰে ভাৰতৰ অৰ্থনীতিক নতুন উচ্চতালৈ উন্নীত কৰিছে আৰু ইয়াক ভয়ংকৰ সংকটৰ পৰা উদ্ধাৰ কৰিছে বুলিও তেওঁ কয়।

শেহতীয়াকৈ উপস্থাপন কৰা বাজেটৰ পৰা কিছু তথ্য আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে বৰ্তমানৰ ৪৮ লাখ কোটি টকাৰ বাজেটক ২০১৩-১৪ বৰ্ষৰ ১৬ লাখ কোটি টকাৰ বাজেটৰ সৈতে তুলনা কৰে, যি তিনিগুণ অধিক। মূলধন ব্যয়, সম্পদ বিনিয়োগৰ আটাইতকৈ ডাঙৰ পৰিমাপ আছিল ২০০৪ চনত ৯০হাজাৰ কোটি টকা, যাক ২০১৪ চনলৈকে ১০বছৰত ২লাখ কোটি লৈ যোৱা হৈছিল, যি হৈছে ২ গুণ বৃদ্ধি। ইয়াৰ তুলনাত, এই গুৰুত্বপূৰ্ণ সূচকটো আজি ১১ লাখ কোটি টকাৰ অধিক হৈছে, যি হৈছে ৫ গুণতকৈও অধিক বৃদ্ধি।

তেওঁৰ চৰকাৰে ভাৰতীয় অৰ্থনীতিৰ প্ৰতিটো খণ্ডৰ চোৱাচিতা কৰিবলৈ সংকল্পবদ্ধ বুলি দোহাৰি প্ৰধানমন্ত্ৰীয়ে কয়, "যদি আপুনি বিভিন্ন ক্ষেত্ৰৰ প্ৰতি লক্ষ্য ৰাখিব, তেন্তে ভাৰতে তেওঁলোকৰ প্ৰতিটোৰ ওপৰত কেনেদৰে গুৰুত্ব দিছে সেই বিষয়ে আপুনি ধাৰণা পাব।" পূৰ্বৰ চৰকাৰৰ সৈতে তুলনা কৰি শ্ৰী মোদীয়ে কয় যে যোৱা ১০ বছৰত ৰে'ল আৰু ঘাইপথৰ বাজেট ৮ গুণ বৃদ্ধি পাইছে। ইফালে, কৃষি আৰু প্ৰতিৰক্ষা বাজেটত ক্ৰমান্বয়ে ৪ আৰু ২ গুণতকৈ অধিক বৃদ্ধি হৈছে।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে কৰৰ অভিলেখ কৰ্তনৰ পিছত প্ৰতিটো খণ্ডৰ বাজেটত অভিলেখ বৃদ্ধি কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে, "২০১৪ চনত ১ কোটি টকা উপাৰ্জন কৰা অতিক্ষুদ্ৰ,ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ সমূহে আনুমানিক কৰ পৰিশোধ কৰিব লগা হৈছিল, এতিয়া ৩ কোটি টকালৈকে উপাৰ্জন থকা অতিক্ষুদ্ৰ,ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ সমূহেও ইয়াৰ সুবিধা ল'ব পাৰে। ২০১৪  চনত, ৫০  কোটি টকালৈকে উপাৰ্জন কৰা অতিক্ষুদ্ৰ,ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগবোৰে ৩০ শতাংশ কৰ পৰিশোধ কৰিব লগা হৈছিল, আজি এই হাৰ হৈছে ২২ শতাংশ। ২০১৪ চনত, কোম্পানীবোৰে ৩০ শতাংশ কৰ্পোৰেট কৰ পৰিশোধ কৰিছিল, আজি ৪০০ কোটি টকালৈকে উপাৰ্জন কৰা কোম্পানীবোৰৰ বাবে এই হাৰ হৈছে ২৫ শতাংশ।"

 

প্ৰধানমন্ত্ৰীয়ে কয় যে এই কেন্দ্ৰীয় বাজেট কেৱল বাজেট আৱণ্টন আৰু কৰ হ্ৰাসৰ বিষয়ে নহয়, সুশাসনৰ বিষয়েও। শ্ৰী মোদীয়ে স্মৰণ কৰে যে ২০১৪ চনৰ পূৰ্বে বাজেটত বৃহৎ ঘোষণা কৰা হৈছিল যদিও ঘোষণাবোৰ কাৰ্যকৰীকৰণ কৰা হোৱা নাছিল। তেওঁলোকে আন্তঃগাঁথনিৰ ওপৰত আৱণ্টিত পৰিমাণটো সম্পূৰ্ণৰূপে ব্যয় কৰিবলৈ অক্ষম হৈছিল, কিন্তু ঘোষণাৰ সময়ত শিৰোনাম বোৰ কৰা হৈছিল। "আমি যোৱা ১০ বছৰত এই পৰিস্থিতি সলনি কৰিছো। আমি প্ৰতিটো আন্তঃগাঁথনি প্ৰকল্প সম্পূৰ্ণ কৰাৰ গতি আৰু পৰিমাণ আপোনালোক সকলোৱে প্ৰত্যক্ষ কৰিছে," শ্ৰী মোদীয়ে লগতে কয়।

সাম্প্ৰতিক গোলকীয় পৰিস্থিতিৰ অনিশ্চয়তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বিকাশ আৰু স্থিৰতাৰ ব্যতিক্ৰমৰ কথা উল্লেখ কৰে। ভাৰতৰ বৈদেশিক মুদ্ৰা সংৰক্ষণত শক্তিশালী বিকাশ দেখা গৈছে আৰু ভাৰতে নিম্ন-বিকাশ আৰু উচ্চ-মুদ্ৰাস্ফীতিৰ বিশ্বব্যাপী পৰিস্থিতিত উচ্চ বিকাশ আৰু নিম্ন মুদ্ৰাস্ফীতি প্ৰদৰ্শন কৰিছে। তেওঁ মহামাৰীৰ সময়ত ভাৰতৰ বিত্তীয় বিচক্ষণতাক বিশ্বৰ বাবে এক আদৰ্শ বুলিও অভিহিত কৰে। বিশ্বব্যাপী সামগ্ৰী আৰু সেৱা ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ অৱদান ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে মহামাৰী, প্ৰাকৃতিক দুৰ্যোগ আৰু যুদ্ধৰ দৰে গুৰুত্বপূৰ্ণ বিশ্বব্যাপী আঘাতৰ পিছতো বিশ্বব্যাপী বিকাশত ভাৰতৰ অৱদান ১৬ শতাংশত উপনীত হৈছে।

"বিকশিত ভাৰতৰ সংকল্প লৈ ৰাষ্ট্ৰ আগবাঢ়িছে", প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যোৱা ১০ বছৰত ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে আৰু জীৱন ধাৰণৰ সহজতা বৃদ্ধি আৰু জীৱনৰ মান বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে উদ্যোগ ৪.০ মানৰ কথা মনত ৰাখি দক্ষতা বিকাশ আৰু নিযুক্তিৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। প্ৰধানমন্ত্ৰীয়ে মুদ্ৰা যোজনা, ষ্টাৰ্টআপ ইণ্ডিয়া আৰু ষ্টেণ্ড আপ ইণ্ডিয়া অভিযানৰ উদাহৰণ দাঙি ধৰে আৰু ৮ কোটিৰো অধিক লোকে নতুন ব্যৱসায় আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে ভাৰতত লাখ লাখ যুৱক-যুৱতীক নিয়োজিত হৈ থকা ১.৪০ লাখ ষ্টাৰ্টআপ আছে। এই বছৰৰ বাজেটত ২ লাখ কোটি টকাৰ বহু প্ৰশংসিত প্ৰধানমন্ত্ৰী পেকেজৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই ৪ কোটিতকৈও অধিক যুৱক-যুৱতীক লাভান্বিত কৰিব। তেওঁ ব্যাখ্যা কৰে, "প্ৰধানমন্ত্ৰী পেকেজ সামগ্ৰিক আৰু ব্যাপক। ইয়াক ইণ্ড-টু-ইণ্ড সমাধানৰ সৈতে আন্তঃসংযোগ কৰা হৈছে।" প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী পেকেজৰ আঁৰৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ লক্ষ্য হৈছে মান আৰু মূল্যৰ ক্ষেত্ৰত বিশ্বব্যাপী ভাৰতৰ জনশক্তি আৰু সামগ্ৰীসমূহক প্ৰতিযোগিতামূলক কৰি তোলা। শ্ৰী মোদীয়ে যুৱসকলৰ বাবে দক্ষতা আৰু উন্মুক্ততা বৃদ্ধিৰ বাবে প্ৰৱৰ্তন কৰা ইণ্টাৰ্নশ্বিপ আঁচনিৰ কথাও উল্লেখ কৰে, যাৰ ফলত তেওঁলোকৰ নিযুক্তিৰ সম্ভাৱনা বৃদ্ধি পায়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ অভিপ্ৰায় আৰু প্ৰতিশ্ৰুতি অতি স্পষ্ট আৰু এই দিশত কোনো ধৰণৰ বিচ্যুতি হোৱা নাই। ‘ৰাষ্ট্ৰ প্ৰথম’ প্ৰতিশ্ৰুতি ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্য, সংপৃক্ততা পদ্ধতি, শূন্য প্ৰভাৱ-শূন্য ত্ৰুটিৰ ওপৰত গুৰুত্ব আৰু আত্মনিৰ্ভৰ ভাৰত বা বিকশিত ভাৰতৰ প্ৰতিশ্ৰুতিত প্ৰতিফলিত হৈছে। তেওঁ আঁচনিসমূহৰ সম্প্ৰসাৰণ আৰু নিৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে বাজেটত উৎপাদনৰ দিশটো স্পৰ্শ কৰে। তেওঁ মেক ইন ইণ্ডিয়া আৰু বিভিন্ন খণ্ডত এফডিআই নিয়মৰ সৰলীকৰণৰ লগতে বহুমুখী লজিষ্টিক পাৰ্ক, পিএলআইৰ সৈতে ১৪ টা খণ্ডৰ বিষয়ে উল্লেখ কৰে। এই বাজেটত দেশৰ ১০০খন জিলাৰ বাবে প্লাগ-এণ্ড-প্লে বিনিয়োগ উদ্যান ঘোষণা কৰা হৈছে। "এই ১০০ খন চহৰ বিকশিত ভাৰতৰ নতুন কেন্দ্ৰ হৈ পৰিব", তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে বৰ্তমানৰ ঔদ্যোগিক কৰিডৰসমূহৰ আধুনিকীকৰণো কৰিব।

অতিক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ক শক্তিশালী কৰাৰ বাবে তেওঁৰ চৰকাৰৰ দৃষ্টিভংগী ৰক্ষা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ লগতে তেওঁলোকক প্ৰয়োজনীয় সুবিধা প্ৰদান কৰিছে। শ্ৰী মোদীয়ে কয় যে-অতিক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগবোৰে যাতে প্ৰয়োজনীয় কাৰ্যকৰী মূলধন আৰু ঋণ লাভ কৰে, তেওঁলোকৰ বজাৰৰ প্ৰৱেশাধিকাৰ আৰু সম্ভাৱনা উন্নত হয় আৰু সেইবোৰ আনুষ্ঠানিক কৰা হয়, সেয়া নিশ্চিত কৰাৰ বাবে আমি ২০১৪ চনৰ পৰা একেৰাহে কাম কৰি আছো।

প্ৰধানমন্ত্ৰীয়ে বাজেটত কিছুমান বিষয় যেনে পাৰমাণৱিক শক্তি উৎপাদনৰ বাবে বৰ্ধিত আৱণ্টন, কৃষিৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃষকৰ ভূমি পাৰ্চেলৰ সংখ্যা প্ৰদানৰ বাবে ভূ-আধাৰ কাৰ্ড, মহাকাশ অৰ্থনীতিৰ বাবে ১০০০ কোটি টকাৰ ভেঞ্চাৰ কেপিটেল ফাণ্ড আৰু ক্ৰিটিকেল মিনাৰেল মিছনৰ দৰে বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "এই নতুন ঘোষণাসমূহে প্ৰগতিৰ নতুন পথ মুকলি কৰিব", তেওঁ কয়।

 

ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ আৰম্ভণিতে বিশেষকৈ সূৰ্যোদয় খণ্ডত সুযোগ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভৱিষ্যতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে অৰ্ধপৰিবাহী মূল্য শৃংখলাত সুনাম অৰ্জন কৰাৰ প্ৰয়োজনীয়তা ব্যক্ত কৰে। সেয়েহে, প্ৰধানমন্ত্ৰীয়ে কয়, চৰকাৰে অৰ্ধপৰিবাহী উদ্যোগৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ বিশেষকৈ মোবাইল উৎপাদন বিপ্লৱৰ বৰ্তমানৰ যুগত ইলেক্ট্ৰনিক্স উৎপাদনক উৎসাহিত কৰাৰ কথাও উল্লেখ কৰে। তেওঁ অতীতত আমদানিকৰ্তা হোৱাৰ পৰা ভাৰত কেনেকৈ শীৰ্ষ মোবাইল নিৰ্মাতা আৰু ৰপ্তানিকৰ্তালৈ ৰূপান্তৰিত হ’ল তাৰ বিষয়েও উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতত সেউজ নিয়োগ খণ্ডৰ বাবে এক পথ মানচিত্ৰৰ কথাও উল্লেখ কৰে, যিয়ে সেউজীয়া হাইড্ৰজেন আৰু ই-বাহন উদ্যোগ বৃদ্ধি কৰে। এই বৰ্ষৰ বাজেটত পৰিষ্কাৰ শক্তিৰ পদক্ষেপৰ বিষয়ে যথেষ্ট আলোচনা কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ যুগত শক্তি সুৰক্ষা আৰু শক্তি পৰিৱৰ্তন দুয়োটাই অৰ্থনীতি আৰু পৰিবেশ বিজ্ঞানৰ বাবে সমানে গুৰুত্বপূৰ্ণ। ক্ষুদ্ৰ পাৰমাণৱিক ৰিয়েক্টৰৰ ক্ষেত্ৰত কৰা কামৰ বিষয়ে উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ই কেৱল শক্তি ৰক্ষাৰ ৰূপত উদ্যোগটোক লাভান্বিত নকৰে, এই খণ্ডৰ সৈতে সম্পৰ্কিত সমগ্ৰ যোগান শৃংখলাটোৱেও নতুন ব্যৱসায়িক সুযোগ লাভ কৰিব। "আমাৰ উদ্যোগ আৰু উদ্যোগীসকলে সদায় দেশৰ উন্নয়নৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰি আহিছে", প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে ভাৰতক সকলো সূৰ্যোদয় খণ্ডত গোলকীয় প্ৰতিযোগী হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি বিশ্বাস ব্যক্ত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয়, "আমাৰ চৰকাৰৰ ৰাজনৈতিক ইচ্ছাশক্তিৰ কোনো অভাৱ নাই। আমাৰ বাবে দেশ আৰু ইয়াৰ নাগৰিকসকলৰ আশা-আকাংক্ষা সৰ্বাধিক।" ভাৰতৰ ব্যক্তিগত খণ্ডক বিকশিত ভাৰত গঢ়ি তোলাৰ এক শক্তিশালী মাধ্যম বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সম্পদ সৃষ্টিকৰ্তাসকল হৈছে ভাৰতৰ বিকাশৰ কাহিনীৰ মুখ্য চালিকা শক্তি। তেওঁ কয় যে ভাৰতৰ নীতি, প্ৰতিশ্ৰুতি, সংকল্প, সিদ্ধান্ত আৰু বিনিয়োগ বিশ্বব্যাপী প্ৰগতিৰ আধাৰ হৈ পৰিছে। বিশ্ব বিনিয়োগকাৰীসকলৰ মাজত ভাৰতৰ প্ৰতি বৰ্ধিত আগ্ৰহৰ দিশে আঙুলিয়াই প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ বিনিয়োগ-অনুকূল চাৰ্টাৰ সৃষ্টি, বিনিয়োগ নীতিত স্পষ্টতা অনা আৰু বিনিয়োগৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক নীতি আয়োগৰ শেহতীয়া বৈঠকত তেওঁৰ আহ্বানৰ বিষয়ে অৱগত কৰে। 

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ, কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল আৰু ভাৰতীয় উদ্যোগ পৰিষদৰ (চিআইআই) সভাপতি শ্ৰী সঞ্জীৱ পুৰী অনুষ্ঠানটোত উপস্থিত আছিল।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets His Highness Prince Rahim Aga Khan V, discusses Strengthening Partnership with Aga Khan Development Network
September 10, 2026

The Prime Minister, Shri Narendra Modi, met His Highness Prince Rahim Aga Khan V, the 50th Imam of the Ismaili Community in New Delhi. During the meeting, Shri Modi fondly recalled the late Aga Khan IV, father of His Highness Prince Rahim Aga Khan V, and his enduring contributions to development efforts.

The Prime Minister discussed ways to further strengthen the partnership with the Aga Khan Development Network in key areas, including healthcare, agriculture, rural development, youth empowerment and women empowerment.

In a post on X, Shri Modi said;

“Happy to meet His Highness Prince Rahim Aga Khan V. Fondly recalled his father, the late Aga Khan IV and his enduring contributions to development efforts.

Discussed ways to further strengthen our partnership with the Aga Khan Development Network in healthcare, agriculture, rural development, youth and women empowerment.

@akdn”