শ্ৰী নাৰায়ণ গুৰুৰ আদৰ্শ সমগ্ৰ মানৱজাতিৰ বাবে এক বৃহৎ সম্পদঃ প্ৰধানমন্ত্ৰী
ভাৰত বিশিষ্ট সাধু, ঋষি আৰু সমাজ সংস্কাৰকৰ দ্বাৰা আশীৰ্বাদপ্ৰাপ্ত, যিসকলে সমাজত ইতিবাচক পৰিৱৰ্তন সাধন কৰিছেঃ প্ৰধানমন্ত্ৰী
শ্ৰী নাৰায়ণ গুৰুৱে সকলো ধৰণৰ বৈষম্যমুক্ত এখন সমাজৰ কল্পনা কৰিছিল আৰু আজি দেশে সংপৃক্ত দৃষ্টিভংগী গ্ৰহণ কৰি বৈষম্যৰ প্ৰতিটো সম্ভাৱনা আঁতৰ কৰিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী
স্কিল ইণ্ডিয়াৰ দৰে অভিযানে যুৱক-যুৱতীসকলক শক্তিশালী কৰি তোলাৰ লগতে তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতক শক্তিশালী কৰিবলৈ আমি অৰ্থনৈতিক, সামাজিক তথা সামৰিক সকলো ক্ষেত্ৰতে নেতৃত্ব দিব লাগিব। আজি দেশ এই পথেৰে আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ দুজন সৰ্বশ্ৰেষ্ঠ আধ্যাত্মিক আৰু সুনীতিসম্পন্ন নেতা শ্ৰী নাৰায়ণ গুৰু তথা মহাত্মা গান্ধীৰ ঐতিহাসিক বাৰ্তালাপৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সশ্ৰদ্ধ শুভেচ্ছা জ্ঞাপন কৰি কয় যে আজি এই স্থান দেশৰ ইতিহাসত এক অভূতপূৰ্ব মুহূৰ্তৰ সাক্ষী হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই ঐতিহাসিক ঘটনাই স্বাধীনতা আন্দোলনক নতুন দিশ প্ৰদান কৰাৰ লগতে স্বাধীনতাৰ উদ্দেশ্য আৰু স্বাধীন ভাৰতৰ সপোনক দৃঢ় অৰ্থ প্ৰদান কৰিছিল। "১০০ বছৰ পূৰ্বৰ শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ মাজত হোৱা বৈঠক আজিও অনুপ্ৰেৰণামূলক আৰু প্ৰাসংগিক হৈ থকাৰ লগতে সামাজিক সম্প্ৰীতি তথা উন্নত ভাৰতৰ সামূহিক লক্ষ্যৰ বাবে শক্তিৰ এক শক্তিশালী উৎস হিচাপে পৰিগণিত হৈ আহিছে", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। এই ঐতিহাসিক অনুষ্ঠানত তেওঁ শ্ৰী নাৰায়ণ গুৰুৰ শ্ৰীচৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে।

শ্ৰীমোদীয়ে আশ্চৰ্য প্ৰকাশ কৰি কয় যে  "শ্ৰী নাৰায়ণ গুৰুৰ আদৰ্শ সমগ্ৰ মানৱতাৰ বাবে এক বৃহৎ সম্পদ"। তেওঁ লগতে দেশ আৰু সমাজৰ সেৱাৰ প্ৰতি দায়বদ্ধ লোকসকলৰ বাবে শ্ৰী নাৰায়ণ গুৰু পথ প্ৰদৰ্শকস্বৰূপ বুলিও উল্লেখ কৰে। তেওঁ সমাজৰ নিপীড়িত, শোষিত আৰু বঞ্চিত শ্ৰেণীৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক বজাই ৰাখিছিল। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে সম্প্ৰতি এই সম্প্ৰদায়সমূহৰ উন্নতিৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত তেওঁ গুৰুদেৱক স্মৰণ কৰে। বহু শতিকাৰ ঔপনিৱেশিক শাসনৰ জৰিয়তে সৃষ্ট প্ৰতিকূলতাৰ ফলত ১০০ বছৰ পূৰ্বৰ সামাজিক পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে সেই সময়ত জনসাধাৰণে প্ৰচলিত সামাজিক কু-আচৰণৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় কৰিছিল। শ্ৰী নাৰায়ণ গুৰু বিৰোধী আৰু প্ৰত্যাহ্বানৰ প্ৰতি নিৰ্ভীক আছিল বুলি তেওঁ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে শ্ৰী নাৰায়ণ গুৰুৰ দৃষ্টিভঙ্গী সত্য, সেৱা আৰু সদিচ্ছাৰ ওপৰত দৃঢ় বিশ্বাসৰ সৈতে সম্প্রীতি আৰু সমতাৰ ওপৰত নিৰ্ভৰ কৰিছিল। এই অনুপ্ৰেৰণাই আমাক 'সবকা সাথ, সবকা বিকাশ"ৰ পথ দেখুৱাইছে বুলি দৃঢ়তাৰে উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এই বিশ্বাসেই আমাক এনে এখন ভাৰত গঢ়ি তুলিবলৈ শক্তি প্ৰদান কৰে য' ত আটাইতকৈ প্ৰান্তীয় ব্যক্তিগৰাকীয়ে   সৰ্বোচ্চ অগ্ৰাধিকাৰ লাভ কৰে।

 

শিৱগিৰি মঠৰ সৈতে জড়িত জনসাধাৰণ আৰু সাধু-সন্তসকলে শ্ৰী নাৰায়ণ গুৰু আৰু মঠৰ ওপৰত তেওঁৰ গভীৰ আৰু অটল বিশ্বাসৰ বিষয়ে ভালদৰে অৱগত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ সদায়ে মঠৰ শ্রদ্ধেয় সাধু-সন্তসকলৰ মৰমেৰে আশীৰ্বাদপ্ৰাপ্ত হৈ আহিছে। তেওঁ কেদাৰনাথত ২০১৩ চনৰ প্ৰাকৃতিক দুৰ্যোগৰ কথা স্মৰণ কৰি কয় যে সেই দুৰ্যোগত শিৱগিৰি মঠৰ বহু লোক আৱদ্ধ হৈ পৰাত মঠটোৰ কৰ্তৃপক্ষই তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক আৱদ্ধ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল শ্ৰী মোদীয়ে উল্লেখ কৰে যে সংকটৰ সময়ত, মানুহে আত্মীয়সকল অৰ্থাৎ যিসকলৰ প্ৰতি একাত্মতা আৰু দায়িত্ববোধ অনুভৱ কৰা হয় তেওঁলোকৰ প্ৰতি মনোযোগ দিয়ে। তেওঁ মন্তব্য কৰে যে শিৱগিৰি মঠৰ সাধুসকলে প্ৰদৰ্শন কৰা আত্মীয়তা আৰু বিশ্বাসৰ ভাৱনাতকৈ ডাঙৰ আধ্যাত্মিক সন্তুষ্টি তেওঁৰ বাবে একো নাই।

কাশীৰ সৈতে তেওঁৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বৰকলা দীৰ্ঘদিন ধৰি দক্ষিণৰ কাশী হিচাপে পৰিগণিত হৈ আহিছে। তেওঁ দৃঢ়ভাৱে কয় যে কাশী উত্তৰ বা দক্ষিণ যিয়েই নহওক কিয়, তেওঁৰ বাবে প্ৰতিখন কাশী নিজৰ।

শ্ৰী মোদীয়ে কয় যে তেওঁ ভাৰতৰ আধ্যাত্মিক পৰম্পৰা আৰু ইয়াৰ ঋষি আৰু ধৰ্ম প্ৰচাৰকসকলৰ ঐতিহ্য ঘনিষ্ঠভাৱে বুজি পোৱা আৰু অনুভৱ কৰাৰ বাবে ভাগ্যৱান। তেওঁ উল্লেখ কৰে যে ভাৰতৰ এক অনন্য শক্তি হ’ল, যেতিয়াই ৰাষ্ট্ৰই অস্থিৰতাৰ সন্মুখীন হয়, তেতিয়াই দেশৰ কোনো এটা কোণৰ পৰা সমাজলৈ এক নতুন পথ দেখুৱাবলৈ এজন মহান ব্যক্তিত্বৰ উদ্ভৱ হয়। তেওঁ উল্লেখ কৰে যে কিছুমানে সমাজৰ আধ্যাত্মিক উত্থানৰ দিশত কাম কৰে, আনহাতে আন কিছুমানে সামাজিক সংস্কাৰক ত্বৰান্বিত কৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে শ্ৰী নাৰায়ণ গুৰু এনে এজন মহান সাধু আছিল। তেওঁ উল্লেখ কৰে যে তেওঁৰ 'নিভৃতি পঞ্চকম' আৰু 'আত্মোপদেশ শতকম'ৰ দৰে ৰচনাসমূহে অদ্বৈত তথা আধ্যাত্মিক অধ্যয়নৰ যিকোনো শিক্ষাৰ্থীৰ বাবে অত্যাৱশ্যকীয় পথ প্ৰদৰ্শক হিচাপে পৰিগণিত হৈছে।

 

শ্ৰী নাৰায়ণ গুৰুৰ মূল বিষয় যোগ, বেদান্ত, আধ্যাত্মিক অনুশীলন তথা মুক্তি বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে যে শ্ৰী নাৰায়ণ গুৰুৱে সামাজিক কু-আচৰণত আৱদ্ধ সমাজ এখনৰ আধ্যাত্মিক উন্নতি কেৱল ইয়াৰ সামাজিক প্ৰগতিৰ জৰিয়তেহে লাভ কৰিব পাৰি বুলি উপলব্ধি কৰিছিল। তেওঁ উল্লেখ কৰে যে শ্ৰী নাৰায়ণ গুৰুৱে আধ্যাত্মিকতাক সমাজ সংস্কাৰ আৰু জনকল্যাণৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিছিল। তেওঁ মন্তব্য কৰে যে গান্ধীজীয়েও শ্ৰী নাৰায়ণ গুৰুৰ প্ৰচেষ্টাৰ পৰা অনুপ্ৰেৰণা আৰু নিৰ্দেশনা লাভ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে পণ্ডিতসকলেও শ্ৰী নাৰায়ণ গুৰুৰ সৈতে হোৱা আলোচনাৰ পৰা লাভান্বিত হৈছিল।

ৰামানা মহৰ্ষীক শ্ৰী নাৰায়ণ গুৰুৰ আত্মোপদেশ শতকম আবৃত্তি কৰি শুনোৱা প্ৰসংগৰ এটা কাহিনী ভাগ বতৰা কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এয়া শুনি ৰামানা মহৰ্ষীয়ে মন্তব্য কৰিছিল যে "তেওঁ সকলো জানে"। বিদেশী আদৰ্শই ভাৰতৰ সভ্যতা, সংস্কৃতি আৰু দৰ্শনক দুৰ্বল কৰাৰ প্ৰচেষ্টা চলোৱাৰ সময়ছোৱাক প্ৰতিফলিত কৰি শ্ৰী নাৰায়ণ গুৰুৱে আমাক উপলব্ধি কৰাইছিল যে দোষটো আমাৰ মূল পৰম্পৰাত নাই, কিন্তু আমাৰ আধ্যাত্মিকতাক সঁচাকৈয়ে অন্তৰৰ পৰা উপলব্ধি কৰাৰ প্ৰয়োজন। তেওঁ কয় যে আমি প্ৰতিজন মানুহৰ মাজত নাৰায়ণ আৰু প্ৰতিটো জীৱৰ মাজত শিৱক দেখা জাতি। তেওঁ লগতে কয় যে আমি দ্বৈততাত অদ্বৈততা, বৈচিত্ৰ্যত একতা আৰু আনকি স্পষ্ট পাৰ্থক্যতো একতা অনুভৱ কৰোঁ।

 

সকলোৱে শ্ৰী নাৰায়ণ গুৰুৰ মন্ত্ৰ-'অৰু জাতি, অৰু মঠম, অৰু দৈৱম, মনুশ্যানুম', অৰ্থাৎ 'এক জাতি, এক ধৰ্ম, মানৱজাতিৰ বাবে এক ঈশ্বৰ' ৰ বিষয়ে অৱগত, যি সকলো মানৱতা আৰু সকলো জীৱৰ ঐক্য প্ৰতিফলিত কৰে তথা এই দৰ্শনে ভাৰতৰ সভ্যতাৰ নৈতিকতাৰ ভেটি গঠন কৰে বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে আজি ভাৰতে বিশ্ব কল্যাণৰ মনোভাৱেৰে এই দৰ্শনৰ সম্প্ৰসাৰণ কৰি আছে। শেহতীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ ওপৰত আলোকপাত কৰি আৰু এই বছৰৰ বিষয়বস্তু 'এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ' বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে ভাৰতে মানৱতাৰ কল্যাণৰ বাবে 'এক বিশ্ব, এক স্বাস্থ্য' ৰ দৰে আন্তৰ্জাতিক পদক্ষেপো আৰম্ভ কৰিছিল। তেওঁ উল্লেখ কৰে যে ভাৰতে এতিয়া 'এক সূৰ্য, এক পৃথিৱী, এক গ্ৰিড"ৰ দৰে বহনক্ষম উন্নয়নৰ দিশত বিশ্বজোৰা আন্দোলনৰ নেতৃত্ব দি আছে। ২০২৩ চনত জি-২০ সন্মিলনৰ ভাৰতৰ অধ্যক্ষতা কালৰ বিষয়বস্তু 'এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত' বুলি স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই প্ৰচেষ্টা 'বসুধৈৱ কুটুম্বকম' ৰ মনোভাৱত নিহিত আৰু শ্ৰী নাৰায়ণ গুৰুৰ দৰে সাধুসকলৰ দ্বাৰা অনুপ্ৰাণিত।

 

"শ্ৰী নাৰায়ণ গুৰুৱে বৈষম্যমুক্ত এখন সমাজৰ কল্পনা কৰিছিল আৰু আজি দেশে এক পৰিপূৰ্ণ দৃষ্টিভংগী অনুসৰণ কৰি বৈষম্যৰ প্ৰতিটো সম্ভাৱনা আঁতৰ কৰি আছে", শ্ৰী মোদীয়ে ব্যাখ্যা কৰে। তেওঁ জনসাধাৰণক বহু বছৰ পূৰ্বৰ পৰিস্থিতিৰ কথা সোঁৱৰাই কয় যে স্বাধীনতাৰ কেইবা দশকৰ পিছতো লাখ লাখ নাগৰিকে অত্যন্ত কঠিন পৰিস্থিতিত জীয়াই থাকিবলৈ বাধ্য হৈছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে লাখ লাখ পৰিয়ালৰ আশ্ৰয়ৰ অভাৱ হোৱাৰ লগতে অগণন গাঁৱত বিশুদ্ধ খোৱা পানীৰ সুবিধা নাছিল তথা স্বাস্থ্যসেৱাৰ অভাৱত সৰু সৰু ৰোগৰো চিকিৎসাও সম্ভৱ হোৱা নাছিল আৰু গুৰুতৰ ৰোগৰ ক্ষেত্ৰত জীৱন ৰক্ষা কৰাৰ কোনো উপায় নাছিল। তেওঁ কয় যে দলিত, জনজাতীয় তথা মহিলাসকলকে ধৰি লাখ লাখ দৰিদ্ৰ লোক মৌলিক মানৱ মৰ্য্যাদাৰ পৰা বঞ্চিত হৈ আছিল। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই অসুবিধাসমূহ প্ৰজন্মৰ পিছত প্ৰজন্ম অব্যাহত আছিল, যাৰ ফলত বহুতে উন্নত জীৱনৰ আশা ত্যাগ কৰিছিল। ইমান বৃহৎ জনসংখ্যাই দুখ আৰু হতাশাত জীয়াই থকাৰ সময়ত এখন ৰাষ্ট্ৰই কেনেদৰে প্ৰগতি লাভ কৰিব পাৰে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে তেওঁলোকৰ চৰকাৰে সহানুভূতিক নিজৰ চিন্তাধাৰাৰ এক কেন্দ্ৰীয় অংশ কৰি তোলাৰ লগতে সেৱাক নিজৰ লক্ষ্যলৈ ৰূপান্তৰিত কৰিছে। তেওঁ লগতে কয় যে ইয়াৰ ফলস্বৰূপে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাখ লাখ দৰিদ্ৰ, দলিত, দুখী, নিপীড়িত আৰু বঞ্চিত পৰিয়ালক স্থায়ী ঘৰ প্ৰদান কৰা হৈছে। তেওঁ প্ৰতিজন দৰিদ্ৰ নাগৰিকৰ বাবে এটা বাসগৃহ নিশ্চিত কৰাৰ চৰকাৰৰ লক্ষ্যৰ কথা দোহৰাৰ লগতে এই গৃহসমূহে কেৱল ইটা আৰু চিমেণ্টৰ গাঁথনি নহয় বৰঞ্চ সকলো প্ৰয়োজনীয় সা-সুবিধাৰে সজ্জিত এটা ঘৰৰ সম্পূৰ্ণ ধাৰণা প্ৰতিফলিত কৰে বুলি উল্লেখ কৰে। সেয়েহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা বাসগৃহসমূহত গেছ, বিদ্যুৎ আৰু অনাময় সুবিধা আছে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিটো ঘৰলৈ পৰিষ্কাৰ পানী প্ৰদান কৰা জল জীৱন মিছনৰ বিষয়ে আলোচনা কৰি কয় যে পূৰ্বে চৰকাৰী সেৱা উপলব্ধ নোহোৱা জনজাতীয় অঞ্চলসমূহতো এতিয়া উন্নয়ন নিশ্চিত হৈছে। তেওঁ লগতে কয় যে আটাইতকৈ প্রান্তিক জনজাতীয় সম্প্ৰদায়ৰ বাবে প্ৰধানমন্ত্ৰী জন মন যোজনা আৰম্ভ কৰা হোৱাৰ লগতে এই পদক্ষেপৰ ফলত বহুতো অঞ্চলত পৰিৱৰ্তন ঘটিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ইয়াৰ ফলস্বৰূপে সমাজৰ নিম্নতম স্তৰৰ লোকসকলেও নতুন আশা লাভ কৰিছে। "এই পদক্ষেপসমূহে কেৱল তেওঁলোকৰ জীৱন সলনি কৰাই নহয়, বৰং তেওঁলোকক ৰাষ্ট্ৰ নিৰ্মাণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সমৰ্থ কৰি তুলিছে", তেওঁ লগতে কয়। শ্ৰী নাৰায়ণ গুৰুৱে নিৰন্তৰভাৱে মহিলা সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আহিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ মহিলা নেতৃত্বাধীন উন্নয়নৰ মন্ত্ৰ লৈ অগ্ৰসৰ হৈছে। তেওঁ উল্লেখ কৰে যে স্বাধীনতাৰ কেইবা দশকৰ পাছতো ভাৰতৰ কেইবাটাও ক্ষেত্ৰত মহিলাসকলক প্ৰৱেশৰ পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল। তেওঁ দৃঢ়তাৰে কয় যে চৰকাৰে এই নিষেধাজ্ঞা আঁতৰাই মহিলাসকলক নতুন ক্ষেত্ৰত অধিকাৰ লাভ কৰিবলৈ সক্ষম কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে আজি ক্ৰীড়াৰ পৰা মহাকাশলৈ মহিলাসকলে প্ৰতিটো ক্ষেত্ৰতে দেশক গৌৰৱান্বিত কৰি তুলিছে। সমাজৰ প্ৰতিটো শ্ৰেণী আৰু খণ্ডই এতিয়া নতুন আত্মবিশ্বাসৰে উন্নত ভাৰতৰ সপোনত অৰিহণা যোগাইছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান, পৰিৱেশ অভিযান, অমৃত সৰোবৰ নিৰ্মাণ আৰু বাজৰা সজাগতা অভিযানৰ দৰে পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই প্ৰচেষ্টাবোৰ ১৪০ কোটি ভাৰতীয়ৰ শক্তিৰ দ্বাৰা চালিত জনসাধাৰণৰ অংশগ্ৰহণৰ মনোভাৱৰ জৰিয়তে ত্বৰান্বিত হৈছে।

শ্ৰী নাৰায়ণ গুৰুৰ 'শিক্ষাৰ জৰিয়তে প্ৰজ্ঞা, সংগঠনৰ জৰিয়তে শক্তি, আৰু উদ্যোগৰ জৰিয়তে সমৃদ্ধি' কালজয়ী দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে কয়, 'শ্ৰী নাৰায়ণ গুৰুৱে কেৱল এই দৃষ্টিভংগীক স্পষ্ট কৰাই নহয়, ইয়াক বাস্তৱায়িত কৰাৰ বাবে মূল প্ৰতিষ্ঠানসমূহৰ ভেটিও স্থাপন কৰিছিল'। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে শিৱগিৰিত গুৰুজীয়ে দেৱী সৰস্বতীৰ প্ৰতি উৎসৰ্গিত সাৰদা মঠ স্থাপন কৰিছিল। শিক্ষাক প্রান্তীয় লোকসকলৰ উত্থান আৰু মুক্তিৰ মাধ্যম কৰি তোলাৰ দৃষ্টিভংগী এই প্ৰতিষ্ঠানৰ জৰিয়তে প্ৰতিফলিত হোৱা বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। সমগ্ৰ দেশৰ অসংখ্য চহৰত মানৱতাৰ কল্যাণৰ বাবে সক্ৰিয়ভাৱে কাম কৰি থকা গুৰুদেৱ কেন্দ্ৰ আৰু শ্ৰী নাৰায়ণ সাংস্কৃতিক মিছনৰ জৰিয়তে গুৰুদেৱে আৰম্ভ কৰা প্ৰচেষ্টা সম্প্ৰসাৰিত হৈ আছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে সন্তুষ্টি প্ৰকাশ কৰে।

কেইবা দশকৰ পিছত এখন নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে "শিক্ষা, সংগঠন আৰু ঔদ্যোগিক প্ৰগতিৰ জৰিয়তে সমাজ কল্যাণৰ দৃষ্টিভংগী দেশৰ বৰ্তমানৰ নীতি আৰু সিদ্ধান্তসমূহত স্পষ্টভাৱে প্ৰতিফলিত হৈছে"। এই নীতিয়ে কেৱল আধুনিকীকৰণ আৰু শিক্ষাক অধিক অন্তৰ্ভুক্তিমূলক কৰাই নহয়, মাতৃভাষাত শিক্ষাৰো প্ৰসাৰ ঘটায়। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই পদক্ষেপৰ সৰ্বাধিক হিতাধিকাৰী হৈছে সমাজৰ বঞ্চিত আৰু প্রান্তীয় শ্ৰেণী। শ্ৰী মোদীয়ে উল্লেখ কৰে যে যোৱা দশকত সমগ্ৰ দেশতে স্থাপিত নতুন আই. আই. টি., আই. আই. এম. আৰু এইমছৰ সংখ্যাই স্বাধীনতাৰ পিছৰ প্ৰথম ৬০ বছৰত সৃষ্টি হোৱা মুঠ সংখ্যাক অতিক্ৰম কৰিছে। ফলস্বৰূপে, উচ্চ শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰ আৰু সুবিধাবঞ্চিত যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ মুকলি হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যোৱা ১০ বছৰত জনজাতীয় অঞ্চলত ৪০০ৰো অধিক একলব্য আৱাসিক বিদ্যালয় খোলা হৈছে। প্ৰজন্মৰ পিছত প্ৰজন্ম শিক্ষাৰ পৰা বঞ্চিত হৈ থকা জনজাতীয় সম্প্ৰদায়ৰ শিশুসকলে এতিয়া অগ্ৰগতি লাভ কৰা বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে শিক্ষাক প্ৰত্যক্ষভাৱে দক্ষতা আৰু সুযোগৰ সৈতে জড়িত কৰা হৈছে। স্কিল ইণ্ডিয়াৰ দৰে অভিযানসমূহে যুৱপ্ৰজন্মক আত্মনিৰ্ভৰশীল হবলৈ শক্তিশালী কৰি তুলিছে। দেশৰ ঔদ্যোগিক প্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে কয় যে ব্যক্তিগত খণ্ডৰ গুৰুত্বপূৰ্ণ সংস্কাৰ আৰু মুদ্ৰা যোজনা তথা ষ্টেণ্ড-আপ ইণ্ডিয়াৰ দৰে আঁচনিসমূহে দলিত, পিছপৰা শ্ৰেণী আৰু জনজাতীয় সম্প্ৰদায়ক সৰ্বাধিক লাভ প্ৰদান কৰিছে।

 

"শ্ৰী নাৰায়ণ গুৰুৱে এক শক্তিশালী আৰু সবল ভাৰতৰ কল্পনা কৰিছিল। এই দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ, ভাৰত অৰ্থনৈতিক, সামাজিক আৰু সামৰিক ক্ষেত্ৰত আগবাঢ়ি থাকিব লাগিব", প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে দেশখনে এই পথত নিৰন্তৰভাৱে আগবাঢ়িছে আৰু বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। অপাৰেচন সিন্দুৰে বিশ্ব পৰ্যায়ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় আৰু আপোচহীন নীতি স্পষ্টভাৱে প্ৰদৰ্শন কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে বিশ্বই শেহতীয়াকৈ ভাৰতৰ শক্তি প্ৰত্যক্ষ কৰিছে। ভাৰতীয় নাগৰিকৰ ৰক্তপাত কৰা সন্ত্ৰাসবাদীৰ বাবে কোনো আশ্ৰয় সুৰক্ষিত নহয় বুলি ভাৰতে স্পষ্ট কৰি দিয়াৰ কথা প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয়।।

"আজিৰ ভাৰতে কেৱল ৰাষ্ট্ৰীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি সিদ্ধান্ত লয়", শ্ৰী মোদীয়ে জোৰ দি কয় যে সামৰিক প্ৰয়োজনীয়তাৰ বাবে দেশৰ বিদেশী ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীলতা ক্ৰমান্বয়ে হ্ৰাস পাইছে। তেওঁ উল্লেখ কৰে যে প্ৰতিৰক্ষা খণ্ডত ভাৰত আত্মনিৰ্ভৰশীল হৈ উঠিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অপাৰেচন সিন্দুৰৰ সময়ত এই পৰিৱৰ্তন স্পষ্টভাৱে স্পষ্ট হৈছিল, যত ভাৰতীয় বাহিনীয়ে ঘৰুৱাভাৱে নিৰ্মিত অস্ত্ৰ ব্যৱহাৰ কৰি ২২ মিনিটৰ ভিতৰত শত্ৰুক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিছিল। আগন্তুক সময়ত ভাৰতত নিৰ্মিত অস্ত্ৰসমূহে বিশ্বব্যাপী স্বীকৃতি আৰু প্ৰশংসা লাভ কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

 

দেশৰ আকাংক্ষা পূৰণ কৰিবলৈ শ্ৰী নাৰায়ণ গুৰুৰ শিক্ষা প্ৰতিজন নাগৰিকৰ ওচৰলৈ লৈ যোৱাটো জৰুৰী বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে এই দিশত সক্ৰিয়ভাৱে কাম কৰি আছে। তেওঁ উল্লেখ কৰে যে শ্ৰী নাৰায়ণ গুৰুৰ জীৱনৰ সৈতে জড়িত তীৰ্থস্থানসমূহক সংযোগ কৰিবলৈ শিৱগিৰি চাৰ্কিটৰ উন্নয়ন চলি আছে। শ্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে শ্ৰী নাৰায়ণ গুৰুৰ আশীৰ্বাদ আৰু শিক্ষাই অমৃত কালৰ জৰিয়তে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন অব্যাহত ৰাখিব। তেওঁ দৃঢ়তাৰে কয় যে একেলগে ভাৰতৰ জনসাধাৰণে এখন উন্নত ৰাষ্ট্ৰৰ সপোন বাস্তৱায়িত কৰিব। তেওঁৰ মন্তব্যৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীয়ে শিৱগিৰি মঠৰ সকলো সাধু-সন্তলৈ পুনৰ শ্ৰদ্ধা নিবেদন কৰি শ্ৰী নাৰায়ণ গুৰুৰ আশীৰ্বাদ সকলোৰে সৈতে থাকক বুলি কামনা কৰে।

 

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা আৰু মীনপালন, পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী জৰ্জ কুৰিয়েন, শ্ৰী নাৰায়ণ ধৰ্ম সংঘম ট্ৰাষ্টৰ শ্রদ্ধেয় সাধু-সন্তসকলৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল এই অনুষ্ঠানত উপস্থিত থাকে।

পটভূমি

ভাৰতৰ দুজন সৰ্বশ্ৰেষ্ঠ আধ্যাত্মিক আৰু সুনীতিসম্পন্ন নেতা শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ মাজৰ ঐতিহাসিক কথোপকথন ১৯২৫ চনৰ ১২ মাৰ্চত মহাত্মা গান্ধীৰ ভ্ৰমণৰ সময়ত শিৱগিৰি মঠত অনুষ্ঠিত হৈছিল আৰু ই ভাইকম সত্যাগ্ৰহ, ধৰ্মীয় পৰিৱৰ্তন, অহিংসা, অস্পৃশ্যতা নিৰ্মূল, মুক্তি লাভ, নিপীড়িতসকলৰ উত্থান আদি বিষয়ত কেন্দ্ৰীভূত আছিল।

 

শ্ৰী নাৰায়ণ ধৰ্ম সংঘম ট্ৰাষ্টৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত আধ্যাত্মিক নেতা আৰু অন্যান্য সদস্যসকল ভাৰতৰ সামাজিক আৰু নৈতিক গাঁথনিৰ সংৰচনা অব্যাহত ৰখা ভৱিষ্যদৰ্শী আলোচনাৰ বিষয়ে প্ৰতিফলিত কৰিবলৈ আৰু স্মৰণ কৰিবলৈ একত্ৰিত হ’ব। ই শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধী দুয়োৰে সামাজিক ন্যায়, একতা আৰু আধ্যাত্মিক সম্প্ৰীতিৰ অংশীদাৰী দৃষ্টিভংগীৰ প্ৰতি এক শক্তিশালী শ্ৰদ্ধাঞ্জলি হিচাপে পৰিগণিত।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s maternal mortality drops nearly 80% since 1990: Global study

Media Coverage

India’s maternal mortality drops nearly 80% since 1990: Global study
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মাৰ্চ 2026
March 29, 2026

Citizens Praise PM Modi for The Visionary Shift: Empowering Every Citizen in an Uncertain World