প্ৰয়াত শ্ৰী অৰবিন্দ ভাই মফতলালৰ সন্মানাৰ্থে স্মৃতি ষ্টাম্প মুকলি
“চিত্ৰকূটলৈ অহাটো মোৰ বাবে অপৰিসীম সুখৰ বিষয়”
“চিত্ৰকূটৰ মহিমা আৰু গুৰুত্ব সন্তসকলৰ কৰ্মৰ দ্বাৰা চিৰন্তন”
“আমাৰ দেশ কেইবাজনো মহাপুৰুষৰ ভূমি, যিসকলে নিজৰ ব্যক্তিগত স্বাৰ্থক অতিক্ৰম কৰি বৃহত্তৰ মংগলৰ প্ৰতি দায়বদ্ধ আছিল”
“নিজৰ সফলতা বা ধন-সম্পত্তি ৰক্ষাৰ আটাইতকৈ ফলপ্ৰসূ উপায় হ’ল ত্যাগ”
“অৰবিন্দ ভাইৰ কৰ্ম আৰু ব্যক্তিত্বৰ বিষয়ে জানিব পৰাৰ লগে লগে তেওঁৰ মিছনৰ বাবে মই এক আৱেগিক সংযোগ গঢ়ি তুলিলোঁ”
শ্ৰী অৰবিন্দ ভাই মফতলাল স্বাধীনোত্তৰ ভাৰতৰ অন্যতম আগশাৰীৰ উদ্যোগী আছিল, যিয়ে দেশৰ বৃদ্ধিৰ কাহিনীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

আজি মধ্যপ্ৰদেশৰ চিত্ৰকূটত প্ৰয়াত শ্ৰী অৰবিন্দ ভাই মফতলালৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। শ্ৰী সাধগুৰু সেৱা সংঘ ট্ৰাষ্ট ১৯৬৮ চনত পৰম পূজ্য ৰাঞ্চোদাসজী মহাৰাজে প্ৰতিষ্ঠা কৰিছিল। পৰম পূজ্য ৰাঞ্চোদাসজী মহাৰাজৰ পৰা অনুপ্ৰাণিত হৈ শ্ৰী অৰবিন্দ ভাই মফতলালে ট্ৰাষ্ট প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শ্ৰী অৰবিন্দ ভাই মফতলাল স্বাধীনোত্তৰ ভাৰতৰ অন্যতম আগশাৰীৰ উদ্যোগী আছিলযিয়ে দেশৰ বৃদ্ধিৰ কাহিনীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে সন্তসকলে চিত্ৰকূটৰ ঐশ্বৰিক ভূমিক ভগৱান ৰামদেৱী সীতা আৰু ভগৱান লক্ষ্মণৰ বাসস্থান বুলি উল্লেখ কৰিছে। শ্ৰী মোদীয়ে কিছু সময়ৰ পূৰ্বে শ্ৰী ৰঘুবীৰ মন্দিৰ আৰু শ্ৰী ৰাম জানকী মন্দিৰত দৰ্শন আৰু পূজা কৰাৰ কথা উল্লেখ কৰে। হেলিকপ্টাৰেৰে চিত্ৰকূটলৈ যাওঁতে কামাতগিৰি পৰ্বতক শ্ৰদ্ধা জনোৱাৰ কথাও কয় আৰু পৰম পূজ্য ৰাঞ্চোদাসজী মহাৰাজৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰী ৰাম আৰু জানকীৰ দৰ্শনসন্তসকলৰ পথ প্ৰদৰ্শন আৰু শ্ৰী ৰাম সংস্কৃত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই উপলক্ষে কৰা উল্লেখযোগ্য প্ৰদৰ্শনৰ বাবে অপৰিসীম সন্তুষ্টি প্ৰকাশ কৰি কয় যে এই অভিজ্ঞতাৰ আনন্দ বৰ্ণনাতীত। তেওঁ সকলো নিপীড়িতবঞ্চিতআদিবাসী আৰু দৰিদ্ৰৰ হৈ প্ৰয়াত অৰবিন্দ ভাই মফতলালৰ শতবাৰ্ষিকী উদযাপনৰ আয়োজন কৰাৰ বাবে শ্ৰী সাধগুৰু সেৱা সংঘ ন্যাসক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী মোদীয়ে আত্মবিশ্বাস ব্যক্ত কৰে যে জানকীকুণ্ড চিকিৎশালয়ৰ নতুনকৈ উদ্বোধন হোৱা শাখাই লাখ লাখ দৰিদ্ৰক নতুন জীৱন প্ৰদান কৰিব আৰু অনাগত সময়ত দুখীয়াৰ সেৱাৰ প্ৰক্ৰিয়া অধিক সুচল হব। তেওঁ প্ৰয়াত শ্ৰী অৰবিন্দ ভাই মফতলালৰ সন্মানাৰ্থে এটি স্মাৰক ষ্টাম্প মুকলি কৰাৰ কথাও উল্লেখ কৰে যিটো অপৰিসীম সন্তুষ্টি আৰু গৌৰৱৰ মুহূৰ্ত।

 

প্ৰধানমন্ত্ৰীয়ে শ্ৰী অৰবিন্দ মফতলালৰ কাম-কাজ পৰিয়ালে আগুৱাই লৈ যোৱাত সুখ প্ৰকাশ কৰে। বিভিন্ন বিকল্প থকাৰ পাছতো চিত্ৰকূটক শতবাৰ্ষিকীৰ স্থান হিচাপে বাছি লোৱাত প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে সন্তসকলৰ কৰ্মেৰে চিৰন্তন কৰি তোলা চিত্ৰকূটৰ গৌৰৱ আৰু গুৰুত্বৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে পৰম পূজ্য ৰাঞ্চোদাসজী মহাৰাজৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁৰ ব্যক্তিগত জীৱনৰ প্ৰেৰণা স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে পৰম পূজ্য ৰাঞ্চোদাসজী মহাৰাজৰ যশস্বী যাত্ৰাৰ কথাও স্মৰণ কৰে। সাত দশকৰ আগতে যেতিয়া অঞ্চলটো প্ৰায় সম্পূৰ্ণৰূপে অৰণ্যৰে আবৃত হৈ আছিলসেই সময়ত তেওঁৰ সমাজসেৱাৰ উচ্চ স্বৰূপৰ বিষয়ে তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে পৰম পূজ্য ৰাঞ্চোদাসজী মহাৰাজে বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল যিবোৰে আজিও মানৱতাৰ সেৱা আগবঢ়াই আছে। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত পৰম পূজ্য ৰাঞ্চোদাসজী মহাৰাজৰ কৰ্মৰাজিও মনত পৰে। আমাৰ জাতিৰ গুণেই এনে মহান আত্মাৰ জন্ম দিয়ে যিয়ে নিজস্বতাৰ বাহিৰলৈ গৈ সাৰ্বজনীন হয়”, প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।

শ্ৰী মোদীয়ে পৰম পূজ্য ৰাঞ্চোদাসজী মহাৰাজৰ নিৰ্দেশনাত নিজৰ জীৱন উচৰ্গা কৰি সেৱাৰ সংকল্প হিচাপে গঢ়ি তোলাত অৰবিন্দ মফতলালৰ জীৱনক সন্তসকলৰ সংগ গৌৰৱৰ উদাহৰণ হিচাপে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমি এই উপলক্ষে অৰবিন্দ ভাইৰ প্ৰেৰণা গ্ৰহণ কৰা উচিত। অৰবিন্দ ভাইৰ নিষ্ঠা আৰু প্ৰতিভাক স্মৰণ কৰি তেওঁ কয় যে তেওঁৱেই দেশৰ প্ৰথমটো পেট্ৰকেমিকেল প্ৰকল্প প্ৰতিষ্ঠা কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে উদ্যোগ আৰু কৃষিক্ষেত্ৰত তেওঁৰ অৱদানৰ ওপৰত আলোকপাত কৰে। প্ৰয়াত শ্ৰী মফতলালে পৰম্পৰাগত বস্ত্ৰ উদ্যোগৰ গৌৰৱ পুনৰুজ্জীৱিত কৰাত মুখ্য ভূমিকা পালন কৰিছিল আৰু তেওঁৰ অৱদানৰ বাবে তেওঁ বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছিল।

 

বলিদানেই হৈছে নিজৰ সফলতা বা ধন-সম্পত্তি সংৰক্ষণৰ আটাইতকৈ ফলপ্ৰসূ উপায়”, প্ৰধানমন্ত্ৰীয়ে অৰবিন্দ ভাই মফতলালে ইয়াক এক মিছন কৰি গোটেই জীৱন কাম কৰা বুলি জোৰ দি কয়। তেওঁ আলোকপাত কৰি কয় যে শ্ৰী সদগুৰু সেৱা ট্ৰাষ্টমফতলাল ফাউণ্ডেশ্যনৰঘুবীৰ মন্দিৰ ট্ৰাষ্টশ্ৰী ৰামদাস হনুমান জী ট্ৰাষ্টজে জে গ্ৰুপ অৱ হস্পিতালঅন্ধ লোকৰ সংস্থাচাৰু তাৰা আৰোগ্য মণ্ডলৰ দৰে বহু প্ৰতিষ্ঠানে একে নীতিৰে কাম কৰি আছে আৰু সেৱাৰ আদৰ্শ আগবঢ়াইছে। তেওঁ শ্ৰী ৰঘুবীৰ মন্দিৰৰ কথা উল্লেখ কৰে যত লাখ লাখ লোকক খাদ্য পৰিবেশন কৰা হয় আৰু লাখ লাখ সাধুৰ বাবে মাহিলী ৰেচনৰ ব্যৱস্থা কৰা হয়। তেওঁ হাজাৰ হাজাৰ শিশুক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত গুৰুকুলৰ অৱদানৰ লগতে জানকী চিকিৎসালয়ত লাখ লাখ ৰোগীৰ চিকিৎসাৰ বিষয়েও কয়। এয়া ভাৰতৰ শক্তিৰ প্ৰমাণ যিয়ে অক্লান্তভাৱে কাম কৰিবলৈ শক্তি প্ৰদান কৰে”, শ্ৰী মোদীয়ে কয়। তেওঁ গ্ৰাম্য উদ্যোগ খণ্ডত মহিলাসকলক প্ৰদান কৰা প্ৰশিক্ষণৰ ওপৰতো আলোকপাত কৰে।

দেশ-বিদেশৰ শীৰ্ষ চকু চিকিৎসালয়ৰ ভিতৰত সাধগুৰু নেত্ৰ চিকিৎসালয় অন্তৰ্ভুক্ত হোৱাত প্ৰধানমন্ত্ৰীয়ে সুখ প্ৰকাশ কৰি ১২খন বিছনাযুক্ত চিকিৎসালয়ৰ পৰা প্ৰতি বছৰে ১৫ লাখ ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে। কাশীত সংস্থাটোৱে চলোৱা সুস্থ দৃষ্টি সমৃদ্ধ কাশী অভিযান সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে বাৰাণসী আৰু ইয়াৰ আশে-পাশে ৬ লাখৰো অধিক লোকৰ দুৱাৰে দুৱাৰে স্ক্ৰীনিং কৰাৰ লগতে অস্ত্ৰোপচাৰ আৰু চকুৰ শিবিৰ ভ্ৰমণৰ ব্যৱস্থা কৰা হয়। এই সুযোগতে শ্ৰী মোদীয়ে সাধগুৰু নেত্ৰ চিকিৎসালয়ক চিকিৎসাৰ সুবিধা গ্ৰহণ কৰা সকলোৰে হৈ ধন্যবাদ জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে সেৱাৰ বাবে সম্পদ গুৰুত্বপূৰ্ণ যদিও নিষ্ঠা সৰ্বোচ্চ। তেওঁ শ্ৰী অৰবিন্দৰ মাটিত কাম কৰাৰ গুণগত মানৰ কথা মনত পেলাই ভিলোডা আৰু দহোদৰ জনজাতীয় বেল্টৰ বাবে কৰা কামৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে সেৱাৰ প্ৰতি থকা উৎসাহ আৰু নম্ৰতাৰ কথাও বৰ্ণনা কৰে। তেওঁৰ কাম আৰু ব্যক্তিত্বৰ বিষয়ে জানিব পৰাৰ লগে লগে তেওঁৰ মিছনৰ বাবে মই এক আৱেগিক সংযোগ গঢ়ি তুলিলোঁ”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে চিত্ৰকূট নানাজী দেশমুখৰ কৰ্মক্ষেত্ৰ আৰু জনজাতীয় সমাজ সেৱাৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টাও সকলোৰে বাবে এক বৃহৎ প্ৰেৰণা বুলি আলোকপাত কৰে। তেওঁ সেই আদৰ্শক অনুসৰণ কৰি জনজাতীয় সমাজৰ কল্যাণৰ বাবে ব্যাপক প্ৰচেষ্টা চলাইছে বুলি গুৰুত্ব আৰোপ কৰি ভগৱান বীৰছা মুণ্ডাৰ জন্ম জয়ন্তীত জন জাতীয় গৌৰৱ দিৱস পালন কৰাৰ কথা উল্লেখ কৰে। জনজাতি সমাজৰ অৱদান আৰু ঐতিহ্যক মহিমামণ্ডিত কৰিবলৈ জনজাতীয় সংগ্ৰহালয়ৰ বিকাশজনজাতীয় শিশুৰ শিক্ষাৰ বাবে একলব্য আৱাসিক বিদ্যালয়বন সম্পদ আইনৰ দৰে নীতিগত সিদ্ধান্তৰ বিষয়েও তেওঁ কয়। জনজাতীয় সমাজখনক আকোৱালি লোৱা ভগৱান শ্ৰীৰামৰ আশীৰ্বাদো আমাৰ এই প্ৰচেষ্টাৰ সৈতে জড়িত। এই আশীৰ্বাদে আমাক সুষম আৰু উন্নত ভাৰতৰ লক্ষ্যৰ দিশে পথ প্ৰদৰ্শন কৰিব”, তেওঁ সামৰণি মাৰে।

 

এই উপলক্ষে মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰীযুত মংগুভাই পেটেলমধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীযুত শিৱৰাজ সিং চৌহানসদগুৰু সেৱা সংঘ ট্ৰাষ্টৰ অধ্যক্ষ শ্ৰী বিশদ পি মফতলাল আৰু শ্ৰী ৰঘুবীৰ মন্দিৰ ট্ৰাষ্টৰ ট্ৰাষ্টী শ্ৰী ৰূপল মফতলাল উপস্থিত থাকে।

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Synergy of steel & software: How Indian Railways got on the digital track

Media Coverage

Synergy of steel & software: How Indian Railways got on the digital track
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights youth-led development and India's thriving innovation ecosystem
June 13, 2026
PM emphasizes the remarkable contributions of Yuva Shakti across diverse sectors and their growing impact on the global stage

Prime Minister Shri Narendra Modi today stated that the Government is strongly working towards youth-led development. He noted that one of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Shri Modi highlighted that through initiatives such as Startup India, Digital India, Skill India, and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship, and enterprise. The Prime Minister pointed out that today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti, and that too from smaller towns and villages.

The Prime Minister observed that India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors, and drones. He expressed that it is heartening to see young Indians contributing to areas that will shape the future of the nation and the world.
Shri Modi emphasized that our youth have also brought immense glory to the nation in the field of sports, consistently enhancing national pride in numerous international competitions. He further stated that a stronger sporting ecosystem, better infrastructure, and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

In a series of posts on X, the Prime Minister shared:

"The NDA Government is one that is strongly working towards youth-led development. One of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Through initiatives such as Startup India, Digital India, Skill India and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship and enterprise.

Today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti and that too from smaller towns and villages.

#12YearsOfYuvaShakti”

“India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors and drones. It is heartening to see young Indians contributing to areas that will shape the future of our nation and the world.

Our youth have also brought immense glory to the nation in the field of sports. In numerous international competitions, young Indian athletes have consistently enhanced national pride.
At the same time, a stronger sporting ecosystem, better infrastructure and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

#12YearsOfYuvaShakti"