“বহু যুগৰ ধৈৰ্য্য, অপৰিসীম ত্যাগ আৰু তপস্যাৰ অন্তত আমাৰ শ্ৰীৰাম ইয়াত দৃশ্যমান হৈছে”
“২০২৪ৰ ২২ জানুৱাৰী কেলেণ্ডাৰৰ কেৱল তাৰিখেই নহয়, বৰঞ্চ এয়া এক নতুন ‘কাল চক্ৰ’ৰ আৰম্ভণি”
‘ন্যায়ৰ মৰ্য্যাদা ৰক্ষাৰ বাবে ভাৰতীয় ন্যায়পালিকাক ধন্যবাদ জনাইছোঁ। ন্যায়ৰ প্ৰতিমূৰ্তি ভগৱান ৰামৰ মন্দিৰটো ন্যায়সংগতভাৱে নিৰ্মাণ কৰা হৈছে”
“মোৰ ১১ দিনীয়া উপবাস আৰু ৰীতি-নীতি পালনৰ সময়ছোৱাত শ্ৰীৰামৰেসংযোগ থকাস্থানসমূহদৰ্শনৰ প্ৰয়াস কৰিছিলোঁ”
“সাগৰৰপৰা সৰ্যু নৈলৈকে ৰাম নামৰ একে উৎসৱমুখৰ পৰিবেশ সকলোতে বিদ্যমান”
“ৰাম কথা অসীম আৰু ৰামায়ণো অন্তহীন। ৰামৰ আদৰ্শ, প্ৰমূল্যবোধ আৰু শিক্ষা সকলোতে একক”
“এয়া ৰামৰ ৰূপত ৰাষ্ট্ৰীয় চেতনাৰ মন্দিৰ। ভগৱান ৰাম ভাৰতৰ বিশ্বাস, ভেটি, ধাৰণা, আইন, চেতনা, চিন্তা, প্ৰতিপত্তি আৰু গৌৰৱৰ বিষয়”
“মই এক নিৰ্মল হৃদয়েৰে অনুভৱ কৰোঁ যে সময়ৰ চক্ৰ সলনি হৈ আছে। আমাৰ প্ৰজন্ম এই জটিল পথৰ পথিক হোৱাটো এক সুখৰ কাকতালীয়ঘটনা”
“আমি আগন্তুক এহেজাৰ বছৰৰ বাবে ভাৰতৰ ভেটি স্থাপন কৰিব লাগিব”
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ অযোধ্যাত নৱ-নিৰ্মিত শ্ৰী ৰাম জন্মভূমি মন্দিৰত শ্ৰী ৰামলালাৰ প্ৰাণ-প্ৰতিষ্ঠা (অভিষেক) সমাৰোহত অংশগ্ৰহণ কৰে। ইয়াত শ্ৰী মোদীয়ে শ্ৰী ৰাম জনমভূমি মন্দিৰ নিৰ্মাণত অৰিহণা যোগোৱা শ্ৰমজীৱীসকলৰ সৈতে মত-বিনিময় কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটো দেখাত পলম হোৱাৰ বাবে প্ৰভু শ্ৰীৰামৰ ওচৰত ক্ষমা বিচাৰি কয় যে আজি সেই শূন্যতা পূৰণ হৈছে, নিশ্চয় শ্ৰীৰামে আমাক ক্ষমা কৰিব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ ন্যায়পালিকাক “ন্যায়ৰ মৰ্য্যাদা অক্ষত ৰখাৰ বাবে ধন্যবাদ জনায়। ন্যায়ৰ মূৰ্ত ৰূপ, শ্ৰীৰামৰ মন্দিৰটো ন্যায়সংগত উপায়েৰে নিৰ্মাণ কৰা হৈছে”, তেখেতে কয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ অযোধ্যাত নৱ-নিৰ্মিত শ্ৰী ৰাম জন্মভূমি মন্দিৰত শ্ৰী ৰামলালাৰ প্ৰাণ-প্ৰতিষ্ঠা (অভিষেক) সমাৰোহত অংশগ্ৰহণ কৰে। ইয়াত শ্ৰী মোদীয়ে শ্ৰী ৰাম জনমভূমি মন্দিৰ নিৰ্মাণত অৰিহণা যোগোৱা শ্ৰমজীৱীসকলৰ সৈতে মত-বিনিময় কৰে।
 

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অৱশেষত,কেইবা শতিকাৰ পাছত আমাৰ ৰাম মূৰ্ত হৈ উঠিছে। “বহু যুগৰ ধৈৰ্য্য, অপৰিসীম ত্যাগ আৰু তপস্যাৰ অন্তত আমাৰ শ্ৰীৰাম ইয়াত দৃশ্যমান হৈছে”, প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কৈ নাগৰিকসমাজক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ‘গৰ্ভ গৃহ’ৰ ভিতৰত বিৰাজমান ঐশ্বৰিক চেতনাৰঅনুভৱভাষাৰেবৰ্ণাব নোৱাৰি আৰু তেওঁৰ শৰীৰ শক্তিৰে স্পন্দনশীল আৰু মন প্ৰাণ-প্ৰতিষ্ঠাৰ মুহূৰ্তত মগ্ন। “আমাৰ ৰাম লালাই আৰু তম্বুত বাস নকৰে। এই ঐশ্বৰিক মন্দিৰ এতিয়াৰেপৰা তেওঁৰেইগৃহ হ’ব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ পৰিঘটনাসমূহ সমগ্ৰ দেশ আৰু বিশ্বৰ ৰাম ভক্তসকলে অনুভৱ কৰিব পাৰিছে বুলি বিশ্বাস আৰু শ্ৰদ্ধা প্ৰকাশেৰে এইদৰে কয়। “এই মুহূৰ্তটো অলৌকিক আৰু পবিত্ৰ, ইয়াৰ পৰিবেশ আৰু শক্তিয়ে আমাৰ ওপৰত ভগৱান ৰামৰ আশীৰ্বাদৰ ইংগিত বহন কৰিছে”, শ্ৰী মোদীয়ে কয়। তেখেতে কয় যে ২২ জানুৱাৰীৰ পুৱাৰ সূৰ্য্যই এক নতুন আভা প্ৰদান কৰিছে। “২০২৪ৰ ২২ জানুৱাৰী কেলেণ্ডাৰৰ কেৱল তাৰিখেই নহয়, বৰঞ্চ এয়া এক নতুন ‘কাল চক্ৰ’ৰ আৰম্ভণি”, এইদৰে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যেইয়াৰ ‘ভূমি পূজন’ৰ পিছৰেপৰা সমগ্ৰ ৰাষ্ট্ৰখনতএক আনন্দময় আৰু উৎসৱমুখৰ আৱেগ অহৰহভাৱে বৃদ্ধি পাইছিল।ইয়াৰ উন্নয়নমূলক কামৰ অগ্ৰগতিৰ ফলত নাগৰিকসকলৰ মাজত নতুন শক্তিৰ সঞ্চাৰ ঘটিছিল। “আজি আমি বহু শতিকাজোৰা ধৈৰ্য্যৰ ফল লাভ কৰিছোঁ, আজি আমি শ্ৰীৰামৰ মন্দিৰ প্ৰত্যক্ষ কৰিছোঁ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতেউল্লেখ কৰে যে দাসত্বৰ মানসিকতাৰ শিকলি ছিঙি অতীতৰ অভিজ্ঞতাৰপৰা প্ৰেৰণা লভাৰাষ্ট্ৰই ইতিহাস লিখে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজিৰ তাৰিখটো সম্পৰ্কে এতিয়াৰেপৰা কেইবা হাজাৰ বছৰৰ পাছত আলোচনা কৰা হ’ব আৰু ভগৱান ৰামৰ আশীৰ্বাদতেই আমি এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত সমবেত হৈছোঁহি। “দিন, দিশ, আকাশ আৰু সকলো আজি ঐশ্বৰিকতাৰে পৰিপূৰ্ণ হৈউঠিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এয়া সাধাৰণ সময়কাল নহয়, বৰঞ্চ সময়ৰ বালিত খোদিত হৈ ৰোৱা এক অমলিন স্মৃতি পথ। 
 

শ্ৰীৰামৰ প্ৰতিটো কাৰ্য্যতে শ্ৰী হনুমানৰ উপস্থিতিৰ কথা ব্য়ক্তকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰী হনুমান আৰু হনুমান গঢ়ীক প্ৰণাম জনায়। লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন আৰু মাতা জানকীকো প্ৰণাম কৰে। এই অনুষ্ঠানটোত এইসকল ঐশ্বৰিক সত্তাৰ উপস্থিতি স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটো দেখাত পলম হোৱাৰ বাবে প্ৰভু শ্ৰীৰামৰ ওচৰত ক্ষমা বিচাৰি কয় যে আজি সেই শূন্যতা পূৰণ হৈছে, নিশ্চয় শ্ৰীৰামে আমাক ক্ষমা কৰিব। 

 

‘ত্ৰেতা যুগ’ত শ্ৰীৰামৰ আগমনৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই সময়ত অযোধ্যাই নিশ্চয় অনুভৱ কৰা সুখৰ কথা স্মৰণ কৰে। “তাৰ পাছত শ্ৰীৰাম ১৪ বছৰেনোহোৱা হৈ পৰিছিল আৰু তেতিয়াও ইমানেই অসহ্যকৰ আছিল। এই যুগত অযোধ্যা আৰু দেশবাসীয়ে শ-শ বছৰৰ বিচ্ছিন্নতা ভোগ কৰিছে”, তেখেতে কয়। শ্ৰী মোদীয়ে আৰু কয়, সংবিধানৰ মূল কপিত শ্ৰীৰামৰবিদ্যমানতাৰ পিছতো, স্বাধীনতাৰ পিছত দীৰ্ঘদিনীয়া আইনী যুঁজ চলিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ ন্যায়পালিকাক “ন্যায়ৰ মৰ্য্যাদা অক্ষত ৰখাৰ বাবে ধন্যবাদ জনায়। ন্যায়ৰ মূৰ্ত ৰূপ, শ্ৰীৰামৰ মন্দিৰটো ন্যায়সংগত উপায়েৰে নিৰ্মাণ কৰা হৈছে”, তেখেতে কয়। 
 

প্ৰধানমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, সৰু-সৰু গাঁওসমূহকে প্ৰমুখ্য কৰি সমগ্ৰ ৰাষ্ট্ৰৰমঠ-মন্দিৰত স্বচ্ছতা অভিযান অব্যাহত আছে। “আজি সমগ্ৰ ৰাষ্ট্ৰখনে দীপাৱলী উদযাপন কৰিছে। প্ৰতি ঘৰগৃহস্থীয়ে সন্ধিয়া ‘ৰাম জ্যোতি’ৰেচৌপাশ পোহৰাই তুলিবলৈ সাজু হৈছে”, শ্ৰী মোদীয়ে কয়। কালি ৰাম সেতুৰ আৰম্ভণি বিন্দু অৰিচাল মুনাই ভ্ৰমণৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সেই মুহূৰ্তটোয়েই কাল চক্ৰৰ পৰিৱৰ্তন ঘটালে। সেই মুহূৰ্তৰ স্মৃতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ এই মুহূৰ্তই সময়ৰ বৃত্ত সলনি কৰি আগবাঢ়ি যাব। শ্ৰী মোদীয়ে জনাই যে তেখেতৰ ১১ দিনীয়া উপবাসৰ সময়ত তেখেতে ভগৱান ৰামৰেসংযোগ থকা সকলো স্থানত উপস্থিত হৈসেৱা জনোৱাৰ চেষ্টা কৰিছিল। নাছিকৰ পঞ্চৱতী ধাম, কেৰালাৰ থ্ৰিপ্ৰয়াৰ মন্দিৰ, অন্ধ্ৰপ্ৰদেশৰ লেপাক্ষী, শ্ৰীৰংগামৰ শ্ৰী ৰংগনাথস্বামী মন্দিৰ, ৰামেশ্বৰমৰ শ্ৰী ৰামনাথস্বামী মন্দিৰ আৰু ধনুষকোডীৰ কথা উল্লেখৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সাগৰৰপৰা সৰ্জু নদীলৈ বিৰাজ কৰা পৰিবেশৰ বাবে ৰাইজক কৃতজ্ঞতা জনায়। “সাগৰৰপৰা সৰ্যু নৈলৈকে ৰাম নামৰ একে উৎসৱমুখৰ পৰিবেশ সকলোতে বিদ্যমান”, তেখেতে আৰু কয়, “ভাৰতৰ আত্মাৰ প্ৰতিটো বিন্দুৰ সৈতে ভগৱান ৰাম সংযুক্ত। ৰামেভাৰতীয়ৰ হৃদয়ত বাস কৰে।” তেখেতে আৰু কয় যে ভাৰতৰ সকলো স্থানতে, সকলোৰে বিবেকত একতাৰ অনুভূতি বিৰাজমান আৰু ইয়াতকৈ সামূহিকতাৰ নিখুঁত সূত্ৰ থাকিব নোৱাৰে। 

 

বহু ভাষাত শ্ৰী ৰামৰ কাহিনী শুনাৰ অভিজ্ঞতা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পৰম্পৰা, উৎসৱ সকলোতে ৰাম বিৰাজমান। “প্ৰতিটো যুগতে মানুহে ৰামক জীয়াই ৰাখিছে। তেওঁলোকে নিজৰ শৈলী আৰু কথাৰে ৰামক প্ৰকাশ কৰিছে। এই ‘ৰাম ৰস’ জীৱনৰ সোঁতৰ দৰে অবিৰতভাৱে বৈ আছে। ৰাম কাহিনী অসীম আৰু ৰামায়ণো অন্তহীন। ৰামৰ আদৰ্শ, প্ৰমূল্যবোধ আৰু শিক্ষা সকলোতে একক।” 
 

আজিৰ দিনটো বাস্তৱ কৰি তোলা জনসাধাৰণৰ ত্যাগৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। তেখেতে সন্ত, কৰ সেৱক আৰু ৰাম ভক্তসকললৈ শ্ৰদ্ধাঞ্জলি জনায়।
 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আজিৰ এই অনুষ্ঠান কেৱল উদযাপনৰ মুহূৰ্তই নহয়, বৰঞ্চ একে সময়তে এয়া ভাৰতীয় সমাজৰ পৰিপক্কতা উপলব্ধিৰ মুহূৰ্তও। আমাৰ বাবে এয়া কেৱল বিজয়ৰ উপলক্ষ নহয়, নম্ৰতাও ইয়াত আছে।” ইতিহাসৰ ব্যাখ্যাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে এখনৰাষ্ট্ৰৰ ইতিহাসৰ সৈতে সংগ্ৰামৰ ফলাফল খুব কমেইহে সন্তোষজনক হয়। “তথাপিও”, তেখেতে কয়, “আমাৰ দেশে যি গুৰুত্ব আৰু সংবেদনশীলতাৰে ইতিহাসৰ এই পৃষ্ঠাটোৰচনা কৰিছে, সি আমাৰ ভৱিষ্যৎ, আমাৰ অতীততকৈয়ো যে বহু বেছি সুন্দৰ হ’বলৈ আগবাঢ়িছে, তাৰেই প্ৰতিফলন ঘটাইছে।” বিনাশকৰকথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনে লোকে আমাৰ সামাজিক নীতি-নিয়ম, ধৰ্মপৰায়ণতাক উপলব্ধি কৰিব পৰা নাছিল। “ৰামলালাৰ এই মন্দিৰ নিৰ্মাণ ভাৰতীয় সমাজৰ শান্তি, ধৈৰ্য্য, পাৰস্পৰিক সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীকো। আমি দেখিবলৈ পাইছোঁ যে এই নিৰ্মাণে কোনো অসন্তোষৰসূচনা কৰা নাই, শক্তিৰহেসঞ্চাৰ কৰিছে। ৰাম মন্দিৰে সমাজৰ প্ৰতিটো শ্ৰেণীকেএটি উজ্জ্বল ভৱিষ্যতৰ পথত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাইছে।” তেখেতে আৰু কয়, “ৰাম অগ্নি নহয়, তেওঁ শক্তি, তেওঁ সংঘাত নহয় তেওঁ সমাধান, ৰাম কেৱল আমাৰ নহয় সকলোৰে, ৰাম কেৱল মূৰ্ত নহয়, তেওঁনিৰাকাৰো।” 

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰাণ-প্ৰতিষ্ঠাৰ সৈতে সমগ্ৰ বিশ্ব সংযুক্ত হৈ আছে। তেখেতে কয় যে এনেধৰণৰ উদযাপন বহু দেশতে দেখা পোৱা গৈছে আৰু অযোধ্যা উৎসৱ ৰামায়ণৰ বিশ্ব পৰম্পৰাৰ উদযাপনলৈ পৰিণত হৈছে। “ৰাম লালাৰ প্ৰতিপত্তি ‘বসুধৈৱ কুটুম্বকম’ৰ ধাৰণাৰে সংপৃক্ত”, তেখেতে লগতে কয়।
 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া কেৱল শ্ৰীৰামৰ মূৰ্তিৰ প্ৰাণ-প্ৰতিষ্ঠা অনুষ্ঠানেই নহয়, বৰঞ্চ শ্ৰীৰামৰ ৰূপত প্ৰকাশ পোৱা ভাৰতীয় সংস্কৃতিৰ প্ৰতি অটল বিশ্বাসৰ প্ৰতিফলনো। তেখেতে কয় যে সেয়াই হৈছে মানৱীয় প্ৰমূল্যবোধ আৰু সৰ্বোচ্চ আদৰ্শৰ মূৰ্ত ৰূপ, যি সমগ্ৰ বিশ্বৰ বাবেআৱশ্যকীয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সকলোৰে কল্যাণ সাধনৰ সংকল্পই আজি ৰাম মন্দিৰৰ ৰূপ লৈছে আৰু এয়া কেৱল মন্দিৰ নহয়, বৰঞ্চ ভাৰতৰ দৃষ্টিভংগী, দৰ্শনআৰু মাৰ্গ। “এয়া ৰামৰ ৰূপত ৰাষ্ট্ৰীয় চেতনাৰ মন্দিৰ। ভগৱান ৰাম ভাৰতৰ বিশ্বাস, ভেটি, ধাৰণা, আইন, চেতনা, চিন্তা, প্ৰতিপত্তি আৰু গৌৰৱৰ উৎস। ৰাম হৈছে প্ৰবাহ, ৰাম হৈছে প্ৰভাৱ। ৰাম হৈছে নীতি। ৰাম চিৰন্তন। ৰাম হৈছে ধাৰাবাহিকতা। ৰাম হৈছে বিভূ। ৰাম সৰ্বব্যাপী, জগত, বিশ্বজনীন আত্মা”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে কয় যে ভগৱান ৰামৰ প্ৰাণ-প্ৰতিষ্ঠাৰ প্ৰভাৱ হাজাৰ-হাজাৰ বছৰ ধৰি অনুভূত হ’ব। মহৰ্ষি বাল্মিকীৰ উদ্ধৃতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰামে দহ হাজাৰ বছৰ ৰাজ্য শাসন কৰিছিল, যি কাৰ্য্যই হাজাৰ-হাজাৰ বছৰ ধৰি ৰামৰাজ্য প্ৰতিষ্ঠাৰ ইংগিত বহন কৰে। “ত্ৰেতাযুগত ৰামৰআবিৰ্ভাৱ হওঁতে হাজাৰ-হাজাৰ বছৰ ধৰি ৰামৰাজ্য প্ৰতিষ্ঠা হৈছিল। হাজাৰ-হাজাৰ বছৰ ধৰি ৰামে বিশ্বক পথ প্ৰদৰ্শন কৰিছিল”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়। 
 

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিজন ৰাম ভক্তক এই বিশাল ৰাম মন্দিৰ বাস্তৱায়িত হোৱাৰ পিছত আগন্তুক পথৰ বিষয়ে অৱগত কৰে। “মই এক নিৰ্মল হৃদয়েৰে অনুভৱ কৰোঁ যে সময়ৰ চক্ৰ সলনি হৈ আছে। আমাৰ প্ৰজন্ম এই জটিল পথৰ পথিক হোৱাটো এক সুখৰ কাকতালীয়ঘটনা”, এইদৰে উল্লেখেৰে প্ৰধানমন্ত্ৰী মোদীয়ে সাম্প্ৰতিক যুগৰ গুৰুত্বৰ ওপৰত আলোকপাতেৰে তেখেতৰ কথা ‘য়াহি সময় হায় সাহি সময় হায়’, অৰ্থাৎএই সময়, সঠিক সময় বুলি পুনৰ উল্লেখ কৰে। “আগন্তুক এহেজাৰ বছৰৰ বাবে আমি ভাৰতৰ ভেটি স্থাপন কৰিব লাগিব। এই মন্দিৰৰপৰাই,এই মুহূৰ্তৰপৰাই এতিয়া আমি সকলো দেশবাসীয়ে এখনি শক্তিশালী, সক্ষম, বিশাল আৰু ঐশ্বৰিক ভাৰত গঢ়াৰ সংকল্প গ্ৰহণ কৰোঁ আহক”, প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক এই আহ্বান জনায়। ইয়াৰ বাবে তেখেতে কয় যে ৰাষ্ট্ৰৰ বিবেকত ৰামৰ আদৰ্শৰ সংপৃক্তি গুৰুত্বপূৰ্ণ। 
 

প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক দেৱৰপৰা দেশলৈ, ৰামৰপৰা ৰাষ্ট্ৰলৈ - দেৱতাৰ পৰা ৰাষ্ট্ৰলৈ চেতনা বিস্তাৰ কৰিবলৈ কয়। শ্ৰী হনুমানৰ সেৱা, ভক্তি আৰু নিষ্ঠাৰপৰা শিকিবলৈ কয়। “প্ৰতিজন ভাৰতীয়ৰ এই ভক্তি, সেৱা আৰু নিষ্ঠাৰ অনুভূতিসমূহ এক সক্ষম, বিশাল আৰু ঐশ্বৰিক ভাৰতৰ ভিত্তি হৈ পৰিব”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে প্ৰতিজন ভাৰতীয়ৰ হৃদয়লৈ ‘ৰাম আহিব’ বুলি মাতা শ্বাব্ৰীৰ আস্থাৰ আঁৰৰ মনোভাৱেই হ’ব বিশাল, সক্ষম আৰু ঐশ্বৰিক ভাৰতৰ ভিত্তি। নিশাদ্ৰজৰ প্ৰতি ৰামৰ প্ৰীতিৰ গভীৰতা আৰু মৌলিকতাৰ কথা প্ৰত্যক্ষ কৰিলে দেখা যায় যে সকলো এক আৰু এই একতা আৰু সংহতিৰ অনুভূতিয়েই হ’ব সক্ষম, মহা আৰু ঐশ্বৰিক ভাৰতৰ ভিত্তি।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি দেশত হতাশাৰ কোনো স্থান নাই।কেৰ্কেটুৱাৰসাধুটোৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে নিজকে সৰু আৰু সাধাৰণ বুলি ভবাসকলে কেৰ্কেটুৱাৰকাহিনীটো মনত ৰাখিব লাগিব আৰু যিকোনো দ্বিধাবোধৰপৰা মুক্ত হ’ব লাগিব। তেখেতে উল্লেখ কৰে যে সৰু বা সূক্ষ্ম প্ৰতিটো প্ৰচেষ্টাৰেই শক্তি আৰু অৱদান থাকে। “সবকা প্ৰয়াসৰ আত্মাই এখনি শক্তিশালী, সক্ষম, মহা আৰু ঐশ্বৰিক ভাৰতৰ আধাৰ হৈ পৰিব। আৰু এয়াই হৈছে ভগৱানৰপৰা দেশৰ চেতনা আৰু ৰামৰপৰা ৰাষ্ট্ৰীয় চেতনাৰ সম্প্ৰসাৰণ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
 

বিশাল জ্ঞান আৰু অপৰিসীম ক্ষমতাৰ অধিকাৰী, লংকাৰ শাসক ৰাৱণৰ সৈতে যুঁজি নিজৰ আগতীয়া পৰাজয়ৰ কথা জনা জটায়ুৰ সততাৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনে কৰ্তব্যৰ শিখৰত উপনীত হোৱাটোয়েই হৈছে এখনি সক্ষম আৰু ঐশ্বৰিক ভাৰতৰ ভিত্তি। শ্ৰী মোদীয়ে জীৱনৰ প্ৰতিটো মুহূৰ্ত ৰাষ্ট্ৰ-নিৰ্মাণৰ বাবে উৎসৰ্গা কৰাৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰদানেৰে কয়, “ৰামৰ কাম, ৰাষ্ট্ৰৰ কাম, সময়ৰ প্ৰতিটো মুহূৰ্তত শৰীৰৰ প্ৰতিটো কণাই ৰামৰ সমৰ্পিততাক ৰাষ্ট্ৰখনৰ প্ৰতি সমৰ্পিততাৰ লক্ষ্যৰে সংযুক্ত কৰিব।“

 

আত্মৰ বাহিৰলৈ যোৱাৰ ধাৰণাটোসুদৃঢ়কৰণৰ কথা উল্লেখেৰেপ্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ ভগৱান ৰামৰ পূজা ‘মই’ৰপৰা ‘আমি’লৈকে সমগ্ৰ সৃষ্টিৰ বাবে হ’ব লাগে। আমাৰ প্ৰচেষ্টা এখনি বিকশিত ভাৰত গঢ়াৰ বাবে উৎসৰ্গিত হ’ব লাগে বুলিও তেখেতে কয়। 
 

অব্যাহত অমৃত কাল আৰু যুৱ সমাজৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰখনৰ বিকাশৰ বাবে এই কাৰকসমূহৰ নিখুঁত সংমিশ্ৰণৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে যুৱ প্ৰজন্মক তেওঁলোকৰ শক্তিশালী ঐতিহ্যৰ কথা মনত ৰাখি, আত্মবিশ্বাসেৰে আগবাঢ়ি যাবলৈ কয়। “পৰম্পৰাৰ বিশুদ্ধতা আৰু আধুনিকতাৰ অসীমতা উভয়ৰে পথ অনুসৰণেৰে ভাৰত সমৃদ্ধিৰ লক্ষ্যত উপনীত হ’ব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। 

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই বিশাল ৰাম মন্দিৰ ভৱিষ্যতে সফলতা আৰু সাফল্য লাভৰ বাবে উৎসৰ্গিত তথা ভাৰতৰ প্ৰগতি আৰু উত্থানৰ সাক্ষী হৈ ৰ’ব। “এখনি বিকশিত ভাৰতৰ উত্থানৰ সাক্ষী হ’ব এই বিশাল ৰাম মন্দিৰ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে  কয় যে যদিহে ন্যায্যভাৱে আৰু সামূহিক তথা সংগঠিত ক্ষমতাৰে এটা লক্ষ্য নিৰ্ধাৰণ কৰা হয়, তেন্তে সেই লক্ষ্যত উপনীত হ’ব পাৰি। “এয়া ভাৰতৰ সময় আৰু ভাৰত আগবাঢ়ি যাবলৈ ওলাইছে। যুগ-যুগ ধৰি অপেক্ষাৰ অন্তত আমি ইয়াত সমবেত হৈছোঁ। আমি সকলোয়ে এই যুগ, এই সময়ছোৱাৰ বাবে অপেক্ষা কৰি আছিলোঁ। এতিয়া আৰু আমি নৰওঁ। আমি উন্নয়নৰ শিখৰত উপনীত হ’ম”, এইদৰে কৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাম লালাৰ শ্ৰীচৰণত প্ৰণাম আৰু সকলোকে আন্তৰিক শুভেচ্ছা জনাই তেখেতৰ ভাষণৰ সামৰণি মাৰে।
 

এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ-সংঘচালকশ্ৰী মোহন ভাগৱত আৰু শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ অধ্যক্ষ শ্ৰী নৃত্য গোপাল দাসকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে। 

 

পটভূমি
 

এই ঐতিহাসিক প্ৰাণ-প্ৰতিষ্ঠা সমাৰোহত দেশৰ সকলো প্ৰধান আধ্যাত্মিক আৰু ধৰ্মীয় সমাজৰ প্ৰতিনিধি আৰু ভিন্ন জনজাতীয় সমাজৰ প্ৰতিনিধিসকলকে প্ৰমুখ্য কৰি সৰ্বস্তৰৰ লোকে অংশগ্ৰহণ কৰে।
পৰম্পৰাগত নাগৰ শৈলীৰেএই বিশাল শ্ৰী ৰাম জনমভূমি মন্দিৰভাগি নিৰ্মাণ কৰা হৈছে। ইয়াৰ দৈৰ্ঘ্য (পূব-পশ্চিম) ৩৮০ ফুট; প্ৰস্থ ২৫০ ফুট আৰু উচ্চতা ১৬১ ফুট; ইয়াৰ মুঠ ৩৯২টা খুঁটা আৰু ৪৪ খন দুৱাৰ আছে। মন্দিৰৰ খুঁটা আৰু দেৱালত হিন্দু দেৱ-দেৱীসকলৰ ভাস্কৰ্য্য খোদিত কৰা হৈছে। তলৰ মহলাত থকা মূল মন্দিৰত ভগৱান শ্ৰীৰাম (শ্ৰী ৰামলালাৰ মূৰ্তি)ৰ শৈশৱৰ ৰূপ স্থাপন কৰা হৈছে।
 

মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ পূব দিশত অৱস্থিত, ইয়ালৈ সিংহ দ্বাৰেদি ৩২টা চিৰি বগাই যাব পাৰি। মন্দিৰৰ মুঠ পাঁচটা মণ্ডপ (হল) - নৃত্য মণ্ডপ, ৰং মণ্ডপ, সভা মণ্ডপ, প্ৰাৰ্থনা মণ্ডপ আৰু কীৰ্তন মণ্ডপ। মন্দিৰৰ ওচৰতে প্ৰাচীন যুগৰ এটা ঐতিহাসিক কুঁৱা (সীতা কুপ) আছে। মন্দিৰ প্ৰাংগনৰ দক্ষিণ-পশ্চিম অংশত কুবেৰ টিলাত ভগৱান শিৱৰ প্ৰাচীন মন্দিৰটি পুনৰ নিৰ্মাণ কৰা হৈছে, লগতে জটায়ুৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।

 

মন্দিৰৰ ভেটিটো ১৪ মিটাৰ ডাঠ ৰুলাৰ-কম্পেক্টেড কংক্ৰিটৰ (RCC) তৰপেৰে স্থাপন কৰা হৈছে। ইয়াৰ জৰিয়তে ভেটিটোক কৃত্ৰিম শিলৰ ৰূপ দিয়া হৈছে। মন্দিৰভাগিৰ ক’তো লোহাৰ ব্যৱহাৰ কৰা হোৱা নাই। মাটিৰ আৰ্দ্ৰতাৰপৰা সুৰক্ষাৰ বাবে গ্ৰেনাইট ব্যৱহাৰেৰে ২১ ফুট উচ্চতাৰ প্লিন্থ নিৰ্মাণ কৰা হৈছে। মন্দিৰ প্ৰাংগনত নলা পৰিশোধন প্ৰকল্প, পানী পৰিশোধন প্ৰকল্প, অগ্নি সুৰক্ষাৰ বাবে পানী যোগান আৰু স্বতন্ত্ৰ বিদ্যুৎ কেন্দ্ৰ আছে। দেশৰ পৰম্পৰাগত আৰু থলুৱা প্ৰযুক্তি ব্যৱহাৰেৰে মন্দিৰভাগি নিৰ্মাণ কৰা হৈছে। 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha

Media Coverage

Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses delight as Sarnath is inscribed on the UNESCO World Heritage List
July 25, 2026

Prime Minister Shri Narendra Modi today expressed that it is a proud moment for every Indian, sharing his delight that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

He noted that Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

Shri Modi highlighted that this recognition celebrates India’s profound civilisational and spiritual heritage. The Prime Minister observed that it will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

In a post on X, the Prime Minister shared:

 "A proud moment for every Indian!

Delighted that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

This recognition celebrates India’s profound civilisational and spiritual heritage. It will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

@UNESCO"