প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিউয়ৰ্কৰ লং আইলেণ্ডত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ৰ এক বৃহৎ সমাৱেশক সম্বোধন কৰে। ১৫,০০০ৰো অধিক লোক অনুষ্ঠানটোত উপস্থিত থাকে।
 

প্ৰধানমন্ত্ৰীক ভাৰতীয় সম্প্ৰদায়ে ব্যাপক উৎসাহ উদ্দীপনাৰে আদৰণি জনায়। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক ভাৰতীয় আমেৰিকান সম্প্ৰদায়ৰ দ্বাৰা গভীৰভাৱে সমৃদ্ধ, ই দুয়োখন মহান গণতন্ত্ৰৰ মাজত সম্পৰ্ক গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। প্ৰধানমন্ত্ৰীয়ে আগদিনা ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে ডেলাৱেৰত থকা তেওঁৰ বাসভৱনত অনুষ্ঠিত বৈঠকৰ বিষয়েও কয়। এই বিশেষ সদভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতীয় সম্প্ৰদায়ে গঢ়ি তোলা বিশ্বাসৰ সেঁতু প্ৰতিফলিত কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত সম্পৰ্কত তেওঁৰ দৃষ্টিভংগীৰ বিষয়ে কয়। তেওঁ উল্লেখ কৰে যে মানৱ ইতিহাসৰ সৰ্ববৃহৎ গণতান্ত্ৰিক অনুশীলনে তেওঁক এক ঐতিহাসিক তৃতীয় কাৰ্যকাল প্ৰদান কৰিছে, য'ত তেওঁ অধিক নিষ্ঠাৰে ভাৰতৰ প্ৰগতিৰ বাবে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ বিগত দশকত ভাৰতৰ ব্যাপক পৰিৱৰ্তনৰ কথা উল্লেখ কৰে- পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি সৃষ্টিৰ পৰা ২৫০ নিযুত লোকক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত কৰা, ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু দশম সৰ্ববৃহৎ অৰ্থনীতিৰ পৰা পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিত পৰিণত হোৱা আৰু এতিয়া বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ লক্ষ্যত উপনীত হোৱা।

 

প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ বাবে সংস্কাৰ সাধনৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে। তেওঁ উদ্ভাৱন, উদ্যোগ, ষ্টাৰ্ট-আপ, বিত্তীয় অন্তৰ্ভুক্তি আৰু ডিজিটেল সশক্তিকৰণৰ দ্বাৰা বিকাশ আৰু সমৃদ্ধি বৃদ্ধিৰ সৈতে দেশত নতুন সজীৱতাৰ কথা উল্লেখ কৰে। তেওঁ মহিলাৰ নেতৃত্বত বিকাশ আৰু সেউজ পৰিৱৰ্তনৰ তৃণমূল পৰ্যায়ত পৰিৱৰ্তনশীল প্ৰভাৱৰ ওপৰত আলোকপাত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বজুৰি বিকাশ, সমৃদ্ধি, শান্তি আৰু নিৰাপত্তা, জলবায়ু পৰিৱৰ্তন কাৰ্য, উদ্ভাৱন, যোগান আৰু মূল্য শৃংখলা আৰু বিশ্বজুৰি দক্ষতাৰ ব্যৱধান পূৰণৰ ক্ষেত্ৰত ভাৰতৰ অৱদান গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় যে আজি বিশ্বৰ পৰিপ্ৰেক্ষাত ভাৰতৰ কণ্ঠস্বৰ গভীৰ আৰু উচ্চস্বৰত প্ৰতিধ্বনিত হৈছে।
প্ৰধানমন্ত্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত দুটা নতুন ভাৰতীয় বাণিজ্য দূতাবাস বষ্টন আৰু লছ এঞ্জেলছত মুকলি কৰাৰ বিষয়ে ঘোষণা কৰে। তদুপৰি হিউষ্টন বিশ্ববিদ্যালয়ত তামিল অধ্যয়নৰ বাবে এজন থিৰুভাল্লুভাৰ আসনৰ বিষয়েও তেওঁ ঘোষণা কৰে। এই পদক্ষেপবোৰে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত থকা প্ৰবাসী ভাৰতীয়সকলৰ মাজৰ সেঁতুখন অধিক শক্তিশালী কৰিব। তেওঁ আশা ব্যক্ত কৰে যে প্ৰবাসী ভাৰতীয়সকলে ইয়াৰ শক্তিশালী স্থিতিৰে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A Milestone in Financial Inclusion: The Success Story of PMSBY

Media Coverage

A Milestone in Financial Inclusion: The Success Story of PMSBY
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মে’ 2026
May 09, 2026

Citizens Celebrate India’s Civilisational & Economic Awakening Under PM Narendra Modi