Baba Saheb Ambedkar had a universal vision: PM Modi
Baba Saheb Ambedkar gave a strong foundation to independent India so the nation could move forward while strengthening its democratic heritage: PM
We have to give opportunities to the youth according to their potential. Our efforts towards this is the only tribute to Baba Saheb Ambedkar: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ সংস্থাৰ ৯৫তম বাৰ্ষিক অধিৱেশন আৰু উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় ছেমিনাৰত ভাষণ প্ৰদান কৰে৷ তাতে তেওঁ বাবাচাহেব বিষয়ক চাৰিখন গ্ৰন্থও উন্মোচন কৰে৷ এই গ্ৰন্থকেইখন ৰচনা কৰিছে শ্ৰী কিশোৰ মাকৱানাই৷ অনুষ্ঠানটোত গুজৰাটৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীও উপস্থিত আছিল৷ অনুষ্ঠানটোৰ উদ্যোক্তা আছিল আহমেদাবাদৰ ড০ বাবাচাহেব আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়৷

প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞ দেশবাসীৰ হৈ ভাৰতৰত্ন বাবাচাহেব ড০ আম্বেদকাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু কয় যে ভাৰতৰ স্বাধীনতাৰ অমৃত উৎসৱৰ সময়ছোৱাতে তেওঁৰ এই জয়ন্তী পালন কৰা হৈছে৷

ভাৰতক গণতন্ত্ৰৰ মাতৃ বুলি আখ্যা দি ই আমাৰ সভ্যতা তথা আমাৰ জীৱনৰ এক অনবদ্য অংশ বুলি শ্ৰী মোদীয়ে মন্তব্য কৰে৷ বাবাচাহেবে ভাৰতীয় গণতন্ত্ৰৰ ঐতিহ্য শক্তিশালী কৰি তোলাৰ দিশত শক্তিশালী ভেঁটি স্থাপন কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷ 

বাবাচাহেবৰ দৰ্শনৰ বিশয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ড০ আম্বেদকাৰে জ্ঞান, আত্মসন্মান আৰু বিনয়তাক তেওঁৰ আদৰ্শ হিচাপে জ্ঞান কৰিছিল৷

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিজন শিক্ষাৰ্থীৰে নিজা সামৰ্থ আছে৷ এই সামৰ্থই শিক্ষক আৰু শিক্ষাৰ্থীৰ সন্মুখত তিনিটা প্ৰশ্নৰ উত্থাপন কৰে৷ প্ৰথমটো হ’ল- তেওঁলোকে কি কৰিব পাৰে? দ্বিতীয়তে তেওঁৰ সামৰ্থ কিমান? আৰু তৃতীয়তে তেওঁলোকে কি কৰিবলৈ বিচাৰে? প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ’ল শিক্ষাৰ্থীসকলৰ আত্ম শক্তি৷ যদি এই আত্ম শক্তিত আনুষ্ঠানিক শক্তি সংযোজিত কৰা হয় তেন্তে ই আৰু অধিক সম্প্ৰসাৰিত হ’ব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে এনইপিয়ে ড০ ৰাধাকৃষ্ণণৰ সপোন বাস্তৱায়িত কৰাৰ দিশত অগ্ৰসৰ হৈছে৷

আত্মনিৰ্ভৰ ভাৰতৰ বাবে দক্ষতাৰ চাহিদা বৃদ্ধি হোৱা সন্দৰ্ভত মতপোষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ভৱিষ্যতমুখী কৃত্ৰিম বুদ্ধিমত্তা, ইণ্টাৰনেট অব্ থিংছ, বিগ ডাটা, ত্ৰিমাত্ৰিক চিত্ৰ, ভাৰ্চুৱেল ৰিয়েলিটী আৰু ৰবটিকছ, ম’বাইল প্ৰযুক্তি, জিঅ’ ইনফৰ্মেটিকছ, স্মাৰ্ট স্বাস্থ্য সেৱাৰ ওপৰত গুৰুত্ব দিছে৷ এই দক্ষতাসমূহ গঢ়ি তুলিবলৈ দেশ ডাঙৰ ডাঙৰ চহৰসমূহত ইণ্ডিয়ান ইনষ্টিটিউট অব্ স্কিলছ্ স্থাপন কৰা হৈছে৷

শ্ৰী মোদীয়ে বাবাচাহেবৰ সম অধিকাৰ আৰু সম মৰ্যাদাৰ বীক্ষণৰ ওপৰতো আলোকপাত কৰে৷ জনধন, জল জীৱন অভিযান, বিনামূলীয়া ঘৰ, বিনামূলীয়া বিদ্যুৎ আঁচনিসমূহৰ দ্বাৰা নাগৰিকৰ সন্মানৰ উত্তৰণ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷  

প্ৰধানমন্ত্ৰীয়ে শ্ৰী কিশোৰ মাকৱানাৰ দ্বাৰা ৰচিত চাৰিখন গ্ৰন্থ উন্মোচন কৰে৷ গ্ৰন্থকেইখন হ’ল-

১) ড০ আম্বেদাকৰ জীৱন দৰ্শন

২) ড০ আম্বেদকাৰ ব্যক্তি দৰ্শন

৩) ড০ আম্বেদকাৰ ৰাষ্ট্ৰ দৰ্শন আৰু

৪) ড) অম্বেদকাৰ আয়ম দৰ্শন

 

প্ৰধানমন্ত্ৰীয়ে কয় যে উক্ত গ্ৰন্থকেইখনে আধুনিক ক্লাছিকৰ মৰ্যাদা লাভ কৰাৰ লগতে বাবাচাহেবৰ বিশ্বজনীন বীক্ষণো প্ৰতিফলিত কৰি তুলিছে৷

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt

Media Coverage

Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister inaugurates Namo Hospital at Daman
June 05, 2026

Prime Minister Shri Narendra Modi today inaugurated the Namo Hospital at Daman. He stated that this is in line with the ongoing efforts towards providing quality health treatment to the people, noting that the hospital features modern facilities and will go a long way in addressing the healthcare needs of the Union Territory and surrounding areas.

The Prime Minister posted on X:

"In line with our efforts towards providing quality health treatment to the people, the Namo Hospital at Daman was inaugurated. It has modern facilities and will go a long way in addressing the healthcare needs of the Union Territory and surrounding areas."