‘উত্তৰ প্ৰদেশ গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩’-ৰ ‘চতুৰ্থ গুৰুত্বপূৰ্ণ অনুষ্ঠান’ত উত্তৰ প্ৰদেশত ১০লাখ কোটি টকাৰো অধিক মূল্যৰ ১৪০০০ প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে
"উত্তৰ প্ৰদেশৰ ‘ডাবল ইঞ্জিন’ চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন সহজ কৰি তুলিবলৈ দিনে-ৰাতিয়ে কাম কৰি আছে"
"যোৱা ৭টা বছৰত উত্তৰ প্ৰদেশত ব্যৱসায়, বিকাশ আৰু বিশ্বাসৰ পৰিৱেশ সৃষ্টি হৈছে"
"ডাবল ইঞ্জিন’ চৰকাৰে দেখুৱাইছে যে যদি পৰিৱৰ্তনৰ প্ৰকৃত অভিপ্ৰায় থাকে তেন্তে কোনেও ইয়াক বন্ধ কৰিব নোৱাৰে"
"ভাৰতৰ প্ৰতি বিশ্ব জুৰি অভূতপূৰ্ব ইতিবাচকতা দেখিবলৈ পোৱা গৈছে"
"আমি উত্তৰ প্ৰদেশত স্বাচ্ছন্দ্যৰে জীৱন ধাৰণ আৰু স্বাচ্ছন্দ্যৰে ব্যৱসায় কৰাৰ ক্ষেত্ৰত সমান গুৰুত্ব আৰোপ কৰিছো"
প্ৰকল্পসমূহ উৎপাদন, নৱীকৰণযোগ্য শক্তি, তথ্য প্ৰযুক্তি আৰু আইটিইএছ, খাদ্য সংসাধন, গৃহ নিৰ্মাণ আৰু ‘ৰিয়েল এষ্টেট’, আতিথ্য আৰু মনোৰঞ্জন, আৰু শিক্ষাৰ দৰে খণ্ডৰ সৈতে সম্পৰ্কিত।
উন্নয়নমূলক প্ৰকল্পসমূহৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই উত্তৰ প্ৰদেশৰ চেহেৰা সলনি কৰি দিব আৰু ইয়াৰ বাবে বিনিয়োগকাৰীসকলৰ লগতে যুৱপ্ৰজন্মকো অভিনন্দন জ্ঞাপন কৰে।
ৰাজ্যখনত নদী জলপথৰ সদ্ব্যৱহাৰৰ কথা দোহাৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনত সংযোগ আৰু ভ্ৰমণ স্বাচ্ছন্দ্যপূৰ্ণ কৰি তোলাৰ বাবে প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত ‘বিকশিত ভাৰত বিকশিত উত্তৰ প্ৰদেশ’ কাৰ্যসূচীত ভাষণ দিয়ে। তেওঁ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত ‘ইউপি গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩’ৰ ‘চতুৰ্থ গুৰুত্বপূৰ্ণ অনুষ্ঠান’ত উত্তৰ প্ৰদেশত ১০ লাখ কোটি টকাৰো অধিক মূল্যৰ ১৪০০০ প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে। প্ৰকল্পসমূহ উৎপাদন, নৱীকৰণযোগ্য শক্তি, তথ্য প্ৰযুক্তি আৰু আইটিইএছ, খাদ্য সংসাধন, গৃহ নিৰ্মাণ আৰু ‘ৰিয়েল এষ্টেট’, আতিথ্য আৰু মনোৰঞ্জন, আৰু শিক্ষাৰ দৰে খণ্ডৰ সৈতে সম্পৰ্কিত।

 

সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ অনুষ্ঠানটো ‘বিকশিত উত্তৰ প্ৰদেশ’ৰ উন্নয়নৰ জৰিয়তে বিকশিত ভাৰতৰ সংকল্পৰ দিশত এক পদক্ষেপ। ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ ৪০০ তকৈয়ো অধিক সমষ্টিৰ লাখ লাখ লোকৰ উপস্থিতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকক আদৰণি জনায় আৰু আনন্দ প্ৰকাশ কৰে যে নাগৰিকসকলে এতিয়া প্ৰযুক্তিৰ সহায়ত এই কাৰ্যসূচীত যোগদান কৰিব পাৰে, যিটো কথা ৭-৮ বছৰ পূৰ্বে অকল্পনীয় আছিল। ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশত অপৰাধৰ উচ্চ হাৰৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিনিয়োগ আৰু নিযুক্তিৰ সুযোগ সন্দৰ্ভত ৰাজ্যখনত বৰ্তমানে বিৰাজ কৰা ইতিবাচকতাৰ পৰিৱেশটোক প্ৰশংসা কৰে। "আজি উত্তৰ প্ৰদেশত লাখ লাখ কোটি টকাৰ বিনিয়োগ হোৱা দেখিবলৈ পোৱা গৈছে", প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ এজন সংসদ সদস্য হিচাপে ৰাজ্যখনৰ প্ৰগতিত আনন্দ প্ৰকাশ কৰি এই মন্তব্য কৰে। উন্নয়নমূলক প্ৰকল্পসমূহৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই উত্তৰ প্ৰদেশৰ চেহেৰা সলনি কৰি দিব আৰু ইয়াৰ বাবে বিনিয়োগকাৰীসকলৰ লগতে যুৱপ্ৰজন্মকো অভিনন্দন জ্ঞাপন কৰে।

 

উত্তৰ প্ৰদেশত সাত বছৰ ধৰি চলি থকা ‘ডাবল ইঞ্জিন’ চৰকাৰখনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সময়ছোৱাত 'ৰে’ড কাৰ্পেট কলচাৰ'য়ে 'ৰে’ড টে’প কালচাৰ'ক প্ৰতিস্থাপিত কৰিছে। তেওঁ কয় যে যোৱা ৭টা বছৰত উত্তৰ প্ৰদেশত অপৰাধ হ্ৰাস পাইছে আৰু ব্যৱসায়-সংস্কৃতি বিকশিত হৈছিল। "যোৱা ৭টা বছৰত উত্তৰ প্ৰদেশত ব্যৱসায়, বিকাশ আৰু বিশ্বাসৰ পৰিৱেশ বিকশিত হৈছে", প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। পৰিৱৰ্তনৰ বাবে যদি সঁচাকৈয়ে আকাংক্ষা থাকে, পৰিৱৰ্তন হ’বই। ‘ডাবল ইঞ্জিন’ চৰকাৰে সেই অনিবাৰ্যতা প্ৰতিপন্ন কৰিছে  বুলি তেওঁ লগতে কয়। তেওঁ এই সময়ছোৱাত ৰাজ্যখনৰ পৰা হোৱা ৰপ্তানি দুগুণলৈ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে। তেওঁ বিদ্যুৎ উৎপাদন আৰু পৰিবহনৰ ক্ষেত্ৰত ৰাজ্যধনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰশংসা কৰে। "আজি উত্তৰ প্ৰদেশ হৈছে দেশৰ সৰ্বাধিক সংখ্যক এক্সপ্ৰেছৱে আৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থকা এখন ৰাজ্য। এইখন সেই ৰাজ্য য'ত দেশৰ প্ৰথমখন দ্ৰুতগতিসম্পন্ন ৰে'লগাড়ী চলি আছে", প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত পূব আৰু পশ্চিম পেৰিফেৰেল এক্সপ্ৰেছৱেৰ এটা ডাঙৰ অংশৰ উপস্থিতিৰ ফালে আঙুলিয়াই দিয়ে। ৰাজ্যখনত নদী জলপথৰ সদ্ব্যৱহাৰৰ কথা দোহাৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনত সংযোগ আৰু ভ্ৰমণ স্বাচ্ছন্দ্যপূৰ্ণ কৰি তোলাৰ বাবে প্ৰশংসা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহক কেৱল বিনিয়োগৰ দৃষ্টিভংগীৰেই মূল্যায়ন কৰিব পৰা নাযায়, বৰঞ্চ এইসমূহ প্ৰকল্পইযে উন্নত ভৱিষ্যতৰ বাবে এক সামগ্ৰিক দৃষ্টিভংগী আৰু বিনিয়োগকাৰীসকলৰ বাবে আশাৰ ৰশ্মিকো উপস্থাপন কৰে সেই কথাও বিবেচনা কৰিব লাগিব। শেহতীয়াকৈ ইউএই আৰু কাটাৰ ভ্ৰমণৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বতে ভাৰতৰ প্ৰতি অভূতপূৰ্ব ইতিবাচকতাৰ কথা উল্লেখ কৰি কয় যে প্ৰতিখন ৰাষ্ট্ৰই ভাৰতৰ বিকাশৰ কাহিনীতক আস্থা আৰু বিশ্বাসেৰে গ্ৰহণ কৰিছে। "যদিও আজি সমগ্ৰ দেশতে 'মোদী কী গেৰাণ্টী' সন্দৰ্ভত ব্যাপক আলোচনা চলিবলৈ লৈছে, তথাপিও বিশ্বই ভাৰতক অধিক লাভৰ গেৰাণ্টী ৰূপত গ্ৰহণ কৰিছে," প্ৰধানমন্ত্ৰীয়ে কয়। বিনিয়োগকাৰীসকলৰ বিশ্বাসক পুনৰ নিশ্চিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নিৰ্বাচনে দুৱাৰত টোকৰ মৰাৰ সময়ত বিনিয়োগৰ পৰা আঁতৰি যোৱা চৰকাৰসমূহৰ প্ৰৱণতা ভাৰতে ভংগ কৰিছে। উত্তৰ প্ৰদেশত এই নতুন ধৰণৰ প্ৰৱণতাৰ উদ্ভৱ হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, "সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীসকলে চৰকাৰৰ নীতি আৰু স্থিৰতাক বিশ্বাস কৰিছে"।

 

প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত’ৰ বাবে নতুন চিন্তা আৰু দিশৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে নাগৰিকসকলক ন্যুনতম অস্তিত্ব আৰু আঞ্চলিক ভাৰসাম্যহীনতাত ৰখা পূৰ্বৰ দৃষ্টিভংগী ৰাষ্ট্ৰৰ বিকাশৰ বাবে উপযুক্ত নহয়। তেওঁ কয় যে উত্তৰ প্ৰদেশো এই পদ্ধতিৰ বাবেই ক্ষতিগ্ৰস্ত হৈ আহিছিল। তেওঁ উল্লেখ কৰে যে এতিয়া, ডাবল ইঞ্জিন চৰকাৰ প্ৰতিটো পৰিয়ালৰ জীৱন গঢ়ি তোলাত জড়িত কিয়নো ‘স্বচ্ছন্দ্যৰে জীৱনধাৰণ কৰিব পৰাৰ ফলত স্বাচ্ছন্দ্যৰে ব্যৱসায়ো কৰিব পৰা’ হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী আৱাসৰ অধীনত ৪ কোটি পকীঘৰ নিৰ্মাণ কৰাৰ মুহূৰ্ততে নগৰীয়া মধ্যবিত্ত পৰিয়ালসমূহকো তেওঁলোকৰ নিজাববীয়াকৈ এটা ঘৰ সজাৰ সপোন পূৰণ কৰিবলৈ ৭ হাজাৰ কোটি টকাৰ সাহায্য প্ৰদান কৰা হৈছে। তেওঁ জানিবলৈ দিয়ে যে ইয়াৰ জৰিয়তে উত্তৰ প্ৰদেশৰ ১.৫ লাখ পৰিয়ালকে ধৰি ২৫ লাখ হিতাধিকাৰী পৰিয়ালে সূতত ৰেহাই লাভ কৰিছে। ২০১৪ চনত ৰেহাইৰ সীমা ২ লাখৰ পৰা ৭ লাখলৈ বৃদ্ধি কৰাৰ দৰে আয়  কৰ সংস্কাৰে মধ্যবিত্ত শ্ৰেণীক সহায় কৰিছে।

 

জীৱন ধাৰণৰ সহজতা আৰু ব্যৱসায় কৰাৰ সহজতাৰ ক্ষেত্ৰত চৰকাৰে সমান গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘ডাবল ইঞ্জিন’ চৰকাৰে প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে প্ৰতিটো লাভ উপলব্ধ কৰাৰ বাবে চেষ্টা কৰি আহিছে। তেওঁ ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ প্ৰসংগ উল্লেখ কৰে, যিয়ে আঁচনিসমূহৰ লাভ উত্তৰ প্ৰদেশৰ লাখ লাখ হিতাধিকাৰীৰ দুৱাৰমুখলৈ লৈ গৈ সংশ্লিষ্টসকলক লাভান্বিত কৰিছে। "মোদী কী গেৰাণ্টী বাহন’ প্ৰায় সকলো গাঁও আৰু চহৰতে উপস্থিত হৈছে" বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব দি কয় যে চৰকাৰী আঁচনিসমূহৰ ১০০শতাংশ ৰূপায়ণে সামাজিক ন্যায়ৰ আটাইতকৈ প্ৰকৃত ৰূপটো প্ৰদৰ্শিত কৰে। "এয়াই হৈছে প্ৰকৃত ধৰ্মনিৰপেক্ষতা," প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্বৰ চৰকাৰৰ সময়ত দুৰ্নীতি আৰু বৈষম্যৰ পয়োভৰৰ কথা উল্লেখ কৰি কয় যাৰ ফলত হিতাধিকাৰীসকলৰ বাবে ক্লান্তিকৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, "সেয়া লাগিলে পকীঘৰ, বিদ্যুৎ যোগান, গেছ সংযোগ বা টে’প সংযোজিত পানীৰ যোগানেই হওক, প্ৰতিগৰাকী হিতাধিকাৰীয়ে তেওঁলোকৰ প্ৰাপ্যখিনি নোপোৱালৈকে চৰকাৰে বিশ্ৰাম নল'ব, এয়া হৈছে মোদীৰ গেৰাণ্টী"।

 

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয়, "মোদীয়ে আগতে সকলোৱে উপেক্ষা কৰাসকলৰ তদাৰকী কৰি আছে"। এনে খণ্ডসমূহৰ বিষয়ে বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি’ৰ অধীনত পথৰ দাঁতিত বেহা কৰাসকলক ১০,০০০ কোটি টকাৰ সাহায্য প্ৰদানৰ উদাহৰণ দাঙি ধৰে। উত্তৰ প্ৰদেশত, প্ৰায় ২২ লাখ পথৰ দাঁতিত বেহা কৰা বেপাৰীয়ে এই সুবিধা লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে আঁচনিখনৰ হিতাধিকাৰীসকলে ২৩,০০০টকা মূল্যৰ অতিৰিক্ত বাৰ্ষিক উপাৰ্জনৰ অভিজ্ঞতা লাভ কৰিছে। তেওঁ লগতে জনায় যে প্ৰধানমন্ত্ৰী স্বনিধিৰ ৭৫ শতাংশ হিতাধিকাৰী অনুসূচিত জাতি, অনুসূচিত জনজাতি, পিছপৰা শ্ৰেণী বা জনজাতীয় সম্প্ৰদায়ৰ আৰু তেওঁলোকৰ আধাখিনিয়েই মহিলা। "আগতে তেওঁলোকৰ বেংকক দিব পৰাকৈ কোনো ‘গেৰাণ্টী’-য়েই নাছিল, আজি তেওঁলোকৰ ওচৰত মোদীৰ ‘গেৰাণ্টী’ আছে," তেওঁ লগতে কয়। তেওঁ কয় যে এয়া জয়প্ৰকাশ নাৰায়ণ আৰু ৰামমনোহৰ লোহিয়াৰ সপোনৰ সামাজিক ন্যায়।

 

লাখপতি দিদি আঁচনি সন্দৰ্ভত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘ডাবল ইঞ্জিন’ চৰকাৰৰ নীতি আৰু সিদ্ধান্তই সামাজিক ন্যায় আৰু অৰ্থনীতি দুয়োটাকে লাভান্বিত কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে ১০ কোটিৰো অধিক ‘মহিলা আত্ম-সহায়ক গোট’ৰ সৈতে জড়িত হৈ আছে আৰু এতিয়ালৈকে ১ কোটি মহিলা ‘লাখপতি দিদি’ হৈ উঠিছে। তেওঁ ৩ কোটি ‘লাখপতি দিদি’ গঢ়ি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সংকল্প সন্দৰ্ভতো আলোকপাত কৰে, যিটো পদক্ষেপে গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ ক্ষুদ্ৰ, লঘু আৰু কুটিৰ উদ্যোগসমূহৰ শক্তিৰ কথা উল্লেখ কৰি ৰাজ্যখনৰ এমএছএমই খণ্ডক প্ৰদান কৰা সম্প্ৰসাৰণ আৰু সমৰ্থনৰ লগতে প্ৰতিৰক্ষা কৰিডৰৰ দৰে প্ৰকল্পৰ লাভৰ কথা উল্লেখ কৰে। তেওঁ লগতে উল্লেখ কৰে যে এক জিলা এক সামগ্ৰী আঁচনিৰ অধীনত প্ৰতিখন জিলাৰ স্থানীয় সামগ্ৰীসমূহৰ শক্তিসমৃদ্ধ কৰা হৈছে। একেদৰেই, ১৩,০০০ কোটি টকাৰ ‘প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি’য়ে উত্তৰ প্ৰদেশৰ লাখ লাখ ‘বিশ্বকৰ্মা পৰিয়াল’ক আধুনিক পদ্ধতিৰ সৈতে সংযোগ কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ কাম-কাজৰ দ্ৰুত গতি সন্দৰ্ভত আলোকপাত কৰে আৰু ভাৰতৰ পুতলা উৎপাদন খণ্ডৰ প্ৰসংগ উল্লেখ কৰে। তেওঁ বাৰাণসীত নিৰ্মাণ কৰা কাঠৰ পুতলাসমূহৰ প্ৰচাৰ অঞ্চলটোৰ এজন সাংসদ হিচাপে কৰি থকাৰ বিষয়েও অৱগত কৰে। জনসাধাৰণে প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি পুতলা তৈয়াৰ কৰাত দক্ষতা প্ৰদৰ্শনৰ লগতে দেশত এক সমৃদ্ধ পৰম্পৰা থকাৰ পিচতো ভাৰতলৈ হৈ থকা পুতলাৰ আমদানিৰ বাবে শ্ৰী মোদীয়ে দুখ প্ৰকাশ কৰে। তেওঁ আঙুলিয়াই দিয়ে যে ভাৰতীয় পুতলাৰ বজাৰখন বিদেশত নিৰ্মাণ কৰা পুতলাই গ্ৰাস কৰি পেলাইছিল, কিয়নো ভাৰতীয় পুতলাৰ প্ৰচাৰ কৰা হোৱা নাছিল আৰু শিল্পীসকলক আধুনিক পৃথিৱীৰ সৈতে খাপ খুৱাবলৈ সহায় কৰা হোৱা নাছিল। এই পৰিস্থিতি সলনি কৰাৰ সংকল্প গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ পুতলা নিৰ্মাতাসকলক এই কাৰণত সমৰ্থন কৰিবলৈ আহ্বান জনোৱাৰ কথা স্মৰণ কৰে যাৰ ফলত শেহতীয়া সময়ছোৱাত পুতলাৰ ৰপ্তানি যথেষ্ট বৃদ্ধি পাবলৈ ধৰিছে।

 

"উত্তৰ প্ৰদেশ ভাৰতৰ সৰ্ববৃহৎ পৰ্যটন কেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছে," প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰতিগৰাকী ব্যক্তিয়ে আজি বাৰাণসী আৰু অযোধ্যা ভ্ৰমণ কৰিব বিচাৰে আৰু লাখ লাখ দৰ্শনাৰ্থী আৰু আজিৰ তাৰিখত লাখ লাখ পৰ্যটকে ইয়ালৈ যাত্ৰা কৰিছে। ইয়াৰ ফলত উত্তৰ প্ৰদেশত ক্ষুদ্ৰ উদ্যোগী, ‘এয়াৰলাইন কোম্পানী’ আৰু হোটেল-ৰেষ্টুৰেণ্টৰ মালিকসকলৰ বাবে অভূতপূৰ্ব সুযোগ সৃষ্টি কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগব্যৱস্থাৰ উন্নয়ন হোৱা বুলিও উল্লেখ কৰে আৰু বাৰাণসীৰ জৰিয়তে শেহতীয়াকৈ আৰম্ভ কৰা বিশ্বৰ আটাইতকৈ দীঘলীয়া ‘ক্ৰুজ সেৱা’ৰ সন্দৰ্ভত আলোকপাত কৰে। তেওঁ লগতে কয় যে কুম্ভ মেলাও ২০২৫ চনত আয়োজন কৰা হ'ব, এই পদক্ষেপো ৰাজ্যখনৰ অৰ্থনীতিৰ বাবে অতিকে গুৰুত্বপূৰ্ণ হব। তেওঁ কয় যে অনাগত সময়ত পৰ্যটন আৰু আতিথ্য খণ্ডত ইয়াত বৃহৎ সংখ্যক নিয়োগ সম্ভাৱনাৰ সৃষ্টি হ'ব।

 

বৈদ্যুতিক গতিশীলতা আৰু সেউজ শক্তিৰ ক্ষেত্ৰত ভাৰতৰ গুৰুত্বৰ সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতক এনে প্ৰযুক্তি আৰু উৎপাদনৰ ক্ষেত্ৰত গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাত চৰকাৰে গুৰুত্ব কৰিছে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বা বিনামূলীয়া বিদ্যুৎ আঁচনিৰ কথা উল্লেখ কৰি কয়, "আমাৰ প্ৰচেষ্টা হৈছে যে দেশৰ প্ৰতিটো ঘৰ আৰু প্ৰতিটো পৰিয়ালক সৌৰ শক্তি উৎপাদক কৰি তোলা, য'ত ৩০০ ইউনিট বিনামূলীয়াকৈ বিদ্যুৎ উপলব্ধ হ'ব আৰু নাগৰিকসকলে অতিৰিক্ত বিদ্যুৎ চৰকাৰক বিক্ৰী কৰিবলৈও সক্ষম হ'ব। শ্ৰী মোদীয়ে জনায় যে বৰ্তমান ১ কোটি পৰিয়ালৰ বাবে উপলব্ধ এই আঁচনিখনৰ অধীনত প্ৰতিটো পৰিয়ালৰ বেংক একাউণ্টত পোনপটীয়াকৈ ৩০,০০০ৰ পৰা প্ৰায় ৮০,০০০ টকা জমা কৰা হ'ব। তেওঁ লগতে ব্যাখ্যা কৰে যে যিসকলে প্ৰতি মাহে ১০০ ইউনিট বিদ্যুৎ উৎপাদন কৰে তেওঁলোকে ৩০,০০০ টকাৰ সাহায্য লাভ কৰিব আনহাতে ৩০০ ইউনিট বা অধিক বিদ্যুৎ উৎপাদন কৰা সকলে প্ৰায় ৮০,০০০ টকা লাভ কৰিব।

 

প্ৰধানমন্ত্ৰী মোদীয়ে বৈদ্যুতিক বাহন খণ্ডৰ প্ৰতি চৰকাৰৰ গুৰুত্বৰ কথাও উল্লেখ কৰে আৰু নিৰ্মাণ অংশীদাৰসকলৰ বাবে পিএলআই আঁচনিৰ লগতে বৈদ্যুতিক বাহন ক্ৰয়ৰ ওপৰত কৰ ৰেহাইৰ কথাও উল্লেখ কৰে। "ইয়াৰ ফলস্বৰূপে, যোৱা ১০টা বছৰত প্ৰায় ৩৪.৫ লাখ বৈদ্যুতিক বাহন বিক্ৰী হৈছে", তেওঁ লগতে কয়, "আমি দ্ৰুত গতিত বৈদ্যুতিক বাছৰ প্ৰচলন আৰম্ভ কৰিবলৈ গৈ আছো। সৌৰই হওক বা ইভিয়েই হওক,  দুয়োটা খণ্ডতে উত্তৰ প্ৰদেশৰ যথেষ্ট সম্ভাৱনা আছে।

 

চৌধুৰী চৰণ সিঙক ভাৰত ৰত্ন প্ৰদান কৰা শেহতীয়া সিদ্ধান্তৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "উত্তৰ প্ৰদেশৰ ভূমি-পুত্ৰ চৌধুৰী চাহেবক সন্মান জনোৱাটো দেশৰ কোটি কোটি শ্ৰমিক কৃষকৰ বাবে এক সন্মানৰ কথা।" তেওঁ ৰাজ্যৰ সন্দৰ্ভত পূৰ্বৰ বৈষম্যমূলক প্ৰথাৰ বিষয়েও উল্লেখ কৰে। তেওঁ ক্ষুদ্ৰ কৃষকসকললৈ চৌধুৰী চৰণ সিঙৰ অৱদানৰ প্ৰশংসা কৰি কয়, "আমি চৌধুৰীচাহাবৰ অনুপ্ৰেৰণাৰে দেশৰ কৃষকসকলক শক্তিসমৃদ্ধ কৰি আছো"।

 

প্ৰধানমন্ত্ৰীয়ে কৃষিক্ষেত্ৰত নতুন পথ অন্বেষণত কৃষকসকলক সহায় কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে আৰু কয়, "আমি কৃষকসকলক আমাৰ দেশৰ কৃষিক এক নতুন পথলৈ লৈ যোৱাৰ বাবে সহায় আৰু উৎসাহিত কৰিছো।" তেওঁ উত্তৰ প্ৰদেশৰ গঙ্গাৰ পাৰত বৃহৎ পৰিমাণৰ প্ৰাকৃতিক কৃষি পামে থন্ ধৰি উঠাৰ  কথা উল্লেখ কৰি প্ৰাকৃতিক কৃষি আৰু বাজ্ৰাৰ খেতি কৰা ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে, যি কেৱল কৃষকসকলকে কেৱল লাভান্বিত নকৰে, বৰঞ্চ আমাৰ পৱিত্ৰ নদীসমূহৰ বিশুদ্ধতাৰ সংৰক্ষণতো সহায়ক হব।

 

খাদ্য সংসাধনকাৰী উদ্যোগীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকক তেওঁলোকৰ প্ৰচেষ্টাত "শূন্য প্ৰভাৱ, শূন্য ত্ৰুটি"ৰ মন্ত্ৰক প্ৰাথমিকতা প্ৰদান কৰিবলৈ আহ্বান জনায়। তেওঁ সমগ্ৰ বিশ্বৰ ডাইনিং টেবুলত ভাৰতীয় খাদ্য সামগ্ৰী ৰপ্তানি কৰাৰ এক উমৈহতীয়া লক্ষ্যৰ দিশত কাম কৰাৰ বাবে উদ্যোগ গ্ৰহণত গুৰুত্ব আৰোপ কৰে, সিদ্ধাৰ্থ নগৰৰ কলা নামক চাউল আৰু চান্দৌলিৰ ক'লা চাউলৰ দৰে সামগ্ৰীৰ সফলতাৰ কাহিনীত আলোকপাত কৰে, যি চাউল এতিয়া যথেষ্ট পৰিমাণে ৰপ্তানি কৰা হৈছে।

 

বাজ্ৰাৰ বৰ্ধিত জনপ্ৰিয়তাক ছুপাৰফুড হিচাপে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই ক্ষেত্ৰত বিনিয়োগৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি কয়, "বাজ্ৰাৰ দৰে ছুপাৰফুডত বিনিয়োগৰ বাবে এয়াই সঠিক সময়," তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে ‘কৃষক উৎপাদক সংগঠন’ (এফপিঅ') আৰু সমবায় সমিতিসমূহৰ জৰিয়তে ক্ষুদ্ৰ কৃষকসকলক শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি কৃষকসকলৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলিবলৈ উদ্যোগীসকলক উৎসাহিত কৰে, যিয়ে পাৰস্পৰিক ভাৱে লাভজনক অংশীদাৰিত্বৰ সুযোগ প্ৰদান কৰিব। "কৃষকসকলৰ বাবে লাভ আৰু আপোনালোকৰ ব্যৱসায়ৰ বাবেও কৃষি হব ভাল", প্ৰধানমন্ত্ৰী মোদীয়ে বিনিয়োগকাৰীসকলক কয়।

 

ভাৰতৰ গ্ৰাম্য অৰ্থনীতি আৰু কৃষি-আধাৰিত অৰ্থনীতিক সঞ্চালিত কৰাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অংশীদাৰসকলক এই সুযোগৰ সৰ্বাধিক লাভ আদায় কৰাৰ বাবে আহ্বান জনায়। তেওঁ উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ সামৰ্থ্য আৰু ৰাজ্য আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ ভেটি স্থাপনৰ ক্ষেত্ৰত দ্বৈত ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাত আস্থা ব্যক্ত কৰে।

 

এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল উপস্থিত আছিল। অনুষ্ঠানটোত প্ৰায় ৫০০০ অংশগ্ৰহণকাৰী উপস্থিত আছিল, যাৰ ভিতৰত আছিল উল্লেখযোগ্য উদ্যোগপতি, শীৰ্ষ গোলকীয় আৰু ভাৰতীয় কোম্পানীসমূহৰ প্ৰতিনিধি, ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্ত আৰু অন্যান্য বিশিষ্ট অতিথিসকল।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
With HPV vaccine rollout, AIIMS oncologist says it’s the beginning of the end for cervical cancer in India

Media Coverage

With HPV vaccine rollout, AIIMS oncologist says it’s the beginning of the end for cervical cancer in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Jammu and Kashmir team on their first-ever Ranji Trophy victory
February 28, 2026

The Prime Minister has congratulated the Jammu and Kashmir team for their first-ever Ranji Trophy win.

The Prime Minister stated that this historic triumph reflects the remarkable grit, discipline, and passion of the team. Highlighting that it is a proud moment for the people of Jammu and Kashmir, he noted that the victory underscores the growing sporting passion and talent in the region.

The Prime Minister expressed hope that this feat will inspire many young athletes to dream big and play more.

The Prime Minister shared on X post;

"Congratulations to the Jammu and Kashmir team for their first ever Ranji Trophy win! This historic triumph reflects remarkable grit, discipline and passion of the team. It is a proud moment for the people of Jammu and Kashmir and it highlights the growing sporting passion and talent there. May this feat inspire many young athletes to dream big and play more."