প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িষাৰ কোৰাপুটত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সকলক ৫০,০০০ টকাৰ আৰ্থিক সাহায্য দিয়া হ’ব।
প্রধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এক টুইটযোগে কোৱা হৈছে, ‘ওড়িষাৰ কোৰাপুটত সংঘটিত দুৰ্ভাগ্যজনক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়ক প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। গুৰুতৰভাৱে আহত লোকসকলক ৫০,০০০ টকা দিয়া হ'ব।’
An ex-gratia of Rs. 2 lakh each from Prime Minister’s National Relief Fund would be given to the next of kin of those who have lost their lives due to the unfortunate road accident in Koraput, Odissa. Rs. 50,000 would be given to those seriously injured.
— PMO India (@PMOIndia) February 1, 2021


