মহামহিম প্ৰধানমন্ত্ৰী মিটছোটাকিছ, দুয়োখন দেশৰ প্ৰতিনিধি, সংবাদ মাধ্যমৰ বন্ধু-বান্ধৱীসকল, নমস্কাৰ!

প্ৰথমে গ্ৰীচৰ বনজুইৰ কৰুণ ঘটনাত প্ৰাণ হেৰুওৱা ঘটনাত ভাৰতবৰ্ষৰ সকলো জনসাধাৰণৰ হৈ মই সমবেদনা জ্ঞাপন কৰিছো।লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।

বন্ধুসকল, পৃথিৱীৰ দুটা প্ৰাচীন সভ্যতাৰ মাজত, বিশ্বৰ দুটা প্ৰাচীন গণতান্ত্ৰিক মতাদৰ্শৰ মাজত আৰু বিশ্বৰ দুটা প্ৰাচীন বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্কৰ মাজত গ্ৰীচ আৰু ভাৰত এয়া স্বাভাৱিক পুনৰ মিলন।

বন্ধুসকল, আমাৰ সম্পৰ্কৰ ভেটি যিমান প্ৰাচীন সিমানেই মজবুত। বিজ্ঞান, শিল্প, আৰু সংস্কৃতি সকলো ক্ষেত্ৰতে আমি ইজনে সিজনৰ পৰা শিকিছো। আজি আমাৰ ভূ-ৰাজনৈতিক, আন্তঃৰাষ্ট্ৰীয়, আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰত উৎকৃষ্ট সমন্বয় আছে-সেয়া ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলতেই হওক বা ভূমধ্যসাগৰতেই হওক।
দুজন পুৰণি বন্ধুৰ দৰে আমিও ইজনে সিজনৰ অনুভৱ বুজি পাওঁ আৰু সন্মান কৰো। ৪০ বছৰৰ ব্যৱধানৰ অন্তত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম গ্ৰীচ ভ্ৰমণ। তথাপিও আমাৰ সম্পৰ্কৰ গভীৰতাও কমি যোৱা নাই, আমাৰ সম্পৰ্কৰ আন্তঃৰিকতাও কমি যোৱা নাই।

সেয়েহে আজি প্ৰধানমন্ত্ৰী মহোদয় আৰু মই ভাৰত-গ্ৰীচৰ অংশীদাৰিত্বক এক কৌশলগত স্তৰলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছো।

আমি সিদ্ধান্ত লৈছো যে আমি প্ৰতিৰক্ষা আৰু নিৰাপত্তা, আন্তঃগাঁথনি, কৃষি, শিক্ষা, নতুন আৰু উদীয়মান প্ৰযুক্তি, আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত আমাৰ সহযোগিতা বৃদ্ধি কৰি আমাৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰিম।

বন্ধুসকল,
প্ৰতিৰক্ষা আৰু সামৰিক উদ্যোগক উদগণি যোগাবলৈ আমি সন্মত হ’লোঁ। আজি আমি সন্ত্ৰাসবাদ আৰু চাইবাৰ সুৰক্ষা বিষয়ৰ ওপৰতো আলোচনা কৰিলোঁ।

আমি সিদ্ধান্ত লৈছিলো যে আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ পৰ্যায়তো আলোচনাৰ বাবে এক প্ৰতিষ্ঠানিক মঞ্চ থাকিব লাগে।

প্ৰধানমন্ত্ৰী মহোদয় আৰু মই এই কথাত একমত যে আমাৰ দ্বিপাক্ষিক বাণিজ্য দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু ইয়াৰ অধিক বৃদ্ধিৰ অপৰিসীম সম্ভাৱনা আছে। সেয়েহে আমি ২০৩০ চনৰ ভিতৰত আমাৰ দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো।

আজি কেইটামান মুহূৰ্তৰ পিছত প্ৰধানমন্ত্ৰী মহোদয়ে আয়োজন কৰিব এখন ব্যৱসায়িক বৈঠক। ইয়াত আমি দুয়োখন দেশৰ ব্যৱসায়িক প্ৰতিনিধিৰ সৈতে কিছুমান নিৰ্দিষ্ট ক্ষেত্ৰৰ বিষয়ে আলোচনা কৰিম।

আমি বিশ্বাস কৰোঁ যে আমাৰ দেশসমূহৰ মাজত বাণিজ্য আৰু বিনিয়োগক উৎসাহিত কৰি আমি আমাৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক সহযোগিতাক এক নতুন মাত্ৰালৈ লৈ যাব পাৰিম।

আজি কৃষি খণ্ডত সহযোগিতাৰ বাবে এক চুক্তি স্বাক্ষৰিত কৰো। এই চুক্তিৰ জৰিয়তে আমি কেৱল কৃষি আৰু বীজ উৎপাদনত সহযোগ কৰাই নহয় গৱেষণা, পশুপালন, পশুধন উৎপাদনৰ ক্ষেত্ৰতো সহযোগিতা কৰিব পাৰিম।

বন্ধুসকল,
আমি অতি সোনকালে প্ৰব্ৰজন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত লৈছো, যাতে দুয়োখন দেশৰ মাজত দক্ষ প্ৰব্ৰজনৰ সুবিধা হয়।

আমি বিশ্বাস কৰোঁ যে আমাৰ প্ৰাচীন জনসাধাৰণৰ সম্পৰ্কক এক নতুন ৰূপ দিবলৈ আমি সহযোগিতা বৃদ্ধি কৰা উচিত।

আমি আমাৰ শিক্ষানুষ্ঠানসমূহৰ মাজত সাংস্কৃতিক আৰু শৈক্ষিক আদান-প্ৰদানক প্ৰসাৰিত কৰিম।

বন্ধুসকল,
ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়তো আমাৰ আলোচনা হৈছিল। ভাৰত-ইউৰোপীয় ইউনিয়নৰ বাণিজ্য আৰু বিনিয়োগ চুক্তিৰ প্ৰতি গ্ৰীচে সমৰ্থন প্ৰকাশ কৰিছে।

ইউক্ৰেইনৰ ক্ষেত্ৰত দুয়োখন দেশেই কূটনীতি আৰু আলোচনাক সমৰ্থন কৰে।

ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় মঞ্চত সহযোগিতাৰ বাবে গ্ৰীচক ধন্যবাদ জনাইছো।

ভাৰতৰ জি-২০ ৰাষ্ট্ৰপতিত্বৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মহোদয় ডাঙৰীয়াই তেওঁৰ শুভকামনা আৰু উৎসাহৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো।
বন্ধুসকল,
আজি মোক গ্ৰেণ্ড ক্ৰছ অৱ অৰ্ডাৰ অৱ অনাৰ প্ৰদান কৰাৰ বাবে হেলেনিক ৰিপাব্লিকৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰপতিজনক আন্তৰিকতাৰে ধন্যবাদ জনাইছো।

১৪০ কোটি ভাৰতীয়ৰ হৈ বঁটা গ্ৰহণ কৰি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

ভাৰত আৰু গ্ৰীচৰ ভাগ কৰা মূল্যবোধেই হৈছে আমাৰ দীৰ্ঘদিনীয়া আৰু বিশ্বাসযোগ্য অংশীদাৰিত্বৰ ভেটি।গণতন্ত্ৰৰ মূল্যবোধ আৰু আদৰ্শ প্ৰতিষ্ঠা আৰু সফলতাৰে অনুশীলন কৰাত দুয়োখন দেশৰ ঐতিহাসিক অৱদান আছে।

মোৰ দৃঢ় বিশ্বাস যে ভাৰতীয় আৰু গ্ৰীক-ৰোমান শিল্পৰ সুন্দৰ সংমিশ্ৰণ গন্ধাৰ শিল্প বিদ্যালয়ৰ দৰেই ভাৰত আৰু গ্ৰীচৰ বন্ধুত্বও সময়ৰ শিলত খোদিত হৈ থাকিব।

আজি, গ্ৰীচৰ এই সুন্দৰ আৰু ঐতিহাসিক চহৰখনত মোৰ আৰু মোৰ প্ৰতিনিধি দলটোক যি আতিথ্য প্ৰদান কৰা হৈছে, তাৰ বাবে মই প্ৰধানমন্ত্ৰী মহোদয় আৰু গ্ৰীচৰ জনসাধাৰণক পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।

আপোনাক অশেষ ধন্যবাদ। 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi At SRCC:

Media Coverage

PM Modi At SRCC: "Those Who Pushed India Into 'Fragile 5' Can't Digest 7.8%"
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."