মহামহিম প্ৰধানমন্ত্ৰী মহিন্দ ৰাজপক্ষ মহোদয়,

বিশিষ্ট প্ৰতিনিধিবৃন্দ,

আয়ুবোৱন!

ৱনক্কম!

নমস্কাৰ! পোণতে মই মোৰ বন্ধু মহিন্দ ৰাজপক্ষক শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হিচাপে স্থলাভিষিক্ত হোৱা বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। প্ৰধানমন্ত্ৰীৰ গুৰু দায়িত্ব গ্ৰহণ কৰাৰ পিছতে তেওঁ মোৰ নিমন্ত্ৰণ গ্ৰহণ কৰিছিল আৰু তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণৰ বাবে ভাৰতলৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ বাবে মই তেওঁৰ শলাগ লৈছো। কিছুদিন আগতে শ্ৰীলংকাই স্বাধীনতাৰ ৭২ সংখ্যক জয়ন্তী উদযাপন কৰিছে। মই প্ৰধানমন্ত্ৰী ৰাজপক্ষ আৰু শ্ৰীলংকাৰ সকলো নাগৰিকক ইয়াৰ বাবে বহুত বহুত শুভকামনা জনাইছো।

বন্ধুসকল, ভাৰত আৰু শ্ৰীলংকা অনাদি কালৰ পৰাই ওচৰ-চুবুৰীয়া হোৱাৰ লগতে ঘনিষ্ঠ মিত্ৰ হিচাপেই পৰিচিত হৈ আহিছে। আমাৰ সমন্ধৰ ইতিহাসৰ দীঘ-বাণি সংস্কৃতি, ধৰ্ম, আধ্যাত্ম, কলা আৰু ভাষাৰ দৰে অগণন ৰং-বিৰঙী সূঁতাৰে বোৱা। সুৰক্ষাই হওক কিম্বা অৰ্থ-ব্যৱস্থা অথবা সামাজিক প্ৰগতি, এই সকলো ক্ষেত্ৰতে আমাৰ অতীত আৰু ভৱিষ্যত পৰস্পৰৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে। শ্ৰীলংকাৰ স্বায়িত্ব, সুৰক্ষা আৰু সমৃদ্ধি ভাৰতৰ বাবে হিতকাৰীতো হয়েই, আনকি সমগ্ৰ ভাৰত মহাসাগৰীয় ক্ষেত্ৰৰ বাবেও শুভফলদায়ক হিচাপে বিবেচিত হৈ আহিছে। আৰু সেয়ে, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শান্তি আৰু সমৃদ্ধিৰ বাবেও আমাৰ ঘনিষ্ঠ সহযোগ বহু মূল্যবান বুলি চিহ্নিত হৈ আহিছে। আমাৰ চৰকাৰৰ ‘প্ৰথমে প্ৰতিবেশী’ নীতি আৰু ‘সাগৰ ডক্ত্ৰিন’-ৰ আধাৰত আমি শ্ৰীলংকাৰ সৈতে আমাৰ সমন্ধক এক বিশেষ প্ৰাথমিকতা প্ৰদান কৰি আহিছো। আঞ্চলিক সুৰক্ষা আৰু বিকাশৰ বাবে ভাৰতৰ সৈতে মিলি কাম কৰাৰ বাবে শ্ৰীলংকা চৰকাৰে গ্ৰহণ কৰা সংকল্পক আমি স্বাগত জনাইছো।

বন্ধুসকল, আজি প্ৰধানমন্ত্ৰী ৰাজপক্ষ আৰু মই আমাৰ দ্বিপাক্ষিক সমন্ধৰ সকলো দিশ আৰু পৰস্পৰৰ স্বাৰ্থ জড়িত আন্তঃৰাষ্ট্ৰীয় প্ৰসংগসমূহৰ সন্দৰ্ভত বিস্তৃত ভাবে আলোচনা কৰিছো। সন্ত্ৰাসবাদ আমাৰ অঞ্চলটোৰ বাবেই এক বৃহত্ সমস্যা হিচাপে পৰিগণিত হৈ আহিছে।  আমি দুয়োখন দেশেই এই সমস্যাৰ বিৰুদ্ধে বাৰুকৈয়ে যুঁজিছো। য়োৱা বছৰ ‘ইষ্টাৰ ডে’-ত শ্ৰীলংকাত ভয়াবহ আৰু বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। এই আক্ৰমণ কেৱল শ্ৰীলংকাৰ বিৰুদ্ধেই হোৱা নাছিল, বৰঞ্চ সমগ্ৰ মানৱতাৰ ওপৰতে ই আঘাত হানিছিল। আৰু সেয়ে আমাৰ আজিৰ আলোচনাত আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে পৰস্পৰৰ সহযোগিতা আৰু বৃদ্ধি কৰাৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰিছো। এটা কথা দেখি মই আনন্দিত হৈছো যে ভাৰতৰ অগ্ৰণী প্ৰশিক্ষণ সংস্থানসমূহৰ সন্ত্ৰাসবাদ বিৰোধী পাঠ্যক্ৰমসমূহত শ্ৰীলংকাৰ আৰক্ষী বিষয়াসকলে অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। দুয়োখন দেশৰ সংস্থাসমূহৰ মাজত সম্পৰ্ক আৰু সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবেও আমি প্ৰতিশ্ৰুতিবদ্ধ।

বন্ধুসকল, আজিৰ আলোচনাত আমি শ্ৰীলংকাত যুটীয়া অৰ্থনৈতিক প্ৰকল্পৰ লগতে আৰ্থিক, ব্যৱসায়িক, আৰু বিনিয়োগ সম্পৰ্ক বৃদ্ধিৰ বিষয়ে মত-বিনিময় কৰিছো। আমি দুয়োখন দেশৰ জনসাধাৰণৰ মাজত প্ৰত্যক্ষ যোগাযোগ বৃদ্ধি কৰা, পৰ্যটন উদ্যোগৰ বিকাশ সাধন আৰু দুয়োখন দেশৰ মাজত যোগাযোগ ব্যৱস্থা আৰু অধিক উন্নত কৰাৰ সম্পৰ্কেও বিস্তৃত আলোচনা কৰিছো।

শেহতীয়া ভাবে চেন্নাই আৰু জাফ্নাৰ মাজত পোণপতীয়াকৈ বিমান চলাচল আৰম্ভ হোৱাটোও আমাৰ এই প্ৰয়াসৰে ফল। পোণপতীয়াকৈ চলাচল আৰম্ভ হোৱা এই বিমানৰ ফলত শ্ৰীলংকাৰ উত্তৰাঞ্চলৰ তামিল ৰাইজৰ বাবে যোগাযোগৰ বিকল্পৰ সংখ্যা বৃদ্ধি পাব আৰু এই ব্যৱস্থা, এই অঞ্চলসমূহৰ অৰ্থনৈতিক  আৰু সামাজিক বিকাশৰ বাবেও সুফলদায়ক হ’ব। এই বিমানে ৰাইজৰ বিশেষ সহাৰি লাভ কৰা কথাটোৱে আমি দুয়োকে উত্সাহিত কৰি তুলিছে। এই সম্পৰ্ক স্থায়ী আৰু অধিক শক্তিশালী কৰি তোলাৰ বাবেও আমি চিন্তা-চৰ্চা কৰিছো।

 

শ্ৰীলংকাৰ বিকাশৰ প্ৰয়াসত ভাৰতে সদায়ে এক বিশ্বস্ত অংশীদাৰৰ ৰূপত থি দি আহিছে। যোৱাটো বৰ্ষত ঘোষিত ‘লাইন অব ক্ৰেডিট’ৰ দ্বাৰা আমাৰ বিকাশ সহযোগিতাই আৰু শক্তি লাভ কৰিছে বুলি ন-দি ক’ব পাৰি। শ্ৰীলংকাৰ উত্তৰ আৰু পূব অঞ্চলত আভ্যন্তৰীণ কাৰণত উচ্ছেদিত হোৱা লোকসকলৰ বাবে ৪৮,০০০ৰৰো অধিক ঘৰ ‘ভাৰতীয় গৃহ প্ৰকল্প’ৰ অধীনত নিৰ্মাণ কৰি উলিয়াব পৰা কথাই আমাক বাৰুকৈয়ে আহ্লাদিত কৰি তুলিছে। তদুপৰি, অপ-ক্ৰান্তী ক্ষেত্ৰত ভাৰতীয় মূলৰ তামিল লোকৰ বাবে কেইবা হাজাৰো ঘৰৰ নিৰ্মাণ কাৰ্যও দ্ৰুতগতিৰে অব্যাহত আছে। প্ৰধানমন্ত্ৰী ৰাজপক্ষ আৰু মই মাছুৱৈসকলৰ মানৱীয় প্ৰসংগসমূহৰ সন্দৰ্ভতো আলোচনা কৰিছো। এইবোৰ বিষয়ৰ প্ৰভাৱ দুয়োখন দেশৰ সাধাৰণ ৰাইজৰ দৈনন্দিন জীৱনৰ ওপৰত পোণপতীয়াকৈ পৰে আৰু সেয়ে আমি এনেবোৰ প্ৰসংগত ইতিবাচক আৰু মানৱতাপূৰ্ণ দৃষ্টিভংগীৰে আলোচনা অব্যাহত ৰখাৰ ক্ষেত্ৰত ঐকমত্য প্ৰকাশ কৰিছো।

বন্ধুসকল, শ্ৰীলংকাৰ ‘ৰি-কন্সিলিয়েশ্যন’ৰ প্ৰসংগতো আমি মুকলি মনেৰে কথা-বতৰা পাতিছো। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে শ্ৰীলংকা চৰকাৰে সংযুক্ত শ্ৰীলংকাৰ ভিতৰত সমতা, ন্যায়, শান্তি আৰু সন্মানৰ বাবে তামিলসকলে কৰি অহা প্ৰত্যাশা নিশ্চয় পূৰণ কৰিব। ইয়াৰ বাবে শ্ৰীলংকাৰ সংবিধানৰ ত্ৰয়োদশ সংশোধন বলবত্ কৰাৰ লগতে ‘ৰি-কন্সিলিয়েশ্যন’ৰ প্ৰক্ৰিয়াকো আগবঢ়াই নিয়াৰ প্ৰয়োজন হ’ব।

বন্ধুসকল, মই আকৌ এবাৰ প্ৰধানমন্ত্ৰী ৰাজপক্ষক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনালো। তেওঁৰ এই ভ্ৰমণে ভাৰত-শ্ৰীলংকাৰ মাজৰ মৈত্ৰীপূৰ্ণ সম্পৰ্কক আৰু অধিক গাঢ় কৰি তুলিব। ইয়াৰ লগতে দুয়োখন দেশৰ মাজত আঞ্চলিক শান্তি আৰু স্থায়ীত্বৰ বাবে সহযোগিতা বৃদ্ধি পাব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস হৈছে।

বোহোম স্থুতি, নন্দ্ৰী,

ধন্যবাদ।    

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Kamal Haasan Backs PM Modi's Call To Save Energy Amid US-Iran War: 'India Will Emerge Stronger'

Media Coverage

Kamal Haasan Backs PM Modi's Call To Save Energy Amid US-Iran War: 'India Will Emerge Stronger'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in China mining accident
May 23, 2026

Prime Minister Shri Narendra Modi today expressed deep sadness over the tragic loss of lives resulting from a mining accident in the Shanxi Province of China.

On behalf of the people of India, the Prime Minister extended his heartfelt condolences to President Xi Jinping and the people of China. Shri Modi prayed that the bereaved families find strength in this tragic hour, while also wishing for the early and safe recovery of all remaining missing persons.

The Prime Minister posted on X:

"Saddened by the loss of lives in a mining accident in Shanxi Province in China. On behalf of the people of India, my condolences to President Xi Jinping and the people of China. May the bereaved families find strength in this tragic hour. Praying for the early and safe recovery of all remaining missing persons."