মহামহিম প্ৰধানমন্ত্ৰী মেলোনী,

দুয়োখন দেশৰ প্ৰতিনিধিসকল,

মিডিয়াৰ বন্ধুসকল,

নমস্কাৰ!

প্ৰধানমন্ত্ৰী মেলোনীৰ প্ৰথম ভাৰত যাত্ৰাত, মই তেওঁৰ আৰু তেওঁৰ প্ৰতিনিধিক ভাৰতলৈ আন্তৰিক আদৰণি জনাইছো। যোৱা বছৰৰ নিৰ্বাচনত ইটালীৰ নাগৰিকসকলে তেওঁক প্ৰথম মহিলা তথা সবাতোকৈ যুৱ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে। এই ঐতিহাসিক প্ৰাপ্তিত মই তেওঁক সকলো ভাৰতবাসীৰ ফালৰ পৰা বহুত বহুত অভিনন্দন আৰু শুভকামনা জনাইছো। তেওঁৰ কাৰ্যভাৰ গ্ৰহণৰ কেইদিনমানৰ পিছতেই বালীত জি-20 ছামিটৰ সময়ত আমাৰ প্ৰথম বৈঠক হৈছিল।

বন্ধুসকল,

আমাৰ আজিৰ আলোচনা বহুত সাৰ্থক আৰু বহুত উপযোগী হৈছে। এই বছৰ ভাৰত আৰু ইটালীয়ে নিজৰ দ্বিপাক্ষিক সম্পৰ্কৰ ৭৫তম বৰ্ষপূৰ্তি পালন কৰি আছে। আৰু এই উপলক্ষে আমি ভাৰত-ইটালী বুজাবুজিক ৰণনীতিগত বন্ধুত্বৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত লৈছো। আমি আমাৰ অৰ্থনৈতিক সম্পৰ্ক আৰু সুদৃঢ় কৰাত জোৰ দিছো। আমাৰ "মেক ইন ইণ্ডিয়া" আৰু "আত্মনিৰ্ভৰ ভাৰত" অভিযানৰ জৰিয়তে ভাৰতত বিনিয়োগৰ অপাৰ সুযোগ মুকলি হৈছে। আমি নবীকৰণযোগ্য ইন্ধন, গ্ৰীণ হাইড্রোজেন, আইটি, ছেমিকণ্ডাক্টৰ, টেলিকম, মহাকাশৰ দৰে ক্ষেত্ৰসমূহত সহযোগ বঢ়োৱাত বিশেষ জোৰ দিছো। ভাৰত আৰু ইটালীৰ মাজত এক ষ্টাৰ্টআপ সেঁতু স্থাপনৰ ঘোষণা আজি আমি কৰিছো, যাক আমি আদৰণি জনাইছো।

বন্ধুসকল,

এখন আৰু ক্ষেত্ৰ আছে য'ত দুয়োখন দেশে এটা নতুন অধ্যায় আৰম্ভ কৰি আছে, আৰু সেয়া হৈছে প্ৰতিৰক্ষা সহযোগৰ। ভাৰতত প্ৰতিৰক্ষা নিৰ্মাণ খণ্ডত co-production আৰু co-developmentৰ সুযোগ সৃষ্টি হৈ আছে, যি দুয়োখন দেশৰ বাবে লাভজনক হ'ব পাৰে। আমি দুয়োখন দেশৰ সেনাৰ মাজত নিয়মীয়াকৈ যুটীয়া অনুশীলন আৰু প্ৰশিক্ষণ কাৰ্যক্ৰম আয়োজন কৰাৰো সিদ্ধান্ত লৈছো। সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদৰ বিৰুদ্ধে যুঁজত ভাৰত আৰু ইটালীয়ে কান্ধত কান্ধ মিলাই আগবাঢ়িছে। আমি এই সহযোগক আৰু শক্তিশালী কৰাৰ ওপৰত বিস্তাৰিত আলোচনা কৰো।

বন্ধুসকল,

ভাৰত আৰু ইটালীৰ মাজত শতিকা পুৰণি সাংস্কৃতিক আৰু people-to-people সম্পৰ্ক আছে। আমি বৰ্তমান সময়ৰ আৱশ্যকতা অনুসৰি এই সম্পৰ্কক এটা নতুন স্বৰূপ আৰু নতুন শক্তি দিয়াৰ ওপৰত আলোচনা কৰো। দুয়োখন দেশৰ মাজত Migration and Mobility Partnership Agreementৰ ওপৰত চলি থকা আলোচনাৰ বিশেষ গুৰুত্ব আছে। এই বুজাবুজিৰ শীঘ্ৰে সমাপনেৰে আমাৰ people to people সম্পৰ্ক আৰু সুদৃঢ় হ'ব। আমি দুয়োখন দেশৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ মাজত সহযোগক উৎসাহিত কৰাৰ ওপৰতো জোৰ দিওঁ। ভাৰত আৰু ইটালীৰ সম্পৰ্কৰ ৭৫তম বৰ্ষপূৰ্তি পালন কৰিবলৈ আমি এটা কাৰ্য প্ৰণালী প্ৰস্তুত কৰাৰ সিদ্ধান্ত লওঁ। ইয়াৰ জৰিয়তে আমাৰ দুয়োখন দেশৰ বিবিধতা, ইতিহাস, বিজ্ঞান আৰু প্ৰযুক্তি, নৱোন্মেষণ, ক্ৰীড়া আৰু অন্য ক্ষেত্ৰত অভিজ্ঞতাক বিশ্বজনীন মঞ্চত প্ৰদৰ্শন কৰিব পাৰিম।

বন্ধুসকল,

কোভিড মহামাৰী আৰু ইউক্ৰেইন সংঘৰ্ষৰ ফলত উৎপন্ন হোৱা খাদ্য, ইন্ধন আৰু সাৰৰ সংকটৰ দ্বাৰা সকলো দেশ প্ৰভাৱিত হৈছে। উন্নয়নশীল দেশসমূহৰ ওপৰত ইয়াৰ বিশেষভাৱে নেতিবাচক প্ৰভাৱ পৰিছে। আমি এই বিষয়ত নিজৰ উমৈহতীয়া চিন্তা ব্যক্ত কৰিছো। এই সমস্যাবোৰৰ সমাধানৰ বাবে আমি সংযুক্ত প্ৰয়াসৰ ওপৰত জোৰ দিছো। ভাৰতৰ জি20 অধ্যক্ষতাতো আমি এই বিষয়ক প্ৰাথমিকতা দি আছো। ইউক্ৰেইন সংঘৰ্ষৰ আৰম্ভণিৰে পৰাই ভাৰতে এই কথা স্পষ্ট কৰিছে যে এই বিবাদ কেৱল আলোচনা আৰু কূটনীতিৰ জৰিয়তেই মীমাংসা কৰিব পাৰি। আৰু ভাৰত যিকোনো শান্তি প্ৰক্ৰিয়াত যোগদান দিবলৈ সম্পূৰ্ণৰূপত সাজু। আমি ভাৰত-প্ৰশান্ত মহাসাগৰত ইটালীৰ সক্ৰিয় অংশগ্ৰহণকো আদৰণি জনাইছো। এয়া বহুত আনন্দৰ কথা যে ইটালীয়ে Indo-Pacific Ocean Initiativeত অন্তৰ্ভুক্ত হোৱাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত আমি Indo-Pacificত নিজৰ সহযোগ বঢ়াবলৈ বিশেষ বিষয় চিনাক্ত কৰিব পাৰিম। বিশ্বজনীন বাস্তৱিকতাক উন্নত পদ্ধতিৰে দৰ্শাবৰ বাবে বহুমুখী প্ৰতিষ্ঠানত সংশোধন আৱশ্যক। আমি এই বিষয়তো আলোচনা কৰো।

মহামহিম,

আজি সন্ধিয়া আপুনি ৰাইছিনা আলোচনাত মুখ্য অতিথি হিচাপে অন্তৰ্ভুক্ত হ'ব। তাত আপোনাৰ সম্বোধন শুনিবলৈ আমি সকলো উৎসুক। আপোনাৰ এই ভাৰত যাত্ৰা আৰু আমাৰ উপযোগী আলোচনাৰ বাবে আপোনাক, আপোনাৰ প্ৰতিনিধিক বহুত-বহুত ধন্যবাদ।

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From school to PG, girls now outnumber boys

Media Coverage

From school to PG, girls now outnumber boys
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 মে’ 2026
May 01, 2026

From Stolen Treasures to Smart Trains: PM Modi’s Blueprint for a Proud, Connected, Self-Reliant India