মহামহিম প্ৰধানমন্ত্ৰী আলবানিজ,

দুয়োখন দেশৰ প্ৰতিনিধিসকল,

সংবাদ মাধ্যমৰ পৰা অহা মোৰ বন্ধুসকল,

নমস্কাৰ।

প্রথমেই প্রধানমন্ত্রী আলবানিজক প্ৰথম ভাৰত ভ্রমণলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ৷ যোৱা বছৰ দুয়োখন দেশে প্ৰধানমন্ত্ৰী পৰ্যায়ত বাৰ্ষিক শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। আৰু প্ৰধানমন্ত্ৰী আলবানিজৰ এই ভ্ৰমণৰ লগে লগে ইয়াৰ আৰম্ভণি ঘটিল। হোলীৰ দিনা তেওঁ ভাৰতত উপস্থিত হৈছিল আৰু তাৰ পিছত আমি ক্ৰিকেট খেলপথাৰত একেলগে কিছু সময় কটালোঁ। ৰং, সংস্কৃতি আৰু ক্ৰিকেটৰ এই উদযাপন এক প্ৰকাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বন্ধুত্বৰ উৎসাহ আৰু মনোভাৱৰ এক নিখুঁত প্ৰতীক।

বন্ধুসকল,

আজি আমি পাৰস্পৰিক সহযোগিতাৰ বিভিন্ন দিশৰ বিষয়ে বিতংভাৱে আলোচনা কৰিলোঁ। নিৰাপত্তা সহযোগিতা আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। আজি আমি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সামুদ্ৰিক সুৰক্ষা, আৰু পাৰস্পৰিক প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা বৃদ্ধিৰ ওপৰত বিশদ আলোচনা কৰিলোঁ। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আমি যোৱা কেইবছৰমানৰ পৰা ইজনে সিজনৰ সশস্ত্ৰ বাহিনীৰ বাবে আনুসংগিক সমৰ্থনকে ধৰি উল্লেখযোগ্য চুক্তিত উপনীত হৈছো। আমাৰ নিৰাপত্তা সংস্থাসমূহৰ মাজত নিয়মীয়া আৰু উপযোগী তথ্য বিনিময়ো হয়, আৰু আমি ইয়াক আৰু অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰিলোঁ।

বন্ধুসকল,

আজি আমি নিৰ্ভৰযোগ্য আৰু শক্তিশালী বিশ্বব্যাপী যোগান-শৃংখল গঢ়ি তোলাৰ বাবে পাৰস্পৰিক সহযোগিতাৰ ওপৰত আলোচনা কৰিলোঁ। নবীকৰণযোগ্য শক্তি দুয়োখন দেশৰ বাবে অগ্ৰাধিকাৰ আৰু গুৰুত্বৰ ক্ষেত্ৰ, আৰু আমি একেলগে স্বচ্ছ হাইড্ৰজেন আৰু সৌৰশক্তিৰ ওপৰত কাম কৰি আছো। যোৱা বছৰ কাৰ্যকৰী হোৱা ইচিটিএই দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ উন্নত সুযোগ মুকলি কৰিছে। আৰু আমাৰ দলসমূহেও সৰ্বাংগীন অৰ্থনৈতিক সহযোগিতা চুক্তিৰ কাম কৰি আছে।

বন্ধুসকল,

মানুহৰ লগত মানুহৰ সম্পৰ্ক, ভাৰত-অষ্ট্ৰেলিয়াৰ বন্ধুত্বৰ এটা প্ৰধান স্তম্ভ। আমি শৈক্ষিক অৰ্হতাৰ পাৰস্পৰিক স্বীকৃতিৰ ব্যৱস্থাত স্বাক্ষৰ কৰিছো, যিটো আমাৰ ছাত্ৰ সমাজৰ বাবে উপযোগী হ’ব। গতিশীলতা চুক্তিৰ ক্ষেত্ৰতো আমি একেলগে আগবাঢ়িছো। ছাত্ৰ-ছাত্ৰী, শ্ৰমিক, আৰু পেছাদাৰীসকলৰ বাবে ই উপকাৰী হ’ব। ভাৰতীয় প্ৰব্ৰজনকাৰীসকল এতিয়া অষ্ট্ৰেলিয়াৰ দ্বিতীয় বৃহত্তম প্ৰৱাসী সম্প্ৰদায়। এই ভাৰতীয় জনগোষ্ঠীয়ে অষ্ট্ৰেলিয়াৰ সমাজ আৰু অৰ্থনীতিত এক উল্লেখযোগ্য অৱদান আগবঢ়াইছে। যোৱা কেইসপ্তাহমানৰ পৰা অষ্ট্ৰেলিয়াত নিয়মীয়াকৈ মন্দিৰত আক্ৰমণৰ খবৰ পোৱাটো এক দুখৰ বিষয়। এনে বাতৰিয়ে ভাৰতৰ জনসাধাৰণক চিন্তিত কৰা, আৰু আমাৰ মনটোক বিচলিত কৰাটো স্বাভাৱিক। আমাৰ এই অনুভৱ আৰু উদ্বেগসমূহ মই প্ৰধানমন্ত্ৰী আলবানিজৰ সৈতে ভাগ বতৰা কৰিছো। আৰু তেওঁ মোক আশ্বাস দিছে যে ভাৰতীয় সমাজৰ সুৰক্ষা তেওঁৰ বাবে বিশেষ অগ্ৰাধিকাৰ। আমাৰ দলসমূহে এই বিষয়টোৰ ওপৰত নিয়মীয়াকৈ যোগাযোগত থাকিব, আৰু যিমান পাৰি সহযোগিতা কৰিব।

বন্ধুসকল,

প্ৰধানমন্ত্ৰী আলবানিজ আৰু মই এই কথাত একমত যে বিশ্বজনীন প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে আৰু বিশ্বৰ মংগলৰ বাবে আমাৰ দ্বিপাক্ষিক সম্পৰ্ক গুৰুত্বপূৰ্ণ। মই প্ৰধানমন্ত্ৰী আলবানিজক ভাৰতৰ জি-২০ ৰাষ্ট্ৰপতিত্বৰ অগ্ৰাধিকাৰৰ বিষয়ে বুজাই দিলোঁ আৰু অষ্ট্ৰেলিয়াৰ অবিৰত সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। ভাৰত আৰু অষ্ট্ৰেলিয়া দুয়োখনেই কোৱাডৰ সদস্য, আৰু আজি আমি এই মঞ্চত আমাৰ মাজত সহযোগিতাৰ বিষয়েও আলোচনা কৰিলোঁ। চলিত বৰ্ষৰ মে’ মাহত হ’বলগীয়া কোৱাড লিডাৰ্ছ ছামিটলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী আলবানিজক ধন্যবাদ জনাইছো। ইয়াৰ পিছত ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ সময়ত মই পুনৰ প্ৰধানমন্ত্ৰী আলবানিজক আদৰণি জনোৱাৰ সুযোগ পাম আৰু ইয়াক লৈ মই বহুত সুখী হ’ম। আকৌ এবাৰ ভাৰতত প্ৰধানমন্ত্ৰী আলবানিজলৈ উষ্ম আদৰণি। তেওঁৰ এই ভ্ৰমণে আমাৰ সম্পৰ্কক নতুন গতি আৰু গতি প্ৰদান কৰিব বুলি মই নিশ্চিত।

ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership