মহামহিম  ৰাষ্ট্ৰপতি চামিয়া হাছান মহাশয়া,
দুয়োখন দেশৰ প্ৰতিনিধি আৰু সংবাদ মাধ্যমৰ বন্ধুসকল,
নমস্কাৰ !


প্ৰথমে মই ৰাষ্ট্ৰপতি আৰু তেওঁৰ প্ৰতিনিধিবৰ্গক ভাৰতলৈ স্বাগতম জনাইছো।
 

তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি হিচাপে এইয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ। কিন্তু তেওঁলোক দীৰ্ঘদিন ধৰি ভাৰত আৰু ভাৰতৰ জনসাধাৰণৰ সৈতে জড়িত হৈ আছে।

ভাৰতৰ প্ৰতি তেওঁলোকৰ আসক্তি আৰু প্ৰতিশ্ৰুতিবদ্ধতাই আমাক প্ৰতিটো ক্ষেত্ৰতে এই সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ অনুপ্ৰেৰণা যোগাইছে।

জি-২০ৰ স্থায়ী সদস্য হিচাপে আফ্ৰিকান ইউনিয়নে যোগদান কৰাৰ পিচত প্ৰথমবাৰৰ বাবে আমি কোনো আফ্ৰিকাৰ ৰাষ্ট্ৰপ্ৰধানক ভাৰতলৈ স্বাগতম জনোৱাৰ সুযোগ পাইছো।

সেয়েহে এই যাত্ৰাৰ গুৰুত্ব আমাৰ বাবে বহুগুণে বৃদ্ধি পাইছে।

বন্ধুসকল,

ভাৰত আৰু তাঞ্জানিয়াৰ মাজৰ সম্পৰ্কৰ দিশত আজিৰ দিনটো এটা ঐতিহাসিক দিন।

আজি আমি আমাৰ শতিকা পুৰণি বন্ধুত্বক কৌশলগত অংশীদাৰিত্বৰ সূত্ৰেৰে বান্ধিছো।

আজিৰ বৈঠকত আমি ভৱিষ্যতৰ কৌশলগত অংশীদাৰিত্বৰ ভেটি স্থাপনৰ বাবে কেইবাটাও নতুন পদক্ষেপ চিনাক্ত কৰিছো।

ভাৰত আৰু তাঞ্জানিয়া পাৰস্পৰিক বাণিজ্য আৰু বিনিয়োগৰ বাবে গুৰুত্বপূৰ্ণ অংশীদাৰ।

দুয়োটা পক্ষই স্থানীয় মুদ্ৰাৰ ব্যৱসায় বৃদ্ধিৰ বাবে এখন চুক্তিত কাম কৰি আছে।

আমি আমাৰ অৰ্থনৈতিক সহযোগিতাৰ সম্পূৰ্ণ সম্ভাৱনা উপলব্ধি কৰাৰ বাবে নতুন সুযোগৰ অন্বেষণ অব্যাহত ৰাখিম।

তাঞ্জানিয়া হৈছে আফ্ৰিকাত ভাৰতৰ সৰ্ববৃহৎ আৰু নিকটতম উন্নয়নৰ অংশীদাৰ।

ভাৰতে তথ্য আৰু যোগাযোগ প্ৰযুক্তি কেন্দ্ৰ অৰ্থাৎ আই চি টি চি, বৃত্তিমূলক প্ৰশিক্ষণ, প্ৰতিৰক্ষা প্ৰশিক্ষণ, ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা অৰ্থাৎ আই টি ই চি আৰু ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ অৰ্থাৎ আই চি চি আৰ বৃত্তিৰ জৰিয়তে তাঞ্জানিয়াৰ দক্ষতা বিকাশ আৰু ক্ষমতা নিৰ্মাণত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

পানী যোগান, কৃষি, স্বাস্থ্য, শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত একেলগে কাম কৰি আমি তাঞ্জানিয়াৰ লোকসকলৰ জীৱনত এক ইতিবাচক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছো।

এই প্ৰতিশ্ৰুতিৰ সৈতে আমি আমাৰ প্ৰচেষ্টা আৰু অধিক অব্যাহত ৰাখিম।

ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, মাদ্ৰাজে জাঞ্জিবাৰত এটা  চৌহদ খোলাৰ সিদ্ধান্ত আমাৰ সম্পৰ্কৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।

ই কেৱল তাঞ্জানিয়াৰ বাবেই নহয়, আঞ্চলিক দেশৰ শিক্ষাৰ্থীসকলৰ বাবেও উচ্চ মানৰ শিক্ষাৰ কেন্দ্ৰ হৈ পৰিব।

প্ৰযুক্তি দুয়োখন দেশৰ উন্নয়ন যাত্ৰাৰ এটা মূলস্তম্ভ।

ডিজিটেল ৰাজহুৱা সামগ্ৰী ভাগ-বতৰাৰ ক্ষেত্ৰত আজিৰ চুক্তিয়ে আমাৰ অংশীদাৰীত্ব শক্তিশালী কৰিব।

তাঞ্জানিয়াত ইউ পি আইৰ সফলতাৰ কাহিনী গ্ৰহণ কৰিবলৈ পদক্ষেপ লোৱা বাবে মই সুখী।

বন্ধুসকল,

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আমি পাঁচ বছৰীয়া পথ নিৰ্দেশনাৰ ওপৰত সন্মত হৈছো।

ইয়াৰ জৰিয়তে সামৰিক প্ৰশিক্ষণ, সামুদ্ৰিক সহযোগিতা, ক্ষমতা নিৰ্মাণ, প্ৰতিৰক্ষা উদ্যোগৰ দৰে ক্ষেত্ৰত নতুন মাত্ৰা যোগ কৰা হ'ব।

শক্তিৰ ক্ষেত্ৰতো ভাৰত আৰু তাঞ্জানিয়াৰ ঘনিষ্ঠ সহযোগিতা আছে।
 

ভাৰতত দ্ৰুতগতিত পৰিৱৰ্তন হৈ থকা পৰিষ্কাৰ শক্তিৰ দৃশ্যপটৰ পৰিপ্ৰেক্ষিতত আমি এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰত একেলগে কাম কৰিবলৈ সন্মত হৈছো।

মই সুখী যে তাঞ্জানিয়াই জি-২০ সন্মিলনত ভাৰতৰ দ্বাৰা আৰম্ভ কৰা গোলকীয় জৈৱ ইন্ধন মিত্ৰতাত যোগদান কৰাৰ সিদ্ধান্ত লৈছে।

লগতে ইণ্টাৰনেচনেল বিগ কেট এলায়েন্সত যোগদান কৰাৰ তাঞ্জানিয়াৰ সিদ্ধান্তই বাঘৰ সংৰক্ষণৰ বাবে গোলকীয় প্ৰচেষ্টাক শক্তিশালী কৰিব।

আজি আমি জনকল্যাণৰ বাবে মহাকাশ আৰু পাৰমাণৱিক প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত দৃঢ় পদক্ষেপ চিনাক্ত কৰি আগবাঢ়ি যাবলৈ আমি সিদ্ধান্ত লৈছো।

বন্ধুসকল,

আজি আমি বিভিন্ন গোলকীয় আৰু আঞ্চলিক বিষয়ৰ ওপৰত আলোচনা কৰিছো।

ভাৰত মহাসাগৰৰ দ্বাৰা সংযুক্ত দেশ হিচাপে আমি সামুদ্ৰিক সুৰক্ষা, সামুদ্ৰিক চুৰি, নিচাযুক্ত দ্ৰব্য সৰবৰাহ আদিৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ পাৰস্পৰিক সমন্বয় বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো।

ইণ্ডো-পেচিফিকৰ সকলো প্ৰচেষ্টাত আমি তাঞ্জানিয়াক এক মূল্যৱান অংশীদাৰ হিচাপে চাওঁ।


সন্ত্ৰাসবাদ মানৱতাৰ বাবে আটাইতকৈ ডাঙৰ নিৰাপত্তাৰ ভাবুকি বুলি ভাৰত আৰু তাঞ্জানিয়া সন্মত হৈছে।

এই ক্ষেত্ৰত আমি সন্ত্ৰাসবাদবিৰোধী পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।

বন্ধুসকল,

আমাৰ সম্পৰ্কৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংযোগ হৈছে আমাৰ শক্তিশালী আৰু বহু পুৰণি লোকসকলৰ মাজৰ সম্পৰ্ক।

গুজৰাটৰ মাণ্ডৱী বন্দৰ আৰু জাঞ্জিবাৰৰ মাজত দুহাজাৰ বছৰ আগতেই ব্যৱসায়-বাণিজ্য কৰা  হৈছিল।

ভাৰতৰ সিদ্দি জনজাতিৰ উৎপত্তি পূব আফ্ৰিকাৰ জাঞ্জ উপকূলত হৈছিল।


আজিও ভাৰতত বহুসংখ্যক লোকে তাঞ্জানিয়াক তেওঁলোকৰ দ্বিতীয় ঘৰ বুলি গণ্য কৰে।

তেওঁলোকক যত্ন কৰাৰ কাৰণে তাঞ্জানিয়াৰ পৰা লাভ কৰা সমৰ্থনৰ বাবে মই ৰাষ্ট্ৰপতি হাছানক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

যোগৰ লগতে তাঞ্জানিয়াত কাবাডী আৰু ক্ৰিকেটৰো জনপ্ৰিয়তা বৃদ্ধি পাইছে।

আমি দুয়োখন দেশৰ জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পৰ্ক বৃদ্ধি কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিম।

মহামহিম,

আপোনাক আৰু আপোনাৰ প্ৰতিনিধিবৰ্গক আকৌ এবাৰ ভাৰতত স্বাগতম।

বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump

Media Coverage

India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 আগষ্ট 2026
August 28, 2026

India’s Growth Story, Grounded: Inclusion, Exports, and Infrastructure Under One Vision of PM Modi