মহামহিম ৰাষ্ট্ৰপতি উইলিয়াম ৰুটো,

দুয়োখন দেশৰ প্ৰতিনিধি,

সংবাদ মাধ্যমৰ বন্ধুসকল,

নমস্কাৰ!

ৰাষ্ট্ৰপতি ৰুটো আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আদৰণি জনাবলৈ পাই মই অতি আনন্দিত।

মই আনন্দিত যে আফ্ৰিকান ইউনিয়নে জি-২০ত যোগদান কৰাৰ পিছতে তেওঁ এই ভ্ৰমণলৈ আহিছে।
ভাৰতৰ বৈদেশিক নীতিত আফ্ৰিকাক সদায় উচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে।

যোৱা দশকমানৰ ভিতৰত আমি মিছন মোডত আফ্ৰিকাৰ সৈতে আমাৰ সহযোগিতা বৃদ্ধি কৰিছো।

মই নিশ্চিত যে ৰাষ্ট্ৰপতি ৰুটোৰ এই ভ্ৰমণে আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ লগতে সমগ্ৰ আফ্ৰিকা মহাদেশৰ সৈতে আমাৰ সম্পৰ্কক নতুন গতি প্ৰদান কৰিব।

বন্ধুসকল,

এইবছৰ আমি ভাৰত আৰু কেনিয়াৰ কূটনৈতিক সম্পৰ্কৰ ষাঠি বছৰীয়া জয়ন্তী উদযাপন কৰিছো, কিন্তু আমাৰ সম্পৰ্কৰ ইতিহাস হাজাৰ বছৰ পুৰণি।

মুম্বাই আৰু মোম্বাছাক সংযোগ কৰা বিশাল ভাৰত মহাসাগৰ আমাৰ প্ৰাচীন সম্পৰ্কৰ সাক্ষী হৈ আহিছে।

এই শক্তিশালী ভেটিৰ ওপৰত আমি যুগ যুগ ধৰি একেলগে আগবাঢ়ি আহিছো। যোৱা শতিকাত আমি একেলগে ঔপনিৱেশিকতাৰ বিৰোধিতা কৰিছিলো।

ভাৰত আৰু কেনিয়া এনে দেশ যাৰ অতীত আৰু ভৱিষ্যত এক উমৈহতীয়া।

বন্ধুসকল,

 

আজি আমি এটা প্ৰগতিশীল ভৱিষ্যতৰ ভেটি স্থাপন কৰি সকলো ক্ষেত্ৰতে আমাৰ সহযোগিতা শক্তিশালী কৰাৰ সিদ্ধান্ত লৈছো আৰু লগতে বহুতো নতুন পদক্ষেপক চিনাক্ত কৰা হৈছে।

ভাৰত আৰু কেনিয়াৰ মাজত পাৰস্পৰিক বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত নিৰন্তৰ অগ্ৰগতি হৈছে।

আমাৰ অৰ্থনৈতিক সহযোগিতাৰ সম্পূৰ্ণ সম্ভাৱনাক বাস্তৱ ৰূপ দিয়াৰ বাবে আমি নতুন সুযোগৰ সন্ধান কৰি যাম।

ভাৰত কেনিয়াৰ বাবে এক নিৰ্ভৰযোগ্য আৰু উন্নয়নৰ দায়বদ্ধ অংশীদাৰ হৈ আহিছে।

আইটিইচি আৰু আইচিচিআৰ বৃত্তিৰ জৰিয়তে কেনিয়াৰ জনসাধাৰণৰ দক্ষতা বিকাশ আৰু সামৰ্থ্য বিকাশত ভাৰতে উল্লেখযোগ্য অৱদান আগবঢ়াইছে।

দুখন কৃষি অৰ্থনীতি হিচাপে আমি আমাৰ অভিজ্ঞতাসমূহ ভাগ-বাটোৱাৰা কৰিবলৈ সন্মত হৈছো।

কেনিয়াৰ কৃষি খণ্ডক আধুনিকীকৰণৰ বাবে আমি ২৫০ মিলিয়ন ডলাৰৰ লাইন অৱ ক্ৰেডিট প্ৰদান কৰাৰ সিদ্ধান্তও লৈছো।

আধুনিক যুগৰ প্ৰয়োজন অনুযায়ী আমি প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিছো।

ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতৰ সাফল্যসমূহ কেনিয়াৰ সৈতে ভাগ-বাটোৱাৰা কৰিবলৈ আমি সম্পূৰ্ণ সাজু।

এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত আজি যি বুজাবুজি হৈছে, সিয়ে আমাৰ প্ৰচেষ্টাক শক্তিশালী কৰিব।

স্বচ্ছ শক্তি দুয়োখন দেশৰ প্ৰধান অগ্ৰাধিকাৰ।

কেনিয়াই গ্ৰহণ কৰা আফ্ৰিকা জলবায়ু সন্মিলনৰ পদক্ষেপ অতি প্ৰশংসনীয়।

ইয়াত ৰাষ্ট্ৰপতি ৰুটোৰ ঐক্যবদ্ধভাৱে বিশ্বৰ সকলো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ প্ৰতিশ্ৰুতিও প্ৰতিফলিত হৈছে।

কেনিয়াই গ্ল’বেল বায়’ফুৱেলছ এলায়েন্স আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ এলায়েন্সত যোগদান কৰাৰ সিদ্ধান্ত লোৱাত মই আনন্দিত৷

ইয়াৰ উপৰিও কেনিয়াই ইণ্টাৰনেচনেল বিগ কেট এলায়েন্সত যোগদান কৰাৰ সিদ্ধান্তই আমাক ‘বিগ কেট’ সংৰক্ষণৰ বাবে বিশ্বব্যাপী প্ৰচেষ্টা শক্তিশালী কৰাত সহায় কৰিব।

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আমাৰ ক্ৰমবৰ্ধমান সহযোগিতা আমাৰ গভীৰ পাৰস্পৰিক বিশ্বাস আৰু উমৈহতীয়া স্বাৰ্থৰ প্ৰতীক।

আজিৰ আলোচনাত আমি সামৰিক অনুশীলন, সামৰ্থ্য বিকাশৰ লগতে দুয়োখন দেশৰ প্ৰতিৰক্ষা উদ্যোগক সংযোগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো।

জনকল্যাণৰ বাবে মহাকাশ প্ৰযুক্তি ব্যৱহাৰৰ বিষয়েও আমি আলোচনা কৰিছো।

এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰখনত ভাৰতৰ সফল অভিজ্ঞতা কেনিয়াৰ সৈতে ভাগ-বাটোৱাৰা কৰিবলৈ আমি সন্মত হৈছো।

এই দায়বদ্ধতা আৰু বন্ধুত্বৰ মনোভাৱেৰে আমি সকলো ক্ষেত্ৰতে সহযোগিতা বৃদ্ধিৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম।

বন্ধুসকল,

আজিৰ বৈঠকত আমি বহুতো গোলকীয় আৰু আঞ্চলিক বিষয়ত আলোচনা কৰিলোঁ।

ভাৰত মহাসাগৰৰ সৈতে সংযুক্ত দেশ হিচাপে সামুদ্ৰিক সুৰক্ষা, জলভাগত ডকাইতি আৰু ড্ৰাগছ সৰবৰাহ ৰোধ আমাৰ উমৈহতীয়া অগ্ৰাধিকাৰৰ বিষয়।

এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰিবলৈ আমি সামুদ্ৰিক সহযোগিতাত এক যৌথ বিবৃতি প্ৰকাশ কৰিছো।

কেনিয়া আৰু ভাৰতৰ মাজত ঘনিষ্ঠ সহযোগিতাই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আমাৰ সকলো প্ৰচেষ্টাক শক্তিশালী কৰিব।

ভাৰত আৰু কেনিয়া একমত যে সন্ত্ৰাসবাদ হৈছে মানৱতাৰ বাবে আটাইতকৈ গুৰুতৰ প্ৰত্যাহ্বান।

এই সন্দৰ্ভত আমি সন্ত্ৰাসবাদবিৰোধী ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছো।

 

বন্ধুসকল,

কেনিয়াক দ্বিতীয় ঘৰ বুলি গণ্য কৰা ভাৰতীয় মূলৰ প্ৰায় আশী হাজাৰ লোকেই আমাৰ সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি।

তেওঁলোকৰ যত্নৰ বাবে কেনিয়াৰ পৰা লাভ কৰা সমৰ্থনৰ বাবে মই ব্যক্তিগতভাৱে ৰাষ্ট্ৰপতি ৰুটোৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছো।

আজি স্বাক্ষৰিত সাংস্কৃতিক বিনিময় চুক্তিৰ জৰিয়তে আমাৰ পাৰস্পৰিক ঘনিষ্ঠতা আৰু অধিক বৃদ্ধি পাব।

কেনিয়াৰ দীৰ্ঘ দূৰত্ব আৰু মাৰাথন দৌৰবিদসকল বিশ্ববিখ্যাত। একেদৰে দুয়োখন দেশতে ক্ৰিকেটৰো জনপ্ৰিয়তা আছে।

দুয়োখন দেশৰ মাজত ক্ৰীড়াৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ বাবে গুৰুত্বপূৰ্ণ সহমতত উপনীত হৈছো।

 

বলীউডৰ সমান্তৰালকৈ কেনিয়াত যোগ আৰু আয়ুৰ্বেদৰো জনপ্ৰিয়তা বাঢ়িছে।

দুয়োখন দেশৰ মাজত জনসাধাৰণৰ সম্পৰ্ক গভীৰ কৰাৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখিম।

মহামহিম,

আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক আকৌ এবাৰ ভাৰতলৈ আদৰণি জনাইছো।

অশেষ ধন্যবাদ।

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The Nari Shakti Decade: How 12 years of policy reforms under Modi govt transformed lives of women in Bharat

Media Coverage

The Nari Shakti Decade: How 12 years of policy reforms under Modi govt transformed lives of women in Bharat
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 জুন 2026
June 07, 2026

India on the Rise: Celebrating Milestones from Grassroots to the Global Stage Under the Leadership of PM Modi