মহামহিম, প্ৰধানমন্ত্ৰী শ্বিন্নাৱাট,

দুয়োখন দেশৰ প্ৰতিনিধি,

সংবাদ মাধ্যমৰ সকলো বন্ধু,

নমস্কাৰ !

স্বাদী খাপ!

এই সুন্দৰ স্বৰ্ণ-ভূমিত মোৰ আৰু মোৰ প্ৰতিনিধি দলটোৰ উষ্ম আদৰণি আৰু আতিথ্য-সৎকাৰৰ বাবে মই প্ৰধানমন্ত্ৰী শ্বিন্নাৱাটৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

২৮ মাৰ্চত অহা ভূমিকম্পত হোৱা প্ৰাণহানিৰ বাবে মই ভাৰতবাসীৰ হৈ গভীৰ সমবেদনা প্ৰকাশ কৰিছোঁ। আৰু, আমি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ।

 

বন্ধুসকল,

ভাৰত আৰু থাইলেণ্ডৰ শতিকা পুৰণি সম্পৰ্ক আমাৰ গভীৰ সাংস্কৃতিক আৰু আধ্যাত্মিক সূত্ৰৰ দ্বাৰা সংযুক্ত হৈ আছে। বৌদ্ধ ধৰ্মৰ প্ৰসাৰে আমাৰ মানুহক সংযোগ কৰিছে।

অযুথায়াৰ পৰা নালন্দালৈ বিদ্বানসকলৰ আদান-প্ৰদান হৈছে। ৰামায়ণৰ কাহিনী থাই লোকজীৱনত গভীৰভাৱে শিপাই আছে। আৰু, সংস্কৃত-পালিৰ প্ৰভাৱ আজিও ভাষা আৰু পৰম্পৰাত দেখা যায়।

মই থাইলেণ্ড চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে মোৰ ভ্ৰমণৰ উপলক্ষে ১৮ শতিকাৰ ‘ৰামায়ণ’ মিউৰেল চিত্ৰৰ আধাৰত এক বিশেষ ডাক টিকট জাৰি কৰা হৈছে।

প্ৰধানমন্ত্ৰী শ্বিন্নাৱাটে এইমাত্ৰ মোক ত্ৰিপিটক উপহাৰ দিলে। বুদ্ধ-ভূমি ভাৰতৰ হৈ মই ইয়াক হাতযোৰ কৰি গ্ৰহণ কৰিলোঁ।

যোৱা বছৰ, ভগৱান বুদ্ধৰ পৱিত্ৰ ধ্বংসাৱশেষ ভাৰতৰ পৰা থাইলেণ্ডলৈ প্ৰেৰণ কৰা হৈছে। এয়া অতি আনন্দৰ কথা যে চাৰি নিযুততকৈও অধিক ভক্তই দৰ্শন কৰাৰ সুযোগ পালে। মই এই কথা ঘোষণা কৰিবলৈ পাই অতিশয় আনন্দিত যে ১৯৬০ চনত গুজৰাটৰ আৰাৱলিত পোৱা পৱিত্ৰ ধ্বংসাৱশেষবোৰো থাইলেণ্ডলৈ দৰ্শনৰ বাবে প্ৰেৰণ কৰা হ’ব।

এই বছৰ ভাৰতত মহাকুম্ভতো আমাৰ পুৰণি সংযোগ দেখা গৈছিল। থাইলেণ্ডকে ধৰি অন্য দেশৰ পৰা, ৬০০ৰো অধিক বৌদ্ধ ভক্তই এই আধ্যাত্মিক আৰু সাংস্কৃতিক সমাৱেশত অংশগ্ৰহণ কৰে। এই আয়োজনে বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰদান কৰে।

 

বন্ধুসকল,

ভাৰতৰ ‘এক্ট ইষ্ট’ নীতি আৰু আমাৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীত থাইলেণ্ডৰ বিশেষ স্থান আছে। আজি আমি আমাৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছোঁ। নিৰাপত্তা সংস্থাসমূহৰ মাজত ‘কৌশলগত আলোচনা’ স্থাপনৰ বিষয়েও আলোচনা কৰা হয়।

চাইবাৰ অপৰাধৰ বলি হোৱা ভাৰতীয় লোকসকলক ভাৰতলৈ ঘূৰাই পঠোৱাৰ ক্ষেত্ৰত থাইলেণ্ড চৰকাৰে সহযোগিতা আগবঢ়োৱাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আমি একমত যে আমাৰ সংস্থাসমূহে মানৱ সৰবৰাহৰ আৰু অবৈধ প্ৰব্ৰজনৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে কাম কৰিব।

আমি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য আৰু থাইলেণ্ডৰ মাজত পৰ্যটন, সংস্কৃতি আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ।

আমি ব্যৱসায়ৰ মাজত পাৰস্পৰিক বাণিজ্য, বিনিয়োগ আৰু বিনিময় বৃদ্ধিৰ বিষয়ে কথা পাতিলোঁ। এমএছএমই, হস্ততাঁত আৰু হস্তশিল্পৰ ক্ষেত্ৰতো সহযোগিতাৰ বাবে চুক্তি কৰা হৈছে।

আমি নবীকৰণযোগ্য শক্তি, ডিজিটেল প্ৰযুক্তি, ই-বাহন, ৰবটিক্স, মহাকাশ, জৈৱ-প্ৰযুক্তি আৰু ষ্টাৰ্ট-আপৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছোঁ। ভৌতিক সংযোগৰ লগতে, দুয়োখন দেশৰ মাজত ফিনটেক সংযোগ বৃদ্ধিৰ বাবেও কাম কৰা হ’ব।

জনসাধাৰণৰ মাজত বিনিময়ৰ প্ৰচাৰৰ লক্ষ্যৰে, ভাৰতে থাইলেণ্ডৰ পৰ্যটকৰ বাবে বিনামূলীয়া ই-ভিছাৰ সুবিধা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে।

 

বন্ধুসকল,

আছিয়ান ভাৰতৰ এক ব্যাপক কৌশলগত অংশীদাৰ। আৰু এই অঞ্চলত সামুদ্ৰিক প্ৰতিবেশী হিচাপে আঞ্চলিক শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ প্ৰতি আমাৰ অংশীদাৰিত্ব আছে।

ভাৰতে আছিয়ান ঐক্য আৰু আছিয়ান কেন্দ্ৰীয়তাক সম্পূৰ্ণৰূপে সমৰ্থন কৰে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত, আমি উভয়ে মুক্ত, মুকলি, সৰ্বাংগীন আৰু নিয়মভিত্তিক ব্যৱস্থাক সমৰ্থন কৰোঁ।

আমি উন্নয়নৰ নীতিত বিশ্বাস কৰোঁ, সম্প্ৰসাৰণবাদত নহয়। ভাৰত-প্ৰশান্ত মহাসাগৰৰ পদক্ষেপৰ ‘সামুদ্ৰিক পৰিস্থিতিতন্ত্ৰ’ স্তম্ভৰ সহ-নেতৃত্ব থাইলেণ্ডৰ সিদ্ধান্তক আমি আদৰণি জনাইছোঁ।

 

বন্ধুসকল,

কাইলৈ BIMSTEC Summit ত অংশগ্ৰহণ কৰিবলৈ মই আগ্ৰহী। থাইলেণ্ডৰ অধ্যক্ষতাত এই মঞ্চৰ অধীনত আঞ্চলিক সহযোগিতাই নতুন গতি লাভ কৰিছে। ইয়াৰ বাবে আমি প্ৰধানমন্ত্ৰী আৰু তেওঁৰ দলটোক অভিনন্দন জনাইছোঁ।

মহামহিম,

আকৌ এবাৰ, আপোনাক আদৰণি আৰু সন্মানৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু, ত্ৰিপিটক উপহাৰৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

বহুত বহুত ধন্যবাদ।

খাপ খুন খাপ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s GDP growth likely to stay strong at 7-7.2% in FY27 despite global risks: Report

Media Coverage

India’s GDP growth likely to stay strong at 7-7.2% in FY27 despite global risks: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 আগষ্ট 2026
August 30, 2026

Tiranga in Tashkent, Relief in Nepal: Soft Power Meets First Responder

Vocal for Local, Nari Shakti, Real Heroes: Mann Ki Baat’s Atmanirbhar Hour