ভাৰত-বাংলাদেশ মৈত্ৰী পাইপলাইন যুটীয়াভাৱে উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই
আইপিএফপি ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশৰ মাজত এয়া দ্বিতীয় সীমা অতিক্ৰমী শক্তি পাইপলাইন
বাংলাদেশৰ সৈতে সংযোগ বৃদ্ধিয়ে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সম্পৰ্ক সুদৃঢ় কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই আজি ভাৰ্চুৱেলী যুটীয়াভাৱে ভাৰত-বাংলাদেশ মৈত্ৰী পাইপলাইন(আইপিএফপি) উদ্বোধন কৰে৷ ২০১৮ চনৰ ছেপ্টেম্বৰত দুয়োগৰাকী প্ৰধানমন্ত্ৰী এই পাইপলাইৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল৷ নুমলীগড় শোধনাগাৰ লিমিটেডে ২০১৫ চনৰ পৰা বাংলাদেশলৈ পেট্ৰ’লিয়ামজাত সামগ্ৰী যোগান ধৰি আহিছে৷ ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশৰ মাজত এয়া দ্বিতীয় সীমা অতিক্ৰমী শক্তি পাইপলাইন৷

বিদ্যুৎ আৰু শক্তি খণ্ডত সহযোগিতা ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ অন্যতম প্ৰতীক হৈ পৰিছে। আইবিএফপি হৈছে ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰথমটো সীমা অতিক্ৰম কৰি শক্তি পাইপলাইন যাৰ ক্ষমতা বাংলাদেশলৈ বছৰি ১ মিলিয়ন মেট্ৰিক টন (এমএমটিপিএ) হাই-স্পীড ডিজেল (এইচএছডি) পৰিবহণ কৰিব পৰা যায়। বাংলাদেশৰ সৈতে বৰ্ধিত সংযোগে দুই পক্ষৰ মাজত মানুহৰ পৰা মানুহৰ সংযোগ আৰু অধিক শক্তিশালী কৰিব।

বাংলাদেশ ভাৰতৰ আগশাৰীৰ উন্নয়ন অংশীদাৰ আৰু অঞ্চলটোৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ। মৈত্ৰী পাইপলাইন কাৰ্যকৰী কৰাটোৱে দুয়োখন দেশৰ মাজত চলি থকা শক্তি সহযোগিতা বৃদ্ধি কৰিব আৰু বাংলাদেশত বিশেষকৈ কৃষি খণ্ডত অধিক বৃদ্ধি পাব।

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক এই প্ৰকল্প সন্দৰ্ভত অহৰহ মাৰ্গদৰ্শনৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দুয়োখন দেশৰ জনসাধাৰণৰ সুবিধাৰ্থে তেওঁৰ সৈতে কাম কৰি যাবলৈ ইচ্ছা প্ৰকাশ কৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi’s FTA push: Why India’s MSMEs now have a bigger export opportunity

Media Coverage

PM Modi’s FTA push: Why India’s MSMEs now have a bigger export opportunity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 আগষ্ট 2026
August 17, 2026

India Ascendant: Citizens Hail PM Modi's Vision and India’s Multi-Sectoral Growth