ভাৰত-বাংলাদেশ মৈত্ৰী পাইপলাইন যুটীয়াভাৱে উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই
আইপিএফপি ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশৰ মাজত এয়া দ্বিতীয় সীমা অতিক্ৰমী শক্তি পাইপলাইন
বাংলাদেশৰ সৈতে সংযোগ বৃদ্ধিয়ে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সম্পৰ্ক সুদৃঢ় কৰিব

মহামান্য

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা,

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,

কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী শ্ৰী হৰদীপ পুৰী,

আৰু অসমৰ পৰা অহা ভাৰত চৰকাৰৰ মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী,

বাংলাদেশ চৰকাৰৰ মাননীয় মন্ত্ৰীসকল,

আৰু আমাৰ সৈতে যোগদান কৰা আন সকলো,

নমস্কাৰ!
আজি ভাৰত-বাংলাদেশ সম্পৰ্কৰ ইতিহাসত আজি এক নতুন অধ্যায়ৰ সূচনা হৈছে। ভাৰত-বাংলাদেশ বন্ধুত্ব পাইপলাইন-২০১৮ চনৰ ছেপ্টেম্বৰত আমি ইয়াৰ ভেটি স্থাপন কৰিছিলোঁ। আৰু মই সুখী যে আজি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে ইয়াক উদ্বোধন কৰাৰ সুযোগ লাভ কৰিছোঁ।

এয়াও সন্তুষ্টিৰ বিষয় যে কোভিড-১৯ মহামাৰী সত্ত্বেও এই প্ৰকল্পটোৰ কাম অব্যাহত আছিল। এই পাইপলাইনৰ দ্বাৰা উত্তৰ বাংলাদেশৰ বিভিন্ন জিলালৈ ১নিযুত মেট্ৰিক টন হাই-স্পীড ডিজেল যোগান ধৰিব পৰা যাব। পাইপলাইনৰ জৰিয়তে যোগান ধৰাৰ ফলত কেৱল ব্যয়েই হ্ৰাস নহয়, এই যোগানৰ কাৰ্বন ফুটপ্ৰিন্টো হ্ৰাস হ'ব। এক নিৰ্ভৰযোগ্য আৰু ব্যয়সাপেক্ষ ডিজেল যোগান কৃষি খণ্ডৰ বাবে বিশেষভাৱে লাভজনক হ'ব। স্থানীয় উদ্যোগসমূহো ইয়াৰ দ্বাৰা লাভান্বিত হ'ব।

আজিৰ গোলকীয় পৰিস্থিতিত বহুতো উন্নয়নশীল অৰ্থনীতিয়ে তেওঁলোকৰ খাদ্য আৰু শক্তি সুৰক্ষা নিশ্চিত কৰিবলৈ সংগ্ৰাম কৰি আছে। এই পৰিপ্ৰেক্ষিতত, আজিৰ অনুষ্ঠানটোৱে অধিক গুৰুত্ব বহন কৰে।

বন্ধুসকল,

যোৱা কেইবছৰমানত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সবল নেতৃত্বত বাংলাদেশে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে আৰু প্ৰতিজন ভাৰতীয় ইয়াৰ বাবে গৌৰৱান্বিত। আৰু আমি সুখী যে বাংলাদেশৰ উন্নয়নৰ এই যাত্ৰাত আমি অৰিহণা যোগাবলৈ সক্ষম হৈছো। মই নিশ্চিত যে এই পাইপলাইনৰ ফলত বাংলাদেশৰ বিকাশ অধিক ত্বৰান্বিত হ'ব আৰু দুয়োখন দেশৰ মাজত যোগাযোগ বৃদ্ধিৰ এক উৎকৃষ্ট উদাহৰণ হ'ব। আমি আমাৰ যোগাযোগৰ প্ৰতিটো স্তম্ভ শক্তিশালী কৰি যোৱাটো প্ৰয়োজনীয়। পৰিবহণৰ ক্ষেত্ৰতেই হওঁক, শক্তিৰ ক্ষেত্ৰতেই হওঁক, বিদ্যুতৰ ক্ষেত্ৰতেই হওঁক বা ডিজিটেল ক্ষেত্ৰতেই হওঁক, আমাৰ যোগাযোগ যিমানেই বৃদ্ধি পাব, আমাৰ জনসাধাৰণৰ মাজত সম্পৰ্কও সিমানেই শক্তিশালী হ'ব।

মোৰ মনত আছে যে কেইবছৰমান আগতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ১৯৬৫ চনৰ পূৰ্বৰ ৰে'ল যোগাযোগ ব্যৱস্থা পুনৰুদ্ধাৰৰ বাবে তেওঁৰ দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰিছিল। আৰু তেতিয়াৰ পৰা দুয়োখন দেশে সেই ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ইয়াৰ ফলস্বৰূপে, কোভিড ১৯ মহামাৰীৰ সময়ত আমি সেই ৰেল নেটৱৰ্কৰ জৰিয়তে বাংলাদেশলৈ অক্সিজেন প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিলোঁ। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাজীৰ এই দূৰদৰ্শী দৃষ্টিভংগীৰ বাবে মই তেওঁক আন্তৰিক অভিনন্দন জনাইছো।

বন্ধুসকল,

বিদ্যুতৰ ক্ষেত্ৰত আমাৰ পাৰস্পৰিক সহযোগিতা যথেষ্ট সফল হৈছে। আজি ভাৰতে বাংলাদেশলৈ ১১০০ মেগাৱাটতকৈও অধিক বিদ্যুৎ যোগান ধৰিছে। মৈত্ৰী চুপাৰ থাৰ্মেল পাৱাৰ প্লেণ্টৰ প্ৰথম গোটটোও কাৰ্যক্ষম হৈ উঠিছে। যোৱা বছৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰত ভ্ৰমণৰ সময়ত এইটো উদ্বোধন কৰিছিল। আৰু এতিয়া আমি সোনকালেই দ্বিতীয় গোটটো আৰম্ভ কৰাৰ দিশত কাম কৰি আছোঁ।

শক্তি সহযোগিতাৰ ক্ষেত্ৰত আমাৰ পেট্ৰ'লিয়াম বাণিজ্যই ১বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। এইটো গৌৰৱৰ বিষয় যে হাইড্ৰ'কাৰ্বনৰ সমগ্ৰ মূল্য শৃংখলাত আমাৰ সহযোগ আছে। সেয়া আপ-ষ্ট্ৰীম, মিড-ষ্ট্ৰীম, বা ডাউন-ষ্ট্ৰীমেই হওঁক। এই পাইপলাইনৰ সৈতে  এই সহযোগিতা অধিক বিস্তৃত হ'ব।

মই এই প্ৰকল্পৰ সৈতে জড়িত সকলো বিষয়াক, বিশেষকৈ নুমলীগড় শোধনাগাৰ আৰু বাংলাদেশ পেট্ৰ'লিয়াম নিগমক অভিনন্দন জনাইছোঁ।

মহামান্য,

কিমান এক শুভ কাকতালীয় ঘটনা যে আজিৰ এই উদ্বোধন বঙ্গবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম জয়ন্তীৰ এদিন পিছত অনুষ্ঠিত হৈছে! বংগবন্ধুৰ 'সোণাৰ বাংলা' দৃষ্টিভংগীৰ ভিতৰত সমগ্ৰ অঞ্চলটোৰ মৈত্ৰীপূৰ্ণ বিকাশ আৰু সমৃদ্ধি অন্তৰ্ভক্ত আছিল। এই যুটীয়া প্ৰকল্পটো তেওঁৰ দৃষ্টিভংগীৰ এক নিখুঁত উদাহৰণ।

মহামান্য,

ভাৰত-বাংলাদেশৰ সহযোগিতাৰ প্ৰতিটো দিশ আপোনাৰ নিৰ্দেশনাৰ দ্বাৰা উপকৃত হৈছে। এই প্ৰকল্পটোও ইয়াৰে এটা। এই অনুষ্ঠানত মোৰ সৈতে যোগদান কৰাৰ বাবে আপোনাক বহুত ধন্যবাদ। লগতে এই প্ৰকল্পটোৰ পৰা লাভান্বিত হ'বলগীয়া সকলো লোকক বহুত বহুত অভিনন্দন জনাইছোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks to the Prime Minister of Nepal
August 26, 2026
PM conveys condolences over loss of lives in floods

The Prime Minister, Shri Narendra Modi spoke to Prime Minister of Nepal Shri Balendra Shah and conveyed his condolences on the loss of lives due to floods in Nepal. Shri Modi said that the people of India stand in solidarity with their sisters and brothers in Nepal during this difficult time.

He also reaffirmed that India is ready to provide all possible humanitarian assistance to Nepal, and Indian teams are coordinating closely with the Nepalese authorities on rescue and relief efforts.

The Prime Minister posted on X:

Spoke to Prime Minister Balendra Shah and conveyed condolences on the loss of lives due to the floods in Nepal. The people of India stand in solidarity with their sisters and brothers in Nepal at this difficult time.

India is ready to provide all possible humanitarian assistance to Nepal. Our teams are coordinating closely on rescue and relief efforts.

@PM_nepal_

@ShahBalen