“মাত্ৰ ৬ বছৰত কৃষি বাজেট বহুগুণে বৃদ্ধি কৰা হৈছে। যোৱা ৭ বছৰত কৃষকসকলৰ বাবে কৃষি লোনো আঢ়ৈ গুণ বৃদ্ধি পাইছে"
"২০২৩ ক আন্তৰ্জাতিক বাজৰা বৰ্ষ হিচাপে স্বীকৃতি প্ৰদানৰ লগতে, কৰ্প’ৰেট জগতখনে ভাৰতীয় বাজৰাৰ ব্ৰেণ্ডিং আৰু প্ৰোৎসাহনৰ বাবে আগবাঢ়ি আহিব লাগে"
"কৃত্ৰিম বুদ্ধিমত্তাই একবিংশ শতিকাত কৃষি আৰু কৃষিকাৰ্য্য সম্পৰ্কীয় গতিপথ সম্পূৰ্ণৰূপে সলনি কৰিব"
"যোৱা ৩-৪ বছৰত, দেশখনত ৭০০ ৰোধিক কৃষি ষ্টাৰ্টআপ গঢ়ি তোলা হৈছে"
"চৰকাৰে সমবায় সম্পৰ্কীয় এটি নতুন মন্ত্ৰালয় গঠন কৰিছে। আপোনাসৱৰ লক্ষ্য হ'ব লাগে সমবায়সমূহক কেনেদৰে এক সফল ব্যৱসায়িক উদ্যোগলৈ পৰিৱৰ্তন কৰিব পাৰি"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি খণ্ডত কেন্দ্ৰীয় বাজেট, ২০২২ ৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত এখনি ৱেবিনাৰ সম্বোধন কৰে। তেখেতে কৃষি খণ্ডক সুদৃঢ়কৰণৰ ক্ষেত্ৰত বাজেটখনিয়ে কেনেধৰণেৰে অৰিহণা যোগাব, সেই বিষয়ে আলোচনা কৰে। ৱেবিনাৰখনিয়ে 'স্মাৰ্ট কৃষি'- ৰূপায়ণৰ ৰণনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই কাৰ্য্যসূচীত সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্য চৰকাৰসমূহৰ প্ৰতিনিধি, উদ্যোগ আৰু শিক্ষা জগতৰ প্ৰতিনিধি আৰু বিভিন্ন কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ জৰিয়তে কৃষকসকল উপস্থিত থাকে।

আৰম্ভণিতে, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ শুভাৰম্ভৰ তৃতীয় বাৰ্ষিকীৰ কথা প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। "এই আঁচনিখন দেশখনৰ ক্ষুদ্ৰ কৃষকসকলৰ বাবে এক শক্তিশালী সমৰ্থন হৈ পৰিছে। এই আঁচনিখনৰ অধীনত, ১১ কোটি কৃষকক প্ৰায় ১.৭৫ লাখ কোটি টকা প্ৰদান কৰা হৈছে", তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে বীজৰ পৰা বজাৰলৈকে বিস্তৃত একাধিক নতুন ব্যৱস্থাৰ কথা উল্লেখ কৰে আৰু লগতে কৃষি খণ্ডটোৰ পুৰণি প্ৰণালীসমূহৰ সংস্কাৰ সাধন সম্পৰ্কে আলোচনা কৰে। "মাত্ৰ ৬ বছৰত কৃষি বাজেট বহুগুণ বৃদ্ধি কৰা হৈছে। যোৱা ৭ বছৰত কৃষকসকলৰ বাবে কৃষি লোনো আঢ়ৈ গুণ বৃদ্ধি পাইছে", তেখেতে লগতে কয়। তেখেতে উল্লেখ কৰে যে মহামাৰীটোৰ জটিল সময়ছোৱাত ৩ কোটি কৃষকক বিশেষ অভিযানৰ অংশ হিচাপে কিষাণ ক্ৰেডিট কাৰ্ড (KCC) আৰু পশুপালন আৰু মীন পালনত নিয়োজিত খেতিয়কসকলক কেচিচিৰ সুবিধা প্ৰদান কৰা হৈছিল। ক্ষুদ্ৰ কৃষকসকলৰ যথেষ্ট লাভা-লাভৰ বাবে ক্ষুদ্ৰ জলসিঞ্চন নেটৱৰ্কো সুদৃঢ় কৰা হৈছে, তেখেতে কয়।

এই প্ৰচেষ্টাৰাজিৰ বাবে কৃষকসকলে অভিলেখ পৰিমাণৰ উৎপাদন দেখুৱাইছে আৰু এমএছপিত ক্ৰয়ৰ ক্ষেত্ৰতো নতুন অভিলেখ সৃষ্টি হৈছে বুলি তেখেতে কয়। জৈৱিক কৃষিক উৎসাহিতকৰণৰ বাবে, জৈৱিক সামগ্ৰীৰ বজাৰে ১১,০০০ কোটিত উপনীত হৈছে, যাৰ ৰপ্তানি ৬ বছৰ পূৰ্বে ২০০০ কোটি টকাৰপৰা ৭০০০ কোটিৰো অধিক টকালৈ বৃদ্ধি পাইছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষিক আধুনিক আৰু স্মাৰ্ট কৰি তুলিবলৈ বাজেটখনত প্ৰস্তাৱ জনোৱা সাতটা উপায় সম্পৰ্কে ব্যক্ত কৰে। প্ৰথমে, লক্ষ্য হৈছে গংগাৰ দুয়োপাৰে ৫ কিলোমিটাৰৰ ভিতৰত মিছন মোডত প্ৰাকৃতিক কৃষিকাৰ্য্য কৰা। দ্বিতীয়তে, কৃষি আৰু উদ্যানশস্যৰ আধুনিক প্ৰযুক্তি কৃষকসকলৰ বাবে উপলব্ধ কৰা হ'ব। তৃতীয়তে, খোৱা তেলৰ আমদানি হ্ৰাসৰ বাবে মিছন অইল পাম সুদৃঢ়কৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। চতুৰ্থতে, কৃষিজাত সামগ্ৰীৰ পৰিবহণৰ বাবে প্ৰধানমন্ত্ৰী গতি-শক্তি পৰিকল্পনাৰ জৰিয়তে নতুন লজিষ্টিক ব্যৱস্থা কৰা হ'ব। বাজেটখনিৰ পঞ্চম সমাধান সূত্ৰ হৈছে কৃষি-আৱৰ্জনা ব্যৱস্থাপনাৰ উন্নত সংগঠন আৰু আৱৰ্জনাৰপৰা শক্তি সমাধানৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধি কৰা। ষষ্ঠতে, ১.৫ লাখৰোধিক ডাকঘৰে নিয়মীয়া বেংকিঙৰ দৰে সেৱা প্ৰদান কৰিব যাতে কৃষকসকল অসুবিধাত নপৰে। সপ্তমতে, দক্ষতা বিকাশ আৰু মানৱ সম্পদৰ বিকাশৰ ক্ষেত্ৰত আধুনিক সময়ৰ দাবী অনুযায়ী কৃষি গৱেষণা আৰু শিক্ষাৰ পাঠ্যক্ৰম সলনি কৰা হ'ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৩ ক আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষ হিচাপে স্বীকৃতি প্ৰদানৰ কথা উল্লেখ কৰে আৰু কৰ্প’ৰেট জগতখনক ভাৰতীয় বাজৰাৰ ব্ৰেণ্ডিং আৰু প্ৰোৎসাহনৰ ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনায়। তেখেতে বিদেশৰ মুখ্য ভাৰতীয় মিছনসমূহক ভাৰতীয় বাজৰাৰ মানদণ্ড আৰু লাভা-লাভ জনপ্ৰিয়কৰণৰ বাবে আলোচনাচক্ৰ আৰু অন্যান্য প্ৰচাৰমূলক কাৰ্য্য-কলাপৰ আয়োজন কৰিবলৈয়ো কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে পৰিবেশ অনুকূল জীৱনশৈলী আৰু ইয়াৰ ফলত প্ৰাকৃতিক আৰু জৈৱিক সামগ্ৰীৰ বজাৰৰ বাবে সজাগতা বৃদ্ধি কৰিবলৈয়ো কয়। তেখেতে কেভিকেসমূহক প্ৰাকৃতিক কৃষিকাৰ্য্যৰ প্ৰোৎসাহনৰ বাবে এখনকৈ গাওঁ গ্ৰহণেৰে প্ৰাকৃতিক কৃষিকাৰ্য্যৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়।

শ্ৰী মোদীয়ে ভাৰতত মাটি পৰীক্ষা (soil testing) ৰ পৰম্পৰা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ছইল হেল্থ কাৰ্ডৰ ওপৰত চৰকাৰখনৰ গুৰুত্ব আৰোপৰ কথা উল্লেখ কৰি তেখেতে ষ্টাৰ্টআপসমূহক নিয়মীয়া অন্তৰালত মাটি পৰীক্ষাৰ পন্থাৰ সুবিধাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

জলসিঞ্চনৰ ক্ষেত্ৰত উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে 'প্ৰতি টোপাল, অধিক শস্য' (per drop, more crop) ৰ ওপৰত চৰকাৰৰ মনোযোগৰ কথা উল্লেখ কৰে। তেখেতে কয় যে ইয়াতো কৰ্প’ৰেট জগতখনৰ বাবে বহুতো সম্ভাৱনা আছে। তেখেতে বুন্দেলখণ্ড অঞ্চলত কেন-বেটৱা সংযোগ পৰিযোজনাৰদ্বাৰা সাধিত হ’বলগীয়া ৰূপান্তৰ সম্পৰ্কেও উল্লেখ কৰে। শ্ৰী মোদীয়ে তদুপৰি অসম্পাদিত জলসিঞ্চন প্ৰকল্পসমূহ দ্ৰুতগতিত সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে কৃত্ৰিম বুদ্ধিমত্তাই একবিংশ শতিকাত কৃষি আৰু কৃষিকাৰ্য্য সম্পৰ্কীয় গতিপথ সম্পূৰ্ণৰূপে সলনি কৰিবলৈ আগবাঢ়িছে। কৃষিকাৰ্য্যত ড্ৰোনৰ বৰ্ধিত ব্যৱহাৰ এই পৰিৱৰ্তনৰ অংশ। "আমি কৃষি-ষ্টাৰ্টআপক প্ৰোৎসাহিত কৰা মাত্ৰেকেহে ড্ৰোন প্ৰযুক্তি এক স্কেলত উপলব্ধ হ'ব। বিগত ৩-৪ বছৰত দেশখনত ৭০০ ৰোধিক কৃষি ষ্টাৰ্টআপ গঢ়ি তোলা হৈছে", তেখেতে লগতে কয়।

শস্য চপোৱাৰ-পিছৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কামৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰখনে সংসাধিত খাদ্যৰ পৰিসৰ বৃদ্ধি আৰু গুণমানৰ আন্তঃৰাষ্ট্ৰীয় মানদণ্ড নিশ্চিতকৰণৰ চেষ্টা কৰি আহিছে। "এই ক্ষেত্ৰত কিষাণ সম্পদ যোজনাৰ লগতে পিএলআই আঁচনিখন গুৰুত্বপূৰ্ণ। মূল্য শৃংখলাটোৱেও ইয়াত এটা বৃহৎ ভূমিকা পালন কৰে। সেয়েহে, ১ লাখ কোটি টকাৰ এক বিশেষ কৃষি আন্তঃগাঁথনি পুঁজি গঠন কৰা হৈছে", প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষি-অৱশিষ্টাংশ (পৰালী) ৰ ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "ইয়াৰ বাবে, এই বাজেটত কেতবোৰ নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যাৰ ফলত কাৰ্বন নিৰ্গমন হ্ৰাস হ'ব আৰু কৃষকসকলেও উপাৰ্জন লাভ কৰিব", তেখেতে কয়। তেখেতে লগতে পেকেজিঙৰ বাবে কৃষি-আৱৰ্জনা ব্যৱহাৰৰ উপায় অন্বেষণ কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ইথানলৰ ক্ষেত্ৰতো সম্ভাৱনাৰ কথা উল্লেখ কৰে য'ত চৰকাৰখনে ২০ শতাংশ ব্লেণ্ডিঙৰ লক্ষ্যৰে আগবাঢ়িছে। ২০১৪ ত ১-২ শতাংশৰ তুলনাত ব্লেণ্ডিঙে প্ৰায় ৮ শতাংশত উপনীত হৈছে বুলি তেখেতে অৱগত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সমবায় খণ্ডটোৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেখেতে কয়, "ভাৰতৰ সমবায় খণ্ড অতি প্ৰাণোচ্ছল। চেনী কল, সাৰ কাৰখানা, দুগ্ধ খণ্ড, ঋণৰ ব্যৱস্থা, খাদ্যশস্য ক্ৰয় আদিৰ ক্ষেত্ৰত সমবায় খণ্ডটোৰ অংশগ্ৰহণ বৃহৎ। আমাৰ চৰকাৰে ইয়াৰে সম্পৰ্কীয় এটা নতুন মন্ত্ৰালয়ো গঠন কৰিছে। আপোনাসৱৰ লক্ষ্য হ'ব লাগে সমবায়সমূহক কেনেদৰে এক সফল ব্যৱসায়িক উদ্যোগলৈ পৰিৱৰ্তন কৰিব পাৰি।"

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sanand 2.0's swift semicon wave accelerates India's chip ambitions

Media Coverage

Sanand 2.0's swift semicon wave accelerates India's chip ambitions
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates successful candidates of Civil Services Examination, 2025
March 06, 2026

The Prime Minister, Shri Narendra Modi has congratulated all those who have successfully cleared the Civil Services Examination, 2025. He said that their dedication, perseverance and hard work have enabled them to achieve this significant milestone.

The Prime Minister noted that clearing the Civil Services Examination marks the beginning of an important journey of public service. He wished the successful candidates the very best as they embark on the path of serving the nation and fulfilling the aspirations of the people.

The Prime Minister also conveyed his message to those who may not have secured the desired outcome in the examination. He acknowledged that such moments can be difficult, but emphasised that this is only one step in a larger journey.

Highlighting that many opportunities lie ahead, both in future examinations and in the many avenues through in which individuals can contribute to the nation, the Prime Minister extended his best wishes to them for the road ahead.

The Prime Minister wrote on X;

“Congratulations to all those who have successfully cleared the Civil Services Examination, 2025. Their dedication, perseverance and hard work have led to this significant milestone.

Wishing them the very best as they embark on a journey of serving the nation and fulfilling the aspirations of the people.”

“To those who may not have secured the desired outcome in the Civil Services Examination, I understand that such moments can be difficult. However, this is only one step in a larger journey. Many opportunities lie ahead, both in future examinations and in the many avenues through which you can contribute to our nation. My best wishes for the road ahead.”