“দেশৰ জনসাধাৰণৰ সবলীকৰণ প্রযুক্তি আমাৰ বাবে গুৰুত্বপূর্ণ মাধ্যম। দেশক আত্মনির্ভৰ কৰি তোলাত প্রযুক্তিৰ ব্যৱহাৰ প্রয়োজন। এইবাৰৰ বাজেটত সেই চিন্তাধাৰাকে প্রতিফলিত হৈছে”
“ফাইভ-জি স্পেকট্রামৰ নিলামৰ বাবে বাজেটত স্পষ্ট পৰিকল্পনা কৰা হৈছে। শক্তিশালী ফাইভ-জি ব্যৱস্থাপনাৰ বাবে প্রয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰা উৎসাহ-ভিত্তিক উৎপাদন আঁচনিৰ প্রস্তাৱ লোৱা হৈছে”
“সহজ জীৱনযাত্রাৰ বাবে প্রযুক্তিক সৰ্বাধিক কিমান ব্যৱহাৰ কৰিব পৰা যায়, আমি সেই বিষয়ৰ ওপৰত গুৰুত্ব দিছো”
“ক’ভিডৰ সময়ত টিকা উৎপাদনৰ ক্ষেত্রত আমাৰ আত্মনির্ভৰশীলতাৰ বাবে সমগ্ৰ বিশ্বৰ বাবে আমি বিশ্বাসযাগ্য হৈ পৰিছো৷ প্রতিটো ক্ষেত্রত এই সাফল্যক আমি কামত লগাব লাগিব”

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি বাজেট পাছত সপ্তমখন ৱেবিনাৰত বক্তব্য আগবঢ়ায়৷ বাজেটত গৃহীত প্রস্তাৱসমূহ সংশ্লিষ্ট সকলোৰে সৈতে আলোচনাৰ মাধ্যমে উপযুক্তভাৱে ৰূপায়ণৰ বাবে ইয়াত আলোচনা কৰা হৈছে। এই ৱেবিনাৰসমূহ আয়োজনৰ উদ্দ্যেশ্য ব্যাখ্যা কৰি প্রধানমন্ত্রীয়ে কয়, “বাজেটৰ প্রস্তাৱসমূহৰ সৰ্বাধিক সুফল লাভ কৰা আৰু কিদৰে আমি সেয়া দ্রুতগতিত কার্যকৰী কৰিব পাৰো, সেয়া নিশ্চিত কৰিবলৈ এই ৱেবিনাৰৰ মাধ্যমে এক যুটীয়া প্ৰচেষ্টাৰ পৰিকল্পনা কৰা হ’ব৷”

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বর্তমান চৰকাৰৰ বাবে বিজ্ঞান আৰু প্রযুক্তি কোনো পৃথক ক্ষেত্র নহয়। অর্থনীতিত ডিজিটেল অর্থনীতি আৰু ফিনটেক প্রযুক্তিৰ সৈতে সম্পৰ্কযুক্ত। একেদৰে, আন্তঃগাঁথনি আৰু জনসেৱা প্রদানৰ বাবে উন্নত প্রযুক্তিৰ গুৰুত্বপূর্ণ ভূমিকা আছে। তেওঁ কয় যে দেশৰ জনতাক সবলীকৰণত প্রযুক্তিয়ে আমাৰ বাবে গুৰুত্বপূর্ণ মাধ্যম। দেশক আত্মনির্ভৰ কৰি তুলিবলৈ প্রযুক্তিৰ ব্যৱহাৰ কৰাটো আৱশ্যক। এইবাৰৰ বাজেটত সেই চিন্তাধাৰাকে প্রতিফলিত হৈছে। এই প্রসংগত প্রধানমন্ত্রীয়ে মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনৰ শেহতীয়া ভাষণৰ কথা উল্লেখ কৰেন৷ বাইডেনে মার্কিন যুক্তৰাষ্ট্রৰ দৰে উন্নত দেশৰ আত্মনির্ভৰ হৈ উঠাৰ গুৰুত্বৰ কথা উল্লেখ কৰে৷ বর্তমান আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিত আত্মনির্ভৰতাক অগ্রাধিকাৰ দি আমি আগুৱাই যাব লাগিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কৃত্রিম বুদ্ধিমত্তা, ভূ-স্থানিক ব্যৱস্থাপনা, ড্রোন, ছেমিকণ্ডাক্টৰ, মহাকাশ প্রযুক্তি, জিন সংক্রান্তীয় প্রযুক্তি, ঔষধ প্রস্তুত, পৰিৱেশ অনুকূল প্রযুক্তি আৰু ফাইভ-জি’ৰ দৰে সম্ভাৱনাপূৰ্ণ ক্ষেত্রসমূহে বাজেটত যথেষ্ট গুৰুত্ব লাভ কৰিছে। তেওঁ লগতে কয় যে ফাইভ-জি স্পেকট্রামৰ নিলামৰ বাবে বাজেটত স্পষ্ট পৰিকল্পনা আছে। তদুপৰি শক্তিশালী ফাইভ-জি ব্যৱস্থাপনাৰ বাবে প্রয়োজনীয় সামগ্ৰী প্ৰস্তুতকৰণত উৎসাহ-ভিত্তিক উৎপাদন আঁচনিৰ প্রস্তাৱ লোৱা হৈছে। ব্যক্তিগত সংস্থাসমূহক এই প্ৰচেষ্টাত তেওঁ সহযোগ কৰাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত গেমৰ চাহিদা বৃদ্ধিৰ সন্দৰ্ভত উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে এইবাৰৰ বাজেটত এনিমেচনক কামত লগাই ভিজুৱেল এফেক্টৰ মাধ্যমে কমিক গেমছ প্ৰস্তুত কৰাৰ বিষয়টোত বিশেষ গুৰুত্ব দিয়া হৈছে। একেদৰে, ভাৰতীয় পৰিৱেশ আৰু দেশৰ চাহিদা অনুসৰি প্রয়োজনীয় খেলনা প্ৰস্তুত কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷ কমিউনিকেচন চেণ্টাৰ আৰু ফিনটেকসমূহৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে বিদেশৰ ওপৰত নির্ভৰশীলতা হ্ৰাস দেশত প্রয়োজনীয় ব্যৱস্থাপনা গঢ়ি তুলিব লাগিব৷ বিভিন্ন নিয়মৰ সময়োপযোগী পৰিৱর্তনৰ ফলত ভূ-স্থানিক তথ্য ব্যৱহাৰ আৰু সংস্কাৰৰ বাবে যি অপৰিসীম সুযোগ সৃষ্টি হৈছে, সেইবোৰক কামত লগাবলৈ তেওঁ ব্যক্তিগত সংস্থাসমূহক পৰামর্শ দিয়ে৷ ক’ভিডৰ সময়ত টিকা উৎপাদনৰ ক্ষেত্রত আত্মনির্ভৰশীলতাৰ বাবে সমগ্ৰ বিশ্বৰ বাবে আমি বিশ্বাসযাগ্য হৈ পৰিছো৷ প্রধানমন্ত্রীয়ে কয় যে প্রতিটো ক্ষেত্রতে এই সাফল্যক আমি কামত লগাব লাগিব।

প্রধানমন্ত্রীয়ে দেশৰ বাবে তথ্য সুৰক্ষা ব্যৱস্থাপনা গঢ়ি তোলাৰ প্রয়োজনীয়তাৰ কথা উল্লেখ কৰে যাৰ মান নির্ধাৰণৰ বাবে এক পৰিকল্পনা প্ৰস্তুত তেওঁ পৰামর্শ দিয়ে।

ভাৰতীয় ষ্টার্টআপ ব্যৱস্থাপনাক বিশ্বৰ তৃতীয় বৃহত্তম নতুন উদ্যোগ বা ষ্টার্টআপ ব্যৱস্থাপনা বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে চৰকাৰে সংশ্লিষ্ট ক্ষেত্রক সকলো ধৰণৰ সহযোগিতা কৰিব৷ “বাজেটত যুবসম্প্রদায়ক দক্ষ কৰি তোলা, নতুন নতুন ক্ষেত্রত দক্ষতা অর্জন আৰু দক্ষতা বৃদ্ধিৰ বাবে এটা পোৰ্টেলৰ প্রস্তাৱ লোৱা হৈছে। ইয়াৰ জৰিয়তে যুৱসম্প্রদায়ে দক্ষতা সংক্রান্তীয় প্ৰশংসাপত্র, লেনদেন আৰু যোগান সংক্রান্তীয় এপিআইভিত্তিক নির্ভৰযোগ্য সূত্রৰ পৰা লাভ কৰিব। ইয়াৰ সহায়ত তেওঁলোকে সঠিক জীবিকাৰ সন্ধান পাব৷”

প্রধানমন্ত্রীয়ে কয় যে ১৪টা গুৰুত্বপূর্ণ ক্ষেত্রত ২ লাখ কোটি টকাৰ উৎসাহ-ভিত্তিক উৎপাদন আঁচনিৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে দেশত সামগ্রীৰ উৎপাদন বৃদ্ধি পাব। নাগৰিক সেৱাৰ বাবে অপ্টিকেল ফাইবাৰৰ ব্যৱহাৰ, বৈদ্যুতিন সামগ্রীৰ পৰা প্রাপ্ত আৱৰ্জনা ব্যৱস্থাপনা, বৃত্তাকাৰ অর্থনীতি আৰু বৈদ্যুতিক যানবাহনৰ দৰে ক্ষেত্রত সংশ্লিষ্ট সকলোকে বাস্তৱসন্মত পৰামর্শ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীয়ে অনুৰোধ জনায়৷

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make a GRWM video in handloom': PM Narendra Modi urges Indians to celebrate National Handloom Day in new Instagram reel

Media Coverage

'Make a GRWM video in handloom': PM Narendra Modi urges Indians to celebrate National Handloom Day in new Instagram reel
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
নিঃস্বাৰ্থ সেৱাৰ মনোভাবৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 07, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিঃস্বাৰ্থ সেৱা আৰু ইয়াৰ বিনিময়ত একো আশা নকৰাকৈ আনৰ কল্যাণৰ বাবে কাম কৰাৰ মহান আদৰ্শৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

"किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥