Quote“দেশৰ জনসাধাৰণৰ সবলীকৰণ প্রযুক্তি আমাৰ বাবে গুৰুত্বপূর্ণ মাধ্যম। দেশক আত্মনির্ভৰ কৰি তোলাত প্রযুক্তিৰ ব্যৱহাৰ প্রয়োজন। এইবাৰৰ বাজেটত সেই চিন্তাধাৰাকে প্রতিফলিত হৈছে”
Quote“ফাইভ-জি স্পেকট্রামৰ নিলামৰ বাবে বাজেটত স্পষ্ট পৰিকল্পনা কৰা হৈছে। শক্তিশালী ফাইভ-জি ব্যৱস্থাপনাৰ বাবে প্রয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰা উৎসাহ-ভিত্তিক উৎপাদন আঁচনিৰ প্রস্তাৱ লোৱা হৈছে”
Quote“সহজ জীৱনযাত্রাৰ বাবে প্রযুক্তিক সৰ্বাধিক কিমান ব্যৱহাৰ কৰিব পৰা যায়, আমি সেই বিষয়ৰ ওপৰত গুৰুত্ব দিছো”
Quote“ক’ভিডৰ সময়ত টিকা উৎপাদনৰ ক্ষেত্রত আমাৰ আত্মনির্ভৰশীলতাৰ বাবে সমগ্ৰ বিশ্বৰ বাবে আমি বিশ্বাসযাগ্য হৈ পৰিছো৷ প্রতিটো ক্ষেত্রত এই সাফল্যক আমি কামত লগাব লাগিব”

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি বাজেট পাছত সপ্তমখন ৱেবিনাৰত বক্তব্য আগবঢ়ায়৷ বাজেটত গৃহীত প্রস্তাৱসমূহ সংশ্লিষ্ট সকলোৰে সৈতে আলোচনাৰ মাধ্যমে উপযুক্তভাৱে ৰূপায়ণৰ বাবে ইয়াত আলোচনা কৰা হৈছে। এই ৱেবিনাৰসমূহ আয়োজনৰ উদ্দ্যেশ্য ব্যাখ্যা কৰি প্রধানমন্ত্রীয়ে কয়, “বাজেটৰ প্রস্তাৱসমূহৰ সৰ্বাধিক সুফল লাভ কৰা আৰু কিদৰে আমি সেয়া দ্রুতগতিত কার্যকৰী কৰিব পাৰো, সেয়া নিশ্চিত কৰিবলৈ এই ৱেবিনাৰৰ মাধ্যমে এক যুটীয়া প্ৰচেষ্টাৰ পৰিকল্পনা কৰা হ’ব৷”

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বর্তমান চৰকাৰৰ বাবে বিজ্ঞান আৰু প্রযুক্তি কোনো পৃথক ক্ষেত্র নহয়। অর্থনীতিত ডিজিটেল অর্থনীতি আৰু ফিনটেক প্রযুক্তিৰ সৈতে সম্পৰ্কযুক্ত। একেদৰে, আন্তঃগাঁথনি আৰু জনসেৱা প্রদানৰ বাবে উন্নত প্রযুক্তিৰ গুৰুত্বপূর্ণ ভূমিকা আছে। তেওঁ কয় যে দেশৰ জনতাক সবলীকৰণত প্রযুক্তিয়ে আমাৰ বাবে গুৰুত্বপূর্ণ মাধ্যম। দেশক আত্মনির্ভৰ কৰি তুলিবলৈ প্রযুক্তিৰ ব্যৱহাৰ কৰাটো আৱশ্যক। এইবাৰৰ বাজেটত সেই চিন্তাধাৰাকে প্রতিফলিত হৈছে। এই প্রসংগত প্রধানমন্ত্রীয়ে মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনৰ শেহতীয়া ভাষণৰ কথা উল্লেখ কৰেন৷ বাইডেনে মার্কিন যুক্তৰাষ্ট্রৰ দৰে উন্নত দেশৰ আত্মনির্ভৰ হৈ উঠাৰ গুৰুত্বৰ কথা উল্লেখ কৰে৷ বর্তমান আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিত আত্মনির্ভৰতাক অগ্রাধিকাৰ দি আমি আগুৱাই যাব লাগিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কৃত্রিম বুদ্ধিমত্তা, ভূ-স্থানিক ব্যৱস্থাপনা, ড্রোন, ছেমিকণ্ডাক্টৰ, মহাকাশ প্রযুক্তি, জিন সংক্রান্তীয় প্রযুক্তি, ঔষধ প্রস্তুত, পৰিৱেশ অনুকূল প্রযুক্তি আৰু ফাইভ-জি’ৰ দৰে সম্ভাৱনাপূৰ্ণ ক্ষেত্রসমূহে বাজেটত যথেষ্ট গুৰুত্ব লাভ কৰিছে। তেওঁ লগতে কয় যে ফাইভ-জি স্পেকট্রামৰ নিলামৰ বাবে বাজেটত স্পষ্ট পৰিকল্পনা আছে। তদুপৰি শক্তিশালী ফাইভ-জি ব্যৱস্থাপনাৰ বাবে প্রয়োজনীয় সামগ্ৰী প্ৰস্তুতকৰণত উৎসাহ-ভিত্তিক উৎপাদন আঁচনিৰ প্রস্তাৱ লোৱা হৈছে। ব্যক্তিগত সংস্থাসমূহক এই প্ৰচেষ্টাত তেওঁ সহযোগ কৰাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।

|

আন্তঃৰাষ্ট্ৰীয় বজাৰত গেমৰ চাহিদা বৃদ্ধিৰ সন্দৰ্ভত উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে এইবাৰৰ বাজেটত এনিমেচনক কামত লগাই ভিজুৱেল এফেক্টৰ মাধ্যমে কমিক গেমছ প্ৰস্তুত কৰাৰ বিষয়টোত বিশেষ গুৰুত্ব দিয়া হৈছে। একেদৰে, ভাৰতীয় পৰিৱেশ আৰু দেশৰ চাহিদা অনুসৰি প্রয়োজনীয় খেলনা প্ৰস্তুত কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷ কমিউনিকেচন চেণ্টাৰ আৰু ফিনটেকসমূহৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে বিদেশৰ ওপৰত নির্ভৰশীলতা হ্ৰাস দেশত প্রয়োজনীয় ব্যৱস্থাপনা গঢ়ি তুলিব লাগিব৷ বিভিন্ন নিয়মৰ সময়োপযোগী পৰিৱর্তনৰ ফলত ভূ-স্থানিক তথ্য ব্যৱহাৰ আৰু সংস্কাৰৰ বাবে যি অপৰিসীম সুযোগ সৃষ্টি হৈছে, সেইবোৰক কামত লগাবলৈ তেওঁ ব্যক্তিগত সংস্থাসমূহক পৰামর্শ দিয়ে৷ ক’ভিডৰ সময়ত টিকা উৎপাদনৰ ক্ষেত্রত আত্মনির্ভৰশীলতাৰ বাবে সমগ্ৰ বিশ্বৰ বাবে আমি বিশ্বাসযাগ্য হৈ পৰিছো৷ প্রধানমন্ত্রীয়ে কয় যে প্রতিটো ক্ষেত্রতে এই সাফল্যক আমি কামত লগাব লাগিব।

|

প্রধানমন্ত্রীয়ে দেশৰ বাবে তথ্য সুৰক্ষা ব্যৱস্থাপনা গঢ়ি তোলাৰ প্রয়োজনীয়তাৰ কথা উল্লেখ কৰে যাৰ মান নির্ধাৰণৰ বাবে এক পৰিকল্পনা প্ৰস্তুত তেওঁ পৰামর্শ দিয়ে।

ভাৰতীয় ষ্টার্টআপ ব্যৱস্থাপনাক বিশ্বৰ তৃতীয় বৃহত্তম নতুন উদ্যোগ বা ষ্টার্টআপ ব্যৱস্থাপনা বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে চৰকাৰে সংশ্লিষ্ট ক্ষেত্রক সকলো ধৰণৰ সহযোগিতা কৰিব৷ “বাজেটত যুবসম্প্রদায়ক দক্ষ কৰি তোলা, নতুন নতুন ক্ষেত্রত দক্ষতা অর্জন আৰু দক্ষতা বৃদ্ধিৰ বাবে এটা পোৰ্টেলৰ প্রস্তাৱ লোৱা হৈছে। ইয়াৰ জৰিয়তে যুৱসম্প্রদায়ে দক্ষতা সংক্রান্তীয় প্ৰশংসাপত্র, লেনদেন আৰু যোগান সংক্রান্তীয় এপিআইভিত্তিক নির্ভৰযোগ্য সূত্রৰ পৰা লাভ কৰিব। ইয়াৰ সহায়ত তেওঁলোকে সঠিক জীবিকাৰ সন্ধান পাব৷”

|

প্রধানমন্ত্রীয়ে কয় যে ১৪টা গুৰুত্বপূর্ণ ক্ষেত্রত ২ লাখ কোটি টকাৰ উৎসাহ-ভিত্তিক উৎপাদন আঁচনিৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে দেশত সামগ্রীৰ উৎপাদন বৃদ্ধি পাব। নাগৰিক সেৱাৰ বাবে অপ্টিকেল ফাইবাৰৰ ব্যৱহাৰ, বৈদ্যুতিন সামগ্রীৰ পৰা প্রাপ্ত আৱৰ্জনা ব্যৱস্থাপনা, বৃত্তাকাৰ অর্থনীতি আৰু বৈদ্যুতিক যানবাহনৰ দৰে ক্ষেত্রত সংশ্লিষ্ট সকলোকে বাস্তৱসন্মত পৰামর্শ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীয়ে অনুৰোধ জনায়৷

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Jitendra Kumar May 19, 2025

    🙏🙏🙏🙏🙏
  • G.shankar Srivastav August 11, 2022

    नमस्ते
  • Jayanta Kumar Bhadra May 18, 2022

    Jay Shri Krishna
  • Jayanta Kumar Bhadra May 18, 2022

    Jay Sree Ganrsh
  • Jayanta Kumar Bhadra May 18, 2022

    Jay Sree Ram
  • Laxman singh Rana May 17, 2022

    नमो नमो 🇮🇳🌷🌹
  • Laxman singh Rana May 17, 2022

    नमो नमो 🇮🇳🌷
  • Laxman singh Rana May 17, 2022

    नमो नमो 🇮🇳
  • ranjeet kumar May 07, 2022

    jay sri ram🙏🙏
  • Vivek Kumar Gupta April 27, 2022

    जय जयश्रीराम
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Lessons from Operation Sindoor’s global outreach

Media Coverage

Lessons from Operation Sindoor’s global outreach
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs 47th Annual General Meeting of Prime Ministers Museum and Library (PMML) Society in New Delhi
June 23, 2025
QuotePM puts forward a visionary concept of a “Museum Map of India”
QuotePM suggests development of a comprehensive national database of all museums in the country
QuoteA compilation of all legal battles relating to the Emergency period may be prepared and preserved in light of the completion of 50 years after the Emergency: PM
QuotePM plants a Kapur (Cinnamomum camphora) tree at Teen Murti House symbolizing growth, heritage, and sustainability

Prime Minister Shri Narendra Modi chaired the 47th Annual General Meeting of the Prime Ministers Museum and Library (PMML) Society at Teen Murti Bhawan in New Delhi, earlier today.

During the meeting, Prime Minister emphasised that museums hold immense significance across the world and have the power to make us experience history. He underlined the need to make continuous efforts to generate public interest in museums and to enhance their prestige in society.

Prime Minister put forward a visionary concept of a “Museum Map of India”, aimed at providing a unified cultural and informational landscape of museums across the country.

|

Underlining the importance of increased use of technology, Prime Minister suggested development of a comprehensive national database of all museums in the country, incorporating key metrics such as footfall and quality standards. He also suggested organising regular workshops for those managing and operating museums, with a focus on capacity building and knowledge sharing.

Prime Minister highlighted the need for fresh initiatives, such as creation of a committee consisting of five persons from each State below the age of 35 years in order to bring out fresh ideas and perspectives on museums in the country.

|

Prime Minister also highlighted that with the creation of museum on all Prime Ministers, justice has been done to their legacy, including that of the first Prime Minister of India Shri Jawaharlal Nehru. This was not the case before 2014.

Prime Minister also asked for engaging top influencers to visit the museums and also invite the officials of various embassies to Indian museums to increase the awareness about the rich heritage preserved in Indian Museums.

Prime Minister advised that a compilation of all the legal battles and documents relating to the Emergency period may be prepared and preserved in light of the completion of 50 years after the Emergency.

|

Prime Minister highlighted the importance of preserving and documenting the present in a systematic manner. He noted that by strengthening our current systems and records, we can ensure that future generations and researchers in particular will be able to study and understand this period without difficulty.

Other Members of the PMML Society also shared their suggestions and insights for further enhancement of the Museum and Library.

Prime Minister also planted a Kapur (Cinnamomum camphora) tree in the lawns of Teen Murti House, symbolizing growth, heritage, and sustainability.