ৱেভছে বৈশ্বিক মঞ্চত ভাৰতৰ সৃষ্টিশীল শক্তিক উজ্জ্বল কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী
ৱৰ্ল্ড অডিঅ'-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন অৰ্থাৎ ৱেভছ কেৱল এক সংক্ষিপ্ত ৰূপেই নহয়, বৰঞ্চ এয়া সংস্কৃতি, সৃষ্টিশীলতা আৰু সৰ্বজনীন সংযোগৰ ঢৌঃ প্ৰধানমন্ত্ৰী
কোটি-কোটিৰো অধিক জনসংখ্যাৰ দেশ ভাৰত কোটি-কোটিৰো অধিক কাহিনীৰো দেশঃ প্ৰধানমন্ত্ৰী
এয়াই হৈছে ক্ৰিয়েট ইন ইণ্ডিয়া, ক্ৰিয়েট ফৰ দ্য ৱৰ্ল্ডৰ সঠিক সময়ঃ প্ৰধানমন্ত্ৰী
আজি বিশ্বই কাহিনী কথনৰ নতুন পন্থা অন্বেষণৰ সময়তে ভাৰতৰ হাজাৰ-হাজাৰ বছৰ পূৰ্বৰ কাহিনীৰ ভাণ্ডাৰ আছে, এই ভাণ্ডাৰ কালজয়ী, চিন্তা-উদ্ৰেগকাৰী আৰু সঁচাকৈয়ে বিশ্বব্যাপীঃ প্ৰধানমন্ত্ৰী
এই সময় হৈছে ভাৰতৰ অৰেঞ্জ অৰ্থনীতি, কন্টেন্ট, সৃষ্টিশীলতা আৰু সংস্কৃতিৰ প্ৰভাতৰ সময় - যি হৈছে অৰেঞ্জ অৰ্থনীতিৰ তিনিটা স্তম্ভঃ প্ৰধানমন্ত্ৰী
স্ক্ৰীনৰ আকাৰ সৰু হৈ আহিছে, কিন্তু স্ক’প অসীম হৈ পৰিছে, স্ক্ৰীন মাইক্ৰ’ হৈ পৰিছে, কিন্তু বাৰ্তাটো মেগা হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
আজি ভাৰতে চলচ্চিত্ৰ প্ৰযোজনা, ডিজিটেল কন্টেন্ট, গেমিং, ফেশ্বন, সংগীত আৰু লাইভ কনচাৰ্টৰ বিশ্ব কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছ
প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঐতিহাসিক অনুষ্ঠানত ভাগ লোৱা সকলো অংশগ্ৰহণকাৰীকে অভিনন্দন জ্ঞাপনৰ লগতে ভাৰত আৰু বিদেশৰ বিশিষ্ট অতিথিসকলক উষ্ম আদৰণি জনায়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেন্টাৰত ভাৰতৰ প্ৰথম বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন (WAVES 2025) উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে তেখেতে আজি উদযাপন কৰা মহাৰাষ্ট্ৰ দিৱস আৰু গুজৰাট দিৱস উপলক্ষে সকলোকে সম্ভাষণ জনায়। সৃষ্টিশীল উদ্যোগৰ সকলো আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গণ্যমান্য ব্যক্তি, ৰাষ্ট্ৰদূত আৰু নেতৃবৃন্দৰ উপস্থিতিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সমাৱেশৰ তাৎপৰ্য্যত আলোকপাতেৰে কয় যে ইয়াত ১০০ খনৰো অধিক দেশৰ শিল্পী, উদ্ভাৱক, বিনিয়োগকাৰী, নীতি নিৰ্ধাৰকসকল একত্ৰিত হৈ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ এক বৈশ্বিক বাতাবৰণৰ ভেটি স্থাপন কৰিছে। “ৱেভছ কেৱল এক সংক্ষিপ্ত ৰূপেই নহয়, বৰঞ্চ এয়া সংস্কৃতি, সৃষ্টিশীলতা আৰু সৰ্বজনীন সংযোগৰ ঢৌ”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে এই সন্মিলনে চলচ্চিত্ৰ, মিউজিক, গেমিং, এনিমেচন আৰু কাহিনী কথনৰ বিস্তৃত জগতখনক প্ৰদৰ্শন কৰিছে। শিল্পী আৰু ক্ৰিয়েটৰসকলক সংযোগ আৰু তেওঁলোকৰ মাজত সহযোগিতাৰ অৰ্থে এখনি বৈশ্বিক মঞ্চ প্ৰশস্ত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঐতিহাসিক অনুষ্ঠানত ভাগ লোৱা সকলো অংশগ্ৰহণকাৰীকে অভিনন্দন জ্ঞাপনৰ লগতে ভাৰত আৰু বিদেশৰ বিশিষ্ট অতিথিসকলক উষ্ম আদৰণি জনায়।

 

ৱেভছ সন্মিলনত ভাৰতৰ চহকী চলচ্চিত্ৰ ইতিহাসৰ কথা অৱলোকনেৰে শ্ৰী মোদীয়ে উল্লেখ কৰে যে ১৯১৩ৰ ৩ মে’-ত ভাৰতৰ প্ৰথমখন ফিছাৰ ফিল্ম ৰাজা হৰিশ্চন্দ্ৰই মুক্তি লাভ কৰিছিল। ইয়াৰ পৰিচালক আছিল অগ্ৰণী চলচ্চিত্ৰ নিৰ্মাতা দাদাছাহেব ফাল্কে। তেখেতে কয় যে মাত্ৰ এদিন পূৰ্বে ফাল্কেৰ জন্ম বাৰ্ষিকী পালন কৰা হৈছিল। বিগত শতিকাত ভাৰতীয় চিনেমাৰ প্ৰভাৱৰাজিত আলোকপাতেৰে এই কলাই ভাৰতৰ সাংস্কৃতিক সত্তাক বিশ্বৰ প্ৰতিটো কোণলৈ সফলতাৰে লৈ গৈছে বুলি উল্লেখ কৰে। তেখেতে ৰাছিয়াত ৰাজ কাপুৰৰ জনপ্ৰিয়তা, কানত সত্যজিৎ ৰায়ৰ বিশ্বজোৰা স্বীকৃতি, আৰআৰআৰ-ৰ অস্কাৰ বিজয়ী সাফল্যৰ কথা ব্যক্তৰে ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকলে কেনেকৈ গ্ল’বেল নেৰেটিভ গঢ়ি তুলিছে, তাত গুৰুত্ব আৰোপ কৰে। তেখেতে গুৰু দত্তৰ চিনেমেটিক কবিতা, ঋত্বিক ঘটকৰ সামাজিক প্ৰতিফলন, সংগীত আশ্চৰ্য্য এ.আৰ. ৰহমান আৰু এছ.এছ. ৰাজামৌলীৰ আশ্চৰ্য্যকৰ কাহিনী কথন শৈলীৰ কথা উল্লেখ কৰে। তেখেতে কয় যে এইসকল শিল্পীয়ে বিশ্বৰ কোটি-কোটি লোকৰ সন্মুখত ভাৰতীয় সংস্কৃতিক জীৱন্ত কৰি তুলিছে। শ্ৰী মোদীয়ে লগতে কয় যে ভাৰতীয় চিনেমাৰ কিংবদন্তিসকলক উদ্যোগটোলৈ তেওঁলোকৰ অৱদানৰাজিৰ প্ৰতি শ্ৰদ্ধা জনাই স্মাৰক ডাক টিকট প্ৰকাশৰ জৰিয়তে সন্মান জনোৱা হৈছিল।

ভাৰতৰ সৃষ্টিশীল সামৰ্থ্য আৰু বিশ্ব সহযোগিতাৰ গুৰুত্বত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বছৰ-বছৰ ধৰি তেখেত গেমিং, মিউজিক, চলচ্চিত্ৰ নিৰ্মাণ আৰু অভিনয় পেছাদাৰীসকলৰ সৈতে জড়িত হৈ আহিছে। তেওঁলোকৰ সৈতে সৃষ্টিশীল উদ্যোগসমূহৰ সন্দৰ্ভত তেওঁৰ বুজাবুজি গভীৰ কৰা ধাৰণা আৰু অন্তৰ্দৃষ্টি সম্পৰ্কে আলোচনা কৰিছে। তেখেতে মহামানৱ মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জয়ন্তীৰ সময়ত গ্ৰহণ কৰা এক অনন্য পদক্ষেপৰ কথা কৰে, য’ত ১৫০ খন দেশৰ গায়কসকল একত্ৰিত হৈ প্ৰায় ৫০০-৬০০ বছৰ পূৰ্বে নৰসিংহ মেহতাই ৰচনা কৰা ভজন ‘বৈষ্ণৱ জন টো’ পৰিবেশন কৰিছিল। তেখেতে কয় যে এই বৈশ্বিক কলাত্মক প্ৰচেষ্টাই এক উল্লেখযোগ্য প্ৰভাৱ পেলাইছিল, বিশ্বখনক একত্ৰিতকৰণেৰে সমন্বয় সাধন কৰিছিল। তেখেতে আৰু উল্লেখ কৰে যে এই সন্মিলনত উপস্থিত কেইবাজনো ব্যক্তিয়ে গান্ধীৰ দৰ্শনক আগুৱাই নি চমু ভিডিঅ’ বাৰ্তাৰে গান্ধী ওৱান ফিফটি পদক্ষেপলৈ অৰিহণা যোগাইছে। তেখেতে কয় যে ভাৰতৰ সৃষ্টিশীল জগতখনে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰে ইয়াৰ সামূহিক শক্তি ইতিমধ্যে প্ৰদৰ্শন কৰিছে আৰু সেই দৃষ্টিভংগী এতিয়া ৱেভছৰ ৰূপত বাস্তৱায়িত হৈছে।

শ্ৰী মোদীয়ে ৱেভছ সন্মিলনৰ প্ৰথম সংস্কৰণৰ সাফল্যৰ কথা উল্লেখেৰে কয় যে প্ৰথম মুহূৰ্তৰ পৰাই এই অনুষ্ঠানে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেখেতে এই সন্মিলনৰ পৰামৰ্শদাতা ব’ৰ্ডৰ নিষ্ঠা আৰু প্ৰচেষ্টাক স্বীকাৰৰে ৱেভছক ক্ৰিয়েটিভ উদ্যোগটোৰ এক গুৰুত্বপূৰ্ণ ইভেন্ট হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাত আলোকপাত কৰে। তেখেতে বৃহৎ পৰিসৰৰ ক্ৰিয়েটৰ্ছ চেলেঞ্জ আৰু ক্ৰিয়েট’স্ফিয়াৰ পদক্ষেপৰ কথা কয়। ইয়াত ৬০ খন দেশৰ প্ৰায় এক লাখ ক্ৰিয়েটিভ পেছাদাৰীয়ে অংশগ্ৰহণ কৰিছে। তেখেতে কয় যে ৩২ টা চেলেঞ্জৰ ভিতৰত ৮০০ গৰাকী চূড়ান্ত প্ৰতিযোগীক নিৰ্বাচন কৰা হৈছে। তেখেতে তেওঁলোকৰ প্ৰতিভাক স্বীকৃতি জনাই তেওঁলোকৰ এই কৃতিত্বৰ বাবে অভিনন্দন জনায়। তেখেতে চূড়ান্ত প্ৰতিযোগীসকলক উৎসাহ জনাই কয় যে তেওঁলোকে এতিয়া বিশ্বৰ ক্ৰিয়েটিভ মঞ্চখনত নিজৰ স্থান লাভৰ এক সুযোগ লাভ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৱেভছ সন্মিলনৰ সময়ত ইণ্ডিয়া পেভিলিয়নত প্ৰদৰ্শিত ক্ৰিয়েটিভ বিকাশৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। তেখেতে কয় যে ইয়াত উল্লেখযোগ্য উদ্ভাৱনৰাজি প্ৰদৰ্শিত হৈছে আৰু তেখেতে এই সৃষ্টিসমূহ প্ৰত্যক্ষ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৱেভছ বজাৰ পদক্ষেপত আলোকপাতেৰে নতুন ক্ৰিয়েটৰসকলক উৎসাহিতকৰণৰ লগতে উদীয়মান বজাৰসমূহৰ সৈতে সংযোগ স্থাপনৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে। তেখেতে শিল্প উদ্যোগটোত ক্ৰেতা আৰু বিক্ৰেতাসকলক সংযোগৰ ধাৰণাটোক প্ৰশংসাৰে কয় যে এনে পদক্ষেপে ক্ৰিয়েটিভ অৰ্থনীতিক শক্তিশালী কৰে আৰু শিল্পীসকলৰ বাবে নতুন সুযোগৰ উন্মেষ ঘটাব।

সৃষ্টিশীলতা আৰু মানৱ অভিজ্ঞতাৰ মাজত গভীৰভাৱে শিপাই থকা সংযোগত আলোকপাতেৰে তেখেতে কয় যে এটি শিশুৰ যাত্ৰা আৰম্ভ হয় মাতৃৰ নিচুকণি গীতৰ জৰিয়তে। এয়া শব্দ আৰু সংগীতৰ সৈতে তেওঁলোকৰ প্ৰথম পৰিচয় বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে মাতৃয়ে যেনেকৈ সন্তানক লৈ সপোন দেখে, ঠিক সেইদৰে ক্ৰিয়েটিভ পেছাদাৰীসকলেও এটা যুগৰ সপোন দেখে। তেখেতে কয় যে ৱেভছ-ৰ মনোভাৱ হৈছে, এনে দূৰদৰ্শী ব্যক্তিসকলক একত্ৰিত কৰা। যিসকলে স্বকীয় শিল্পৰ জৰিয়তে প্ৰজন্মসমূহক অনুপ্ৰাণিত আৰু প্ৰভাৱিত কৰে।

শিল্পী, ক্ৰিয়েটৰ আৰু উদ্যোগৰ নেতাসকলৰ নিষ্ঠাই অনাগত বছৰসমূহত ৱেভছ-ক এক নতুন শিখৰত উপনীত কৰিব বুলি উল্লেখেৰে সামূহিক প্ৰচেষ্টাৰ ওপৰত থকা বিশ্বাসৰ কথা কয়। শ্ৰী মোদীয়ে এই সন্মিলনক সাফল্যমণ্ডিত কৰি তোলাত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সহায়-সহযোগিতাৰ মনোভাৱ অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়। তেখেতে কয় যে বহু ৰোমাঞ্চকৰ ঢৌ এতিয়াও আহিবলৈ বাকী আছে আৰু তেখেতে ঘোষণা কৰে যে অদূৰ ভৱিষ্যতে ৱেভছ বঁটা প্ৰৱৰ্তন কৰা হ’ব, যি শিল্প আৰু ক্ৰিয়েটিভ জগতখনৰ সৰ্বোচ্চ সন্মান হিচাপে পৰিগণিত হ’ব। তেখেতে স্থায়ী অংগীকাৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে কয় যে ইয়াৰ লক্ষ্য হৈছে সমগ্ৰ বিশ্বৰ লোকৰ হৃদয় জয় কৰা আৰু সৃষ্টিশীলতাৰ জৰিয়তে প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰা।

 

ভাৰতৰ দ্ৰুত অৰ্থনৈতিক অগ্ৰগতিত আলোকপাতেৰে ৰাষ্ট্ৰখন বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ পথত আগবাঢ়িছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত বিশ্বজুৰি ফিনটেক অভিযোজনাৰ ক্ষেত্ৰত এক নং স্থানত আছে, দেশখন দ্বিতীয় সৰ্ববৃহৎ ম’বাইল নিৰ্মাতা আৰু বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ বাতাবৰণ। তেখেতে কয় যে ভাৰতৰ এখনি উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাৰ মাত্ৰ আৰম্ভণিহে হৈছে আৰু এতিয়াও বহুদূৰ বাকী আছে। “কোটি-কোটিৰো অধিক জনসংখ্যাৰ দেশ ভাৰত কোটি-কোটিৰো অধিক কাহিনীৰো দেশ”, তেখেতে লগতে কয়। দেশৰ চহকী কলাত্মক ইতিহাসৰ কথা উল্লেখেৰে তেখেতে কয় যে দুহাজাৰ বছৰ পূৰ্বে ভৰত মুনিৰ নাট্য শাস্ত্ৰত আৱেগ আৰু মানৱ অভিজ্ঞতা গঢ় দিয়াৰ ক্ষেত্ৰত শিল্পৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। তেখেতে উল্লেখ কৰে যে বহু শতিকা পূৰ্বে কালিদাসৰ অভিজ্ঞানম-শকুন্তলমে ধ্ৰুপদী নাটকৰ ক্ষেত্ৰত এক নতুন দিশৰ সূচনা কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ গভীৰ সাংস্কৃতিক শিপাত আলোকপাতেৰে কয় যে দেশখনৰ প্ৰতিটো প্ৰান্ততে এটা কাহিনী আছে, প্ৰতিটো পাহাৰে এটা গীত কঢ়িয়াই লৈ ফুৰে আৰু প্ৰতিখন নদীয়ে এটা সুৰ গুঞ্জৰিত কৰে। তেখেতে কয় যে ভাৰতৰ ছয় লাখ গাঁৱৰ প্ৰত্যেকৰে নিজস্ব লোক-পৰম্পৰা আৰু অনন্য কাহিনী কথন শৈলী আছে, সমাজসমূহে লোককথাৰ জৰিয়তে স্বকীয় ইতিহাস সংৰক্ষণ কৰে। তেখেতে ভাৰতীয় সংগীতৰ আধ্যাত্মিক তাৎপৰ্য্যত আলোকপাতেৰে উল্লেখ কৰে যে সেয়া ভজনেই হওঁক, গজলেই হওঁক, ধ্ৰুপদী ৰচনাই হওঁক বা সমসাময়িক সুৰেই হওঁক, প্ৰতিটো সুৰেই এটা কাহিনী কঢ়িয়াই লৈ ফুৰে।

শ্ৰী মোদীয়ে ৱেভছ সন্মিলনত ভাৰতৰ গভীৰভাৱে শিপাই থকা কলাত্মক আৰু আধ্যাত্মিক ঐতিহ্যত আলোকপাতেৰে নাদ ব্ৰহ্মা, ঐশ্বৰিক ধ্বনিৰ ধাৰণাত আলোকপাত কৰে। তেখেতে কয় যে ভাৰতীয় পৌৰাণিক কাহিনীয়ে সদায় সংগীত আৰু নৃত্যৰ জৰিয়তে ঈশ্বৰত্ব প্ৰকাশ কৰি আহিছে, ভগৱান শিৱৰ ডম্বৰুক প্ৰথম মহাজাগতিক ধ্বনি হিচাপে, দেৱী সৰস্বতীৰ বীণাক প্ৰজ্ঞাৰ ছন্দ হিচাপে, ভগৱান কৃষ্ণৰ বাঁহীক প্ৰেমৰ চিৰন্তন বাৰ্তা হিচাপে আৰু ভগৱান বিষ্ণুৰ শংখক ইতিবাচক শক্তিৰ আহ্বান বুলি বিশ্বাস কৰা হয়। তেখেতে কয় যে সন্মিলনখনত মন্ত্ৰমুগ্ধকাৰী সাংস্কৃতিক উপস্থাপনেও এই চহকী ঐতিহ্যকে প্ৰতিফলিত কৰিছে। “এয়াই হৈছে ক্ৰিয়েট ইন ইণ্ডিয়া, ক্ৰিয়েট ফৰ দ্য ৱৰ্ল্ডৰ সঠিক সময়” বুলি ঘোষণাৰে শ্ৰী মোদীয়ে ভাৰতৰ উক্ত দৃষ্টিভংগীৰ কথা পুনৰবাৰ উল্লেখেৰে দৃঢ়তাৰে কয় যে দেশখনৰ কাহিনী কথনৰ পৰম্পৰা হৈছে হাজাৰ-হাজাৰ বছৰ ধৰি অব্যাহত এক অমূল্য সমল। তেখেতে কয় যে ভাৰতৰ কাহিনীসমূহ কালজয়ী, চিন্তা-উদ্দীপক আৰু সঁচা অৰ্থত বিশ্বজনীন, যিয়ে কেৱল সাংস্কৃতিক বিষয়বস্তুকেই নহয়, বৰঞ্চ বিজ্ঞান, ক্ৰীড়া, সাহসকো সামৰি লৈছে। তেখেতে কয় যে ভাৰতৰ কাহিনী কথন প্ৰক্ৰিয়াই বিজ্ঞানক কল্পকাহিনীৰ সৈতে আৰু বীৰত্বক উদ্ভাৱনৰ সৈতে সংপৃক্তকৰণেৰে এক বিশাল আৰু বৈচিত্ৰ্যময় ক্ৰিয়েটিভ বাতাবৰণ গঢ়ি তুলিছে। তেখেতে ৱেভছ প্লেটফৰ্মক ভাৰতৰ অসাধাৰণ কাহিনীসমূহ বিশ্বৰ সৈতে ভাগ-বতৰাৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনায়, নতুন আৰু আকৰ্ষণীয় ফৰ্মেটৰ জৰিয়তে ভৱিষ্যৎ প্ৰজন্মৰ মাজলৈ নিবলৈ কয়।

জনতাৰ পদ্ম বঁটা আৰু ৱেভছ সন্মিলনৰ আঁৰৰ দৃষ্টিভংগীৰ মাজৰ সাদৃশ্যতাৰ কথা উল্লেখেৰে তেখেতে কয় যে উভয় পদক্ষেপৰে লক্ষ্য হৈছে ভাৰতৰ প্ৰতিটো কোণৰ প্ৰতিভাসমূহক স্বীকৃতি প্ৰদান আৰু দক্ষতাৰ অগ্ৰগতি সাধন কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতাৰ কেইবছৰমানৰ পিছত পদ্ম বঁটা প্ৰৱৰ্তন কৰা হৈছিল যদিও ভাৰতে যেতিয়া জনতাৰ পদ্মক আকোৱালি লৈছিল, তেতিয়াহে প্ৰত্যন্ত অঞ্চলত থাকি ৰাষ্ট্ৰখনক সেৱা কৰা ব্যক্তিসকলে স্বীকৃতি লাভ কৰিছিল। তেতিয়াহে ইয়াৰ সঁচা অৰ্থত ৰূপান্তৰ ঘটিছিল। তেখেতে কয় যে এই পৰিৱৰ্তনে বঁটাসমূহক এটা অনুষ্ঠানৰ পৰা ৰাষ্ট্ৰীয় উদযাপনলৈ ৰূপান্তৰিত কৰিলে। একেদৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৱেভছে চলচ্চিত্ৰ, মিউজিক, এনিমেচন আৰু গেমিংৰ মাজেৰে ভাৰতৰ অপৰিসীম সৃষ্টিশীল প্ৰতিভাৰ বাবে এখনি বৈশ্বিক মঞ্চ প্ৰশস্ত কৰিব, যাতে দেশৰ প্ৰতিটো প্ৰান্তৰ শিল্পীসকলে আন্তঃৰাষ্ট্ৰীয় মঞ্চত স্বীকৃতি লাভ কৰে।

ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ ধাৰণা আৰু সংস্কৃতিক আকোৱালি লোৱা পৰম্পৰাত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে ভাৰতৰ সভ্যতামূলক মুকলি মনোভাৱে পাৰ্চী আৰু ইহুদীৰ দৰে সমাজক আদৰণি জনাইছে, যিসকল দেশখনত বসবাসেৰে ইয়াৰ সাংস্কৃতিক তন্ত্ৰৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। প্ৰতিখন ৰাষ্ট্ৰৰ নিজস্ব সফলতা আৰু অৱদান আছে বুলি উল্লেখেৰে তেখেতে ভিন্ন দেশৰ মন্ত্ৰী আৰু প্ৰতিনিধিসকলৰ উপস্থিতিৰ কথা ব্যক্ত কৰে। তেখেতে কয় যে ভাৰতৰ শক্তি বিশ্বৰ কলাত্মক কৃতিত্বক সন্মান আৰু উদযাপনত নিহিত হৈ আছে, যিয়ে সৃষ্টিশীল সহযোগিতাৰ প্ৰতি দেশখনৰ দায়বদ্ধতাক অধিক সুদৃঢ় কৰি তুলিছে। তেখেতে কয় যে ভিন্ন সংস্কৃতি আৰু ৰাষ্ট্ৰৰ সাফল্যৰাজিক প্ৰতিফলিত কৰা কন্টেন্ট সৃষ্টিৰে ৱেভছে বিশ্বজনীন সংযোগ আৰু কলাত্মক বিনিময়ৰ দৃষ্টিভংগীক শক্তিশালী কৰিব পাৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্ব ক্ৰিয়েটিভ সমাজক আমন্ত্ৰণ জনাই তেওঁলোকক আশ্বাস প্ৰদান কৰে যে ভাৰতৰ কাহিনীৰ সৈতে জড়িত হ’লে, তেওঁলোকৰ স্বকীয় সংস্কৃতিৰ সৈতে গভীৰভাৱে অনুৰণিত আখ্যানো উন্মোচিত হ’ব। তেখেতে কয় যে ভাৰতৰ চহকী কাহিনী কথনৰ পৰম্পৰাই সীমা অতিক্ৰমেৰে এক স্বাভাৱিক আৰু অৰ্থপূৰ্ণ সংযোগৰ সৃষ্টি কৰা বিষয়বস্তু আৰু আৱেগৰ সঞ্চাৰ কৰি আহিছে। তেখেতে কয় যে ভাৰতৰ কাহিনী অন্বেষণ কৰা আন্তঃৰাষ্ট্ৰীয় শিল্পী আৰু ক্ৰিয়েটৰসকলে ৰাষ্ট্ৰখনৰ ঐতিহ্যৰ সৈতে এক স্বাভাৱিক বন্ধনৰ অভিজ্ঞতা লাভ কৰিব। তেখেতে কয় যে এই সাংস্কৃতিক সহযোগিতাই ভাৰতৰ ক্ৰিয়েট ইন ইণ্ডিয়াৰ দৃষ্টিভংগীক অধিক ফলপ্ৰসূ আৰু বিশ্বৰ বাবে সুলভ কৰি তুলিব।

“এই সময় হৈছে ভাৰতৰ অৰেঞ্জ অৰ্থনীতি, কন্টেন্ট, সৃষ্টিশীলতা আৰু সংস্কৃতিৰ প্ৰভাতৰ সময় - যি হৈছে অৰেঞ্জ অৰ্থনীতিৰ তিনিটা স্তম্ভ”, বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ভাৰতীয় চলচ্চিত্ৰ এতিয়া ১০০ খনৰো অধিক দেশৰ দৰ্শকৰ কাষ চাপিছে, বিশ্বৰ দৰ্শকে ভাৰতীয় চিনেমাক বুজিবলৈ ক্ৰমান্বয়ে চেষ্টা কৰিছে। তেখেতে আন্তঃৰাষ্ট্ৰীয় দৰ্শকে ভাৰতীয় বিষয়বস্তু ‘চাব-টাইটেল‘ৰ মাধ্যমেৰে প্ৰত্যক্ষৰ ক্ৰমবৰ্ধমান ধাৰাত আলোকপাত কৰে, যিয়ে ভাৰতৰ কাহিনীৰ সৈতে গভীৰভাৱে জড়িত হোৱাৰ সংকেত প্ৰদান কৰিছে। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে ভাৰতৰ অ’টিটি উদ্যোগৰ শেহতীয়া বছৰ কেইটাত দহগুণ বৃদ্ধি হয়। তেখেতে কয় যে স্ক্ৰীনৰ আকাৰ সৰু হৈ আহিছে, কিন্তু স্ক’প অসীম হৈ পৰিছে, স্ক্ৰীন মাইক্ৰ’ হৈ পৰিছে, কিন্তু বাৰ্তাটো মেগা হৈ পৰিছে। তেখেতে ভাৰতীয় খাদ্য সম্ভাৰ বিশ্বজুৰি প্ৰিয় হৈ পৰিছে বুলি উল্লেখেৰে ভাৰতীয় সংগীতে অতি সোনকালেই একেধৰণৰ বৈশ্বিক স্বীকৃতি লাভ কৰিব বুলি আত্মবিশ্বাস ব্যক্ত কৰে।

ভাৰতৰ কন্টেন্ট অৰ্থনীতিৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপেৰে অনাগত বছৰসমূহত দেশৰ জিডিপিত ইয়াৰ অৱদান যথেষ্ট বৃদ্ধি পাব বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ভাৰতে চলচ্চিত্ৰ নিৰ্মাণ, ডিজিটেল কন্টেন্ট, গেমিং, ফেশ্বন আৰু মিউজিকৰ বাবে বিশ্ব কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।” তেখেতে লাইভ কনচাৰ্ট উদ্যোগত বিকাশৰ আশাব্যঞ্জক সুযোগ আৰু বিশ্ব এনিমেচন বজাৰত উন্মেষ ঘটা বিশাল সম্ভাৱনাৰ কথা উল্লেখ কৰে। যাৰ বৰ্তমান মূল্য ৪৩০ বিলিয়ন ডলাৰৰো অধিক আৰু অহা দশকত দুগুণ হ’ব বুলি অনুমান কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ই ভাৰতৰ এনিমেচন আৰু গ্রাফিক্স উদ্যোগৰ বাবে এক উল্লেখযোগ্য সুযোগৰ সঞ্চাৰ কৰিছে। তেখেতে অংশীদাৰসকলক অধিক আন্তঃৰাষ্ট্ৰীয় সুযোগৰ বাবে ইয়াৰ উপযোগিতা গ্ৰহণৰ আহ্বান জনায়।

 

ভাৰতৰ যুৱ ক্ৰিয়েটৰসকলক দেশৰ অৰেঞ্জ অৰ্থনীতিক আগুৱাই নিবলৈ আহ্বান জনাই, তেওঁলোকৰ আগ্ৰহ আৰু কঠোৰ পৰিশ্ৰমে সৃষ্টিশীলতাৰ এক নতুন ঢৌ তুলিছে বুলি স্বীকাৰেৰে শ্ৰী মোদীয়ে কয় যে তেওঁলোক গুৱাহাটীৰ সংগীতজ্ঞই হওঁক, কোচিৰ প’ডকাষ্টাৰেই হওঁক, বেংগালুৰুৰ গেম ডিজাইনাৰেই হওঁক বা পঞ্জাৱৰ চলচ্চিত্ৰ নিৰ্মাতাই হওঁক, তেওঁলোকৰ অৱদানে ভাৰতৰ ক্ৰমবৰ্ধমান ক্ৰিয়েটিভ খণ্ডক ইন্ধন যোগাইছে। তেখেতে আশ্বাস প্ৰদানেৰে কয় যে চৰকাৰ ক্ৰিয়েটিভ পেছাদাৰীসকলৰ কাষত থিয় হৈছে, তেওঁলোকক স্কিল ইণ্ডিয়া, ষ্টাৰ্টআপ সমৰ্থন, এভিজিচি উদ্যোগৰ বাবে নীতি আৰু ৱেভছৰ দৰে বিশ্ব মঞ্চৰ দৰে পদক্ষেপৰ জৰিয়তে সহায় কৰা হৈছে। তেখেতে কয় যে উদ্ভাৱন আৰু কল্পনাৰ অনুকূল পৰিবেশ গঢ়ি তোলাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে, নতুন সপোনক লালন-পালন কৰা আৰু সেই সপোনবোৰক বাস্তৱায়িত কৰি তুলিবলৈ ব্যক্তিক সবলীকৰণ কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে ৱেভছে এখনি গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব, য'ত ক্ৰিয়েটিভৰ ক'ডিঙৰে, চফ্টৱেৰৰ কাহিনী কথনৰ সৈতে আৰু কলাৰ অগমেন্টেড ৰিয়েলিটিৰ সৈতে সংমিশ্ৰণ ঘটিছে। তেখেতে যুৱ ক্ৰিয়েটৰসকলক এই সুযোগৰ সৰ্বাধিক ব্যৱহাৰ কৰিবলৈ, ডাঙৰ সপোন দেখিবলৈ আৰু নিজৰ দৃষ্টিভংগীক বাস্তৱায়িতকৰণৰ অৰ্থে নিজকে উৎসৰ্গা কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ কন্টেন্ট ক্ৰিয়েটৰসকলৰ ওপৰত অদম্য আস্থা প্ৰকাশেৰে তেওঁলোকৰ সৃষ্টিশীলতাই বিশ্ব ক্ৰিয়েটিভ পৰিবেশক পুনৰ সংজ্ঞায়িত কৰিছে বুলি কয়। তেখেতে কয় যে ভাৰতৰ ক্ৰিয়েটৰসকলৰ মনোভাৱে কোনো বাধা, সীমা বা দ্বিধা নাজানে, যাৰ ফলত উদ্ভাৱনৰ বৰ্ধন ঘটিব। তেখেতে কয় যে যুৱ ক্ৰিয়েটৰ, গেমাৰ আৰু ডিজিটেল শিল্পীৰ সৈতে তেখেতৰ ব্যক্তিগত যোগাযোগৰ জৰিয়তে ভাৰতৰ ক্ৰিয়েটিভ বাতাবৰণৰ শক্তি আৰু প্ৰতিভা প্ৰত্যক্ষ কৰিছে। তেখেতে কয় যে ভাৰতৰ বিশাল যুৱ সমাজে ৰীল, প’ডকাষ্ট আৰু গেমৰ পৰা আৰম্ভ কৰি এনিমেচন, ষ্টেণ্ড-আপ আৰু এআৰ-ভিআৰ ফৰ্মেটলৈকে নতুন ক্ৰিয়েটিভ মাত্ৰাক আগুৱাই নিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে ৱেভছ হৈছে এই প্ৰজন্মৰ বাবে বিশেষভাৱে ডিজাইন কৰা এখনি মঞ্চ—যিয়ে যুৱ মনক নিজৰ শক্তি আৰু দক্ষতাৰে ক্ৰিয়েটিভ বিপ্লৱক পুনৰ কল্পনা আৰু পুনৰ সংজ্ঞায়িত কৰিবলৈ সক্ষম কৰে।

প্ৰযুক্তি-চালিত একবিংশ শতিকাত ক্ৰিয়েটিভ দায়বদ্ধতাৰ গুৰুত্বত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে প্ৰযুক্তিয়ে মানৱ জীৱনত ক্ৰমান্বয়ে প্ৰভাৱ বিস্তাৰৰ লগে-লগে আৱেগিক সংবেদনশীলতা আৰু সাংস্কৃতিক সমৃদ্ধি অক্ষুণ্ণ ৰখাৰ বাবে অতিৰিক্ত প্ৰচেষ্টাৰ প্ৰয়োজন আছে। তেখেতে কয় যে ক্ৰিয়েটিভ জগতখনে মানুহৰ মমতা গঢ়ি তোলা আৰু সামাজিক চেতনাক গভীৰকৰণৰ ক্ষমতা ধাৰণ কৰে। তেখেতে দৃঢ়তাৰে কয় যে লক্ষ্য ৰবট সৃষ্টি কৰা নহয়, বৰঞ্চ অধিক সংবেদনশীলতা, আৱেগিক গভীৰতা আৰু বৌদ্ধিক সমৃদ্ধিৰে ব্যক্তিক লালন-পালন কৰা— যিসমূহ গুণ কেৱল ডাটাৰ অতিৰিক্ত বোজা বা প্ৰযুক্তিগত গতিৰ পৰা উদ্ভৱ হ’ব নোৱাৰে। শ্ৰী মোদীয়ে শিল্প, সংগীত, নৃত্য আৰু কাহিনী কথনৰ গুৰুত্বত আলোকপাতেৰে এই ৰূপসমূহে মানৱ সংবেদনশীলতাক হাজাৰ-হাজাৰ বছৰ ধৰি জীয়াই ৰাখিছে বুলি উল্লেখ কৰে। তেখেতে ক্ৰিয়েটৰসকলক এই পৰম্পৰাসমূহক সুদৃঢ়কৰণেৰে এটি অধিক মানৱিক ভৱিষ্যৎ গঢ়ি তুলিবলৈ আহ্বান জনায়। তেখেতে যুৱ প্ৰজন্মক বিভাজনকাৰী আৰু ক্ষতিকাৰক মতাদৰ্শৰ পৰা ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাতো আলোকপাতেৰে কয় যে ৱেভছে সাংস্কৃতিক অখণ্ডতা ৰক্ষা আৰু ইতিবাচক প্ৰমূল্যবোধৰ বীজ সিঁচিবলৈ এখনি গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব পাৰে। এই দায়িত্ব অৱহেলা কৰিলে ভৱিষ্যৎ প্ৰজন্মৰ বাবে ভয়াৱহ পৰিণতি হ’ব পাৰে বুলি তেখেতে সতৰ্ক কৰি দিয়ে।

 

ক্ৰিয়েটিভ জগতখনত প্ৰযুক্তিৰ ৰূপান্তৰশীল প্ৰভাৱ সম্পৰ্কে গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ সম্পূৰ্ণ সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ বিশ্ব সমন্বয়ৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। তেখেতে কয় যে ৱেভছে ভাৰতীয় ক্ৰিয়েটৰসকলক বিশ্বৰ কাহিনী কওঁতাসকলৰ সৈতে সংযোগ কৰা, এনিমেটৰসকলক বিশ্বৰ দূৰদৰ্শীসকলৰ সৈতে সংযোগ কৰা আৰু গেমাৰসকলক বৈশ্বিক চেম্পিয়নলৈ ৰূপান্তৰিতকৰণৰ এখন সেতু হিচাপে কাম কৰিব। তেখেতে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰী আৰু ক্ৰিয়েটৰসকলক ভাৰতক তেওঁলোকৰ কন্টেন্ট পথাৰ হিচাপে আকোৱালি ল’বলৈ আৰু দেশখনৰ বিশাল ক্ৰিয়েটিভ বাতাবৰণৰ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়। বিশ্ব ক্ৰিয়েটৰসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকক ডাঙৰ সপোন দেখি নিজৰ কাহিনী ক’বলৈ আহ্বান জনায়। তেখেতে বিনিয়োগকাৰীসকলক কেৱল প্লেটফৰ্মতে নহয়, বৰঞ্চ মানুহৰ ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰে আৰু ভাৰতীয় যুৱক-যুৱতীসকলক তেওঁলোকৰ লক্ষ-লক্ষ অকথিত কাহিনী বিশ্ববাসীক অৱগত কৰিবলৈ আহ্বান জনায়। প্ৰথম ৱেভছ সন্মিলনৰ সকলো অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণৰ সামৰণি মাৰে।

এই কাৰ্য্যসূচীত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি. পি. ৰাধাকৃষ্ণন, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাদনবিছ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, ডঃ এল. মুৰুগানকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পটভূমি

ৱেভছ, ২০২৫ হৈছে এখনি চাৰিদিনীয়া সন্মিলন। ইয়াৰ টেগলাইন “কানেক্টিং ক্ৰিয়েটৰ্ছ, কানেক্টিং কান্ট্ৰিজ”-এ ভাৰতক সমগ্ৰ বিশ্বৰ ক্ৰিয়েটৰ, ষ্টাৰ্টআপ, উদ্যোগৰ নেতা আৰু নীতি নিৰ্ধাৰকসকলক একত্ৰিতকৰণেৰে মিডিয়া, এন্টাৰটেইনমেন্ট আৰু ডিজিটেল উদ্ভাৱনৰ বাবে বিশ্ব কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সাজু হৈছে।

সৃষ্টিশীলতা, প্ৰযুক্তি আৰু প্ৰতিভাৰ সহায় লৈ এটি উজ্জ্বল ভৱিষ্যৎ গঢ়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিভংগীৰে সংগতি ৰাখি ৱেভছে চলচ্চিত্ৰ, অ’টিটি, গেমিং, কমিক্স, ডিজিটেল মিডিয়া, এআই, এভিজিচি-এক্সআৰ, সম্প্ৰচাৰ আৰু উদীয়মান টেকক সংহত কৰিব, যাৰ ফলত এয়া ভাৰতৰ মিডিয়া আৰু এন্টাৰটেইনমেন্ট খণ্ডৰ দক্ষতাৰ এক ব্যাপক প্ৰদৰ্শনী হিচাপে পৰিগণিত হ’ব। ৱেভছে ২০২৯ৰ ভিতৰত এখনি ৫০ বিলিয়ন ডলাৰ মূল্যৰ বজাৰৰ উন্মেষ ঘটোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, যাৰ ফলত বিশ্ব মনোৰঞ্জন অৰ্থনীতিত ভাৰতৰ স্থানৰ অগ্ৰগতি হ’ব।

ৱেভছ, ২০২৫-ত ভাৰতে পোন-প্ৰথমবাৰৰ বাবে গ্ল’বেল মিডিয়া ডাইলগ (GMD)-ৰো আয়োজন কৰিছে। ইয়াত ২৫ খন দেশৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব। এই কাৰ্য্যসূচী বিশ্বৰ মিডিয়া আৰু মনোৰঞ্জনৰ পৰিবেশৰ সৈতে দেশখনৰ সংযোগৰ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। এই সন্মিলনত ৬,১০০ ৰো অধিক ক্ৰেতা, ৫,২০০ বিক্ৰেতা আৰু ২,১০০ প্ৰজেক্টৰে বৈশ্বিক ই-মাৰ্কেটপ্লেচ ৱেভছ বজাৰো প্ৰত্যক্ষ হ’ব। ইয়াৰ লক্ষ্য হৈছে ক্ৰেতা আৰু বিক্ৰেতাক স্থানীয়ভাৱে আৰু বিশ্বজুৰি সংযোগ কৰা, ব্যাপক নেটৱৰ্কিং আৰু ব্যৱসায়িক সুযোগ নিশ্চিত কৰা।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ৰিয়েট’স্ফিয়াৰ দৰ্শনেৰে ক্ৰিয়েটৰসকলৰ সৈতে মত-বিনিময় কৰে, যিসকলক প্ৰায় এবছৰৰ পূৰ্বে আৰম্ভ কৰা ৩২ টা ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জৰ জৰিয়তে নিৰ্বাচন কৰা হৈছিল। তেখেতে ইণ্ডিয়া পেভিলিয়নো পৰিদৰ্শন কৰে।

ৱেভছ, ২০২৫-ত ৯০ খনৰো অধিক দেশে অংশগ্ৰহণ কৰিছে। ইয়াত ১০,০০০ ৰো অধিক প্ৰতিনিধি, ১,০০০ ক্ৰিয়েটৰ, ৩০০+ কোম্পানী আৰু ৩৫০+ ষ্টাৰ্টআপৰ সমাৱেশ ঘটে। এই সন্মিলনত ৪২ পূৰ্ণাংগ অধিবেশন, ৩৯ ব্ৰেকআউট অধিবেশন আৰু সম্প্ৰচাৰ, ইনফ’টেইনমেন্ট, এভিজিচি-এক্সআৰ, চলচ্চিত্ৰ আৰু ডিজিটেল মিডিয়াকে প্ৰমুখ্য কৰি ভিন্ন খণ্ডক সামৰি ৩২ টা মাষ্টাৰক্লাছ অনুষ্ঠিত হ’ব।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
 PLI schemes attract over Rs 2.16 lakh crore investment, generate 14.39 lakh jobs

Media Coverage

PLI schemes attract over Rs 2.16 lakh crore investment, generate 14.39 lakh jobs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Uttar Pradesh has now emerged as one of the states with the highest number of international airports in India: PM Modi in Jewar
March 28, 2026
The inauguration of Phase-I of Noida International Airport marks a major step in Uttar Pradesh’s growth story and India’s aviation future: PM
UP has now emerged as one of the states with the highest number of international airports in India: PM
Airports are not just basic facilities in any country, they give wings to progress: PM
Our government is making unprecedented investments in modern infrastructure to build a Viksit Bharat: PM

भारत माता की जय।

भारत माता की जय।

भारत माता की जय।

उद्धघाटन हो गया? उद्धघाटन हो गया? नहीं, अभी आधा काम हुआ है। मैंने सिर्फ वो पर्दा हटाया है, लेकिन मैं आज चाहता हूं इस एयरपोर्ट का उद्धघाटन यहां जो भी उपस्थित हैं, आप सब करें, और इसलिए आप अपना मोबाइल फोन निकालिये, अपने मोबाइल फोन का फ्लैश लाईट कीजिए और आपका इसका उद्धघाटन कर रहे हैं। आप दीया जलाकर के यहां उपस्थित हर व्यक्ति, आज इस एयरपोर्ट का उद्धघाटन कर रहा है। ये आपकी अमानत है, ये आपका भविष्य है, ये आपका पुरूषार्थ है और इसलिए इसका उद्धघाटन भी आपके हाथों से हो रहा है, आप अपने भारत माता की जय बोलकर के, हाथ ऊपर करके, फ्लैश लाईट पूरी तरह से दिखाइये। भारत माता जी जय। भारत माता जी जय। भारत माता जी जय। बहुत-बहुत धन्यवाद। अब उद्धघाटन हो गया।

उत्तरप्रदेश की राज्यपाल आनंदीबेन पटेल, यहां के मुख्यमंत्री योगी आदित्यनाथ जी, उप-मुख्यमंत्री केशव प्रसाद मौर्या, ब्रजेश पाठक, केंद्रीय मंत्रिमंडल के मेरे सहयोगी श्री राममोहन नायडू जी, पंकज चौधरी जी, ज्यूरिक एयरपोर्ट के चेयरमैन जोसेफ फेल्डर जी, अन्य मंत्रिगण, सांसद, विधायक, अन्य महानुभाव और मेरे प्यारे भाइयों और बहनों।

मैं देख रहा हूं, आज जहां भी मेरी नजर पड़ रही है, सारे युवा मुझे नजर आ रहे हैं, उत्साह से भरे युवा हैं, जोश से भरे हुए युवा हैं, क्योंकि इन युवाओं को पता है, ये जो काम हो रहा है ना, ये नौजवानों के भविष्य को नई उड़ान देने वाला काम हो रहा है। आज हम विकसित यूपी-विकसित भारत अभियान का एक नया अध्याय शुरू कर रहे हैं। देश का सबसे बड़ा प्रदेश, आज देश के सबसे अधिक इंटरनेशनल एयरपोर्ट्स वाले राज्यों में से एक हो गया है। और आज मेरे लिए गर्व और प्रसन्नता के दो कारण हैं। एक तो ये है कि इस एयरपोर्ट का शिलान्यास भी करने का सौभाग्य आप सबने मुझे दिया था और आप सबने इस एयरपोर्ट के उद्धघाटन का सौभाग्य भी मुझे दिया, लेकिन मैंने उस सौभाग्य को आपके साथ बांट दिया और आपके हाथों से उद्धघाटन करवा दिया। दूसरा, जिस उत्तर प्रदेश ने मुझे अपना प्रतिनिधि चुना, जिस उत्तर प्रदेश ने मुझे सांसद बनाया, उसकी पहचान के साथ, उस उत्तर प्रदेश की पहचान के साथ इस भव्य एयरपोर्ट का नाम भी जुड़ गया है।

साथियों,

नोएडा का ये एयरपोर्ट, आगरा, मथुरा, अलीगढ़, गाजियाबाद, मेरठ, इटावा, बुलंदशहर, फरीदाबाद, इस पूरे क्षेत्र को बहुत बड़ा लाभ होने वाला है। हिन्दुस्तान को और उत्तर प्रदेश को तो होना ही होना है। ये एयरपोर्ट पश्चिमी उत्तर प्रदेश के किसानों, छोटे और लघु उद्योगों, यहां के नौजवानों के लिए, अनेक नए अवसर लेकर आने वाला है। यहां से दुनिया के लिए विमान तो उड़ेंगे ही, साथ ही, ये विकसित उत्तर प्रदेश की उड़ान का भी प्रतीक बनेगा। मैं उत्तर प्रदेश को, विशेष रूप से पश्चिम उत्तर प्रदेश की जनता को इस भव्य एयरपोर्ट के लिए बहुत-बहुत बधाई देता हूं।

साथियों,

आज का ये कार्यक्रम, भारत के नए मिज़ाज का प्रतीक है। आप सभी देख रहे हैं कि आज पूरा विश्व कितना चिंतित है। पश्चिम एशिया में एक महीने से युद्ध चल रहा है। युद्ध की वजह से कई सारे देशों में खाने-पीने के सामान, पेट्रोल-डीज़ल-गैस, खाद, ऐसी कई ज़रूरी चीज़ों का चारो तरफ संकट पैदा हो गया है। हर देश इस संकट का सामना करने के लिए कुछ न कुछ कोशिश कर रहा है, प्रयास कर रहा है। और हमारा भारत भी इस संकट का पूरी शक्ति से मुकाबला कर रहा है, देशवासियों की ताकत के भरोसे कर रहा है। भारत तो बहुत बड़ी मात्रा में कच्चा तेल और गैस, ये जहां युद्ध चल रह है ना, इस युद्ध से प्रभावित इलाके से मंगाता रहा है। इसलिए सरकार हर वो कदम उठा रही है, जिससे सामान्य परिवारों पर, हमारे किसान भाई-बहनों पर, इस संकट का बोझ न पड़े।

साथियों,

संकट के इस समय में भी, भारत ने अपने तेज़ विकास को निरंतर जारी रखा है। मैं सिर्फ पश्चिमी उत्तर प्रदेश की ही बात करुं, तो पिछले कुछ सप्ताह में ही, ये चौथा बड़ा प्रोजेक्ट है, जिसका शिलान्यास या लोकार्पण हुआ है। इन कुछ ही सप्ताह में, इस दौरान नोएडा में बहुत बड़ी सेमीकंडक्टर फैक्ट्री का शिलान्यास हुआ, इसी कालखड में देश की पहली दिल्ली-मेरठ नमो-भारत ट्रेन ने गति पकड़ी, इसी कालखंड में मेरठ मेट्रो का विस्तार किया गया, और इतने कम समय में आज नोएडा इंटरनेशनल एयरपोर्ट का आप सबके हाथों से उद्धघाटन भी हो गया।

साथियों,

ये सारे प्रोजेक्ट्स, यूपी के विकास के लिए, डबल इंजन सरकार के प्रयासों का शानदार उदाहरण हैं। सेमीकंडक्टर फैक्ट्री, भारत को टेक्नोलॉजी में आत्मनिर्भर बना रही है। मेरठ मेट्रो और नमो भारत रेल, तेज और स्मार्ट कनेक्टिविटी दे रही है। और ये हमारा जेवर एयरपोर्ट, पूरे उत्तर भारत को दुनिया से जोड़ रहा है। और आपने अभी वीडियो में देखा, ये ऐसा एयरपोर्ट बन रहा है, हर दो मिनट में एक जहाज उड़ेगा, हर दो मिनट में एक जहाज उड़ेगा। पहले सपा वालों ने नोएडा को अपनी लूट का ATM बना लिया था। लेकिन आज भाजपा सरकार में वही नोएडा, यूपी के विकास का सशक्त इंजन बन रहा है।

साथियों,

जेवर का ये एयरपोर्ट, डबल इंजन सरकार की कार्यसंस्कृति का भी बहुत अच्छा उदाहरण है। अब आप सोचिये, इस एयरपोर्ट को अटल बिहारी वाजपेयी जी की सरकार ने 2003 में ही फाइल में मंजूरी दे दी थी। 2003 में, आपमें से बहुत होंगे जिसका जन्म नहीं हुआ होगा, बहुत वो लोग होंगे जो उस समय 25-30 साल के 35 साल के हुए होंगे और आज रिटायर भी हो गए, लेकिन एयरपोर्ट नहीं बना। लेकिन केंद्र में कांग्रेस और यहां की पहले की सरकारों ने सालों तक इस एयरपोर्ट की नींव तक नहीं पड़ने दी। 2004 से 2014 तक ये एयरपोर्ट फाइलों में ही दबा रहा। जब हमारी सरकार बनी तो यूपी में सपा की सरकार थी। शुरु के दो-तीन सालों में सपा वालों ने इस पर काम नहीं होने दिया। लेकिन जैसे ही यहां भाजपा-NDA की सरकार बनी, दिल्ली में भाजपा-एनडीए की सरकार बनी, तो जेवर एयरपोर्ट की नींव भी पड़ी, निर्माण भी हुआ और अब ये शुरु भी हो गया है।

साथियों,

एयरपोर्ट के अलावा ये क्षेत्र देश के दो बड़े फ्रेट कॉरिडोर्स का भी हब बन रहा है। ये फ्रेट कॉरिडोर मालगाड़ियों के लिए बिछाई गई स्पेशल पटरियां हैं। इससे उत्तर भारत की बंगाल और गुजरात के समंदर से कनेक्टिविटी बेहतर हो गई है। और दादरी वो स्थान है जहां ये दोनों कॉरिडोर्स आपस में मिलते हैं। यानी यहां किसान जो उगाते हैं, यहां उद्योग जो कुछ बनाते हैं, वो जमीन से, हवाई मार्ग से, दुनिया के कोने-कोने तक तेज़ी से जा पाएगा। ऐसी मल्टी-मोडल कनेक्टिविटी के कारण, यूपी दुनियाभर के निवेशकों के लिए बहुत बड़ा आकर्षण बन रहा है।

साथियों,

जिस नोएडा को पहले अंधविश्वास के कारण अपने हाल पर छोड़ दिया गया था, कुर्सी जाने के डर से पहले के सत्ताधारी यहां आने से डरते थे, मुझे याद है यहां की सपा सरकार थी और मैंने नोएडा आने का कार्यक्रम बनाया, तो मुख्यमंत्री इतने डरे हुए थे कि वो उस कार्यक्रम में नहीं आए और मुझे भी डराने की लोगों ने कोशिश की, कि नोएडा मत जाओ मोदी जी, अभी-अभी प्रधानमंत्री बने हो। मैंने कहा इस धरती का आशीर्वाद लेने जा रहा हूं, जो मुझे लंबे अर्से तक सेवा करने का मौका देगा। अब वही इलाका पूरी दुनिया का स्वागत करने के लिए तैयार है। ये पूरा क्षेत्र, आत्मनिर्भर भारत के संकल्प को सशक्त कर रहा है।

साथियों,

इस क्षेत्र की अर्थव्यवस्था में, खेती-किसानी का बहुत महत्व है। मैं आज उन मेरे किसान भाई-बहनों का विशेष रूप से आभार व्यक्त करता हूं, जिन्होंने इस प्रोजेक्ट को साकार करने के लिए अपनी जमीनें दी है। उन किसानों के लिए जोरदार तालियां बजाइये दोस्तों, मेरे किसान भाई-बहनों के लिए जोरदार तालियां बजाइये। मेरे किसान भाई-बहन, आपके इस योगदान से ही, इस पूरे क्षेत्र में विकास का एक नया दौर शुरु होने जा रहा है। आधुनिक कनेक्टिविटी का जो विस्तार यहां हो रहा है, उससे पश्चिमी यूपी में फूड प्रोसेसिंग की संभावनाओं को और बल मिलेगा। अब यहां के कृषि उत्पाद दुनिया के बाज़ारों में और बेहतर तरीके से जा पाएंगे।

साथियों,

यहां मैं अपने किसान साथियों का एक और बात के लिए भी आभार व्यक्त करना चाहता हूं। आपके गन्ने से जो इथेनॉल बनाया गया है, उससे कच्चे तेल, कच्चे तेल पर देश की निर्भरता कम हुई है। अगर इथेनॉल का उत्पादन ना बढ़ता, पेट्रोल में उसकी ब्लेंडिंग ना बढ़ती, तो देश को हर वर्ष साढ़े चार करोड़ बैरल, साढ़े चार करोड़ बैरल यानी लगभग 700 करोड़ लीटर कच्चा तेल विदेशों से मंगवाना पड़ता। किसानों के परिश्रम ने देश को इस संकट के समय में इतनी बड़ी राहत दी है।

साथियों,

इथेनॉल से देश को तो फायदा हुआ ही है, किसानों को भी बहुत बड़ा लाभ हुआ है। इससे करीब डेढ़ लाख करोड़ रुपए की विदेशी मुद्रा बची है। यानी इथेनॉल न बनाते तो ये पैसा विदेश जाना जय था। बीते वर्षों में इतना सारा पैसा, देश के किसानों को मिला है, गन्ना किसानों को मिला है।

साथियों,

यहां के गन्ना किसानों ने तो पहले के वो दिन भी देखे हैं, जब कई-कई सालों तक गन्ने का बकाया लटका रहता था। लेकिन आज भाजपा की डबल इंजन सरकार के प्रयासों से गन्ना किसानों की स्थिति बेहतर हुई है।

साथियों,

किसी भी देश में एयरपोर्ट सिर्फ एक सामान्य सुविधा नहीं होता। ये एयरपोर्ट प्रगति को भी उड़ान देते हैं। साल 2014 से पहले, देश में सिर्फ 74 एयरपोर्ट थे। आज 160 से अधिक एयरपोर्ट्स देश में हैं। अब महानगरों के अलावा, देश के छोटे-छोटे शहरों में भी हवाई कनेक्टिविटी पहुंच रही है। पहले जो सरकारें रही हैं, वे मानती थीं कि हवाई यात्रा सिर्फ अमीरों के लिए ही होनी चाहिए। लेकिन भाजपा सरकार ने, सामान्य भारतीय के लिए हवाई यात्रा को आसान बना दिया है। हमारी सरकार ने उत्तर प्रदेश में हवाई अड्डों के नेटवर्क का तेज़ी से विस्तार करते हुए उनकी संख्या बढ़ाकर सत्रह कर दी है।

साथियों,

भाजपा सरकार का निंरतर प्रयास रहा है कि एयरपोर्ट भी बने और किराया-भाड़ा भी सामान्य परिवारों की पहुंच में रहे। इसलिए, हमने उड़ान योजना शुरु की थी। इस स्कीम के कारण, बीते कुछ सालों में एक करोड़ साठ लाख से अधिक देशवासियों ने उड़ान योजना से टिकट लेकर सस्ती दरों पर हवाई यात्रा की है। और मैं आपको एक और जानकारी देना चाहता हूं। हाल में ही केंद्र सरकार ने उड़ान योजना को और विस्तार दिया है। इसके लिए लगभग 29 हज़ार करोड़ रुपए की स्वीकृति दी गई है। आने वाले वर्षों में इसके तहत, छोटे-छोटे शहरों में 100 नए एयरपोर्ट और 200 नए हेलीपैड बनाने की योजना है। यूपी को भी इससे बहुत अधिक लाभ होगा।

साथियों,

भारत का एविएशन सेक्टर, बहुत तेज़ से गति और विकास कर रहा है। जैसे-जैसे भारत में नए-नए एयरपोर्ट बन रहे हैं, वैसे-वैसे नए हवाई जहाज़ों की ज़रूरत भी बढ़ती जा रही है। इसलिए देश की अलग-अलग एयरलाइन्स ने सैकड़ों नए जहाजों के ऑर्डर दिए हैं। ये जो नई सुविधाएं हैं, नए जहाज आ रहे हैं, इनको उड़ाने वाले, इनमें सर्विस देने वाले, मेंटनेस से जुड़े, ऐसे हर काम के लिए बहुत बड़ी संख्या में वर्कफोर्स की ज़रूरत रहेगी। ये युवाओं के लिए बहुत बड़ा अवसर है। इसलिए हमारी सरकार, एविएशन सेक्टर में ट्रेनिंग की सुविधाओं का भी विस्तार कर रही है।

साथियों,

आप जब अपनी कोई गाड़ी खरीदते हैं, तो ये जरूर देखते हैं कि उस गाड़ी बनाने वाली कंपनी का सर्विसिंग सेंटर आसपास है या नहीं है। आप जानकर हैरान हो जाएंगे कि हमारे देश में हवाई जहाजों की सर्विसिंग, यानी उनके मैंटनेंस, रिपेयर एंड ओवरहॉल की पुख्ता व्यवस्थाएं ही नहीं थीं। भारत के 85 एयरपोर्ट, 85 परसेंट हवाई जहाजों को आज भी मैंटनेंस, रिपेयर एंड ओवरहॉल यानी MRO के लिए, इस काम के लिए विदेश भेजना पड़ता है। इसलिए हमारी सरकार ने ठाना है कि MRO सेक्टर में भी भारत को आत्मनिर्भर बनाएंगे। अब भारत में ही, बहुत बड़े पैमाने पर MRO सुविधाएं विकसित की जा रही हैं। आज यहां जेवर में भी MRO सुविधा का शिलान्यास हुआ है। ये सुविधा जब तैयार हो जाएगी, तो ये देश-विदेश के विमानों को सेवा देगी। इससे देश को कमाई भी होगी, हमारा पैसा भी देश में ही रहेगा, और युवाओं को अनेक रोजगार भी मिलेंगे।

साथियों,

आज हमारी सरकार की प्राथमिकता देश के नागरिकों की सुविधा है। देश के नागरिक का समय बचे और उसकी जेब पर ज्यादा बोझ भी न पड़े, ये हमारा लक्ष्य है। मेट्रो और वंदे भारत जैसी आधुनिक रेल सेवाओं का इसी भाव से ही विस्तार किया जा रहा है। दिल्ली-मेरठ नमो भारत रेल, इसका कितना फायदा हो रहा है, ये भी हम सब देख रहे हें। अभी तक नमो भारत, ढाई करोड़ से अधिक लोग सफर कर चुके हैं। दिल्ली-मेरठ के जिस सफर में पहले घंटों लग जाते थे, अब वो सफर मिनटों में ही पूरा हो रहा है।

साथियों,

विकसित भारत के विकसित आधुनिक इंफ्रास्ट्रक्चर पर हमारी सरकार अभूतपूर्व निवेश कर रही है। बीते 11 वर्षों में इंफ्रास्ट्रक्चर का बजट छह गुणा से अधिक बढ़ाया गया है। इन वर्षों में 17 लाख करोड़ रुपये हाईवे और एक्सप्रेसवे पर खर्च किए गए हैं, एक लाख किलोमीटर से अधिक के हाईवे का निर्माण किया गया है। 2014 तक रेलवे में सिर्फ 20 हजार किलोमीटर रूट का बिजलीकरण हुआ था। जबकि 2014 के बाद से 40 हजार किलोमीटर से ज्यादा रेलवे ट्रैक का बिजलीकरण किया गया है। आज ब्रॉडगेज नेटवर्क का लगभग शत-प्रतिशत बिजलीकरण हो चुका है। आज कश्मीर घाटी हो या नॉर्थ ईस्ट की राजधानियां, ये पहली बार रेल नेटवर्क से जुड़ रही हैं। पोर्ट यानी बंदरगाहों की क्षमता, बीते दशक में दोगुने से अधिक हुई है। देश में नदी जलमार्गों की संख्या भी लगातार बढ़ रही है। विकसित भारत के निर्माण के लिए जरूरी हर क्षेत्र में भारत तेज़ी से काम कर रहा है।

साथियों,

विकसित भारत बनाने के लिए सबका प्रयास बहुत ज़रूरी है। ये आवश्यक है कि 140 करोड़ देशवासी कड़े से कड़ा परिश्रम करे, और वैश्विक संकटों का एकजुट होकर सामना करें। अभी जो युद्ध चल रहा है, इससे पैदा हुए संकटों का सामना कैसे करना है, इसके बारे में मैंने संसद में भी विस्तार से बताया है। मेरी कल देश के सभी मुख्यमंत्रियों से भी लंबी चर्चा हुई है और बड़ी सकारात्मक चर्चा हुई है। मैं आज आप सभी जनता-जनार्दन से फिर कहूंगा, मैं देशवासियों से फिर से कहूंगा। हमें शांत मन से, धैर्य के साथ, एकजुटता के साथ, मिल जुलकर के, इस संकट का सामना करना है। ये पूरे विश्व में परेशानी पैदा करने वाला संकट है। हमें अपने देश की सबसे ज्यादा चिंता करनी है। और यही हम भारतीयों की सबसे बड़ी ताकत है। मैं यूपी के, देश के सभी राजनीतिक दलों से भी आग्रहपूर्वक कहना चाहता हूं, विनती पूर्वक कहना चाहता हूं, इस प्रकार के संकट में ऐसी बातें करने से बचें, जो देश के लिए नुकसानदायक हैं। जो भारतीयों के हक में है, जो भारत के हित में है, वही भारत सरकार की नीति और रणनीति है। राजनीति के लिए गलत बयानबाज़ी करने वाले, राजनीतिक बहस में तो कुछ नंबर पा लेंगे, लेकिन देश को नुकसान पहुंचाने वाली हरकतों को देश की जनता कभी माफ नहीं करती। कोरोना के महासंकट के दौरान भी, कुछ लोगों ने अफवाहें फैलाईं, वैक्सीन को लेकर झूठ बोले, ताकि सरकार का काम मुश्किल हो, देश को नुकसान हो। परिणाम क्या हुआ? जनता ने चुनावों के दौरान ऐसी राजनीति को नकार दिया, ठुकरा दिया। मुझे पूरा भरोसा है, कि देश के सभी राजनीतिक दल भी इससे सबक सीखेंगे और देश के एकजुट प्रयासों को वो बल देंगे, ताकत देंगे। इसी आग्रह के साथ, एक बार फिर से उत्तर प्रदेश को इस शानदार एयरपोर्ट के लिए बहुत-बहुत शुभकामनाएं।

मेरे साथ बोलिये-

भारत माता की जय!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

बहुत-बहुत धन्यवाद।