‘মোদী কী গেৰেন্টী’ বাহন এতিয়া দেশৰ সকলো প্ৰান্ততে উপনীত হৈছে”
“বিকশিত ভাৰত সংকল্প যাত্ৰাৰ মোদীয়ে ফ্লেগ-অফ কৰিছিল আৰু আজি দেশবাসীয়ে ইয়াৰ দায়িত্ব লৈছে”
“শক্তি দিয়া। দেশৰ শ-শ ক্ষুদ্ৰ চহৰে এখনি উন্নত ভাৰতৰ মহা ভেটি সুদৃঢ় কৰিবলৈ আগবাঢ়িছে”
“মোদীৰ নিশ্চয়তাই আনৰপৰা আশাৰ চিন্তা দূৰ কৰিছে”
“চৰকাৰ নগৰীয়া গৃহস্থীসমূহৰ বাবে ধন সঞ্চয়ৰ ক্ষেত্ৰত অংগীকাৰবদ্ধ”
“যোৱা ১০ বছৰত আধুনিক ৰাজহুৱা পৰিবহণৰ ক্ষেত্ৰত অতুলনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে”

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰে মত-বিনিময় কৰি তেওঁলোকক সম্বোধন কৰে। এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ ফ্লেগ-অফ কৰে।

 

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰাম, এই পাঁচখন ৰাজ্যত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ ফ্লেগ-অফৰ সুযোগ লাভৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু ‘মোদী কী গেৰেন্টী’ বাহনখন এতিয়া দেশৰ সকলো প্ৰান্ততে উপনীত হোৱা বুলি কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এমহীয়া যাত্ৰাত ভিবিএছৱাই হাজাৰ-হাজাৰ গাঁৱৰ লগতে ১৫০০ চহৰত উপনীত হৈছে। ইয়াত সৰু-সৰু চহৰ আৰু নগৰসমূহো অন্তৰ্ভুক্ত হৈছে। এই ৰাজ্য কেইখনত নিৰ্বাচনী আচৰণ বিধিৰ বাবে ভিবিএছৱাই পূৰ্বে আৰম্ভ কৰিব নোৱাৰাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উক্ত পাঁচখন ৰাজ্যৰ নৱ-নিৰ্বাচিত চৰকাৰসমূহক নিজ-নিজ ৰাজ্যত বিকশিত ভাৰত সংকল্প যাত্ৰাক ক্ষীপ্ৰতাৰে সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ এটি জন আন্দোলনৰ মনোভাৱ সম্পৰ্কে আলোকপাত কৰে। “বিকশিত ভাৰত সংকল্প যাত্ৰাৰ মোদীয়ে ফ্লেগ-অফ কৰিছিল আৰু আজি দেশবাসীয়ে ইয়াৰ দায়িত্ব লৈছে”, তেখেতে কয়। তেখেতে হিতাধিকাৰীসকলৰ সৈতে হোৱা মত-বিনিময়ৰ সময়ত ‘মোদী কী গেৰেন্টী কী গাড়ী’ক আদৰণি জনাবলৈ ৰাইজৰ উৎসাহৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিবিএছৱাইৰ যাত্ৰাৰে সংযোগ স্থাপনৰ এয়া চতুৰ্থটো অনুষ্ঠান বুলি উল্লেখেৰে তেখেতে গ্ৰামাঞ্চলৰ লোকসকলৰ সৈতে মত-বিনিময়ৰ কথা ব্যক্ত কৰে। ইয়াত তেখেতে পিএম কিষাণ সন্মান নিধি, প্ৰাকৃতিক কৃষিকাৰ্য্য, গ্ৰাম্য অৰ্থনীতিৰ দিশসমূহ, ভাৰতৰ গাঁওসমূহক উন্নত কৰাৰ কথা আলোচনা কৰে বুলি কয়। আজিৰ কাৰ্য্যসূচীত নগৰাঞ্চলসমূহৰ ভালে সংখ্যক লোক জড়িত হোৱাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি নগৰ উন্নয়ন সন্দৰ্ভত আলোচনা কৰিবলৈ তেখেত আগ্ৰহী হৈ উঠিছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এখনি উন্নত ভাৰতৰ দৃঢ়তাত আমাৰ চহৰসমূহে এক বৃহৎ ভূমিকা পালন কৰিছে। স্বাধীনতাৰ পিছত হোৱা উন্নয়ন দেশৰ কেতবোৰ ডাঙৰ-ডাঙৰ চহৰতে সীমাবদ্ধ আছিল। কিন্তু, আজি আমি দেশৰ টায়াৰ-২ আৰু টায়াৰ-৩ চহৰসমূহৰ উন্নয়নত গুৰুত্ব আৰোপ কৰিছোঁ। শক্তি দিয়া। দেশৰ শ-শ ক্ষুদ্ৰ চহৰে এখনি উন্নত ভাৰতৰ মহা ভেটি সুদৃঢ় কৰিবলৈ আগবাঢ়িছে।” এই সন্দৰ্ভত তেখেতে অমৰুট অভিযান আৰু স্মাৰ্ট চিটি অভিযানৰ উদাহৰণ দাঙি ধৰে, যিয়ে ক্ষুদ্ৰ চহৰসমূহৰ মৌলিক সুবিধাসমূহৰ অগ্ৰগতি সাধন কৰিছে। এই অগ্ৰগতিয়ে জীৱন-যাপনৰ সহজতা, ভ্ৰমণৰ সহজতা আৰু ব্যৱসায় কৰাৰ সহজতাক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিছে। দৰিদ্ৰ, নব্য মধ্যবিত্ত, মধ্যবিত্ত বা আঢ্যৱন্ত লোক, সকলোৱে এই বৰ্ধিত সা-সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

“চৰকাৰে পৰিয়ালৰ সদস্য হিচাপে আপোনাসৱৰ সমস্যাৰাজি হ্ৰাসত মনোনিৱেশ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। ক’ৰোনা মহামাৰীৰ সময়ত চৰকাৰে আগবঢ়োৱা সাহায্য সম্পৰ্কে আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০ কোটি মহিলাৰ বেংক একাউন্টত হাজাৰ-হাজাৰ কোটি টকা জমা কৰা, বিনামূলীয়া ক’ভিডৰ ভেকচিন নিশ্চিত কৰা, দৰিদ্ৰ পৰিয়ালৰ বাবে বিনামূলীয়া ৰেচন আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকললৈ লাখ-লাখ কোটি টকা মূল্যৰ সাহায্য আগবঢ়োৱাৰ কথা উল্লেখ কৰে। “মোদীৰ নিশ্চয়তাই আনৰপৰা আশাৰ চিন্তা দূৰ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজপথৰ ব্যৱসায়ী আৰু হকাৰসকলক বেংকিং ব্যৱস্থাৰে সংযোগ কৰাৰ কথাও উল্লেখেৰে কয় যে তেওঁলোকে এতিয়া প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত সহজে ঋণৰ সুবিধা লাভ কৰিছে। পিএম স্বনিধি যোজনাৰ অধীনত এতিয়ালৈকে ৫০ লাখৰো অধিক লোকে বেংকৰ সাহায্য লাভ কৰা বুলি উল্লেখৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে জনাই যে ভিবিএছৱাইৰ জৰিয়তে ১.২৫ লাখ লোকে পি এম স্বনিধিৰ বাবে আবেদন কৰিছে। “পিএম স্বনিধি আঁচনিৰ ৭৫ শতাংশৰো অধিক হিতাধিকাৰী দলিত, পিছপৰা আৰু জনজাতীয় সমাজৰ সদস্যকে প্ৰমুখ্য কৰি প্ৰায় ৪৫ শতাংশ হৈছে মহিলা হিতাধিকাৰী”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে নগৰবাসীৰ সামাজিক সুৰক্ষাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখ কৰে। তেখেতে চহৰ অঞ্চলৰ জনসাধাৰণৰ বাবে সম্প্ৰসাৰিত নিৰাপত্তা আৱৰণৰ বিষয়ে বিশদভাৱে কয়। ৬০ বছৰ বয়সৰ পিছত ৫ হাজাৰ টকা মাহিলী পেঞ্চন নিশ্চিতকৰণেৰে অটল পেঞ্চন আঁচনিৰ ৬ কোটি গ্ৰাহক আছে বুলি তেখেতে কয়। পিএম সুৰক্ষা বীমা যোজনা আৰু জীৱন জ্যোতি যোজনাই ২ লাখ টকা পৰ্য্যন্ত লাইফ ক’ভাৰ প্ৰদান কৰিছে। ইতিমধ্যে এই আঁচনিসমূহৰ অধীনত ১৭ হাজাৰ কোটি টকাৰ দাবী নিষ্পত্তি কৰা হৈছে বুলিও তেখেতে অৱগত কৰে। সকলোকে এই আঁচনিসমূহত নিজকে পঞ্জীয়নেৰে নিৰাপত্তাৰ কৱচ মজবুত কৰিবলৈ অনুৰোধ জনায়।

“আয়কৰ ৰেহায়েই হওঁক বা সাশ্ৰয়ী চিকিৎসাই হওঁক, চহৰীয়া গৃহস্থীসমূহৰ বাবে ধন সঞ্চয়ৰ ক্ষেত্ৰত চৰকাৰ অংগীকাৰবদ্ধ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। আয়ুষ্মান ভাৰত যোজনাৰ সন্দৰ্ভত ব্যক্তকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কোটি-কোটি নগৰীয়া দৰিদ্ৰ লোকক ইয়াত অন্তৰ্ভুক্তকৰণৰ সন্দৰ্ভত আলোকপাত কৰে। আয়ুষ্মান কাৰ্ডে তেওঁলোকক চিকিৎসা ব্যয়ৰ ১ লাখ কোটি টকা ৰাহিত সহায় কৰিছে। তেখেতে জন ঔষধি কেন্দ্ৰসমূহৰ কথাও উল্লেখেৰে ইয়াত ৮০ শতাংশ ৰেহাই দৰত ঔষধ উপলব্ধ বুলি কয়। ইয়াৰ ফলশ্ৰুতিত চহৰত বসবাস কৰা দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে ২৫ হাজাৰ কোটিৰো অধিক টকা ৰাহি হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জন ঔষধি কেন্দ্ৰৰ সংখ্যা ২৫ হাজাৰলৈ বৃদ্ধিৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত সম্পৰ্কেও অৱগত কৰে। শ্ৰী মোদীয়ে উজ্জ্বলা আঁচনিৰ অধীনত দেশত এলইডি বাল্বৰ বিপ্লৱৰ কথা ব্যক্ত কৰে, যি পদক্ষেপে চহৰীয়া গৃহস্থীসমূহৰ বিদ্যুতৰ বিল যথেষ্ট হ্ৰাস কৰিছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ডে প্ৰব্ৰজিত শ্ৰমিকসকলক কেনেদৰে সহায় কৰিছে, সেই কথাও উল্লেখ কৰে। তেখেতে লগতে জনায় যে যোৱা ৯ বছৰত দৰিদ্ৰ পৰিয়ালসমূহক ৪ কোটিৰো অধিক গৃহ প্ৰদান কৰা হৈছে, ইয়াৰে এটা মূল অংশ নগৰীয়া দৰিদ্ৰ হিতাধিকাৰীসকলক প্ৰদান কৰা হৈছে। ক্ৰেডিট লিংকড ৰাজ-সাহায্য আঁচনি, নিজা ঘৰ নথকাসকলৰ বাবে উচিত ভাড়া নিশ্চিতকৰণৰ প্ৰচেষ্টা গ্ৰহণ আৰু প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে বিশেষ কমপ্লেক্সৰ ব্যৱস্থা কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ৰাজহুৱা পৰিবহণ হৈছে চহৰৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসমূহলৈ এটি উন্নত জীৱন-যাত্ৰা প্ৰশস্তকৰণৰ আন এক প্ৰধান মাধ্যম। যোৱা ১০ বছৰত আধুনিক ৰাজহুৱা পৰিবহণৰ ক্ষেত্ৰত অতুলনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।” তেখেতে জনায় যে যোৱা ১০ বছৰত ১৫খন নতুন চহৰে মেট্ৰ’ সেৱা লাভ কৰিছে। ২৭খন চহৰত হয় মেট্ৰ’ৰ কাম সম্পূৰ্ণ হৈছে নহয় অব্যাহত আছে। পিএম -ইবাছ সেৱা অভিযানৰ অধীনত বহু চহৰত বৈদ্যুতিক বাছ চলি আছে। “মাত্ৰ দুই-তিনি দিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে দিল্লীতো ৫০০খন নতুন ইলেক্ট্ৰিক বাছৰ প্ৰৱৰ্তন কৰিছিল। এতিয়া দিল্লীত কেন্দ্ৰীয় চৰকাৰে চলোৱা বৈদ্যুতিক বাছৰ সংখ্যাই ১৩০০ অতিক্ৰম কৰিছে”, তেখেতে অৱগত কৰে।

 

সম্বোধনৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে নগৰসমূহ যুৱ-মহিলা উভয়কে সৱলীকৰণৰ মহান মাধ্যম বুলি উল্লেখেৰে কয়, “‘মোদী কী গেৰেন্টী’ বাহনে যুৱ-শক্তি আৰু মহিলা উভয়কে সবল কৰি তুলিছে।” তেখেতে সকলোকে ভিবিএছৱাইৰ সৰ্বাধিক সুবিধা গ্ৰহণ আৰু বিকশিত ভাৰতৰ এই সংকল্পক আগুৱাই নিবলৈ আহ্বান জনায়।

পটভূমিঃ

চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহৰ সুবিধাৰাজি সকলো লক্ষ্য হিতাধিকাৰীয়ে সময়োচিতভাৱে লাভ কৰাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ পৰিপূৰকতা লাভৰ উদ্দেশ্যেৰে সমগ্ৰ দেশতে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সূচনা কৰা হৈছে।

এই অনুষ্ঠানত দেশৰ ভিন্ন প্ৰান্তৰ হাজাৰ-হাজাৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীয়ে যোগদান কৰে। ইয়াত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্য্যায়ৰ প্ৰতিনিধিয়েও ভাগ লয়।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How GST 2.0 changed India’s car market and boosted small car sales

Media Coverage

How GST 2.0 changed India’s car market and boosted small car sales
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the demise of former Uttarakhand Chief Minister Major General Bhuwan Chandra Khanduri (Retd.)
May 19, 2026

Prime Minister Shri Narendra Modi today expressed deep grief over the passing of the former Chief Minister of Uttarakhand, Major General Bhuwan Chandra Khanduri (Retd.).

The Prime Minister noted that Major General Khanduri made invaluable contributions spanning from the armed forces to the political sphere, for which he will always be remembered. Shri Modi highlighted his unwavering dedication to the development of Uttarakhand during his tenure as Chief Minister, and described his stint as a Union Minister as truly inspiring. He further lauded his tireless efforts toward significantly improving connectivity across the nation.

The Prime Minister extended his heartfelt condolences to the family and supporters of the departed leader in this hour of grief.

The Prime Minister posted on X:

"उत्तराखंड के पूर्व मुख्यमंत्री मेजर जनरल भुवन चंद्र खण्डूडी (सेवानिवृत्त) जी के निधन से अत्यंत दुख हुआ है। सशस्त्र बलों से लेकर राजनीतिक जगत में उन्होंने बहुमूल्य योगदान दिया, जिसके लिए उन्हें सदैव याद किया जाएगा। उत्तराखंड के विकास के लिए वे हमेशा समर्पित रहे, जो मुख्यमंत्री के रूप में उनके कार्यकाल में भी साफ तौर पर दिखा। केंद्रीय मंत्री के रूप में भी उनका कार्यकाल हर किसी को प्रेरित करने वाला है। देशभर में कनेक्टिविटी की बेहतरी के लिए उन्होंने निरंतर अथक प्रयास किए। शोक की इस घड़ी में मेरी संवेदनाएं उनके परिजनों और समर्थकों के साथ हैं। ओम शांति!"