আমাৰ ৰাষ্ট্ৰীয় জীৱনত স্বামী বিবেকানন্দৰ প্ৰভাৱ আৰু অনুপ্ৰেৰণা অটুত আছে : প্ৰধানমন্ত্ৰী
ৰাজনৈতিক ক্ষেত্ৰত নিঃস্বাৰ্থ আৰু ইতিবাচক ভাবে অৰিহণা আগবঢ়াবলৈ যুৱ-প্ৰজন্মলৈ আহ্বান
ৰাজনৈতিক বংশবাদ হ’ল সামাজিক ভ্ৰষ্টাচাৰৰ গুৰুতৰ কাৰণ : প্ৰধানমন্ত্ৰী

‘দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোত্সৱ’ৰ সামৰণি সমাৰোহত আজি ‘ভিডিঅ’ কন্ফাৰেন্স’ ব্যৱস্থাৰে ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। সংসদৰ ‘চেণ্ট্ৰেল হল’ত এই মহোত্সৱ অনুষ্ঠিত হয়। সমাৰোহৰত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা তিনিগৰাকী যুৱকৰ ভাষণো প্ৰধানমন্ত্ৰীয়ে কাণ পাতি শুনে। অনুষ্ঠানটোত অন্যান্যসকলৰ লগতে লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীগৰাকীও উপস্থিত থাকে।

জন্ম জয়ন্তীত স্বামী বিবেকানন্দক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰি কয় যে ‘কালৰ সোঁতত বহু সময় অতিবাহিত হৈ গ’ল যদিও আমাৰ ৰাষ্ট্ৰীয় জীৱনত স্বামী বিবেকানন্দৰ প্ৰভাৱ আৰু অনুপ্ৰেৰণা অটুত আছে। ৰাষ্ট্ৰীয়তাবাদ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগী আৰু মানুহৰ সেৱাৰ লগতে সমগ্ৰ পৃথিৱীৰ প্ৰতি সেৱা আগবঢ়োৱাৰ প্ৰসংগত তেওঁ প্ৰদান শিক্ষাই আমাক অনুপ্ৰাণিত কৰি আহিছে’। ব্যক্তি আৰু সংস্থাৰ ক্ষেত্ৰত স্বামী জীয়ে আগবঢ়াই যোৱা অৱদান সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰি কয় যে, ‘স্বামীজীৰ সংস্পৰ্শলৈ মানুহ আহিছিল আৰু তেওঁলোকে সংস্থাৰ সৃষ্টি কৰিছিল আৰু এই সংস্থাই সৃষ্টি কৰিছল সংস্থা-নিৰ্মাতাৰ। এই পৰিক্ৰমাই ব্যক্তিৰ বিকাশৰ পৰা সংস্থা-নিৰ্মাণ আৰু ইয়াৰ বাৰংবাৰতাৰ এক ধৰ্ম-চক্ৰৰ শুভাৰম্ভ কৰিছিল’। ইয়াক ‘ভাৰতৰ বিশাল শক্তি’ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ সৈতে ব্যক্তিগত উদ্যমশীলতা আৰু অগ্ৰণী প্ৰতিষ্ঠানৰে সংযোগৰ ৰূপৰেখা অংকনৰ প্ৰয়াস কৰে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আগবঢ়োৱা স্থিতিস্থাপকতাপূৰ্ণ আৰু উদ্ভাৱনশীল শিক্ষণ আৰ্হিৰ লাভ আদায় কৰাৰ বাবে তেওঁ যুৱক-যুৱতীসকলক আহ্বানো জনায়। ‘সদায় বিদেশৰ মুখলৈ চোৱাৰ বাবে বাধ্য কৰাৰ পৰিস্থিতি শূণ্য এক বাতাবৰণ দেশত গঢ়ি তোলাৰ বাবে আমি প্ৰয়াস কৰিছো’ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

যুৱ-প্ৰজন্মৰ আত্ম বিশ্বাস, নিকা অন্তৰ, সাহস আৰু নিৰ্ভিকতা যে ৰাষ্ট্ৰ নিৰ্মাণৰ আধাৰস্বৰূপ সেই কথাক স্বামী বিবেকানন্দইহে স্বীকৃতি প্ৰদান কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে অনুভৱ প্ৰকাশ কৰে। যুৱ প্ৰজন্মৰ আগত শ্ৰী মোদীয়ে স্বামী বিবেকানন্দৰ মন্ত্ৰৰ উল্লেখ কৰি কয়, ‘দৈহিক সুস্থতাৰ বাবে লোহা সদৃশ পেশী আৰু তীখা সদৃশ স্নায়ু গঢ়ি তোলা, ব্যক্তিত্বৰ বিকাশৰ বাবে তুমি তোমাক বিশাস কৰা’, নেতৃত্ব আৰু দলীয়কৰ্মৰ বাবে স্বামীজীয়ে কৈছিল ‘সকলোকে আস্থাত ল’বা’।

ৰাজনৈতিক ক্ষেত্ৰত নিঃস্বাৰ্থ আৰু ইতিবাচক ভাবে অৰিহণা আগবঢ়াবলৈ যুৱ-প্ৰজন্মলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে সাম্প্ৰতিক সময়ত সত্ লোকে সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰিছে। ৰাজনীতি নিৰ্লজ্জ কৰ্মকাণ্ডৰ পীঠস্থান বুলি চলি অহা পুৰণি ধাৰণা এতিয়া সলনি হৈছে বুলিও তেওঁ অনুভৱ প্ৰকাশ কৰে। আজিৰ তাৰিখত কোনে কিমান পাৰদৰ্শিতাৰে কাম কৰিব পাৰিছে সেয়াইহে কৃতিত্ব লাভৰ সম্ভাৱনা নিশ্চিত কৰে বুলি তেওঁ তাতপৰ্যপূৰ্ণ মন্তব্য কৰে। এই প্ৰসংগৰে জেৰ টানি তেওঁ ৰাজনৈতিক বংশবাদ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে। তেওঁ কয়, ‘ভ্ৰষ্টাচাৰৰ উত্তৰাধিকাৰি্ত্ব লাভ কৰা সকলৰ বাবে এতিয়া ভ্ৰষ্টাচাৰ বোজা হৈ উঠিছে’। তেওঁ বংশবাদক উত্খাত কৰাৰ ব্যৱস্থা কৰিবলৈ যুৱ-প্ৰজন্মৰ প্ৰতি আহ্বান জনায়। ‘গণতান্ত্ৰিক ব্যৱস্থা একোটাত বংশবাদে অদক্ষতাৰ পয়োভৰ ঘটায় আৰু ইয়াৰ পৰিণতিত স্বেচ্ছাচাৰিতাই মূৰ দাঙি উঠে আৰু এইসকল লোকে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু ৰাজনীতিকেন্দ্ৰিক পৰিয়ালক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে উঠি পৰি লাগে। আজিৰ তাৰিখত কেৱল উপাধীৰ জোৰত নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ দিন উকলিল, তেনেধৰণৰ বংশবাদমূলক ৰাজনীতি এতিয়া সুদূৰ পৰাহত...। বংশবাদৰ ৰাজনীতিয়ে ৰাষ্ট্ৰ সৰ্বোপৰিৰ মন্ত্ৰক সাৰোগত কৰাৰ পৰিৱৰ্তে নিজৰ লগতে পৰিয়ালৰ উন্নয়ণ-উত্তৰণতহে মনোনিৱে কৰে’। এনে প্ৰেক্ষাপটতে, ৰাজনৈতিক বংশবাদক সামাজিক ভ্ৰষ্টাচাৰৰ গুৰুতৰ কাৰণ বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে।

ভুজৰ বৰ ভঁইকঁপৰ পৰৱৰ্তি সময়ত সম্পন্ন হোৱা পুনৰ্নিৰ্মাণ অভিযানৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মক উদ্দেশী কয় যে প্ৰচণ্ড দুৰ্যোগৰ পৰা সমাজে তেওঁলোকৰ বাবে উপযুক্ত পাথেয় বাচি লোৱাৰ শিক্ষা আহৰণ কৰে, সমাজে নিজৰ ভাগ্য লিখাৰ শক্তি আহৰণ কৰে। সেয়ে, আজি ১৩০ কোটি ভাৰতীয়য়ো তেওঁলোকৰ নিজৰ ভাগ্যলিপি লিখিছে। আজিৰ যুৱশক্তিৰ প্ৰতিটো প্ৰয়াস, নৱ-উদ্ভাৱন, সততাৰে কৰা পণে আমাৰ ভৱিষ্যৰ বাবে শক্তিশালী বুনিয়াদ ৰচনা কৰিছে বুলি অভমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year

Media Coverage

One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জুলাই 2026
July 17, 2026

Green Trains, Private Rockets & Global Partnerships — PM Modi’s New India is Playing to Win