"সংকটৰ সময়ত পৰস্পৰে পৰস্পৰক সহায় কৰিবলৈ আন্তৰ্জাতিক সম্প্ৰদায়ে এক প্ৰতিষ্ঠানগত দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব"
"কোনেও যাতে পিছ পৰি নৰয় সেয়া ভাৰতে নিশ্চিত কৰিছে "
"ভাৰতত, প্ৰযুক্তি বৰ্জনৰ এজেণ্ট নহয়, ই অন্তৰ্ভুক্তিৰ এজেণ্ট"
"ভাৰত হৈছে এক তৰুণ ৰাষ্ট্ৰ যাৰ উদ্ভাৱনীমূলক মনোভাৱ আছে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ বিশ্ব ভূ-স্থানিক আন্তঃৰাষ্ট্ৰীয় কংগ্ৰেছত ভাষণ প্ৰদান কৰে।

আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকলক আদৰণি জনাই প্ৰধানমন্ত্ৰীয়ে কয়, "আমি ঐক্যবদ্ধভাৱে আমাৰ ভৱিষ্যত গঢ়ি তোলাৰ পৰিপ্ৰেক্ষিতত এই ঐতিহাসিক অনুষ্ঠানত আপোনালোকক আতিথ্য প্ৰদান কৰি ভাৰতৰ জনসাধাৰণ আনন্দিত হৈছে।" হায়দৰাবাদত অনুষ্ঠিত হোৱা সন্মিলনখনৰ বাবে সন্তোষ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চহৰখন ইয়াৰ সংস্কৃতি আৰু ৰন্ধনপ্ৰণালী, ইয়াৰ আতিথ্য তথা হাই-টেক দৃষ্টিভংগীৰ বাবে জনাজাত।

প্ৰধানমন্ত্ৰীয়ে সন্মিলনখনৰ বিষয়বস্তু 'জিঅ'-এনাবলিং দি গ্ল’বেল ভিলেজ: নো ৱান ছুড বি লেফ্ট বিহাইণ্ড'ৰ বিষয়ে উল্লেখ কৰি কয় যে ভাৰতে যোৱা কেইবছৰমানত গ্ৰহণ কৰা পদক্ষেপসমূহত এই দৃষ্টিভংগী প্ৰতিফলিত হৈছে  । তেওঁ কয়, "আমি অন্ত্যোদয়াৰ এক দৃষ্টিভংগীৰ ওপৰত কাম কৰি আছো যাৰ অৰ্থ হৈছে অন্তিম মাইলৰ অন্তিম ব্যক্তিজনক এক অভিযানভিত্তিত শক্তিশালী কৰা।" আমেৰিকা যুক্তৰাষ্ট্ৰৰ তুলনাত অধিক জনসংখ্যাৰ ৪৫০ নিযুত বেংকবিহীন লোকক বেংকিং নেটৱৰ্কৰ অধীনলৈ অনা হৈছে আৰু ফ্ৰাঞ্চৰ জনসংখ্যাৰ প্ৰায় দুগুণ ১৩৫ নিযুত লোকক বীমাৰ সুবিধা প্ৰদান কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে বৰ্ণনা কৰে। ১১০ নিযুত পৰিয়াললৈ অনাময় সুবিধা আৰু ৬০ নিযুতৰো অধিক পৰিয়ালক নলৰ পানীৰ সংযোগৰ সুবিধা প্ৰদান কৰা হৈছে, তেওঁ লগতে কয় যে " কোনো যাতে পিছ পৰি নৰয় সেয়া ভাৰতে নিশ্চিত কৰিছে।"

প্ৰযুক্তি আৰু প্ৰতিভা হৈছে দুটা স্তম্ভ যি ভাৰতৰ উন্নয়ন যাত্ৰাৰ মূল চাবিকাঠি। প্ৰযুক্তিয়ে পৰিৱৰ্তন আনিছে, প্ৰধানমন্ত্ৰীয়ে জেএএম ত্ৰিমূৰ্তিৰ উদাহৰণ দাঙি ধৰি কয়, যিয়ে ৮০০ নিযুত লোকক নিৰৱচ্ছিন্নভাৱে আৰু বিশ্বৰ সৰ্ববৃহৎ টীকাকৰণ অভিযানক শক্তি প্ৰদান কৰা প্ৰযুক্তি মঞ্চৰ কল্যাণমূলক সুবিধা প্ৰদান কৰিছে। "ভাৰতত, প্ৰযুক্তি বৰ্জনৰ এজেণ্ট নহয়। ই অন্তৰ্ভুক্তিৰ এজেণ্ট," শ্ৰী মোদীয়ে এইদৰে কয়।

প্ৰধানমন্ত্ৰীয়ে অন্তৰ্ভুক্তি আৰু প্ৰগতিৰ ক্ষেত্ৰত ভূ-স্থানিক প্ৰযুক্তিৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। স্বামীত্ব আৰু গৃহ নিৰ্মাণৰ দৰে আঁচনিত প্ৰযুক্তিৰ ভূমিকা আৰু সম্পত্তিৰ মালিকীস্বত্ব তথা মহিলা সৱলীকৰণৰ ক্ষেত্ৰত এই ফলাফলে দৰিদ্ৰতা আৰু লিংগ সমতাৰ ওপৰত ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় বুলি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী গতিশক্তি মাষ্টাৰ পৰিকল্পনা ভূ-স্থানিক প্ৰযুক্তিৰ দ্বাৰা চালিত হৈ আছে, ই ডিজিটেল মহাসাগৰৰ মঞ্চৰ দৰে, তেওঁ এইবুলি কয়। ভাৰতে ইতিমধ্যে ভূ-স্থানিক প্ৰযুক্তিৰ সুবিধা ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত এক উদাহৰণ দাঙি ধৰিছে, প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ চুবুৰীয়া অঞ্চলত যোগাযোগৰ সুবিধাৰ বাবে দক্ষিণ এছিয়া উপগ্ৰহৰ উদাহৰণৰ বিষয়ে আলোকপাত কৰে।

ভাৰতৰ যাত্ৰাৰ দ্বিতীয় স্তম্ভ হিচাপে প্ৰতিভাৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰত হৈছে এক তৰুণ ৰাষ্ট্ৰ যাৰ উদ্ভাৱনীমূলক মনোভাৱ আছে। তেওঁ লগতে কয় যে ২০২১ চনৰ পৰা ইউনিকৰ্ণ ষ্টাৰ্টআপৰ সংখ্যা প্ৰায় দুগুণ হোৱাৰ সৈতে ভাৰত হৈছে বিশ্বৰ অন্যতম শীৰ্ষ ষ্টাৰ্টআপ কেন্দ্ৰ- যি ভাৰতৰ যুৱ প্ৰতিভাৰ প্ৰমাণ হিচাপে বিবেচিত হৈছে।

আটাইতকৈ গুৰুত্বপূৰ্ণ স্বাধীনতাসমূহৰ ভিতৰত এটা হ'ল উদ্ভাৱনৰ স্বাধীনতা, প্ৰধানমন্ত্ৰীয়ে কয় যে ভূ-স্থানিক খণ্ডৰ বাবে ইয়াক নিশ্চিত কৰা হৈছে। ভূ-স্থানিক তথ্য সংগ্ৰহ, উৎপাদন আৰু ডিজিটাইজেচন এতিয়া গণতান্ত্ৰিক কৰা হৈছে বুলি তেওঁ কয়। এনে ধৰণৰ সংস্কাৰৰ লগতে ড্ৰোন খণ্ডক উৎসাহিত কৰা হৈছে আৰু ব্যক্তিগত উদ্যোগসমূহৰ অংশগ্ৰহণৰ বাবে মহাকাশ খণ্ড মুকলি কৰা হৈছে, লগতে ভাৰতত ৫জিও প্ৰণয়ন কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোদীৰ মতে, ক’ভিড-১৯ মহামাৰী পৰস্পৰে পৰস্পৰৰ লগত আগবাঢ়ি যোৱাৰ আহ্বানৰ বাবে এক সজাগতামূলক পদক্ষেপ হ'ব লাগিছিল। সংকটৰ সময়ত ইজনে সিজনক সহায় কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ দ্বাৰা এক প্ৰতিষ্ঠানগত দৃষ্টিভংগীৰ প্ৰয়োজন আছে, তেওঁ এইবুলি গুৰুত্ব আৰোপ কৰে। "ৰাষ্ট্ৰসংঘৰ দৰে গোলকীয় সংগঠনসমূহে প্ৰতিটো অঞ্চলত সম্পদসমূহ অন্তিম মাইললৈ লৈ যোৱাৰ পথত নেতৃত্ব দিব পাৰে," তেওঁ এইবুলি মন্তব্য কৰে। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত হাতে-হাত ধৰি আগবঢ়া আৰু প্ৰযুক্তি হস্তান্তৰ কৰাটোও গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰীয়ে কয় ৷

প্ৰধানমন্ত্ৰীয়ে ভূ-স্থানিক প্ৰযুক্তিয়ে আগবঢ়োৱা অন্তহীন সম্ভাৱনাৰ কথা উল্লেখ কৰে। ইয়াৰ ভিতৰত আছে বহনক্ষম নগৰ উন্নয়ন, দুৰ্যোগৰ ব্যৱস্থাপনা আৰু হ্ৰাস, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ অনুসৰণ কৰা, বন ব্যৱস্থাপনা, পানী ব্যৱস্থাপনা, মৰুভূমিকৰণ বন্ধ কৰা আৰু খাদ্য সুৰক্ষা। তেওঁ নিজৰ ইচ্ছা ব্যক্ত কৰি কয় যে এই সন্মিলনখন এনে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বিষয়ে আলোচনা কৰাৰ মঞ্চ হৈ পৰিছে।

শেষত প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত নিজৰ প্ৰত্যাশা ব্যক্ত কৰি কয়, "বিশ্বব্যাপী ভূ-স্থানিক উদ্যোগৰ অংশীদাৰসকল ঐক্যৱদ্ধ হোৱাৰ সৈতে, নীতি নিৰ্মাতা আৰু শৈক্ষিক বিশ্বই পৰস্পৰে পৰস্পৰৰ সৈতে বাৰ্তালাপ কৰাৰ জৰিয়তে মই নিশ্চিত যে এই সন্মিলনে গোলকীয় গাওঁখনক এক নতুন ভৱিষ্যতলৈ লৈ যোৱাত সহায় কৰিব।"

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament on verge of history, says PM Modi, as it readies to take up women's bills

Media Coverage

Parliament on verge of history, says PM Modi, as it readies to take up women's bills
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Dr. Babasaheb Ambedkar in the Parliament complex
April 14, 2026

The Prime Minister, Shri Narendra Modi has paid homage to Dr. Babasaheb Ambedkar in the Parliament complex earlier today.

The Prime Minister wrote on X;

“Paid homage to Dr. Babasaheb Ambedkar in the Parliament complex earlier today.”