প্ৰথম কাৰ্য্যবিধিত প্ৰধানমন্ত্ৰীয়ে নাৰীশক্তি বন্দন অধিনিয়ম উত্থাপন কৰে
“অমৃত কালৰ আৰম্ভণিতে ভাৰতে নতুন সংসদ ভৱনত প্ৰৱেশেৰে ভৱিষ্যতৰ সংকল্প গ্ৰহণেৰে অগ্ৰসৰ হৈছে”
“এয়া সংকল্পৰাজি পৰিপূৰণ তথা নতুন উদ্যম আৰু শক্তিৰে নতুন যাত্ৰা আৰম্ভৰ সময়”
“চেংগোলে আমাক আমাৰ অতীতৰ এক অতি গুৰুত্বপূৰ্ণ অংশৰ সৈতে সংযোগ কৰিছে”
‘নতুন সংসদ ভৱনৰ ৰাজকীয়তাই আধুনিক ভাৰতক মহিমামণ্ডিত কৰিছে। আমাৰ অভিযন্তা আৰু শ্ৰমিকসকলৰ শ্ৰম ইয়াত নিহিত আছে”
“নাৰীশক্তি বন্দন অধিনিয়মে আমাৰ গণতন্ত্ৰক অধিক শক্তিশালী কৰিব” “ভৱন (বিল্ডিং)ৰ লগতে ভাৱো (অনুভৱ) সলনি হ’ব লাগে”
“আমি সকলোৱে সংসদীয় পৰম্পৰাৰ লক্ষ্মণ ৰেখা অনুসৰণ কৰা উচিত”
“কেন্দ্ৰীয় কেবিনেটে মহিলা সংৰক্ষণ বিধেয়কত অনুমতি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। ১৯ ছেপ্টেম্বৰ, ২০২৩ৰ ঐতিহাসিক দিনটো ভাৰতৰ ইতিহাসত স্মৰণীয় হৈ থাকিব”
“মহিলা-নেতৃত্বাধীন উন্নয়নৰ সংকল্পক আগুৱাই নি আমাৰ চৰকাৰে আজি এখনি গুৰুত্বপূৰ্ণ সাংবিধানিক সংশোধনী বিধেয়ক উত্থাপন কৰিছে। বিধেয়কখনৰ উদ্দেশ্য হৈছে লোকসভা আৰু বিধানসভাত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰা”
“ৰাষ্ট্ৰখনৰ সকলো মাতৃ, ভগ্নী আৰু

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন সংসদ ভৱনত লোকসভাক সম্বোধন কৰে।

সদনক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি নতুন সংসদ ভৱনত ঐতিহাসিক প্ৰথম অধিৱেশন অনুষ্ঠিত হোৱা বুলি উল্লেখেৰে এই উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। নতুন সংসদ ভৱনত প্ৰথম দিনাই বিশেষ অধিৱেশনত সদনক সম্বোধনৰ সুযোগ প্ৰদানৰ বাবে অধ্যক্ষৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ লগতে সদনৰ সদস্যসকলক উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে নতুন সংসদ ভৱনত প্ৰৱেশেৰে ভৱিষ্যতৰ সংকল্প গ্ৰহণেৰে অগ্ৰসৰ হোৱাৰ এই ক্ষণেই হৈছে অমৃত কালৰ আৰম্ভণি। শেহতীয়া সাফল্যৰাজিত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজ্ঞান খণ্ডত চন্দ্ৰযান ৩ৰ সফলতা আৰু জি-২০ সন্মিলন আৰু বিশ্ব পৰ্য্যায়ত ইয়াৰ প্ৰভাৱৰ কথা উল্লেখ কৰে। তেখেতে কয় যে ভাৰতৰ সন্মুখত এক অনন্য সুযোগ প্ৰতিভাত হৈছে আৰু ইয়াৰ আলোকত ৰাষ্ট্ৰখনৰ নতুন সংসদ ভৱন আজি কাৰ্য্যক্ষম হৈ উঠিছে। গণেশ চতুৰ্থীৰ শুভ লগনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বাবা গণেশ হৈছে সমৃদ্ধি, মংগল আৰু জ্ঞানৰ দেৱতা। “এয়া সংকল্পৰাজি পৰিপূৰণ তথা নতুন উদ্যম আৰু শক্তিৰে নতুন যাত্ৰা আৰম্ভৰ সময়”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়। গণেশ চতুৰ্থী আৰু এই নতুন আৰম্ভণি উপলক্ষে লোকমান্য তিলকক স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতা সংগ্ৰামৰ সময়ত লোকমান্য তিলকে গণেশ চতুৰ্থীক সমগ্ৰ দেশতে স্বৰাজৰ শিখা প্ৰজ্জ্বলনৰ মাহেন্দ্ৰ ক্ষণলৈ ৰূপান্তৰিত কৰিছিল। আজি আমিও একে প্ৰেৰণাৰে আগবাঢ়িছো বুলি শ্ৰী মোদীয়ে কয়। 

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে আজিৰ দিনটোতে ক্ষমাৰ উৎসৱ এটিও পালন কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশদভাৱে কয় যে এই উৎসৱটো হৈছে কাৰোবাক আঘাত দিয়া যিকোনো ইচ্ছাকৃত আৰু অনাকাংক্ষিত কামৰ বাবে ক্ষমা বিচৰা। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে অতীতৰ সকলো তিক্ততা পৰিহাৰেৰে আগুৱাই যাবলৈ আহ্বান জনায়। 

প্ৰধানমন্ত্ৰীয়ে পবিত্ৰ চেংগোলৰ সংস্থাপনক পুৰণি আৰু নতুনৰ সংযোগ হিচাপে আৰু স্বাধীনতাৰ প্ৰথম আলোকৰ সাক্ষী বুলি অভিহিত কৰে। তেখেতে কয় যে এই পবিত্ৰ চেংগোল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে স্পৰ্শ কৰিছিল। সেয়েহে চেংগোলে আমাৰ অতীতৰ এক অতিশয় গুৰুত্বপূৰ্ণ অংশৰ সৈতে সংযোগ কৰিছে বুলি শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে নতুন সংসদ ভৱনৰ ৰাজকীয়তাই আধুনিক ভাৰতক মহিমামণ্ডিত কৰিছে। আমাৰ অভিযন্তা আৰু শ্ৰমিকসকলৰ শ্ৰম ইয়াত নিহিত আছে। প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত এইসকল শ্ৰমিক আৰু অভিযন্তাসকলৰ বাবে সমগ্ৰ সদনে হাত চাপৰি বজায়। তেখেতে ভৱনটোত ৩০ হাজাৰৰো অধিক শ্ৰমিকে অৰিহণা যোগোৱা বুলি অৱগতকৰণেৰে শ্ৰমিকসকলৰ সবিশেষ বিৱৰণ সমৃদ্ধ এখনি ডিজিটেল কিতাপ প্ৰকাশৰ কথা উল্লেখ কৰে। 

আমাৰ কৰ্মত আৱেগ আৰু অনুভূতিৰ প্ৰভাৱ সম্পৰ্কে আলোচনাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি আমাৰ অনুভৱে আমাৰ আচৰণক পথ প্ৰদৰ্শন কৰিব। তেখেতে কয়, “ভৱন (বিল্ডিং) সলনি হৈছে, ভাৱো (অনুভৱ) সলনি হ’ব লাগে।” 

“সংসদ হৈছে দেশমাতৃক সেৱাৰ সৰ্বোচ্চ স্থান” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সদনখন কোনো ৰাজনৈতিক দলৰ নহয়, এয়া মাথো ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে আলচ কৰা স্থান। সংসদৰ এগৰাকী সদস্য হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমি আমাৰ কথা, চিন্তা আৰু কৰ্মেৰে সংবিধানৰ মনোভাৱ অক্ষুণ্ণ ৰাখিব লাগিব। শ্ৰী মোদীয়ে অধ্যক্ষক আশ্বাস প্ৰদানেৰে কয় যে প্ৰতিজন সদস্যই সদনৰ আশা আৰু আকাংক্ষাৰাজিক পৰিপূৰণ কৰিব আৰু তেখেতৰ নিৰ্দেশনাত কাম কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপেৰে কয় যে সদনত সদস্যসকলৰ আচৰণেই হ’ব অন্যতম কাৰক।

সাধাৰণ কল্যাণৰ বাবে সামূহিক আলোচনা আৰু কাৰ্য্যৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে লক্ষ্য সন্দৰ্ভত ঐক্যৰ প্ৰয়োজনীয়তা সম্পৰ্কে ব্যক্ত কৰে। “আমি সকলোৱে সংসদীয় পৰম্পৰাৰ লক্ষ্মণ ৰেখা অনুসৰণ কৰা উচিত”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। 

প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাকাশৰপৰা ক্ৰীড়ালৈকে ভিন্ন খণ্ডত ভাৰতীয় মহিলাসকলৰ অৱদানত গুৰুত্ব আৰোপ কৰে। জি-২০ৰ সময়ত বিশ্বই মহিলা-নেতৃত্বাধীন উন্নয়নৰ ধাৰণাটোক কেনেদৰে আদৰি লৈছিল, সেই কথা ব্যক্ত কৰে। এই ক্ষেত্ৰত চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপবোৰ অৰ্থৱহ হৈ পৰিছে বুলিও তেখেতে কয়। তেখেতে কয় যে জন ধন আঁচনিৰ ৫০ কোটি হিতাধিকাৰীৰ অধিকাংশ একাউন্টেই হৈছে মহিলাৰ। তেখেতে লগতে মুদ্ৰা যোজনা, পিএম আৱাস যোজনা আদি আঁচনিত মহিলাৰ বাবে সুবিধাৰ কথাও উল্লেখ কৰে। 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ এই অনুষ্ঠান হৈছে ভাৰতৰ উন্নয়ন যাত্ৰাৰ সেই মুহূৰ্ত, যি মুহূৰ্তই ইতিহাস ৰচনা কৰে। মহিলাৰ সংৰক্ষণ সন্দৰ্ভত সংসদত হোৱা আলোচনা সম্পৰ্কে আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই বিষয়ত প্ৰথমখন বিধেয়ক ১৯৯৬ত উত্থাপন কৰা হৈছিল। তেতিয়া নাৰী সমাজৰ সপোনক বাস্তৱায়িতকৰণৰ অৰ্থে সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজনীয় সমৰ্থন লাভ কৰা হোৱা নাছিল। “মই বিশ্বাস কৰোঁ যে ভগৱানে মোক এই কামটো সম্পন্ন কৰিবলৈ এটি সুযোগ প্ৰদান কৰিছে”, শ্ৰী মোদীয়ে কয়। তেখেতে আৰু কয় যে কেন্দ্ৰীয় কেবিনেটে সংসদত মহিলা সংৰক্ষণ বিধেয়কত অনুমতি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। “২০২৩ৰ ১৯ ছেপ্টেম্বৰৰ ঐতিহাসিক দিনটো ভাৰতৰ ইতিহাসত স্মৰণীয় হৈ ৰব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰতিটো খণ্ডতে মহিলাৰ ক্ৰমবৰ্ধমান অৱদানৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে নীতি নিৰ্ধাৰণত অধিক মহিলাক অন্তৰ্ভুক্তকৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে যাতে ৰাষ্ট্ৰলৈ তেওঁলোকৰ বৰঙণি বৃদ্ধি পায়। এই ঐতিহাসিক দিনটোত মহিলাসকলৰ বাবে সুযোগৰ দুৱাৰ মুকলি কৰিবলৈ তেওঁ সদস্যসকলক আহ্বান জনায়। 

“মহিলা-নেতৃত্বাধীন উন্নয়নৰ সংকল্পক আগুৱাই নি আমাৰ চৰকাৰে আজি এখন গুৰুত্বপূৰ্ণ সাংবিধানিক সংশোধনী বিধেয়ক উত্থাপন কৰিছে। বিধেয়কখনৰ উদ্দেশ্য হৈছে লোকসভা আৰু বিধানসভাত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰা। নাৰীশক্তি বন্দন অধিনিয়মে আমাৰ গণতন্ত্ৰক অধিক শক্তিশালী কৰিব। ৰাষ্ট্ৰখনৰ মাতৃ, ভগ্নী আৰু কন্যাসকলক নাৰীশক্তি বন্দন অধিনিয়মৰ বাবে অভিনন্দন জনাইছো। ৰাষ্ট্ৰখনৰ সকলো মাতৃ, ভগ্নী আৰু কন্যাক আশ্বাস প্ৰদান কৰিব খুজিছো যে আমি এই বিধেয়কখন আইনত পৰিণত কৰিবলৈ অংগীকাৰবদ্ধ। মই এই সদনৰ সকলো সতীৰ্থক অনুৰোধৰ লগতে আহ্বান জনাইছো যে এই বিধেয়কখন সহমতেৰে আইনত পৰিণত হোৱা মাত্ৰেকে ইয়াৰ শক্তি বহুগুণে বৃদ্ধি পাব। সেয়ে উভয় সদনকে বিধেয়কখন সম্পূৰ্ণ সহমতৰে গৃহীত কৰিবলৈ অনুৰোধ জনালোঁ”, এই কথাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণৰ সামৰণি মাৰে। 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC

Media Coverage

PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister offers prayers to Bhagwan Shri Ganesh during Ganpati Darshan at Union Minister Piyush Goyal’s residence
September 14, 2026

The Prime Minister, Shri Narendra Modi has visited the residence of Union Minister Shri Piyush Goyal for Ganpati Darshan.

The Prime Minister prayed for the blessings of Bhagwan Shri Ganesh for everyone.

The Prime Minister wrote on X;

“Went for Ganpati Darshan at the residence of Union Minister Shri Piyush Goyal Ji.

May Bhagwan Shri Ganesh bless everyone!

@PiyushGoyal”