মহাকুম্ভৰ সফল আয়োজনৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰা নাগৰিকসকলক প্ৰণাম জনালোঁ: প্ৰধানমন্ত্ৰী
মহাকুম্ভৰ সফলতাত একাধিক লোকে অৰিহণা যোগাইছে, চৰকাৰ তথা সমাজৰ সকলো কৰ্মযোগীক মই প্ৰশংসা কৰিছোঁ: প্ৰধানমন্ত্ৰী
মহাকুম্ভৰ আয়োজনত আমি এক ‘মহা প্ৰয়াস’ প্ৰত্যক্ষ কৰিছোঁ: প্ৰধানমন্ত্ৰী
জনসাধাৰণে এই মহা কুম্ভক নেতৃত্ব প্ৰদান কৰিছে, এয়া তেওঁলোকৰ সংকল্পৰদ্বাৰা পৰিচালিত আৰু তেওঁলোকৰ অটল ভক্তিয়ে ইয়াক অনুপ্ৰাণিত কৰিছেঃ প্ৰধানমন্ত্ৰী
প্ৰয়াগৰাজৰ মহা কুম্ভ এক উল্লেখযোগ্য মাইলৰ খুঁটি, যিয়ে এখনি জাগ্ৰত ৰাষ্ট্ৰৰ আত্মাকে প্ৰতিফলিত কৰেঃ প্ৰধানমন্ত্ৰী
মহা কুম্ভই ঐক্যৰ মনোভাৱক সুদৃঢ় কৰিছেঃ প্ৰধানমন্ত্ৰী
মহা কুম্ভত সকলো মতভেদ ম্লান হৈ পৰিল; এয়াই ভাৰতৰ মহান শক্তি, যিয়ে আমাৰ আত্মাত ঐক্যৰ মনোভাৱ গভীৰভাৱে শিপাই থকা কথাটোক প্ৰতিফলিত কৰেঃ প্ৰধানমন্ত্ৰী
শ্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ জনসাধাৰণ আৰু বিশেষকৈ প্ৰয়াগৰাজৰ নাগৰিকসকলৰ কথা উল্লেখেৰে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকললৈ তেওঁলোকে আগবঢ়োৱা অমূল্য সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভৰ সফল সামৰণি সন্দৰ্ভত লোকসভাক সম্বোধন কৰে। তেখেতে মহাকুম্ভৰ সফলতা নিশ্চিতকৰণৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰা ৰাষ্ট্ৰৰ অগণন নাগৰিকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। মহাকুম্ভক সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত ভিন্ন ব্যক্তি আৰু গোটৰ সামূহিক অৱদানত আলোকপাতেৰে তেখেতে চৰকাৰ, সমাজ আৰু জড়িত সকলো নিষ্ঠাবান কৰ্মীৰ প্ৰচেষ্টাক স্বীকৃতি জনাই আৰু তেওঁলোকৰ শলাগ লয়। শ্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ জনসাধাৰণ আৰু বিশেষকৈ প্ৰয়াগৰাজৰ নাগৰিকসকলৰ কথা উল্লেখেৰে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকললৈ তেওঁলোকে আগবঢ়োৱা অমূল্য সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

মহাকুম্ভৰ বিশাল সংগঠনৰ অৰ্থে প্ৰয়োজন হোৱা অপৰিসীম প্ৰচেষ্টাত আলোকপাতেৰে কিংবদন্তি ভগীৰথৰ গংগাক ধৰালৈ বোৱাই অনাৰ প্ৰচেষ্টাৰে তুলনা কৰি শ্ৰী মোদীয়ে লালকিল্লাত প্ৰদান কৰা ভাষণৰ সময়ত আৰোপ কৰা "সবকা প্ৰয়াস"ৰ গুৰুত্বৰ কথা উল্লেখ কৰে। তেখেতে উল্লেখ কৰে যে মহাকুম্ভই ভাৰতৰ বৈভৱক বিশ্বৰ সন্মুখত প্ৰদৰ্শন কৰিছিল। “মহাকুম্ভ হৈছে জনসাধাৰণৰ সামূহিক সংকল্প, ভক্তি আৰু নিষ্ঠাৰ প্ৰকাশ, তেওঁলোকৰ অটল বিশ্বাসে ইয়াক অনুপ্ৰাণিত কৰিছে”, তেখেতে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাকুম্ভৰ সময়ত প্ৰত্যক্ষ হোৱা ৰাষ্ট্ৰীয় চেতনাৰ গভীৰ জাগৰণ সন্দৰ্ভত বক্তব্য প্ৰদানেৰে এই চেতনাই ৰাষ্ট্ৰখনক কেনেকৈ নতুন সংকল্পৰ দিশত ধাৱমান কৰে আৰু সেয়া বাস্তৱায়িতকৰণৰ অৰ্থে অনুপ্ৰাণিত কৰে, সেই সন্দৰ্ভত আলোকপাত কৰে। তেখেতে কয় যে মহাকুম্ভই ৰাষ্ট্ৰখনৰ সামৰ্থ্য সন্দৰ্ভত একাংশ লোকৰ সন্দেহ আৰু আশংকাৰে ফলপ্ৰসূভাৱে মোকাবিলা কৰে।

যোৱা বছৰ অযোধ্যাত অনুষ্ঠিত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান আৰু চলিত বৰ্ষৰ মহাকুম্ভৰ মাজত সংযোগ স্থাপনেৰে ৰাষ্ট্ৰখনৰ ৰূপান্তৰশীল যাত্ৰাত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে এই অনুষ্ঠানসমূহে পৰৱৰ্তী সহস্ৰাব্দৰ বাবে ৰাষ্ট্ৰৰ প্ৰস্তুতিক অধিক সুদৃঢ় কৰে। তেখেতে আৰু কয় যে ৰাষ্ট্ৰখনৰ সামূহিক চেতনাই ইয়াৰ অপৰিসীম সম্ভাৱনাকে প্ৰতিফলিত কৰে। তেখেতে উল্লেখ কৰে যে মানৱ ইতিহাসৰ দৰেই এখন ৰাষ্ট্ৰৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ মুহূৰ্তসমূহেও আগন্তুক প্ৰজন্মসমূহৰ বাবে আদৰ্শ হিচাপে কাম কৰে। স্বদেশী আন্দোলনৰ সময়ত হোৱা আধ্যাত্মিক পুনৰুত্থান, চিকাগোত স্বামী বিবেকানন্দৰ ভাষণ আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ গুৰুত্বপূৰ্ণ মুহূৰ্তসমূহ, যথাঃ ১৮৫৭ৰ বিদ্ৰোহ, ভগত সিঙৰ শ্বহীদবৰণ, মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰা আদিৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে ৰাষ্ট্ৰখনক জাগ্ৰত কৰি তোলা আৰু নতুন দিশ প্ৰদান কৰা ভাৰতৰ ঐতিহাসিক মাইলৰ খুঁটিসমূহৰ সম্পৰ্কে চিন্তা-চৰ্চা কৰে। “প্ৰয়াগৰাজৰ মহাকুম্ভ একেধৰণৰ উল্লেখযোগ্য মাইলৰ খুঁটি, যি ৰাষ্ট্ৰখনৰ জাগ্ৰত মনোভাৱৰ প্ৰতীক”, তেখেতে লগতে কয়।

প্ৰায় ডেৰ মাহ ধৰি অব্যাহত মহাকুম্ভৰ সময়ত দেখা পোৱা স্পন্দনশীল উৎসাহ সম্পৰ্কে গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সুবিধা বা অসুবিধাৰ কথা বিশেষ চিন্তা নকৰি কোটি-কোটি ভক্তই কেনেকৈ অদম্য বিশ্বাসেৰে ইয়াত অংশগ্ৰহণ কৰিছিল, ৰাষ্ট্ৰখনৰ অপৰিসীম শক্তি প্ৰদৰ্শন কৰিছিল, সেই সম্পৰ্কে আলোকপাত কৰে। মহাকুম্ভৰ সময়ত সংগ্ৰহ কৰা প্ৰয়াগৰাজৰ ত্ৰিবেণীৰ পবিত্ৰ জল কঢ়িয়াই মৰিচাছ ভ্ৰমণৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মৰিচাছৰ গংগা তালাওত উক্ত পবিত্ৰ জল আগবঢ়োৱাৰ সময়ত বিৰাজ কৰা ভক্তি আৰু উদযাপনৰ গম্ভীৰ পৰিবেশৰ কথা কয়। তেখেতে কয় যে ইয়াৰদ্বাৰা ভাৰতৰ পৰম্পৰা, সংস্কৃতি, প্ৰমূল্যবোধক আকোৱালি লোৱা, উদযাপন আৰু সংৰক্ষণৰ ক্ৰমবৰ্ধমান মনোভাৱ প্ৰতিফলিত হৈছে।

শ্ৰী মোদীয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পৰম্পৰাৰ নিৰৱচ্ছিন্ন ধাৰাবাহিকতা সম্পৰ্কে বক্তব্য প্ৰদানেৰে ভাৰতৰ আধুনিক যুৱক-যুৱতীসকলে কেনেদৰে মহাকুম্ভ আৰু আন-আন উৎসৱত গভীৰ ভক্তিৰে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে, সেই কাৰ্য্যত আলোকপাত কৰে। তেখেতে কয় যে আজিৰ যুৱক-যুৱতীসকলে স্বকীয় পৰম্পৰা, বিশ্বাসক গৌৰৱেৰে আকোৱালি লৈছে, যিয়ে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে এক শক্তিশালী সংযোগক প্ৰতিফলিত কৰিছে।

“এখন সমাজে নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰা মাত্ৰেকে মহাকুম্ভৰ সময়ত দেখা পোৱাৰ দৰে বিশাল আৰু প্ৰেৰণাদায়ক মুহূৰ্তৰ সৃষ্টি হয়”, এনে গৌৰৱে ঐক্যৰ পোষকতা কৰে আৰু উল্লেখযোগ্য ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাৰ আত্মবিশ্বাসক সুদৃঢ় কৰে বুলি শ্ৰী মোদীয়ে কয়। তেখেতে কয় যে পৰম্পৰা, বিশ্বাস আৰু ঐতিহ্যৰ সৈতে সংযোগ কাৰ্য্য সমসাময়িক ভাৰতৰ বাবে এক মূল্যৱান সম্পদ, যিয়ে ৰাষ্ট্ৰখনৰ সামূহিক শক্তি আৰু সাংস্কৃতিক সমৃদ্ধিৰ প্ৰতিফলন ঘটায়।

মহাকুম্ভই বহু অমূল্য ফলাফল প্ৰদান কৰিছে, ঐক্যৰ মনোভাৱ ইয়াৰ আটাইতকৈ পবিত্ৰ প্ৰসাদ বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰতিটো অঞ্চল আৰু চুক-কোণৰ ​​লোকে কেনেকৈ প্ৰয়াগৰাজত একত্ৰিত হৈ ব্যক্তিগত অহংকাৰ পৰিহাৰেৰে "মই"ৰ পৰিৱৰ্তে "আমি"ৰ সামূহিক মনোভাৱক আকোৱালি লৈছিল, সেই সম্পৰ্কে কয়। ভিন্ন ৰাজ্যৰ ব্যক্তিসকলে পবিত্ৰ ত্ৰিবেণীৰ অংশ হৈ ৰাষ্ট্ৰীয়তাবাদ আৰু ঐক্যবোধক সুদৃঢ় কৰি তোলাৰ কথা তেখেতে ব্যক্ত কৰে। তেখেতে উল্লেখ কৰে যে যেতিয়া সংগমত ভিন্ন ভাষা আৰু উপভাষা কোৱা লোকসকলে "হৰ হৰ গংগা" জপ কৰিছিল, তেতিয়া "এক ভাৰত, শ্ৰেষ্ঠ ভাৰত"ৰ সাৰমৰ্ম প্ৰতিফলিত হৈছিল আৰু একতাৰ মনোভাৱৰ বৰ্ধন ঘটিছিল। শ্ৰী মোদীয়ে কয় যে মহাকুম্ভই ভাৰতৰ অপৰিসীম শক্তি প্ৰদৰ্শনেৰে ক্ষুদ্ৰ আৰু বৃহতৰ মাজৰ বৈষম্য দূৰ কৰিছিল। তেখেতে কয় যে ৰাষ্ট্ৰৰ অন্তৰ্নিহিত ঐক্য ইমানেই গভীৰ যে ই সকলো বিভাজনকাৰী প্ৰচেষ্টাক জয় কৰে। তেখেতে কয় যে এই ঐক্য ভাৰতীয়সকলৰ বাবে এক বৃহৎ সৌভাগ্য আৰু বিভাজনৰ সন্মুখীন হোৱা বিশ্বত এক উল্লেখযোগ্য শক্তি। তেখেতে পুনৰ কয় যে "বৈচিত্ৰ্যৰ মাজত ঐক্য" ভাৰতৰ বৈশিষ্ট্য, যি আৱেগক ধাৰাবাহিকভাৱে অনুভৱ কৰা হয়, যাৰ উদাহৰণ প্ৰয়াগৰাজৰ মহাকুম্ভ। বৈচিত্ৰ্যত ঐক্যৰ এই অনন্য বৈশিষ্ট্যক সমৃদ্ধ কৰি যাবলৈ তেখেতে ৰাষ্ট্ৰখনক আহ্বান জনায়।

মহাকুম্ভৰপৰা লাভ কৰা অসীম প্ৰেৰণা সম্পৰ্কে উল্লেখেৰে শ্ৰী মোদীয়ে দেশৰ নৈসমূহৰ বিশাল নেটৱৰ্কত আলোকপাত কৰে, ইয়াৰে বহু নদী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তেখেতে মহাকুম্ভৰপৰা অনুপ্ৰাণিত হৈ নদী উৎসৱৰ পৰম্পৰা সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে কয় যে এনে পদক্ষেপে বৰ্তমান প্ৰজন্মক জলৰ গুৰুত্ব সম্পৰ্কে বুজিবলৈ সহায় কৰিব, নদীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাক প্ৰসাৰিত কৰিব আৰু নদীসমূহৰ সুৰক্ষা নিশ্চিত কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সামৰণিত মহাকুম্ভৰপৰা আহৰণ কৰা প্ৰেৰণাসমূহে ৰাষ্ট্ৰৰ সংকল্পৰাজি বাস্তৱায়িতকৰণৰ ক্ষেত্ৰত এক শক্তিশালী মাধ্যম হিচাপে কাম কৰিব বুলি আস্থা প্ৰকাশ কৰে। তেখেতে মহাকুম্ভৰ আয়োজনেৰে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ শলাগ লৈ সমগ্ৰ দেশৰ সকলো ভক্তক প্ৰণাম জনাই সদনৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches UPI in Greece, expands global digital payments footprint

Media Coverage

India launches UPI in Greece, expands global digital payments footprint
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves a Road Construction project in Uttar Pradesh worth Rs.7145.14 crore
July 01, 2026

The Cabinet Committee on Economic Affairs, chaired by the Prime Minister Shri Narendra Modi, today has approved the construction of 117.7 km Kanpur–Kabrai Access-Controlled Greenfield Highway, a four-lane access-controlled corridor with structures designed for future six-laning, forming a key segment of the Bhopal–Kanpur Economic Corridor under the National Highways (O) Programme. With an estimated total capital cost of Rs.7145.14 crore, the project will be implemented by the National Highways Authority of India (NHAI) on BOT (Toll) mode, together with the operation and maintenance of the existing Kanpur-Kabrai section of NH-34.

The project will provide seamless, high-speed connectivity between Kanpur and Kabrai, while strengthening onward connectivity to Sagar, Bhopal and other parts of Madhya Pradesh, thereby creating a modern access controlled economic corridor linking the industrial and commercial centres of Uttar Pradesh with mineral-rich, manufacturing and agricultural regions of Madhya Pradesh thereby improving.

Designed for operating speeds of 80–100 kmph, the corridor will reduce travel time between Kanpur and Kabrai from 3.5 hours to 1.5 hours (58%), while improving road safety, reducing vehicle operating costs and facilitating efficient movement of passenger and freight traffic. The project will also provide strategic connectivity with NH-34, NH-35, the Bundelkhand Expressway, Kanpur Ring Road, and State Highways SH-46, SH-91, SH-10B and SH-42, thereby strengthening integration with the regional highway network. The corridor further strengthen connectivity to the Kabrai mining belt, improving the movement of minerals, industrial goods, construction materials and agricultural produce, thereby enhancing logistics efficiency, supply chain resilience and regional economic development.

Aligned with the PM GatiShakti National Master Plan, the project will improve connectivity to 16 Economic Nodes, including the Unnao, Banther, Pankhi, Rania, Jainpur, Rooma, Chakeri, Sumerpur and Bhuragarh Industrial Areas, Trans Ganga Integrated Township, Growth Centre Jaipur, Kanpur Nagar Node and Bengal Chemicals & Pharmaceuticals Ltd. It will also strengthen connectivity to 9 Social Nodes, namely Fatehpur, Mahoba, Kanpur Zoological Park, Buddha Park, J.K. Temple & Garden, Radha Krishna Temple, Siddheshwar Mahadev Temple, Gopeshwar Mandir and Mahoba Tourist Place, and 10 Logistics Nodes, including Kanpur, Ghatampur, Hamirpur, Mahoba, Kabrai, Bharwa Sumerpur and Banda Railway Stations, together with Kanpur, Chakeri and Khajuraho Airports.

Overall, improve logistics competitiveness, industrial development and economic growth across Bundelkhand and adjoining regions of Uttar Pradesh and Madhya Pradesh, while advancing the objectives of PM GatiShakti.

The project is expected to generate approximately 11,188 direct and 13,985 indirect person-days of employment per lane per km during construction and is projected to carry an Annual Average Daily Traffic (AADT) of about 18,069 Passenger Car Units (PCUs) by FY 2028, underscoring its long-term economic, logistics and transport significance. The proposed project will thus generate close to 1.2 Crore person-days of direct employment and indirect employment.

Map of Corridor: