মহাকুম্ভৰ সফল আয়োজনৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰা নাগৰিকসকলক প্ৰণাম জনালোঁ: প্ৰধানমন্ত্ৰী
মহাকুম্ভৰ সফলতাত একাধিক লোকে অৰিহণা যোগাইছে, চৰকাৰ তথা সমাজৰ সকলো কৰ্মযোগীক মই প্ৰশংসা কৰিছোঁ: প্ৰধানমন্ত্ৰী
মহাকুম্ভৰ আয়োজনত আমি এক ‘মহা প্ৰয়াস’ প্ৰত্যক্ষ কৰিছোঁ: প্ৰধানমন্ত্ৰী
জনসাধাৰণে এই মহা কুম্ভক নেতৃত্ব প্ৰদান কৰিছে, এয়া তেওঁলোকৰ সংকল্পৰদ্বাৰা পৰিচালিত আৰু তেওঁলোকৰ অটল ভক্তিয়ে ইয়াক অনুপ্ৰাণিত কৰিছেঃ প্ৰধানমন্ত্ৰী
প্ৰয়াগৰাজৰ মহা কুম্ভ এক উল্লেখযোগ্য মাইলৰ খুঁটি, যিয়ে এখনি জাগ্ৰত ৰাষ্ট্ৰৰ আত্মাকে প্ৰতিফলিত কৰেঃ প্ৰধানমন্ত্ৰী
মহা কুম্ভই ঐক্যৰ মনোভাৱক সুদৃঢ় কৰিছেঃ প্ৰধানমন্ত্ৰী
মহা কুম্ভত সকলো মতভেদ ম্লান হৈ পৰিল; এয়াই ভাৰতৰ মহান শক্তি, যিয়ে আমাৰ আত্মাত ঐক্যৰ মনোভাৱ গভীৰভাৱে শিপাই থকা কথাটোক প্ৰতিফলিত কৰেঃ প্ৰধানমন্ত্ৰী
শ্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ জনসাধাৰণ আৰু বিশেষকৈ প্ৰয়াগৰাজৰ নাগৰিকসকলৰ কথা উল্লেখেৰে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকললৈ তেওঁলোকে আগবঢ়োৱা অমূল্য সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

মাননীয় অধ্যক্ষ মহোদয়,

প্ৰয়াগৰাজত অনুষ্ঠিত বিশাল মহাকুম্ভ সন্দৰ্ভত এক বক্তব্য প্ৰদান কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ। মই এই সন্মানীয় সদনৰ যোগেদি সেইসকল লক্ষ-লক্ষ দেশবাসীক মোৰ প্ৰণাম জনাইছোঁ, যিসকলৰ অৱদানে মহাকুম্ভক সাফল্যমণ্ডিত কৰি তুলিলে। মহাকুম্ভৰ সফলতা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত বহু ব্যক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মই চৰকাৰ, সমাজ আৰু সকলো নিষ্ঠাবান কৰ্মীক অভিনন্দন জনাইছোঁ। লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকল, উত্তৰ প্ৰদেশৰ জনসাধাৰণ আৰু বিশেষকৈ প্ৰয়াগৰাজৰ নাগৰিকসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

অধ্যক্ষ মহোদয়,

আমাৰ সকলোৰে জ্ঞাত যে পবিত্ৰ গংগাক ধৰালৈ বোৱাই আনিবলৈ এক অসাধাৰণ প্ৰচেষ্টাৰ প্ৰয়োজন হৈছিল। এই মহাকুম্ভৰ বিশাল আয়োজনতো একেধৰণৰ এক অসামান্য প্ৰয়াস প্ৰত্যক্ষ হয়। মই লালকিল্লাৰপৰা ‘সবকা প্ৰয়াস’ৰ গুৰুত্বত আলোকপাত কৰিছিলোঁ। মহাকুম্ভৰ জৰিয়তে সমগ্ৰ বিশ্ব ভাৰতৰ বিশালতাৰ সাক্ষী হৈছিল। এয়াই হৈছে ‘সবকা প্ৰয়াস’ৰ প্ৰকৃত অৰ্থ। এই মহাকুম্ভ আছিল জনসাধাৰণৰ ভক্তি আৰু নিষ্ঠাৰে অনুপ্ৰাণিত এক গণ অনুষ্ঠান।

মাননীয় অধ্যক্ষ মহোদয়,

আমি মহাকুম্ভত আমাৰ ৰাষ্ট্ৰীয় চেতনাৰ জাগৰণ প্ৰত্যক্ষ কৰিছোঁ। এই ৰাষ্ট্ৰীয় চেতনাই আমাৰ দেশক নতুন সংকল্পৰ দিশে ধাৱমান কৰে আৰু সেইসমূহ বাস্তৱায়িতকৰণৰ বাবে আমাক অনুপ্ৰাণিত কৰে। আমাৰ সামূহিক শক্তি সন্দৰ্ভত একাংশৰ হয়তো সন্দেহ আৰু অনিশ্চয়তাৰ ভাৱৰ প্ৰতিও মহাকুম্ভই উপযুক্ত সঁহাৰি আগবঢ়াইছে।

অধ্যক্ষ মহোদয়,

যোৱা বছৰ অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ সময়ত আমি সকলোৱে অনুভৱ কৰিছিলোঁ যে ৰাষ্ট্ৰখনে আগন্তুক এহেজাৰ বছৰৰ বাবে নিজকে কেনেদৰে সাজু কৰি আছে। মাত্ৰ এবছৰৰ পাছত মহাকুম্ভৰ সফল সংগঠনে এই বিশ্বাসক অধিক দৃঢ় কৰি তুলিছে। ৰাষ্ট্ৰৰ এই সামূহিক চেতনাই ইয়াৰ অপৰিসীম শক্তিৰ প্ৰতিফলন ঘটায়। ইতিহাসৰ বুকুত এনে কিছুমান বিশেষ মুহূৰ্ত আছে, যিসমূহ আগন্তুক প্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে। আমাৰ ৰাষ্ট্ৰখনেও এনে মুহূৰ্তৰ সাক্ষী হৈ আহিছে, যিয়ে ইয়াক এক নতুন দিশ প্ৰদান কৰিছে আৰু ইয়াৰ জনসাধাৰণক জাগ্ৰত কৰি তুলিছে। ভক্তি আন্দোলনৰ সময়ত আমি দেশজুৰি বিয়পি পৰা এক আধ্যাত্মিক জাগৰণ দেখিবলৈ পাইছিলোঁ। এশ বছৰৰো অধিক পূৰ্বে যেতিয়া স্বামী বিবেকানন্দই চিকাগোত ভাষণ প্ৰদান কৰিছিল, তেতিয়া ভাৰতৰ আধ্যাত্মিক চেতনাৰ এক গুঞ্জৰিত ঘোষণা আছিল, যিয়ে ভাৰতীয়সকলৰ মাজত আত্মসন্মানৰ গভীৰ ভাৱ জগাই তুলিছিল। একেদৰে আমাৰ স্বাধীনতা সংগ্ৰামত এনে কেইবাটাও টাৰ্নিং পইন্ট আছিল যথা— ১৮৫৭ৰ বিদ্ৰোহ, বীৰ ভগত সিঙৰ শ্বহীদবৰণ, নেতাজী সুভাষ চন্দ্ৰ বসুৰ “দিল্লী চলো”ৰ আহ্বান আৰু মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰা আদি। এই ঘটনাৰাজিয়ে ৰাষ্ট্ৰখনক অনুপ্ৰাণিতকৰণেৰে স্বাধীনতাৰ পথ প্ৰশস্ত কৰিছিল। মই প্ৰয়াগৰাজৰ মহাকুম্ভক এনে আন এক বিশেষ মুহূৰ্ত হিচাপে গণ্য কৰিছোঁ, য’ত আমি এখনি জাগ্ৰত ৰাষ্ট্ৰৰ মনোভাৱৰ প্ৰতিফলন দেখিবলৈ পাওঁ।

অধ্যক্ষ মহোদয়,

প্ৰায় ডেৰ মাহ ধৰি ভাৰতত মহাকুম্ভৰ উৎসাহ আৰু মনোভাৱ আমি প্ৰত্যক্ষ কৰিছিলোঁ। সুবিধা বা কষ্টৰ কথা বিশেষ চিন্তা নকৰি গভীৰ বিশ্বাসেৰে লাখ-লাখ ভক্ত ইয়াত সমবেত হৈছিল। এই অদম্য ভক্তি আমাৰ অন্যতম পৰম শক্তি। কিন্তু এই আনন্দ আৰু উদ্যম কেৱল ভাৰততে সীমাবদ্ধ নাছিল। যোৱা সপ্তাহত মই মৰিচাছ ভ্ৰমণ কৰোঁ, ইয়ালৈ মই মহাকুম্ভৰ সময়ত প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমৰ পবিত্ৰ জল লৈ গৈছিলোঁ। মৰিচাছৰ গংগা তলাওত যেতিয়া এই পবিত্ৰ জল আগবঢ়োৱা হৈছিল, তেতিয়া ভক্তি, বিশ্বাস, উদযাপনৰ পৰিবেশ সঁচাকৈয়ে উল্লেখযোগ্য আছিল। এই মুহূৰ্তই আমাৰ পৰম্পৰা, সংস্কৃতি আৰু প্ৰমূল্যবোধক কেনেকৈ অতিশয় তীব্ৰতাৰে আকোৱালি লোৱা হৈছে আৰু উদযাপন কৰা হৈছে, সেই কথা পুনৰ দৃঢ় কৰিলে।

অধ্যক্ষ মহোদয়,

আমাৰ সাংস্কৃতিক প্ৰমূল্যবোধসমূহ প্ৰজন্মৰপৰা প্ৰজন্মলৈ কিমান নিৰৱচ্ছিন্নভাৱে অব্যাহত আছে, সেয়াও মই দেখিছোঁ। আজি আমাৰ আধুনিক যুৱক-যুৱতীসকলক চাওঁক— মহাকুম্ভ আৰু আন-আন পৰম্পৰাগত উৎসৱৰ সৈতে তেওঁলোকে কিমান গভীৰভাৱে সংযোগ স্থাপন কৰিছে। ভাৰতৰ নৱপ্ৰজন্মই গৌৰৱেৰে নিজৰ ঐতিহ্য, বিশ্বাস, পৰম্পৰাক অসীম গৌৰৱ আৰু ভক্তিৰে আকোৱালি লৈছে।

অধ্যক্ষ মহোদয়,

এখন সমাজে ইয়াৰ ঐতিহ্যক লৈ গৌৰৱ কৰা মাত্ৰেকে আমি মহাকুম্ভৰ সময়ত দেখা পোৱাৰ দৰে বিশাল আৰু প্ৰেৰণাদায়ক মুহূৰ্ত প্ৰত্যক্ষ হয়। ই আমাৰ ভ্ৰাতৃত্ববোধক সুদৃঢ় কৰে আৰু আত্মবিশ্বাস গঢ়ি তোলে যে এখনি ৰাষ্ট্ৰ হিচাপে আমি গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিব পাৰোঁ। আমাৰ পৰম্পৰা, বিশ্বাস, উত্তৰাধিকাৰৰ সৈতে গভীৰ সংযোগ আজিৰ ভাৰতৰ বাবে এক অমূল্য সম্পদ।

অধ্যক্ষ মহোদয়,

মহাকুম্ভই আমাক একাধিক অমূল্য শিক্ষা প্ৰদান কৰিছে আৰু ইয়াৰ অন্যতম পৰম দান হৈছে ঐক্যৰ অমৃত। ইয়াত প্ৰতিটো অঞ্চল, দেশৰ প্ৰতিটো কোণৰ লোক সমবেত হৈছিল। ব্যক্তিগত অহংকাৰ পৰিহাৰেৰে তেওঁলোকে মইতকৈ আমিৰ মনোভাৱক আকোৱালি লৈছিল। ভিন্ন ৰাজ্যৰ লোক পবিত্ৰ ত্ৰিবেণীৰ অংশ হৈ পৰিছিল। ভিন্ন অঞ্চলৰ লাখ-লাখ লোকে ৰাষ্ট্ৰীয়তাবাদৰ মনোভাৱক সুদৃঢ় কৰা মাত্ৰেকে আমাৰ দেশৰ ঐক্য অধিক শক্তিশালী হৈ উঠে। সংগমৰ পাৰত ভিন্ন ভাষা কোৱা লোকে ‘হৰ হৰ গংগা’ বুলি জপ কৰোঁতে ই ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ সাৰমৰ্মক প্ৰকাশ আৰু ঐক্যক সবল কৰি তুলিছিল। মহাকুম্ভই প্ৰমাণ কৰিলে যে ডাঙৰ আৰু সৰুৰ মাজত কোনো পাৰ্থক্য নাই— যিয়ে ভাৰতৰ অপৰিসীম শক্তিক প্ৰতিফলিত কৰিছিল। এই অনুষ্ঠানে ঐক্যৰ গভীৰ মনোভাৱ আমাৰ অন্তৰত শিপাই থকাৰ কথাকে ব্যক্ত কৰে। আমাৰ ঐক্যৰ শক্তি ইমানেই বেছি যে ই আমাক বিভাজিতকৰণৰ যিকোনো অপচেষ্টাক জয় কৰিব পাৰে। একতাৰ এই অদম্য মনোভাৱ প্ৰতিজন ভাৰতীয়ৰ বাবে আশীৰ্বাদ। যি সময়ত বিশ্বখন বিভাজনৰ সন্মুখীন হৈছে, সেই সময়তে সংহতিৰ এই বিশাল প্ৰদৰ্শন আমাৰ আটাইতকৈ পৰম শক্তি। বৈচিত্ৰ্যৰ মাজত ঐক্য সদায় ভাৰতৰ বৈশিষ্ট্য—আমি সদায় ইয়াক বিশ্বাস কৰি আহিছোঁ, অনুভৱ কৰিছোঁ আৰু ইয়াৰ আটাইতকৈ বিশাল ৰূপ আমি প্ৰয়াগৰাজৰ মহাকুম্ভত প্ৰত্যক্ষ কৰিছোঁ। বৈচিত্ৰ্যৰ মাজত ঐক্যৰ এই অনন্য উত্তৰাধিকাৰক লালন-পালন আৰু সুদৃঢ় কৰি ৰখাটো আমাৰ দায়িত্ব।

অধ্যক্ষ মহোদয়,

মহাকুম্ভই আমাক অসীম প্ৰেৰণাও যোগাইছে। আমাৰ দেশত একাধিক সৰু-বৰ নদী আছে, যাৰ একাংশ গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কুম্ভৰপৰা প্ৰেৰণাৰে আমি ‘নদী উৎসৱ’ৰ পৰম্পৰাক সম্প্ৰসাৰণৰ কথা চিন্তা কৰা উচিত। এই পদক্ষেপে বৰ্তমানৰ প্ৰজন্মক জলৰ গুৰুত্ব বুজিবলৈ সহায় কৰিব, নদীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাক প্ৰসাৰিত কৰিব আৰু আমাৰ নৈসমূহ সংৰক্ষণত অৰিহণা যোগাব।

অধ্যক্ষ মহোদয়,

মোৰ দৃঢ় বিশ্বাস যে মহাকুম্ভৰপৰা লাভ কৰা প্ৰেৰণাই আমাৰ ৰাষ্ট্ৰীয় সংকল্প সাধনৰ ক্ষেত্ৰত এক শক্তিশালী ভেটি হিচাপে কাম কৰিব। আকৌ এবাৰ মহাকুম্ভৰ আয়োজনেৰে জড়িত সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। সমগ্ৰ দেশৰ সকলো ভক্তক প্ৰণাম জনাই এই সন্মানীয় সদনৰ হৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi At SRCC:

Media Coverage

PM Modi At SRCC: "Those Who Pushed India Into 'Fragile 5' Can't Digest 7.8%"
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."