National Education Policy will give a new direction to 21st century India: PM Modi
Energetic youth are the engines of development of a country; Their development should begin from their childhood. NEP-2020 lays a lot of emphasis on this: PM
It is necessary to develop a greater learning spirit, scientific and logical thinking, mathematical thinking and scientific temperament among youngsters: PM

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এনইপি, ২০২০ৰ অধীনত “২১ শ শতিকাৰ বিদ্য়ালয়ৰ শিক্ষা” শীৰ্ষক সন্মিলন সম্বোধন কৰে।

এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২১ শতিকাৰ ভাৰতবৰ্ষক ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এটা নতুন দিক প্ৰদানৰ অৰ্থে আগবাঢ়িছে আৰু আমাৰ দেশখনৰ ভৱিষ্যতৰ আধাৰশিলা স্থাপনৰ মুহূৰ্তৰ আমিবোৰ অংশ হৈ ৰৈছো। তেওঁ কয় যে আমাৰ ব্যৱস্থাটো অদ্যপি পুৰণি ব্যৱস্থাৰ অধীনত চালিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই তিনিটা দশকটো আমাৰ জীৱনৰ যিকোনো প্ৰত্যাশাই একে হৈ থাকিল।

এই নতুন শিক্ষা নীতিৰ অৰ্থ হৈছে এখন নতুন ভাৰতৰ নতুন আকাংক্ষা, নতুন সুযোগৰ পৰিপূৰ্ণকৰণ, তেওঁ কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই এনইপি, ২০২০ হৈছে যোৱা ৩ ৰপৰা ৪ বছৰে সকলো অঞ্চলৰ, সকলো খণ্ডৰ আৰু প্ৰতিটো ভাষাৰ লোকসকলৰ কঠোৰ শ্ৰমৰ ফলশ্ৰুতি। তেওঁ কয়, নীতিখনিৰ ৰূপায়ণতে এতিয়া প্ৰকৃত কামৰ আৰম্ভ হৈছে।

তেখেতে নতুন শিক্ষা নীতিখনিৰ ফলপ্ৰসূ ৰূপায়ণৰ অৰ্থে শিক্ষক সমাজক একত্ৰিত হৈ কাম কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, নীতিখনি ঘোষণাৰ পাছত বহু প্ৰশ্ন উত্থাপন হোৱা প্ৰসংগটো স্বাভাৱিক আৰু এই সন্মিলনখনিত এনে প্ৰসংগসমূহ আলোচনাৰ মাধ্যমেৰে আগবাঢ়ি যোৱাটো প্ৰয়োজনীয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এই নতুন শিক্ষা নীতিখন ৰূপায়ণৰ অৰ্থে অনুষ্ঠিত আলোচনাত অধ্যক্ষ আৰু শিক্ষক সমাজে উৎসাহেৰে অংশগ্ৰহণ কৰাত সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিখনিৰ ৰূপায়ণ সন্দৰ্ভত সমগ্ৰ দেশৰ শিক্ষক সমাজৰপৰা এসপ্তাহৰ ভিতৰতে ১.৫ নিযুতৰো অধিক পৰামৰ্শ লাভ কৰা হৈছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ উন্নয়নত উদ্যমী যুৱসমাজেই হ’ল ইঞ্জিন কিন্তু সেই বিকাশ তেওঁলোকৰ শিশু অৱস্থাৰপৰাই হোৱা উচিত। তেওঁ কয় যে শিশুৰ শিক্ষা, তেওঁলোকে পোৱা পৰিবেশে ভৱিষ্যতে তেওঁলোক কি হ’ব সেয়া বহু পৰিমাণে নিৰ্ভৰ কৰে আৰু ইয়াৰ ওপৰতেই তেওঁৰ ব্যক্তিত্বও নিৰ্ভৰ কৰিব। তেওঁ কয়, এই এনইপি-২০২০ত ইয়াৰে অৱতাৰণা কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে প্ৰিস্কুলতে শিশুহঁতে তেওঁলোকৰ স্পৃহা, তেওঁলোকৰ দক্ষতা বুজিবলৈ আৰম্ভ কৰিব। ইয়াৰ বাবে, সংশ্লিষ্ট বিদ্যালয় আৰু শিক্ষাগুৰুসকলে ফান লাৰ্ণিং, প্লে’ফুল লাৰ্ণিং, কাৰ্য-কলাপ নিৰ্ভৰ শিক্ষা আৰু উদ্ভাৱনমূলক শিক্ষাৰ এটি বাতাবৰণ যুগুত কৰাটো আৱশ্যকীয়। তেওঁ কয় যে শিশুসকলে যেতিয়া অগ্ৰগতি লাভ কৰে, তেওঁলোকৰ মনত বিস্তৃত শিক্ষাৰ উদ্দীপনা, বৈজ্ঞানিক আৰু যুক্তিসংগত চিন্তা, গাণিতিক চিন্তা আৰু বৈজ্ঞানিক দৃষ্টিকোণৰ ভাৱনা জগাই তোলাটো অতিশয় আৱশ্যকীয়।

এই ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে পুৰণি ১০ প্লাছ ২ ব্যৱস্থাৰ ঠাইত ৫ প্লাছ ৩ প্লাছ ৩ প্লাছ ৪ৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ কয়, এতিয়া মহানগৰৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহতে প্লে’ফুল শিক্ষা সীমাবদ্ধ থকাৰ বিপৰীতে এই নীতিখনি ৰূপায়ণ হ’লে গ্ৰামাঞ্চলৈয়ো এই ব্যৱস্থাৰ প্ৰৱাহ ঘটিব।

এই নীতিখনিয়ে প্ৰাথমিক শিক্ষাক অধিক গুৰুত্ব প্ৰদান কৰিছে বুলি তেখেতে কয়। এই ৰাষ্ট্ৰীয় শিক্ষা নীতিখনিৰ অধীনত, প্ৰাথমিক সাক্ষৰতা আৰু সংখ্যাজ্ঞানৰ বিকাশ সাধনক ৰাষ্ট্ৰীয় অভিযান হিচাপে গণ্য কৰা হ’ব। শিশুসকল আগুৱাই যোৱা উচিত আৰু শিকিবলৈ পঢ়া উচিত, ইয়াৰ অৰ্থে আৰম্ভণিতে তেওঁ পঢ়িবলৈ শিকা উচিত। পঢ়িবলৈ শিকাৰপৰা শিকবলৈ পঢ়ালৈ এই বিকাশৰ যাত্ৰা প্ৰাথমিক সাক্ষৰতা আৰু সংখ্যা জ্ঞানৰ জৰিয়তে সম্পন্ন কৰা হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তৃতীয় শ্ৰেণী উত্তীৰ্ণ এটি শিশুৱে এক মিনিটত ৩০ ৰপৰা ৩৫ টা শব্দ অনায়াসে পঢ়িব পৰাটো সুনিশ্চিত কৰিবই লাগিব। তেওঁ কয় যে ইয়ে শিশুক আন বিষয়ৰ বিষয়বস্তুসমূহো অনায়াসে বুজি উঠাত সহায় কৰিব। তেওঁ লগতে কয় যে এয়া মাথো তেতিয়াহে বাস্তৱায়িত হ’ব যেতিয়া অধ্যয়ন আৰু প্ৰকৃত পৃথিৱী, আমাৰ জীৱন-যাত্ৰা তথা চৌপাশৰ পৰিবেশৰ মাজত এটা সংযোগ সাধন হ’ব।

তেওঁ লগতে কয় যে যেতিয়া চৌপাশৰ পৰিবেশেৰে শিক্ষাক সংযোজিত কৰা হ’ব, ই ছাত্ৰ-ছাত্ৰীৰ সমগ্ৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিব আৰু সন্দেহাতীতভাৱে সমগ্ৰ সমাজখনতে এই প্ৰভাৱ পৰিব। তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত ব্যক্ত কৰে। ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ সংশ্লিষ্ট গাঁওসমূহৰ অতিকৈ পুৰণি গছজোপা চিনাক্ত কৰি উলিয়াবলৈ দিয়া হৈছিল আৰু তাৰ পাছত উক্ত গছজোপা আৰু তেওঁলোকৰ গাঁওখনক লৈ এখন ৰচনা লিখিবলৈ দিয়া গৈছিল। তেওঁ কয় যে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত চলোৱা এই পৰীক্ষা অতিশয় সফল হৈছিল, যাৰ জৰিয়তে এফালেদি বিদ্যাৰ্থীসকলে পৰিবেশ সন্দৰ্ভত তথ্য লাভ কৰিছিল, আনফালেদি তেওঁলোকৰ গাঁওখন সন্দৰ্ভত বিস্তৃভাৱে জনাৰ এটা সুযোগ লাভ কৰিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এনে সহজ আৰু উদ্ভাৱনীমূলক পদ্ধতি বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। এই পৰীক্ষা আমাৰ নতুন যুগৰ শিক্ষাৰ মূল বিষয়বস্তু হোৱা উচিত – য’ত আছে সংযুক্ত হোৱা, অন্বেষণ, অভিজ্ঞতা, ব্যক্ত কৰা আৰু শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, বিদ্যাৰ্থীসকলে তেওঁলোকৰ ইচ্ছা অনুসৰি ক্ৰিয়া-কলাপ, কাৰ্যসূচী, প্ৰকল্পসমূহেৰে জড়িত হ’ব পাৰিব। এটা সৃষ্টিশীল উপায়েৰে শিক্ষাৰ্থীসকলে ব্যক্ত কৰিবলৈ শিকিব। তেখেতে কয় যে শিক্ষাৰ্থীসকলক ঐতিহাসিক স্থান, গুৰুত্বপূৰ্ণ স্থান, খেতি-পথাৰ, উদ্যোগ ইত্য়াদিলৈ শিক্ষামূলক ভ্ৰমণৰ অধীনত লৈ যাব লাগে, এনে কৰিলে তেওঁলোকে ব্যৱহাৰিক জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, বৰ্তমান সকলো বিদ্যালয়তে এনে কৰা হৈছে বুলি ক’ব নোৱাৰি। তেওঁ কয়, এনে হোৱাৰ বাবে, বহু শিক্ষাৰ্থীয়েই ব্যৱহাৰিক জ্ঞান লাভ নকৰাকৈ আছে। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰিক জ্ঞানেৰে উদ্বুদ্ধ কৰিব পাৰিলে তেওঁলোকৰ উৎসুকতা বৃদ্ধি পাব আৰু সমান্তৰালভাৱে তেওঁলোকৰ জ্ঞানো বৃদ্ধি হ’ব। যদি শিক্ষাৰ্থীসকলে ভিন্ন বৃত্তিধাৰীসকলৰ দক্ষতা প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰে, তেওঁলোকৰ মাজত এটা আত্মিক সংযোগ স্থাপন হ’ব, ইয়াৰ পৰিণতিত দক্ষতাসম্পন্ন ব্যক্তিজনৰ দক্ষতা বুজি উঠিবলৈ সচেষ্ট হ’ব আৰু সন্মান কৰিব। যদি এনে হয় তেতিয়া বহু ছাত্ৰ-ছাত্ৰীয়েই এনে উদ্যোগত কাম কৰিবলৈ মন মেলিব। বিপৰীতে তেওঁলোকে আন বৃত্তিক পচ্ছন্দ কৰিলেও তেওঁলোকৰ মনত এনে বৃত্তিত অগ্ৰগতি লাভ কৰিবলৈ তেওঁলোকৰ দক্ষতাৰ কিদৰে বিকাশসাধন কৰিব লাগে, তাৰ এটা উমান পাব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিখনি এনেদৰে প্ৰস্তুত কৰি উলিওৱা হৈছে য’ত পাঠ্যক্ৰম হ্ৰাস কৰি প্ৰাথমিক বিষয়বস্তুত মনোযোগ প্ৰদান কৰিব পৰা যাব। শিক্ষা লাভক সংহত আৰু বহু বিষয়ক, আনন্দপূৰ্ণ আৰু সম্পূৰ্ণ অভিজ্ঞতামূলক কৰি তুলিবলৈ এটা নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কৰ বিকাশ সাধন কৰা যাব। ইয়াৰ বাবে পৰামৰ্শ আহ্বান কৰা হ’ব আৰু ইয়াত এই পৰামৰ্শ আৰু আধুনিক শিক্ষা ব্যৱস্থাক অন্তৰ্ভুক্ত কৰা হ’ব। আমাৰ আজিৰ বিশ্বখনতকৈ ভৱিষ্যতৰ বিশ্বখন অলপ পৃথক হ’ব।

২১শ শতিকাৰ দক্ষতাৰে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক সমৃদ্ধ কৰাত তেওঁ গুৰুত্ব আৰোপ কৰে। ২১শ শতিকাৰ দক্ষতা হিচাপে তেওঁ চিহ্নিত কৰে – জটিল চিন্তা, সৃষ্টিশীলতা, সহযোগিতা, উৎসুকতা আৰু যোগাযোগক। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে আৰম্ভণিৰেপৰা সাৰমৰ্ম হৃদয়ংগম কৰা, কৃত্ৰিম বুদ্ধিমত্তা, ইন্টাৰনেট অৱ থিংছত যোগদান, ক্লাউড কম্পিউটিং, ডাটা চায়েঞ্চ আৰু ৰবটিক্স সন্দৰ্ভত অৱগত হোৱা উচিত। তেওঁ কয়, আমাৰ পূৰ্বৰ শিক্ষা নীতি সীমাবদ্ধ আছিল। কিন্তু বাস্তৱ পৃথিৱীত, সকলো বিষয়ৰে পাৰস্পৰিক সম্পৰ্ক আছে। কিন্তু সাম্প্ৰতিক ব্যৱস্থাই ক্ষেত্ৰখনৰ সলনিৰ অৰ্থে সুযোগ প্ৰদান নকৰে, নতুন সম্ভাৱনাৰে সংযোগ স্থাপনটো সহায় নকৰে। বহু ছাত্ৰ-ছাত্ৰীয়ে আধাতে বিদ্যালয় এৰাত ইওঁ এটা মূল কাৰণ। সেয়েহে, ৰাষ্ট্ৰীয় শিক্ষা নীতিখনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক বিষয় বাছনি কৰাত স্বাধীনতা প্ৰদান কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিখনিয়ে আন এটা ডাঙৰ সমস্যা সমাধান কৰিবলৈ আগবাঢ়িছে – সেয়া হৈছে আমাৰ দেশখনত মাৰ্কশ্বীট চালিত শিক্ষাৰ ঠাইত লাৰ্ণিং চালিত শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা। তেওঁ কয় যে আজিকালি মাৰ্কশ্বীটখন এখন মেন্টেল প্ৰেচাৰ শ্বীটলৈ পৰ্যবসিত হৈছে। শিক্ষাৰপৰা এই চাপ দূৰ কৰাটো ৰাষ্ট্ৰীয় শিক্ষা নীতিখনিৰ অন্যতম মূল উদ্দেশ্য। পৰীক্ষাসমূহ এনেকুৱা হ’ব যাতে ই ছাত্ৰ-ছাত্ৰীৰ মনত অপ্ৰয়োজনীয় চাপৰ সৃষ্টি কৰিব নোৱাৰে। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীক এটা মাত্ৰ পৰীক্ষাৰে মূল্যায়ন কৰাৰ সলনি এজন ছাত্ৰক ভিন্ন দৃষ্টিকোণেৰে মূল্যায়নৰ প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব। যথাঃ স্ব-মূল্যায়ন, এজন এজনকৈ মূল্যায়ন। ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে মাৰ্কশ্বীটৰ সলনি এখন সামগ্ৰিক ৰিপ’ৰ্ট কাৰ্ডৰ প্ৰস্তাৱ দিছে। য’ত উল্লেখ থাকিব স্বকীয় সম্ভাৱনা, প্ৰৱণতা, প্ৰতিভা, দক্ষতা, সক্ষমতা, পাৰদৰ্শিতা। তেওঁ লগতে কয় যে মূল্যায়ন ব্যৱস্থাটোৰ সামগ্ৰিক উন্নয়নৰ অৰ্থে “পৰখ” শীৰ্ষক নতুন নেশ্যনেল এচেচমেন্ট চেন্টাৰ স্থাপন কৰা হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই কথা সকলোৱে বুজি পোৱাটো প্ৰয়োজনীয় যে ভাষা হৈছে শিক্ষাৰ মাধ্যম, বিপৰীতে শিক্ষাৰ মূল ভাষা নহয়। কিছুমান লোকে এই পাৰ্থক্যটো পাহৰি পেলায়। সেয়েহে, যিটো ভাষাতে শিশুৱে সহজতে শিকিব পাৰে, সেই একেটা ভাষাই তেওঁৰ শিক্ষা লাভৰ ভাষা হোৱা উচিত। এই কথা অনুধাৱন কৰি, প্ৰাথমিক শিক্ষা আন বহু দেশৰ দৰে মাতৃভাষাতে হোৱাৰ প্ৰস্তাৱ জনোৱা হৈছে। অন্যথা, যেতিয়া আন ভাষাত শিশুৱে কিবা এটা শুনিব, তেওঁলোকে প্ৰথমতে শুনা কথাটো নিজা ভাষালৈ অনুবাদ কৰিব, তাৰ পাছতহে বুজিবলৈ চেষ্টা কৰিব। ইয়ে শিশুৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰে, ই অতিশয় চিন্তনীয় কথা। সেয়েহে, যিমানদূৰ সম্ভৱ সিমান, পঞ্চম শ্ৰেণীলৈকে, অতি কমেও পঞ্চম শ্ৰেণীলৈকে শিক্ষা লাভৰ মাধ্যম স্থানীয় ভাষা, মাতৃভাষা হোৱাৰ পোষকতা কৰিছে ৰাষ্ট্ৰীয় শিক্ষা নীতিখনিয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিত মাতৃভাষাৰ বাহিৰে আন ভাষা শিকা আৰু শিকোৱাৰ ক্ষেত্ৰত কেতবোৰ বাধ্যবাধকতা আৰোপ কৰা হৈছে। যদিও আন্তঃৰাষ্ট্ৰীয় স্তৰত ইংৰাজীৰ সৈতে বিদেশী ভাষাসমূহ সহায়ক হৈ উঠে, ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব আৰু শিকিব পাৰিলেহে অধিক মংগলজনক। তেওঁ তদুপৰি কয় যে একে সময়তে সকলোবোৰ ভাৰতীয় ভাষাক প্ৰোৎসাহিত কৰা উচিত কিয়নো ইয়াৰদ্বাৰাহে আমাৰ ছাত্ৰ-ছাত্ৰীয়ে ভিন্ন ৰাজ্যৰ ভিন্ন ভাষাসমূহৰ লগতে সংশ্লিষ্ট ৰাজ্যসমূহৰ সংস্কৃতি সন্দৰ্ভত জ্ঞাত হ’ব পাৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ যাত্ৰাত শিক্ষকসকল হৈছে আগৰণুৱা। সেয়েহে, শিক্ষক সমাজে নতুন বিষয়বস্তু অনুধাৱন কৰাৰ সময় সমাগত। ২০২২ত স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিৰ শুভলগনত, ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি ভাৰতৰ প্ৰতিটো শিশুৱেই পঢ়িব পৰাটো সুনিশ্চিত কৰাটো আমাৰ সংঘবদ্ধ দায়িত্ব। এই ৰাষ্ট্ৰীয় অভিযানত শিক্ষক সমাজ, প্ৰশাসক, স্বেচ্ছাসেৱী সংগঠন আৰু পিতৃ-মাতৃসকলৰ সহযোগিতা কামনা কৰে।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI expands international presence to Cambodia through KHQR linkage

Media Coverage

UPI expands international presence to Cambodia through KHQR linkage
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting the power of unity, mutual cooperation and collective resolve
June 03, 2026

Prime Minister Shri Narendra Modi today shared a Sanskrit Subhashitam, observing that when citizens are bound by the threads of unity and mutual cooperation, the strength of the nation multiplies manifold. Shri Modi highlighted that it is through this collective resolve of the people of India that the country is continuously scaling new heights of progress.

The Prime Minister posted on X:

"जब नागरिक एकजुटता और आपसी सहयोग के सूत्र में बंधते हैं, तो राष्ट्र की शक्ति कई गुना बढ़ जाती है। भारतवासियों के इसी सामूहिक संकल्प से आज देश उन्नति की नित-नई ऊंचाइयों को छू रहा है।

धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च।
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ॥"

Just as pieces of wood cannot fully display their energy when separated, but burn brightly and produce light and warmth when brought together, in the same way, the progress, prosperity, and strength of a state depend on the unity, mutual cooperation and collective determination of its people.