“আজি ভাৰতীয় গণতন্ত্ৰৰ বাবে এটা ডাঙৰ দিন কাৰণ জনজাতীয় সম্প্ৰদায়ৰ এগৰাকী মহিলাই দেশৰ সৰ্বোচ্চ পদৰ দায়িত্ব গ্ৰহণ কৰিছে”
“শ্ৰী হৰমোহন সিং যাদৱে তেওঁৰ দীঘলীয়া ৰাজনৈতিক জীৱনত ড০ ৰাম মনোহৰ লোহিয়াৰ ধাৰণাক আগুৱাই নিছিল”
“হৰমোহন সিং যাদৱ জীয়ে কেৱল শিখ হত্যাকাণ্ডৰ বিৰুদ্ধে ৰাজনৈতিক স্থিতি লোৱাই নহয়, তেওঁ শিখ ভাই-ভনীসকলক ৰক্ষা কৰিবলৈ যুঁজ দিয়াৰ বাবে আগবাঢ়ি আহিছিল”
“বৰ্তমান সমাজ আৰু দেশৰ স্বাৰ্থৰ ওপৰত মতাদৰ্শগত বা ৰাজনৈতিক স্বাৰ্থক স্থান দিয়াৰ প্ৰৱণতা দেখা গৈছে”
“এটা দল বা ব্যক্তিৰ বিৰোধিতা দেশৰ বিৰোধিতালৈ পৰিণত হ’ব নালাগে, সেয়া প্ৰতিটো ৰাজনৈতিক দলৰ দায়িত্ব হোৱা উচিত”
“ডঃ লোহিয়াই ৰামায়ণ মেলা আয়োজন কৰি গংগাৰ যত্ন লৈ দেশৰ সাংস্কৃতিক শক্তি শক্তিশালী কৰাৰ বাবে কাম কৰিছিল”
“সামাজিক ন্যায় মানে সমাজৰ প্ৰতিটো শ্ৰেণীয়ে সমান সুযোগ লাভ কৰিব লাগে আৰু জীৱনৰ মৌলিক প্ৰয়োজনীয়তাৰ পৰা কোনো লোক বঞ্চিত হ’ব নালাগে”

প্ৰাক্তন সাংসদ, বিধায়ক, বিধায়ক তথা শৌৰ্য চক্ৰ বঁটা বিজয়ী তথা যাদৱ জনগোষ্ঠীৰ এগৰাকী উচ্চপদস্থ ব্যক্তি তথা নেতা প্ৰয়াত শ্ৰীযুত হৰমোহন সিং যাদৱৰ দশম পুণ্যতিথিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ আগবঢ়ায়।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে প্ৰয়াত শ্ৰী হৰমোহন সিং যাদৱৰ দশম পুণ্যতিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ লগতে উল্লেখ কৰে যে আজি স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে জনজাতীয় সম্প্ৰদায়ৰ এগৰাকী মহিলাই দেশৰ সৰ্বোচ্চ পদবী গ্ৰহণ কৰে। তেওঁ ইয়াক ভাৰতৰ গণতন্ত্ৰৰ বাবে এটা ডাঙৰ দিন বুলি অভিহিত কৰে।

উত্তৰ প্ৰদেশৰ মহান নেতাসকলৰ গৌৰৱময় ঐতিহ্যক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “হৰমোহন সিং যাদৱ জীয়ে উত্তৰ প্ৰদেশ আৰু কানপুৰৰ ভূমিৰ পৰা তেওঁৰ দীঘলীয়া ৰাজনৈতিক জীৱনত ড০ ৰাম মনোহৰ লোহিয়া জীৰ চিন্তাধাৰাক আগুৱাই লৈ গৈছিল। ৰাষ্ট্ৰ আৰু দেশৰ ৰাজনীতিত তেওঁ যি অৱদান আগবঢ়াইছিল, সমাজৰ বাবে তেওঁ যি কাম কৰিছিল, সেই কামে আজিও প্ৰজন্মক পথ প্ৰদৰ্শন কৰি আছে”। প্ৰধানমন্ত্ৰীয়ে ‘গ্ৰাম সভাৰ পৰা ৰাজ্যসভালৈ’ দীঘলীয়া আৰু বিশিষ্ট যাত্ৰাত সমাজ আৰু সমাজৰ প্ৰতি তেওঁৰ সমৰ্পণৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে শ্ৰী হৰমোহন সিং যাদৱৰ দৃষ্টান্তমূলক সাহসৰ প্ৰসংগ উল্লেখ কৰি কয় “হৰমোহন সিং যাদৱ জীয়ে কেৱল শিখ হত্যাকাণ্ডৰ বিৰুদ্ধে ৰাজনৈতিক স্থিতি লোৱাই নহয়, তেওঁ শিখ ভাই-ভনীসকলক ৰক্ষা কৰিবলৈ যুঁজ দিয়াৰ বাবে আগুৱাই আহিছিল। নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি তেওঁ বহু নিৰীহ শিখ পৰিয়ালৰ জীৱন ৰক্ষা কৰিলে। দেশেও তেওঁৰ নেতৃত্বক স্বীকৃতি দিলে আৰু তেওঁক শৌৰ্য চক্ৰ প্ৰদান কৰা হয়৷”

শ্ৰী অটল বিহাৰী বাজপেয়ীৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে দলীয় ৰাজনীতিৰ ঊৰ্ধ্বত থাকি দেশৰ প্ৰাধান্যৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, “গণতন্ত্ৰৰ বাবেই দলৰ অস্তিত্ব আছে আৰু দেশৰ বাবেই গণতন্ত্ৰৰ অস্তিত্ব আছে। আমাৰ দেশৰ অধিকাংশ দল, বিশেষকৈ সকলো অকংগ্ৰেছ দলেও এই ধাৰণা আৰু দেশৰ বাবে সহযোগিতা আৰু সমন্বয়ৰ আদৰ্শ অনুসৰণ কৰিছে”। তেওঁ ১৯৭১ চনৰ যুদ্ধ, পাৰমাণৱিক পৰীক্ষা আৰু জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে দিয়া যুঁজৰ উদাহৰণ দি দেশৰ বাবে এক ঐক্যবদ্ধ বাহিনী স্থাপনৰ বাবে ৰাজনৈতিক দলসমূহৰ অনুভৱৰ উদাহৰণ দাঙি ধৰে৷ “যেতিয়া জৰুৰীকালীন অৱস্থাত দেশৰ গণতন্ত্ৰ হেঁচা আহি পৰে, তেতিয়া সকলো ডাঙৰ দল, আমি সকলো একত্ৰিত হৈ সংবিধান ৰক্ষাৰ বাবে যুঁজ দিছিলো। সেই সংগ্ৰামত চৌধুৰী হৰমোহন সিং যাদৱ জীও আছিল এগৰাকী সাহসী সৈনিক। অৰ্থাৎ আমাৰ দেশ আৰু সমাজৰ স্বাৰ্থ সদায় মতাদৰ্শতকৈ ডাঙৰ”, তেওঁ লগতে কয়। কিন্তু প্ৰধানমন্ত্ৰীয়ে কয় যে, “শেহতীয়াকৈ সমাজ আৰু দেশৰ স্বাৰ্থৰ ওপৰত মতাদৰ্শগত বা ৰাজনৈতিক স্বাৰ্থক স্থান দিয়াৰ প্ৰৱণতা দেখা গৈছে। বহু সময়ত কিছুমান বিৰোধী দলে চৰকাৰৰ কাম-কাজত বাধাৰ সৃষ্টি কৰে কাৰণ তেওঁলোকে ক্ষমতাত থকাৰ সময়ত সিদ্ধান্তবোৰ নিজে কাৰ্যকৰী কৰিব পৰা নাছিল।” প্ৰধানমন্ত্ৰীয়ে কয় যে এই কথা দেশৰ জনসাধাৰণে ভাল নাপায়। ‘এটা দল বা ব্যক্তিৰ বিৰোধিতা দেশৰ বিৰোধিতালৈ পৰিণত হ’ব নালাগে, সেয়া প্ৰতিটো ৰাজনৈতিক দলৰ দায়িত্ব। মতাদৰ্শ আৰু ৰাজনৈতিক উচ্চাকাংক্ষাৰ নিজৰ স্থান আছে আৰু থাকিব লাগে। কিন্তু দেশ, সমাজ আৰু জাতি প্ৰথম৷”

প্ৰধানমন্ত্ৰীয়ে ড০ লোহিয়াৰ সাংস্কৃতিক শক্তিৰ ধাৰণাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে কয় যে মূল ভাৰতীয় চিন্তাধাৰাত সমাজ কোনো বিতৰ্ক বা বিতৰ্কৰ বিষয় নহয় আৰু ইয়াক সংহতি আৰু সামূহিকতাৰ গাঁথনি হিচাপে পৰিলক্ষিত হয়। তেওঁ স্মৰণ কৰে যে ড০ লোহিয়াই ৰামায়ণ মেলা আয়োজন কৰি গংগাৰ যত্ন লৈ দেশৰ সাংস্কৃতিক শক্তি শক্তিশালী কৰাৰ বাবে কাম কৰিছিল। তেওঁ কয় যে ভাৰতে নমামি গংগাৰ দৰে পদক্ষেপেৰে এই সপোনসমূহ বাস্তৱায়িত কৰিছে, সমাজৰ সাংস্কৃতিক প্ৰতীকসমূহক পুনৰুজ্জীৱিত কৰি অধিকাৰ সুনিশ্চিত কৰাৰ সমান্তৰালভাৱে কৰ্তব্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে সমাজ সেৱাৰ বাবে আমি সামাজিক ন্যায়ৰ মনোভাৱ গ্ৰহণ কৰাটোও আৱশ্যক আৰু তাক গ্ৰহণ কৰাটোও প্ৰয়োজনীয়। আজি যিসময়ত দেশৰ স্বাধীনতাৰ ৭৫ বছৰত অমৃত মহোৎসৱ উদযাপন কৰিছো, সেই সময়ত এই কথা বুজি এই দিশত আগবাঢ়ি যোৱাটো অতি প্ৰয়োজনীয় বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সামাজিক ন্যায়ৰ অৰ্থ হ’ল সমাজৰ প্ৰতিটো শ্ৰেণীয়ে সমান সুযোগ লাভ কৰা আৰু জীৱনৰ মৌলিক প্ৰয়োজনীয়তাৰ পৰা কোনো লোক বঞ্চিত নোহোৱা। দলিত, পিছপৰা, আদিবাসী, মহিলা, দিব্যাংগ যেতিয়া আগবাঢ়ি আহিব তেতিয়াহে দেশ আগবাঢ়ি যাব। এই পৰিৱৰ্তনৰ বাবে হৰমোহন জীয়ে শিক্ষাক আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছিল। শিক্ষা ক্ষেত্ৰখনত তেওঁৰ কৰ্মৰাজি অনুপ্ৰেৰণাদায়ক। দেশ এই পথত আগবাঢ়িছে বেটি বচাও, বেটী পঢ়াও, জনজাতীয় অঞ্চলৰ বাবে একলব্য বিদ্যালয়, মাতৃভাষাত শিক্ষাৰ প্ৰসাৰ আদি পদক্ষেপৰ জৰিয়তে “দেশে শিক্ষাৰ জৰিয়তে সবলীকৰণৰ  আৰু শিক্ষা নিজেই সবলীকৰণৰ মন্ত্ৰৰে আগবাঢ়িছে”, তেওঁ লগতে কয়।

শ্ৰী হৰমোহন সিং যাদৱ (১৮ অক্টোবৰ, ১৯২১-২৫ জুলাই, ২০১২)

শ্ৰী হৰমোহন সিং যাদৱ (১৮ অক্টোবৰ, ১৯২১-২৫ জুলাই, ২০১২) যাদৱ সম্প্ৰদায়ৰ এগৰাকী বিশিষ্ট ব্যক্তি তথা নেতা আছিৱ৷ প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ কৃষক, পিছপৰা শ্ৰেণী আৰু সমাজৰ অন্যান্য শ্ৰেণীৰ বাবে প্ৰয়াত নেতাগৰাকীৰ মহান অৱদানৰ প্ৰতি স্বীকৃতি। দীৰ্ঘদিন ধৰি ৰাজনীতিত সক্ৰিয় হৈ থকা শ্ৰী হৰমোহন সিং যাদৱে এমএলচি, বিধায়ক, ৰাজ্যসভাৰ সদস্য আৰু ‘অখিল ভাৰতীয় যাদৱ মহাসভা’ৰ অধ্যক্ষ হিচাপে বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি তেওঁৰ পুত্ৰ শ্ৰী সুখৰাম সিঙৰ জৰিয়তে কানপুৰ আৰু ইয়াৰ আশে-পাশে বহুতো শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাত যথেষ্ট সহায়ক হৈছিল।

শ্ৰী হৰমোহন সিং যাদৱক ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ সময়ত কেইবাজনো শিখৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত শৌৰ্য্য প্ৰদৰ্শন কৰাৰ বাবে ১৯৯১ চনত শৌৰ্য চক্ৰৰে সন্মানিত কৰিছিল৷

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PSBs post record ₹1.98 trillion net profit in FY26 amid robust growth

Media Coverage

PSBs post record ₹1.98 trillion net profit in FY26 amid robust growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam, emphasising on the harmony of strength and capability
May 13, 2026
Prime Minister recalls the 1998 Nuclear tests as a defining moment in our nation’s resolve

The Prime Minister, Shri Narendra Modi today recalled the historic Nuclear tests conducted by India in Pokhran in May 1998, describing them as a defining moment in our nation's resolve. “After the May 11 tests, the entire world brought pressure to bear on India, but we demonstrated that no power can bend India”, Shri Modi remarked.

The Prime Minister shared a Sanskrit verse-

“एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ।

न शिवेन विना शक्तिर्न शक्त्या विना शिवः।।”

The Prime Minister wrote on X;

“1998 में इसी दिन भारत ने जो परमाणु परीक्षण किए थे, उनसे दुनिया को पता चला कि हमारे देश की इच्छाशक्ति कितनी अटल है! 11 मई के टेस्ट के बाद पूरी दुनिया का दबाव भारत पर था, लेकिन हमने दिखाया कि कोई भी ताकत भारत को झुका नहीं सकती।

एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ।

न शिवेन विना शक्तिर्न शक्त्या विना शिवः।।”