"আজি চৰকাৰৰ নীতি আৰু সিদ্ধান্তৰ ইতিবাচক প্ৰভাৱ সেই সকলো ঠাইত দৃশ্যমান হয়, য'ত ইয়াক আটাইতকৈ বেছি প্ৰয়োজন হয়"
"আজি মানুহে চৰকাৰক বাধা হিচাপে নাভাবে; ইয়াৰ পৰিৱৰ্তে, মানুহে আমাৰ চৰকাৰখনক নতুন সুযোগৰ বাবে অনুঘটক হিচাপে গণ্য কৰে। নিশ্চিতভাৱে, প্ৰযুক্তিয়ে ইয়াত এক বৃহৎ ভূমিকা পালন কৰিছে"
"নাগৰিকসকলে সহজে তেওঁলোকৰ মতামত চৰকাৰক জনাব পাৰে আৰু তেওঁলোকৰ সমাধান শীঘ্ৰে লাভ কৰিব পাৰে"
"আমি ভাৰতত আধুনিক ডিজিটেল আন্তঃগাঁথনি সৃষ্টি কৰি আছোঁ আৰু লগতে ডিজিটেল বিপ্লৱৰ লাভালাভ যাতে সমাজৰ প্ৰতিটো শ্ৰেণীয়ে লাভ কৰে সেয়া নিশ্চিত কৰিছোঁ"
"আমি সমাজৰ এনে ১০ টা সমস্যা চিনাক্ত কৰিব পাৰোঁ নেকি যাক কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে সমাধান কৰিব পাৰি"
"চৰকাৰ আৰু জনসাধাৰণৰ মাজত বিশ্বাসৰ অভাৱ দাসত্বৰ মানসিকতাৰ ফল"
"সমাজৰ সৈতে বিশ্বাস মজবুত কৰিবলৈ আমি বৈশ্বিক সৰ্বশ্ৰেষ্ঠ পদ্ধতিৰ পৰা শিকাৰ প্ৰয়োজনীয়তা আছে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে সহজতৰ জীৱন যাপন' বিষয়ত বাজেট পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে। কেন্দ্ৰীয় বাজেট ২০২৩-ত ঘোষণা কৰা পদক্ষেপবোৰৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে দিহা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ১২খন বাজেট-পৰৱৰ্তী ৱেবিনাৰ শৃংখলাৰ ভিতৰত এইখন পঞ্চম।

এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে একবিংশ শতিকাৰ ভাৰতে প্ৰযুক্তিৰ ব্যৱহাৰেৰে ইয়াৰ নাগৰিকসকলক নিৰন্তৰ শক্তিশালী কৰি আহিছে। তেওঁ কয় যে বিগত কেইবছৰমানৰ প্ৰতিখন বাজেটে প্ৰযুক্তিৰ সহায়ত মানুহৰ জীৱন ধাৰণ সহজতৰ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই বছৰৰ বাজেটত প্ৰযুক্তি আৰু মানৱীয় স্পৰ্শক অগ্ৰাধিকাৰ দিয়া হৈছে।

পূৰ্বৰ চৰকাৰসমূহৰ অগ্ৰাধিকাৰৰ মাজত অৰ্ন্তবিৰোধৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে কেনেদৰে এক নিৰ্দিষ্ট অংশৰ লোকে সদায় চৰকাৰী হস্তক্ষেপ বিচাৰিছিল আৰু আশা প্ৰকাশ কৰিছিল যে ই জনসাধাৰণৰ বাবে ভাল কৰিব বুলি আশা কৰিছিল। অৱশ্যে, প্ৰধানমন্ত্ৰীয়ে কয় যে এই সুবিধাসমূহৰ অভাৱতেই তেওঁলোকৰ গোটেই জীৱন অতিবাহিত হৈছিল। তেওঁ সমাজৰ আন এটা অংশৰ লোকৰ ওপৰতো আলোকপাত কৰে যিসকলে আগবাঢ়িব বিচাৰিছিল যদিও চৰকাৰী হস্তক্ষেপৰ ফলত সৃষ্টি হোৱা চাপ আৰু বাধাৰ দ্বাৰা তললৈহে টানি নিয়া হৈছিল। প্ৰধানমন্ত্ৰীয়ে বৰ্তমানৰ পৰিৱৰ্তনসমূহৰ কথা উল্লেখ কৰি কয় যে জীৱন কঢ়িয়াই অনা আৰু জীৱনধাৰণৰ সহজতা বৃদ্ধি কৰাৰ সময়ত আটাইতকৈ প্ৰয়োজনীয় পৰিস্থিতিত নীতি আৰু সেইবোৰৰ ইতিবাচক প্ৰভাৱ পৰিলক্ষিত হৈছে। তেওঁ এইটোও উল্লেখ কৰিছিল যে চৰকাৰী হস্তক্ষেপ হ্ৰাস কৰা হৈছে আৰু নাগৰিকসকলে চৰকাৰক বাধা বুলি বিবেচনা নকৰে। ইয়াৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীয়ে কয় যে নাগৰিকসকলে চৰকাৰক এক অনুঘটক হিচাপে চাই আছে য'ত প্ৰযুক্তিয়ে এক বৃহৎ ভূমিকা পালন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আৰু জেএএম (জনধন-আধাৰ-ম'বাইল) ত্ৰিমূৰ্তি, আৰোগ্য সেতু আৰু কোউইন এপ, ৰে'ল সংৰক্ষণ আৰু উমৈহতীয়া সেৱা কেন্দ্ৰৰ উদাহৰণ দি ইয়াত প্ৰযুক্তিৰ ভূমিকাৰ বিষয়ে বৰ্ণনা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই সিদ্ধান্তসমূহৰ জৰিয়তে চৰকাৰে নাগৰিকসকলৰ জীৱন ধাৰণৰ সহজতা বৃদ্ধি কৰিছে।

প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ সৈতে যোগাযোগৰ সহজতা সম্পৰ্কে সাধাৰণ লোকৰ অনুভৱৰ ওপৰতো আলোকপাত কৰে, কিয়নো চৰকাৰৰ সৈতে যোগাযোগ এতিয়া সহজ হৈ পৰিছে আৰু মানুহে দ্ৰুত সমাধান লাভ কৰিছে। তেওঁ আয়কৰ প্ৰণালী সম্পৰ্কীয় অভিযোগসমূহৰ নিৰন্তৰ সমাধানৰ উদাহৰণ দিয়ে। "এতিয়া আপোনাৰ অভিযোগ আৰু নিষ্পত্তিৰ মাজত কোনো ব্যক্তি নাই, কেৱল প্ৰযুক্তি আছে", তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে বিভিন্ন বিভাগক তেওঁলোকৰ সমস্যা সমাধান আৰু বিশ্বমানত উপনীত হোৱাৰ বাবে প্ৰযুক্তি ব্যৱহাৰৰ বিষয়ে সামূহিকভাৱে চিন্তা কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয়, "এখোজ আগুৱাই গৈ আমি সেই ক্ষেত্ৰসমূহ চিনাক্ত কৰিব পাৰোঁ য'ত চৰকাৰৰ সৈতে আলোচনা আৰু সহজ কৰিব পাৰি"।

প্ৰধানমন্ত্ৰীয়ে মিছন কৰ্মযোগীৰ কথা উল্লেখ কৰি কয় যে চৰকাৰী কৰ্মচাৰীসকলক অধিক নাগৰিক কেন্দ্ৰিক হোৱাৰ লক্ষ্যৰে প্ৰশিক্ষণ দিয়া হৈছে। তেওঁ লগতে প্ৰশিক্ষণ প্ৰক্ৰিয়াটো উন্নীত কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু উল্লেখ কৰে যে নাগৰিকসকলৰ পৰা পোৱা প্ৰতিক্ৰিয়াৰ ওপৰত আধাৰিত পৰিৱৰ্তনৰ জৰিয়তে গুৰুত্বপূৰ্ণ সংশোধন কৰিব পৰা যাব। প্ৰধানমন্ত্ৰীয়ে এনে এক ব্যৱস্থা গঢ়ি তোলাৰ পৰামৰ্শ দিয়ে য'ত প্ৰশিক্ষণ উন্নত কৰাৰ বাবে মতামত সহজে দাখিল কৰিব পাৰি।

প্ৰযুক্তিয়ে সকলোকে প্ৰদান কৰা সমান সুযোগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত যথেষ্ট বিনিয়োগ কৰিছে। আধুনিক ডিজিটেল আন্তঃগাঁথনি সৃষ্টিৰ লগতে চৰকাৰে ডিজিটেল আন্তঃগাঁথনিৰ লাভালাভ সকলোৰে ওচৰত সমানে উপলব্ধ হোৱাটো নিশ্চিত কৰিছে। তেওঁ জিইএম পৰ্টেলৰ বিষয়ে উদাহৰণ দাঙি ধৰি কয় যে এই পৰ্টেলটোৱে ক্ষুদ্ৰ ব্যৱসায়ী আৰু আনকি পদপথৰ বিক্ৰেতাসকলকো লাভান্বিত কৰিছে। একেদৰে, ই-নাম পৰ্টেলে কৃষকসকলক বিভিন্ন স্থানত ক্ৰেতাৰ সৈতে সম্পৰ্কিত হ'বলৈ সুবিধা দিছে।

৫জি আৰু কৃত্ৰিম বুদ্ধিমত্তা তথা উদ্যোগ, ঔষধ, শিক্ষা আৰু কৃষিৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কেইটামান লক্ষ্য নিৰ্ধাৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সাধাৰণ নাগৰিকৰ কল্যাণৰ বাবে এই প্ৰযুক্তিসমূহ কেনেদৰে নিয়োজিত কৰিব পাৰি আৰু কোনবোৰ খণ্ডক গুৰুত্ব দিব পাৰি সেই বিষয়ে প্ৰশ্ন কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "আমি সমাজৰ এনে ১০ টা সমস্যা চিনাক্ত কৰিব পাৰোঁ নেকি যিবোৰ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে সমাধান কৰিব পাৰে"।

চৰকাৰত প্ৰযুক্তিৰ ব্যৱহাৰৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে নিকায়সমূহৰ বাবে ডিজিলকাৰ সেৱাৰ কথা উল্লেখ কৰে যত কোম্পানী আৰু প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ নথিপত্ৰ সংৰক্ষণ কৰিব পাৰে আৰু সেইবোৰ চৰকাৰী সংস্থাসমূহৰ সৈতে ভাগ-বতৰা কৰিব পাৰে। তেওঁ এই সেৱাসমূহ সম্প্ৰসাৰিত কৰাৰ উপায় অন্বেষণ কৰাৰ পৰামৰ্শ দিয়ে যাতে অধিক লোক ইয়াৰ পৰা লাভান্বিত হ'ব পাৰে।

প্ৰধানমন্ত্ৰীয়ে বিগত কেইবছৰমানত এমএছএমইসমূহক সহযোগ কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে আৰু এমএছএমইসমূহে সন্মুখীন হোৱা বাধাসমূহৰ ওপৰত চিন্তা-চৰ্চা আৰু চিনাক্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ব্যৱসায়িক ক্ষেত্ৰত সময়েই হৈছে ধন বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে অনুপালন ব্যয় হ্ৰাস কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰে যাৰ ফলত সময় হ্ৰাস হয়। তেওঁ পৰামৰ্শ আগবঢ়াই যে অপ্ৰয়োজনীয় অনুপালনৰ এখন তালিকা প্ৰস্তুত কৰাৰ এয়া সঠিক সময়, কিয়নো চৰকাৰে অতীতত চল্লিশ হাজাৰতকৈও অধিক অনুপালন বন্ধ কৰি দিছে।

সৰু-সুৰা দোষক অপৰাধৰ শ্ৰেণীৰ পৰা বাহিৰ কৰা আৰু এমএছএমইৰ বাবে ঋণ গেৰাণ্টৰ হোৱাত চৰকাৰৰ প্ৰতি নাগৰিকসকলৰ বিশ্বাস ঘূৰি আহিছে, এই কথাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "চৰকাৰ আৰু জনসাধাৰণৰ মাজত বিশ্বাসৰ অভাৱ দাসত্বৰ মানসিকতাৰ ফল"। তেওঁ চৰকাৰ আৰু নাগৰিকসকলৰ মাজত বিশ্বাস গঢ়ি তোলাৰ বাবে বিশ্বৰ আন দেশত কৰা কামৰ সৰ্বশ্ৰেষ্ঠ পদ্ধতিৰ অভিজ্ঞতা লাভৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

প্ৰযুক্তিবিদ্যাৰ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তিয়ে এক সম্পূৰ্ণ সামগ্ৰী সৃষ্টিত সহায় কৰিব পাৰে যিয়ে বিশ্ববজাৰ দখলত সহায় কৰিব পাৰে। তেওঁ এইবুলিও পৰামৰ্শ দিয়ে যে এজনে নিজকে কেৱল ইণ্টাৰনেট আৰু ডিজিটেল প্ৰযুক্তিতেই সীমাবদ্ধ ৰাখিব নালাগে। নিজৰ ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে বাজেট বা যিকোনো চৰকাৰী নীতিৰ সফলতা সেয়া কিমান ভালদৰে প্ৰস্তুত কৰা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰে । লগতে জনসাধাৰণৰ সহযোগিতাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। তেওঁ ভাৰতৰ প্ৰতিভাশালী যুৱ, দক্ষ জনশক্তি আৰু গাওঁসমূহত প্ৰযুক্তি গ্ৰহণ কৰাৰ ইচ্ছাৰ কথা উল্লেখ কৰে আৰু ইয়াৰ পৰা সৰ্বাধিক লাভ কৰাৰ উপায় বিচাৰি উলিওৱাৰ পৰামৰ্শ দিয়ে। সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয়, "বাজেটৰ পৰা কেনেদৰে সৰ্বাধিক লাভ কৰিব পাৰি সেই বিষয়ে আপোনাসৱে আলোচনা কৰিব লাগিব"।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM announces exam reform task force, Infosys co-founder Nandan Nilekani to lead

Media Coverage

PM announces exam reform task force, Infosys co-founder Nandan Nilekani to lead
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights noble character as the foundation of respect, trust, and effective leadership
July 27, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how a person of noble character earns respect in society and is regarded as worthy of every responsibility.

The Prime Minister wrote on X;

"शीलवान् पूजितो लोके शीलवान् साधुसम्मतः।

शीलवान् सर्वकर्मार्हः शीलवान् प्रियदर्शनः॥"

A person of noble character earns respect in society and the esteem of the virtuous. Through integrity, humility and disciplined conduct, such an individual is regarded as worthy of every responsibility. Their personality is admirable, inspiring and worthy of emulation. In truth, noble character is the true foundation of lasting success, effective leadership, and enduring trust.