বিকশিত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ আমাৰ সংকল্প অতি স্পষ্ট: প্ৰধানমন্ত্ৰী
আমি সকলোৱে মিলি এনে এখন ভাৰত গঢ়ি তোলাৰ দিশত কাম কৰি আছোঁ য’ত কৃষকসকল সমৃদ্ধিশালী আৰু সৱল হয়: প্ৰধানমন্ত্ৰী
আমি কৃষিক উন্নয়নৰ প্ৰথম ইঞ্জিন হিচাপে বিবেচনা কৰিছোঁ, যাৰ বাবে কৃষকসকলক বিশেষ স্থান দিয়া হৈছে: প্ৰধানমন্ত্ৰী
আমি একেলগে দুটা ডাঙৰ লক্ষ্যৰ ওপৰত কাম কৰি আছোঁ - কৃষি খণ্ডৰ উন্নয়ন আৰু আমাৰ গাঁৱৰ সমৃদ্ধিঃ প্ৰধানমন্ত্ৰী
আমি বাজেটত ‘পিএম ধন ধান্য কৃষি যোজনা’ ঘোষণা কৰিছোঁ, ইয়াৰ অধীনত দেশৰ ভিতৰতে সৰ্বনিম্ন কৃষি উৎপাদনশীল ১০০খন জিলাৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া হ’ব: প্ৰধানমন্ত্ৰী
তেওঁ জোৰ দি কয় যে এই বাজেটখনক অধিক ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত অংশীদাৰসকলৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।
তেওঁলোকৰ পৰামৰ্শ আৰু অৱদানে ইতিবাচক ফলাফল দিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে
বাজেটৰ লক্ষ্যত উপনীত হ’বলৈ সকলো অংশীদাৰক ঐক্যবদ্ধভাৱে কাম কৰিবলৈ তেওঁ আহ্বান জনায়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে। বাজেট-পৰৱৰ্তী ৱেবিনাৰত অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত যোগদান কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু এই কথাৰ ওপৰত আলোকপাত কৰে যে এই বছৰৰ বাজেট চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট, যিয়ে নীতিসমূহৰ ধাৰাবাহিকতা আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ নতুন সম্প্ৰসাৰণ প্ৰতিফলিত কৰে। বাজেটৰ পূৰ্বে সকলো অংশীদাৰৰ পৰা লাভ কৰা মূল্যৱান তথ্য আৰু পৰামৰ্শক তেওঁ স্বীকাৰ কৰে, যিবোৰ অতি উপযোগী আছিল। তেওঁ জোৰ দি কয় যে এই বাজেটখনক অধিক ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত অংশীদাৰসকলৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।

শ্ৰী মোদীয়ে কয়, “বিকশিত ভাৰতৰ লক্ষ্যৰ দিশত অগ্ৰসৰ আমাৰ সংকল্প অতি স্পষ্ট আৰু আমি সকলো মিলি এনে এখন ভাৰত গঢ়ি আছোঁ য’ত কৃষকসকল সমৃদ্ধিশালী আৰু সৱল হয়।” তেওঁ জোৰ দি কয় যে আমাৰ প্ৰয়াস হৈছে যাতে কোনো কৃষক পিছ পৰি নাযায় আৰু প্ৰতিজন কৃষকক আগুৱাই নিয়া হয়। তেওঁ কয় যে কৃষিক উন্নয়নৰ প্ৰথম ইঞ্জিন হিচাপে গণ্য কৰা হয়, যিয়ে কৃষকসকলক এক সন্মানীয় স্থান প্ৰদান কৰে। তেওঁ কয়, “ভাৰতে একেলগে দুটা ডাঙৰ লক্ষ্যৰ দিশত কাম কৰি আছে: কৃষি খণ্ডৰ উন্নয়ন আৰু গাঁৱৰ সমৃদ্ধি।”

 

শ্ৰী মোদীয়ে আলোকপাত কৰে যে ছবছৰ পূৰ্বে কাৰ্যকৰী হোৱা পিএম কিষাণ সন্মান নিধি আঁচনিৰ অধীনত কৃষকসকলক প্ৰায় ৩.৭৫ লাখ কোটি টকা প্ৰদান কৰা হৈছে আৰু এই ধনৰাশি পোনপটীয়াকৈ ১১ কোটি কৃষকৰ একাউণ্টলৈ স্থানান্তৰ কৰা হৈছে। তেওঁ জোৰ দি কয় যে বাৰ্ষিক ৬ হাজাৰ টকাৰ আৰ্থিক সাহায্যই গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি তুলিছে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশৰ কৃষকসকলক আঁচনিৰ সুবিধা প্ৰদানৰ বাবে কৃষককেন্দ্ৰিক ডিজিটেল আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে, যাৰ ফলত মধ্যভোগী বা লিকেজৰ কোনো স্থান নাথাকে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিশেষজ্ঞ আৰু দূৰদৰ্শী লোকৰ সহযোগত এনে আঁচনিৰ সফলতা সম্ভৱপৰ। তেওঁলোকৰ অৱদানৰ শলাগ লৈ তেওঁ কয় যে তেওঁলোকৰ সহায়ত যিকোনো আঁচনি সম্পূৰ্ণ শক্তি আৰু পাৰদৰ্শিতাৰে ৰূপায়ণ কৰিব পৰা যাব। তেওঁলোকৰ এই প্ৰচেষ্টাৰ শলাগ লৈ তেওঁ কয় যে চৰকাৰে এতিয়া এইবাৰৰ বাজেটত কৰা ঘোষণাসমূহ কাৰ্যকৰী কৰাৰ বাবে দ্ৰুতগতিত কাম কৰি আছে আৰু তেওঁলোকৰ অবিৰত সহযোগিতাৰ বাবে আগ্ৰহী।

ভাৰতৰ কৃষি উৎপাদন অভিলেখৰ স্তৰত উপনীত হোৱাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ১০-১১ বছৰ পূৰ্বে কৃষি উৎপাদন প্ৰায় ২৬৫ মিলিয়ন টন আছিল, যিটো এতিয়া ৩৩ কোটি টনৰ ওপৰলৈ বৃদ্ধি পাইছে। একেদৰে উদ্যান শস্যৰ উৎপাদন ৩৫ কোটি টন অতিক্ৰম কৰিছে। তেওঁ এই সফলতাৰ কাৰণ চৰকাৰৰ বীজৰ পৰা বজাৰলৈ পন্থা, কৃষি সংস্কাৰ, কৃষক সৱলীকৰণ আৰু শক্তিশালী মূল্য শৃংখল বুলি কয়। শ্ৰী মোদীয়ে দেশৰ কৃষি সম্ভাৱনাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰি আৰু অধিক বৃহৎ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এই দিশত বাজেটত প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনা ঘোষণা কৰা হৈছে, য’ত ১০০খন কম উৎপাদনশীল কৃষি জিলাৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে আকাংক্ষিত জিলা কাৰ্যসূচীয়ে বিভিন্ন উন্নয়নৰ পৰিমাপত লাভ কৰা ইতিবাচক ফলাফলৰ কথা উল্লেখ কৰে, যিবোৰ সহযোগিতা, সমিলমিল আৰু সুস্থ প্ৰতিযোগিতাৰ দ্বাৰা উপকৃত হৈছে। এই জিলাসমূহৰ ফলাফল অধ্যয়ন কৰি ইয়াৰ পৰা আহৰণ কৰা অভিজ্ঞতা আৰু জ্ঞানক বাস্তৱত ৰূপায়ণ কৰি পিএম ধন ধান্য কৃষি যোজনা আগবঢ়াই নিবলৈ সকলোকে আহ্বান জনায়, যিয়ে এই ১০০খন জিলাৰ কৃষকৰ আয় বৃদ্ধিত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে যোৱা কিছু বছৰত কৰা প্ৰচেষ্টাই দেশত দালিৰ উৎপাদন বৃদ্ধি কৰিছে যদিও ঘৰুৱা ব্যৱহাৰৰ ২০ শতাংশ এতিয়াও আমদানিৰ ওপৰত নিৰ্ভৰশীল, যাৰ বাবে দালিৰ উৎপাদন বৃদ্ধি কৰিব লাগিব। তেওঁ কয় যে ভাৰতে বুট আৰু মগুৰ ক্ষেত্ৰত স্বাৱলম্বীতা অৰ্জন কৰিছে যদিও মাটিমাহ, ৰহৰ আৰু মচুৰ দাইলৰ উৎপাদন বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। তেওঁ কয় যে দালি উৎপাদনক প্ৰসাৰিত কৰিবলৈ উন্নত বীজৰ যোগান বজাই ৰখা আৰু হাইব্ৰিড জাতৰ প্ৰসাৰ কৰাটো প্ৰয়োজনীয়। তেওঁ জলবায়ু পৰিৱৰ্তন, বজাৰৰ অনিশ্চয়তা আৰু মূল্যৰ উঠা-নমাৰ দৰে প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে যোৱা দশকত আইচিএআৰে নিজৰ প্ৰজনন কাৰ্যসূচীত আধুনিক সঁজুলি আৰু অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে, আৰু ফলস্বৰূপে ২০১৪ চনৰ পৰা ২০২৪ চনৰ ভিতৰত শস্য, তৈলবীজ, দালি, খাদ্য আৰু কুঁহিয়াৰকে ধৰি ২৯০০ৰো অধিক নতুন ধৰণৰ শস্যৰ বিকাশ ঘটিছে। তেওঁ এই নতুন জাতসমূহ যাতে সুলভ মূল্যত কৃষকৰ বাবে উপলব্ধ হয় আৰু বতৰৰ উঠা-নমাৰ ফলত ইয়াৰ উৎপাদনত কোনো প্ৰভাৱ নপৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ এইবাৰৰ বাজেটত উচ্চ উৎপাদনক্ষম বীজৰ বাবে ৰাষ্ট্ৰীয় অভিযান ঘোষণাৰ কথা উল্লেখ কৰে। তেওঁ ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণকাৰীসকলক এই বীজসমূহৰ প্ৰসাৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় আৰু বীজ শৃংখলৰ অংশ হৈ ক্ষুদ্ৰ কৃষকৰ কাষ চাপিবলৈ আহ্বান জনায়।

শ্ৰী মোদীয়ে কয় যে আজি মানুহৰ মাজত পুষ্টিৰ প্ৰতি সজাগতা বাঢ়িছে আৰু এই কথাৰ ওপৰত জোৰ দিয়ে যে ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে উদ্যান শস্য, দুগ্ধ আৰু মীন সামগ্ৰীৰ দৰে খণ্ডত বৃহৎ বিনিয়োগ কৰা হৈছে। তেওঁ কয় যে ফল-মূলৰ উৎপাদনক প্ৰসাৰিত কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু বিহাৰত মখানা ব’ৰ্ড গঠনৰ কথা ঘোষণা কৰা হৈছে। তেওঁ সকলো অংশীদাৰক বিভিন্ন পুষ্টিকৰ খাদ্যৰ প্ৰচাৰৰ নতুন উপায় বিচাৰি উলিয়াবলৈ আহ্বান জনায় যাতে, দেশৰ প্ৰতিটো চুক-কোণ আৰু বিশ্বৰ বজাৰত ইয়াৰ প্ৰসাৰতা নিশ্চিত কৰিব পাৰি।

মীন খণ্ডৰ মূল্য শৃংখল, আন্তঃগাঁথনি আৰু আধুনিকীকৰণ শক্তিশালী কৰাৰ লক্ষ্যৰে ২০১৯ চনত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা আৰম্ভ কৰাৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে কয় যে এই পদক্ষেপে মীন খণ্ডত উৎপাদন, চপোৱাৰ পিছৰ প্ৰক্ৰিয়াকৰণ আৰু বিপণন কাৰ্য্যকলাপৰ উন্নতি সাধন কৰিছে, একে সময়তে বিভিন্ন আঁচনিৰ জৰিয়তে এই খণ্ডত বিনিয়োগ বৃদ্ধি কৰিছে, যাৰ ফলত মীন উৎপাদন আৰু ৰপ্তানি দুগুণ হৈছে। তেওঁ ভাৰতীয় একচেটিয়া অৰ্থনৈতিক মণ্ডল আৰু উচ্চ সাগৰত মীন পালনৰ প্ৰসাৰ অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ইয়াৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰা হ’ব। শ্ৰী মোদীয়ে অংশীদাৰসকলক এই খণ্ডত সহজ-সৰল ব্যৱসায়ক প্ৰসাৰিত কৰাৰ বাবে ধাৰণাসমূহৰ চৰ্চা কৰিবলৈ আহ্বান জনায় আৰু অতি সোনকালে সেইবোৰৰ ওপৰত কাম আৰম্ভ কৰিবলৈ আহ্বান জনায়। তেওঁ পৰম্পৰাগত মাছমৰীয়াসকলৰ স্বাৰ্থ ৰক্ষাৰ গুৰুত্বৰ ওপৰতো জোৰ দিয়ে।

 

প্ৰধানমন্ত্ৰীয়ে কয়, “গ্ৰাম্য অৰ্থনীতি সমৃদ্ধিশালী কৰাৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ”, তেওঁ এই কথাৰ ওপৰত আলোকপাত কৰে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰামীণৰ অধীনত কোটি কোটি দৰিদ্ৰ লোকক ঘৰৰ ব্যৱস্থা কৰা হৈছে আৰু স্বামীত্ব যোজনাই সম্পত্তিৰ মালিকক ‘ৰেকৰ্ড অফ ৰাইটছ’ প্ৰদান কৰিছে। তেওঁ উল্লেখ কৰে যে আত্মসহায়ক গোটসমূহৰ অৰ্থনৈতিক শক্তি বৃদ্ধি পাইছে আৰু তেওঁলোকে অতিৰিক্ত সহায় লাভ কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ জৰিয়তে ক্ষুদ্ৰ কৃষক আৰু ব্যৱসায়ীসকল উপকৃত হৈছে। ৩ কোটি লাখপতি দিদি সৃষ্টিৰ লক্ষ্য পুনৰবাৰ উল্লেখ কৰি, যি সময়ত প্ৰচেষ্টাৰ ফলত ইতিমধ্যে ১.২৫ কোটি মহিলা লাখপতি দিদি হৈছে, শ্ৰী মোদীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে গ্ৰাম্য সমৃদ্ধি আৰু উন্নয়ন কাৰ্যসূচীৰ বাবে এই বাজেটত কৰা ঘোষণাসমূহে বহুতো নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে। তেওঁ কয় যে দক্ষতা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিনিয়োগে নতুন সুযোগৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীয়ে সকলোকে সাম্প্ৰতিক আঁচনিসমূহ কেনেদৰে অধিক ফলপ্ৰসূ কৰি তুলিব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ আহ্বান জনায়। তেওঁলোকৰ পৰামৰ্শ আৰু অৱদানে ইতিবাচক ফলাফল দিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। তেওঁ সামৰণিত কয় যে সকলোৰে সক্ৰিয় অংশগ্ৰহণেৰে গাঁওসমূহ সৱল হ’ব আৰু গ্ৰাম্য পৰিয়ালসমূহ সমৃদ্ধিশালী হ’ব। এই ৱেবিনাৰখনে বাজেটৰ আঁচনিসমূহৰ ক্ষিপ্ৰ ৰূপায়ণ সুনিশ্চিত কৰাত সহায় কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। বাজেটৰ লক্ষ্যত উপনীত হ’বলৈ সকলো অংশীদাৰক ঐক্যবদ্ধভাৱে কাম কৰিবলৈ তেওঁ আহ্বান জনায়।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India is a significant player in Asia Pacific air traffic growth: IATA

Media Coverage

India is a significant player in Asia Pacific air traffic growth: IATA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting the welfare of all living beings and harmony with nature
June 08, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today highlighting that achieving the welfare of all living beings by striking a balance with nature has been the core spirit of our culture.

The Prime Minister noted that with this comprehensive vision, India is continuously moving forward on the path of progress and prosperity today.

The Prime Minister wrote on X:

"प्रकृति के साथ संतुलन बिठाकर समस्त जीवों का कल्याण हो, यही हमारी संस्कृति की मूल भावना रही है। इसी व्यापक दृष्टि से आज भारतवर्ष प्रगति और समृद्धि के पथ पर निरंतर आगे बढ़ रहा है।

यावच्चतस्रः प्रदिशश्चक्षुर्यावत् समश्नुते।
तावत् समैत्विन्द्रियं मयि तद्धस्तिवर्चसम्॥"

May we attain such prosperity that is endowed with the vast expanse of all four directions and the alert awareness of the eyes' vision - where, living in complete harmony with nature, the environment is preserved and the sustainable well-being of all life is ensured.