মহামাৰীৰ সময় চিকিৎসকসকলৰ সেৱা আৰু আত্মোৎসৰ্গাৰ বাবে শ্রদ্ধা নিবেদন কৰে প্রধানমন্ত্রীয়ে
স্বাস্থ্য শিতানত বাজেট আবণ্টন দুগুণ কৰা হৈছে, যাৰ পৰিমাণ ২ লাখ কোটিতকৈও অধিকঃ প্রধানমন্ত্রী
আমাৰ চিকিৎসকসকলে নতুন আৰু দ্রুত পৰিৱর্তনশীল এই ভাইৰাছক তেওঁলোকৰ অভিজ্ঞতা আৰু দক্ষতাৰে প্রতিহত কৰিছেঃ প্রধানমন্ত্রী
চিকিৎসকসকলৰ নিৰাপত্তাৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ প্রধানমন্ত্রী
যোগৰ উপকাৰিতাক লৈ প্রামানিক তথ্য ভিত্তিক পৰীক্ষা-নিৰীক্ষাৰ আহ্বান জনায় প্রধানমন্ত্রীয়ে
তথ্য নথিভুক্তকৰণৰ ওপৰ গুৰুত্ব দিয়া হৈছে, বিস্তৃত নথিভুক্তকৰণৰ কাম ক’ভিড মহামাৰীৰ পৰা পোৱা তথ্যৰ জৰিয়তে আৰম্ভ হ’ব পাৰে

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি চিকিৎসক দিৱস উপলক্ষে সকলো চিকিৎসকসকলক অভিনন্দন জ্ঞাপন কৰে৷ ডাঃ বিধান চন্দ্র ৰায়ৰ স্মৃতিত আজিৰ দিনটো চিকিৎসক দিৱস হিচাপে উদযাপন কৰা হয়। প্রধানমন্ত্রীয়ে ডাঃ ৰায়ক এগৰাকী লেখত ল’বলগীয়া চিকিৎসক বুলি উল্লেখ কৰে৷ বিগত ডেৰ বছৰ ধৰি মহামাৰীৰ সংকটৰ সময়ত চিকিৎসকসকলে যি সেৱা আগবঢ়াইছে তাৰ বাবে ১৩০ কোটি ভাৰতীয়ৰ হৈ প্রধানমন্ত্রীয়ে তেওঁলোকক ধন্যবাদ জনায়। শ্রী মোদীয়ে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশনৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বক্তব্য আগবঢ়ায়৷

চিকিৎসকসকলৰ অৱদানৰ কথা স্বীকাৰ কৰি এই মহামাৰীৰ সময়ত প্রধানমন্ত্রীয়ে তেওঁলোকক উল্লেখযোগ্য ভূমিকাৰ কথা স্মৰণ কৰে৷ মানৱ জাতিক ৰক্ষা কৰিবলৈ গৈ যিসকল চিকিৎসকে প্রাণ হেৰুৱালে তেওঁ তেওঁলোকৰ প্রতি শ্রদ্ধা নিবেদন কৰে। শ্রী মোদীয়ে কয় যে ক’ৰোনাৰ ফলত যিবোৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে আমাৰ বিজ্ঞানী আৰু চিকিৎসকসকলে সেইবোৰৰ সমাধান বিচাৰি উলিয়াইছে৷ অভিজ্ঞতা আৰু দক্ষতাৰ সাহায্যত আমাৰ চিকিৎসকসকলে নতুন আৰু দ্রুত পৰিৱর্তনশীল এই ভাইৰাছক মোকাবিলা কৰিছে৷ দীর্ঘদিনে চিকিৎসা ক্ষেত্রখন অৱহেলিত হৈ আছিল। ভাৰতৰ বিপুল জনসংখ্যা সত্বেও এই দেশত প্রতি এক লাখ জনসংখ্যাৰ সংক্রমণ আৰু মৃত্যুৰ হাৰ উন্নত দেশসমূহৰ তুলনাত যথেষ্ট কম। যিকোনো মৃত্যুয়েই বেদনাদায়ক, কিন্তু উপযুক্ত প্ৰচেষ্টাৰ ফলত বহু লোক প্রাণ ৰক্ষা কৰা সম্ভৱ হৈছে। ইয়াৰ বাবে সম্পূৰ্ণ কৃতিত্ব কঠোৰ পৰিশ্রমী চিকিৎসক, স্বাস্থ্যকর্মী আৰু আগশাৰীৰ কর্মীসকলৰ৷

প্রধানমন্ত্রীয়ে স্বাস্থ্য খণ্ডৰ উন্নতিৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৱলীৰ কথা উল্লেখ কৰে৷ ক’ৰোনাৰ প্রথম লহৰৰ সময় ১৫ হাজাৰ কোটি টকা স্বাস্থ্য খণ্ডত আবণ্টন কৰা হৈছিল। এই বছৰ স্বাস্থ্য খণ্ডত বাজেট আবণ্টন দুগুণ কৰা হৈছে- অৰ্থাৎ ২ লাখ কোটি টকাৰো অধিক৷ যিবোৰ স্থানত স্বাস্থ্য আন্তঃগাঁথনি উপযুক্ত নহয়. সেইবোৰ অঞ্চলৰ আন্তঃগাঁথনিৰ উন্নয়নত ঋণ নিশ্চয়তা প্রকল্পত ৫০ হাজাৰ কোটি টকা আবণ্টন কৰা হৈছে। নতুন নতুন এইমছ, মেডিকেল কলেজ গঢ়ি তোলা হৈছে। ২০১৪ চনৰ পূৰ্বে দেশত মাত্র ৬খন এইমছ আছিল। এতিয়া ১৫খন এইমছ নিৰ্মাণৰ কাম চলি আছে। মেডিকেল কলেজৰ সংখ্যা ডেৰগুণ বৃদ্ধি কৰা হৈছে। স্নাতক পৰ্যায়ত চিকিৎসা বিজ্ঞানৰ আসনৰ সংখ্যাও ডেৰগুণ বৃদ্ধি কৰা হৈছে। স্নাতকোত্তৰ পৰ্যায়ত ৮০ শতাংশ আসন বৃদ্ধি কৰা হৈছে।

প্রধানমন্ত্রীয়ে চিকিৎসকসকলৰ নিৰাপত্তাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি সদৰি কৰে৷ চিকিৎসকসকলৰ বিৰুদ্ধে যিকোনো হিংসাত্নক ঘটনা ঘটিলে তাৰ বিৰুদ্ধে কঠোৰ আইন ৰূপায়ণ কৰা হৈছে। তদুপৰি, ক’ভিড যোদ্ধাসকলৰ বাবে বিনামূলীয়া বীমা প্রকল্প কাৰ্যকৰী কৰা হৈছে।

প্রধানমন্ত্রীয়ে চিকিৎসকসকলক আহ্বান জনাই কয় যে তেওঁলোকে যাতে মানুহক টিকা ল’বলৈ উৎসাহিত কৰে আৰু উপযুক্ত ক’ভিড বিধি মানি চলে৷ যোগৰ সজাগতা বৃদ্ধি কৰাৰ বাবে তেওঁ চিকিৎসকসকলৰ প্রশংসা কৰে৷

যোগৰ বিষয়ত প্রচাৰ বিগত শতিকাত স্বাধীনতাৰ পৰাই আৰম্ভ কৰা উচিৎ আছিল। কিন্তু সেই কাম এতিয়া কৰা হৈছে। যোগৰ পৰৱর্তী সময়ত বিভিন্ন শাৰীৰিক সমস্যা দূৰ কৰিবলৈ প্রধানমন্ত্রীয়ে প্রামানিক তথ্যভিত্তিক পৰীক্ষা-নিৰীক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে৷ তেওঁ আইএমএৰ জনায় যে যোগক লৈ এই ধৰণৰ কাম তেওঁলোকে কৰিব নোৱাৰেনে৷ আন্তর্জাতিক কাকতত যোগৰ ওপৰত পৰীক্ষা-নিৰীক্ষা সংক্রান্তীয় প্ৰৱন্ধ প্রকাশত তেওঁ উদ্যোগী হোৱাৰ আহ্বান জনায়।

প্রধানমন্ত্রীয়ে চিকিৎসকসকলৰ অভিজ্ঞতাসমূহ নথিভুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ অভিজ্ঞতা, ৰোগৰ লক্ষণ আৰু চিকিৎসাৰ পৰিকল্পনাসমূহ বিস্তৃতভাৱে লিপিবদ্ধ কৰা প্রয়োজন। বিভিন্ন ঔষধ আৰু চিকিৎসাৰ ফলাফল সম্পর্কে গৱেষণাৰ কামত এইবোৰ ব্যৱহাৰ কৰিব পৰা যায়৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ চিকিৎসকসকলে যিমান সংখ্যক ৰোগীৰ চিকিৎসা কৰে ইমান বিপুল সংখ্যক ৰোগীৰ চিকিৎসা বিশ্বত অন্য কোনো ঠাইত হোৱা নাই৷ এতিয়া সময় আহিছে এই অভিজ্ঞতাবোৰৰ সকলোৰে মাজত ভাগ-বতৰা কৰি লোৱাৰ। ক’ভিড মহামাৰীয়ে এই কাম আৰম্ভ কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে। আমি যদি টিকা কিদৰে কাম কৰিছে, দ্রুত চিনাক্তকৰণৰ ফলত কিমান সুবিধা হৈছে এইবোৰ বিষয়ক লৈ পৰীক্ষা-নিৰীক্ষা কৰো তেতিয়াহ’লে সেয়া মানৱ জাতিৰ বাবে লাভজনক হ’ব। তেওঁৰ ভাষণৰ শেষত প্রধানমন্ত্রীয়ে কয় যে বিগত শতিকাৰ মহামাৰীৰ ক্ষেত্ৰত কোনো তথ্য প্রমাণ নাই। কিন্তু বর্তমান ক’ভিড পৰিস্থিতিৰ বিষয়ত সকলো তথ্য প্রমাণ প্রযুক্তিৰ সহায়ত আমি নথিভুক্ত কৰিব পাৰো যি মানৱ জাতিৰ বাবে  যথেষ্ট সহায়ক হ’ব৷

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
e-Jagriti: Reimagining consumer justice for a Digital India

Media Coverage

e-Jagriti: Reimagining consumer justice for a Digital India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets President of the United States on the 250th anniversary of the United States' independence
July 04, 2026

The Prime Minister, Shri Narendra Modi, extended greetings to the President of the United States, Mr. Donald J. Trump, and the people of the United States on the historic occasion of the 250th anniversary of the country's independence. Shri Modi underscored the enduring strength of the India–United States partnership. He noted that the relationship between the two democracies extends beyond a strategic partnership and is anchored in shared values of democracy, the rule of law and faith in the limitless potential of their people.

The Prime Minister posted on X:

On behalf of 1.4 billion Indians, I extend my warmest congratulations to President Trump and the people of the United States on the historic 250th anniversary of your Independence.

India and the United States share more than a strategic partnership. Our shared belief in democracy, rule of law and the limitless potential of our people make our friendship a force for global good.

May the next 250 years bring even greater prosperity, peace and progress for America and take the India-US partnership to new heights.

@POTUS
@realDonaldTrump