মহামাৰীৰ সময় চিকিৎসকসকলৰ সেৱা আৰু আত্মোৎসৰ্গাৰ বাবে শ্রদ্ধা নিবেদন কৰে প্রধানমন্ত্রীয়ে
স্বাস্থ্য শিতানত বাজেট আবণ্টন দুগুণ কৰা হৈছে, যাৰ পৰিমাণ ২ লাখ কোটিতকৈও অধিকঃ প্রধানমন্ত্রী
আমাৰ চিকিৎসকসকলে নতুন আৰু দ্রুত পৰিৱর্তনশীল এই ভাইৰাছক তেওঁলোকৰ অভিজ্ঞতা আৰু দক্ষতাৰে প্রতিহত কৰিছেঃ প্রধানমন্ত্রী
চিকিৎসকসকলৰ নিৰাপত্তাৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ প্রধানমন্ত্রী
যোগৰ উপকাৰিতাক লৈ প্রামানিক তথ্য ভিত্তিক পৰীক্ষা-নিৰীক্ষাৰ আহ্বান জনায় প্রধানমন্ত্রীয়ে
তথ্য নথিভুক্তকৰণৰ ওপৰ গুৰুত্ব দিয়া হৈছে, বিস্তৃত নথিভুক্তকৰণৰ কাম ক’ভিড মহামাৰীৰ পৰা পোৱা তথ্যৰ জৰিয়তে আৰম্ভ হ’ব পাৰে

নমষ্কাৰ! আপোনালোক সকলোলৈ নেচনেল ডাক্তৰ্ছ ডে’ৰ বহুত বহুত শুভকামনা জনালো৷ ডাক্তৰ বি চি ৰায়ৰ জীৰ স্মৃতিত পালন কৰা এই দিনটো আমাৰ চিকিৎসকসকলৰ বাবে, আমাৰ চিকিৎসা সমাজৰ উত্তম আদৰ্শৰ প্ৰতীক৷ বিশেষকৈ, যোৱা ঢেৰ বছৰত আমাৰ চিকিৎসকসকলে যিদৰে দেশৰ সেৱা আগবঢ়াই আহিছে, সেয়া নিজৰ মাজতে এক উদাহৰণ৷ মই ১৩০ কোটি দেশবাসীৰ হৈ দেশৰ সমূহ চিকিৎসকসকলক ধন্যবাদ জ্ঞাপন কৰিছো, কৃতজ্ঞতা প্ৰকাশ কৰিছো৷

বন্ধুসকল,

চিকিৎসকসকলক ভগবানৰ দ্বিতীয় ৰূপ বুলি কোৱা হয়, আৰু সেইটো এনেয়ে কোৱা নহয়৷ কিমান যে মানুহৰ হ’ব যিসকলৰ জীৱন হয়টো সংকটত পৰিছে, কিবা বেমাৰ বা দূৰ্ঘটনাৰ চিকাৰ হৈ, বা কেতিয়াবা আমাৰ এনেকুৱা নালাগে জানো যে আমি আমাৰ আপোন কাৰোবাক হেৰুৱাম? কিন্তু আমাৰ ডাক্তৰসকল সেইটো সময়ত কোনো দেৱদূতৰ দৰে জীৱনৰ দিশ সলনি কৰি দিয়ে৷

বন্ধুসকল,

যিসময়ত দেশে ক’ৰোনাৰ সৈতে ইমান ডাঙৰ যুঁজ কৰি আছে তাতে চিকিৎসকসকলে দিন-ৰাতি কষ্ট কৰি লাখ লাখ জীৱন ৰক্ষা কৰিছে৷ এই পূণ্য কাম কৰি কৰি বহুতে নিজৰ জীৱনো উৎসৰ্গিত কৰি দিলে৷ মই জীৱন আঁহুতি দিয়া সকলো চিকিৎসকক মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি, পৰিয়ালৰ প্ৰতি নিজৰ সমবেদনা জ্ঞাপন কৰিছো৷

বন্ধুসকল,

ক’ৰোনাৰ সৈতে যুঁজত যিমান প্ৰত্যাহ্বান আহিছে, আমাৰ বিজ্ঞানীসকলে, চিকিৎসকসকলে সিমানেই সমাধান বিচাৰি উলিয়াই, প্ৰভাৱশালী ঔষধ তৈয়াৰ কৰিলে৷ আজি আমাৰ চিকিৎসকসকলেই ক’ৰোনাৰ নিয়ম-নীতি প্ৰস্তুত কৰি আছে, সেইবোৰ প্ৰচলন কৰিবলৈ সহায় কৰি আছে৷ ভাইৰাচ নতুন, ইয়াত নতুন নতুন ৰূপান্তৰৰো হৈ আছে, কিন্তু আমাৰ চিকিৎসকসকলৰ জ্ঞান, তেওঁলোকৰ অনুভৱ, ভাইৰাচৰ এই বিপদ আৰু প্ৰত্যাহ্বানসমূহৰ লগ হৈ যুদ্ধ কৰি আছে৷ যোৱা দশকসমূহত যিধৰণৰ চিকিৎসামূলক আন্তঃগাঠনি তৈয়াৰ হৈছিল, সেইসমূহৰ সীমা আপুনি ভালদৰেই জানে৷ আগৰ সময়ত চিকিৎসামূলক আন্তঃগাঠনি কিদৰে অৱহেলা কৰা হৈছিল, তাৰ সৈতেও আপুনি পৰিচিত৷ আমাৰ দেশত জনসংখ্যাৰ হেঁচা, এই প্ৰত্যাহ্বানটো আৰু কঠিন কৰি তোলে৷ তৎস্বত্তেও, ক’ৰোনাৰ সময়ত, যদি আমি প্ৰতি লাখত সংক্ৰমণলৈ নজৰ দিওঁ, মৃত্যুৰ হাৰ চাওঁ, তেন্তে ভাৰতৰ স্থিতি ডাঙৰ-ডাঙৰ বিকশিত আৰু সমৃদ্ধ দেশৰ তুলনাত, বহুত নিয়ন্ত্ৰণত আছে৷ কোনো এক জীৱনৰ অসময়ত সমাপ্তি ঘটা, সিমানেই দুখদায়ক, কিন্তু ভাৰততে ক’ৰোনাত লাখ লাখ লোকৰ জীৱন ৰক্ষাও কৰিছে৷ ইয়াৰ বহুত ডাঙৰ কৃতিত্ব, আমাৰ পৰিশ্ৰমী চিকিৎসকসকললৈ, আমাৰ স্বাস্থ্য কৰ্মী, আমাৰ আগশাৰীৰ কৰ্মীসকললৈ যায়৷

বন্ধুসকল,

এই আমাৰ চৰকাৰখনেই স্বাস্থ্যখণ্ডত সবাতোকৈ অধিক জোৰ দিছে৷ যোৱা বছৰত, প্ৰথম ঢৌৰ সময়ত আমাৰ প্ৰায় ১৫ হাজাৰ কোটি টকা স্বাস্থ্যখণ্ডত আৱন্টিত কৰিছিল, যাৰ ফলত আমাৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঠনিসমূহ বৃদ্ধি কৰা সহায়ক হৈছিল৷ এইবছৰ স্বাস্থ্যখণ্ডৰ বাবে বাজেট আবন্টন দুগুণতকৈও অধিক মানে ২ লাখ কোটি টকাতকৈও অধিক টকাৰ কৰা হৈছে৷ এতিয়া আমি এই ক্ষেত্ৰত যত স্বাস্থ্য সুবিধাবোৰৰ অভাৱ আছে, তাত স্বাস্থ্য আন্তঃগাঁথনি দৃঢ় কৰাৰ বাবে ৫০ হাজাৰ কোটি টকাৰ এক ক্ৰেডিট গেৰান্টি স্কিম লৈ আহিছো৷ আমি শিসুসকলৰ বাবে জৰুৰী স্বাস্থ্য আন্তঃগাঠনি শক্তিশালী কৰাৰ বাবেও ২২ হাজাৰ কোটি টকাৰো অধিক আবন্টন কৰা হৈছে৷ আজি দেশত দ্ৰুত গতিত এইমচ মুকলি কৰা হৈছে, চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে, আধুনিক স্বাস্থ্য আন্তঃগাঠনি থিয় কৰোৱা হৈ আছে৷ ২০১৪ চনলৈ দেশত যত কেৱল ৬ খন এইমচ আছিল, সেয়া এই কেইবছৰত ১৫ খন নতুন এইমচ  ৰ কাম আৰম্ভ কৰা হৈছে৷ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যাও প্ৰায় ঢেৰ গুণ বৃদ্ধি পাইছে৷ ইয়াৰেই পৰিণাম হ’ল যে ইমান কম সংখ্যক যত আণ্ডাৰ গ্ৰেজুৱেট আসনৰ সংখ্যা ঢেৰ গুণ বৃদ্ধি হৈছে, তাত পিজি আসনৰ সংখ্যা ৮০ শতাংশ বৃদ্ধি পাইছে৷ অৰ্থাৎ, এইখিনি পাবলৈ আপোনালোকে যি কষ্ট সহিবলগীয়া হ’ল, সেই পৰিশ্ৰম আমাৰ যুৱকসকলে, আপোনাৰ শিশুসকলে বহন কৰিবলগীয়া নহয়৷ দূৰ-দূৰণি এলেকাসমূহৰ আমাৰ অধিক সংখ্যক যুৱকেও চিকিৎসক হোৱাৰ সুযোগ লাভ কৰিব৷ তেওঁলোকৰ প্ৰতিভাক, তেওঁলোকৰ সপোনে নতুন দিশ লাভ কৰিব৷ চিকিৎসাখণ্ডত যি হৈ আছে, সেই পৰিবৰ্তনসমূহৰ মাজত, চিকিৎসকসকলক সুৰক্ষাৰ ক্ষেত্ৰততো চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ৷ আমাৰ চৰকাৰে চিকিৎসকলৰ বিৰূদ্ধে হিংসা ৰোধ কৰিবলৈ যোৱা বছৰতে, আইনত কিছু কঠোৰ বিধান আনিছে৷  ইয়াৰ সৈতে, আমি আমাৰ ক’ভিড যোদ্ধাসকলৰ বাবে বিনামূলীয়া বীমা সুৰক্ষা আঁচনি লৈ আহিছো৷

বন্ধুসকল,

ক’ৰোনাৰ বিৰূদ্ধে দেশৰ যুঁজেই হওক, বা চিকিৎসা ব্যৱস্থা সংশোধনত দেশৰ লক্ষ্যই হওক, এই সকলোতে আপোনালোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব৷ উদাহৰণস্বৰূপে, যেতিয়া আপোনালোক সকলোৱে প্ৰথম পৰ্য্যায়ত ভেকচিন গ্ৰহণ কৰিছিল তেতিয়া দেশত ভেকচিনক লৈ উৎসাহ আৰু বিশ্বাস বহুত গুণ বৃদ্ধি পাইছিল৷ সেইদৰে, যেতিয়া আপোনালোকক ক’ভিড উপযুক্ত আচৰণ কৰিবলৈ কওঁ, তেতিয়া মানুহে সম্পূৰ্ণ শ্ৰদ্ধাৰে সেইটো পালন কৰে৷ মই বিচাৰো, আপুনি আপোনাৰ এই ভূমিকাটো আৰু সক্ৰিয়তাৰে পালন কৰক, নিজৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰক৷

বন্ধুসকল,

এইকেইদিনত আৰু এটা ভাল বস্তুত মোৰ দৃষ্টি পৰিছে যে চিকিৎসা সমাজৰ লোকসকল, যোগৰ বিষয়ে সচেতনতা প্ৰচাৰৰ বাবে আগুৱাই আহিছে৷ যোগক প্ৰচাৰিত-প্ৰসাৰিত কৰাৰ বাবে যি কাম স্বাধীনতাৰ পিছত যোৱা শতীকাসমূহত কৰিব লাগিছিল, সেয়া এতিয়া হৈ আছে৷ এই ক’পোনাকালত যোগ-প্ৰাণায়মৰ লোকসকৰ স্বাস্থ্যৰ ওপৰত কিদৰে ইতিবাচক প্ৰভাৱ পৰি আছে, ক’ভিড পৰবৰ্তী জটিলতাৰ সৈতে মোকাবিলা কৰিবলৈ যোগে কিদৰে সহায় কৰে, ইয়াৰ বাবে আধুনিক চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত বহু সংস্থাৰ দ্বাৰা বহুতো তথ্য ভিত্তিক অধ্যয়ন কৰি থকা হৈছে৷ ইয়াৰ ওপৰত আপোনালোকৰ মাজৰে বহু লোকে বহুত সহায় আগবঢ়াই আছে৷

বন্ধুসকল,

আপোনালোককে চিকিৎসা বিজ্ঞানক জানে, পাকৈত হয়, বিশেষজ্ঞ হয়, আৰু এজন ভাৰতীয় হিচাপে যোগক বুজাও স্বাভাৱিকভাৱে সহজ হয়৷ যেতিয়া আপোনালোকে যোগৰ ওপৰত অধ্যয়ন কৰে, তেতিয়া সমগ্ৰ বিশ্বই ইয়াক গুৰুত্বসহকাৰে লয়৷ IMA এ ইয়াক মিচন মোড ভাৱে আগবঢ়াই নিব পাৰেনে, যোগৰ ওপৰত তথ্য ভিত্তিক অধ্যয়ন বৈজ্ঞানিক ধৰণে আগবঢ়াই নিব পাৰে৷ এক প্ৰয়াস এইটোও কৰিব পাৰে যে যোগৰ ওপৰত অধ্যয়ন সম্পৰ্কে বিশ্বৰ জাৰ্ণেলসমূহত পাৰিলে প্ৰকাশ কৰিব লাগে, সেইবোৰৰ প্ৰচাৰ কৰা হওঁক৷ মোৰ বিশ্বাস আছে, এই অধ্যয়নসমূহ, সমগ্ৰ বিশ্বৰ চিকিৎসকসকলক তেওঁলোকৰ ৰোগীসকলক যোগৰ বিষয়ে আৰু সজাগ কৰাৰ বাবেও উৎসাহিত কৰিব৷

বন্ধুসকল,

যেতিয়াই পৰিশ্ৰম, প্ৰতিভা আৰু দক্ষতাৰ কথা আহে, তেতিয়া এইবোৰত আপোনাৰ কোনো প্ৰত্যাহ্বান নাই৷ মই আপোনাক এইটোও অনুৰোধ কৰিব বিচাৰো যে আপুনি সম্পূৰ্ণ মনোযোগেৰে আপোনাৰ অনুভৱ নথিভুক্তকৰণ কৰি থাকক৷ ৰোগীৰ সৈতে আপোনাৰ অভিজ্ঞতা নথিভুক্তকৰণ বহুত গুৰুত্বপূৰ্ণ৷ লগতে ৰোগীৰ লক্ষণ, চিকিৎসাৰ পৰিকল্পনা আৰু তেওঁৰ প্ৰতিক্ৰিয়াৰো নথিভুক্তকৰণ হ’ব লাগে৷ এইটো এক গৱেষণামূলক অধ্যয়নৰ ৰূপতো হ’ব পাৰে, যত বিভিন্ন প্ৰকাৰৰ ঔষধ আৰু চিকিৎসাসমূহ প্ৰভাৱ সম্পৰ্কে লিপিবদ্ধ কৰা হ’ব৷ যিমান বেছি সংখ্যাত আপোনালোকে ৰোগীৰ সেৱা আৰু চোৱা-চিতা কৰি আহিছে, সেইটো হিচাপে আপুনি আগৰ পৰাই পৃথিৱীত সকলোতকৈ আগত আছে৷ এইটো সময় এইটোও সুনিশ্চিত কৰিব লাগে যে আপোনাৰ কামৰ, আপোনাৰ বৈজ্ঞানিক অধ্যয়নসমূহৰ পৃথিৱীৰ জ্ঞান লওঁক আৰু আহিবলগীয়া প্ৰজন্মই তাৰ লাভ পাবলৈও সক্ষম হয়৷  ইয়াৰ পৰা যত পৃথিৱীক যত চিকিৎসাৰ সৈতে জড়িত বহু জটিল প্ৰশ্নসমূহৰ সমাধান লাভ কৰাৰ সহজ হৈ পৰিব, তাত সেইটোৰ সমাধানৰ দিশো লাভ কৰিব৷ ক’ভিডৰ এই মহামাৰীৰ ইয়াৰ বাবে এক ভাল আৰম্ভণি বিন্দু হ’ব পাৰে৷ ভেকচিনে কিদৰে আমাৰ সহায় কৰি আছে, কিদৰে আগতীয়া ডায়েগনোচিচ ৰ লাভ পোৱা গৈ আছে আৰু এক বিশেষ চিকিৎসা কিদৰে আমাৰ সহায় কৰি আছে, আমি কি এইটো লৈ অধিক অধ্যয়ন কৰিব পাৰো৷ যোৱা শতাব্দীত যেতিয়া মহামাৰীৰ আহিছিল, আজি সেইবোৰৰ নথিবদ্ধকৰণ বহুত বেছি উপলব্ধ নহয়৷ আজি আমাৰ ওচৰত প্ৰযুক্তিও আছে আৰু পিছলৈ আমি ক’ভিডৰ সৈতে কিদৰে মোকাবিলা কৰা গৈছিল যদি তাৰ ব্যৱহাৰিক অনুভৱৰ নথিবদ্ধকৰণ কৰো তেন্তে সেয়া ভৱিষ্যতে সমগ্ৰ মানৱতাৰ বাবে বহুত সহায়ক প্ৰমাণিত হ’ব৷ আপোনাৰ এই অনুভৱে চিকিৎসা গৱেষণাক এক নতুন গতি দিব৷ শেষত এইটোই কম যে আপোনাৰ সেৱা, আপোনাৰ পৰিশ্ৰম ‘সৰ্বে ভৱন্তু সুখিনঃ’ ৰ আমাৰ সেই সংকল্পক নিশ্চয় প্ৰমাণ কৰিব৷ আমাৰ দেশ ক’ৰণাৰ সৈতেও জিকিব, আৰু বিকাশৰ নতুন শিখৰো অৰ্জন কৰিব৷ এইবোৰ শুভকামনাৰ সৈতে, আপোনাক বহুত বহুত ধন্যবাদ৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
e-Jagriti: Reimagining consumer justice for a Digital India

Media Coverage

e-Jagriti: Reimagining consumer justice for a Digital India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets President of the United States on the 250th anniversary of the United States' independence
July 04, 2026

The Prime Minister, Shri Narendra Modi, extended greetings to the President of the United States, Mr. Donald J. Trump, and the people of the United States on the historic occasion of the 250th anniversary of the country's independence. Shri Modi underscored the enduring strength of the India–United States partnership. He noted that the relationship between the two democracies extends beyond a strategic partnership and is anchored in shared values of democracy, the rule of law and faith in the limitless potential of their people.

The Prime Minister posted on X:

On behalf of 1.4 billion Indians, I extend my warmest congratulations to President Trump and the people of the United States on the historic 250th anniversary of your Independence.

India and the United States share more than a strategic partnership. Our shared belief in democracy, rule of law and the limitless potential of our people make our friendship a force for global good.

May the next 250 years bring even greater prosperity, peace and progress for America and take the India-US partnership to new heights.

@POTUS
@realDonaldTrump