“তৃতীয় কাৰ্যকালৰ চৰকাৰে বাজেট দাখিল কৰাটো দেশবাসীয়ে এক গৌৰৱময় অনুষ্ঠান হিচাপে প্ৰত্যক্ষ কৰিছে”
“এই বাজেটখনে বৰ্তমান চৰকাৰৰ আগন্তুক পাঁচ বছৰৰ দিশ নিৰ্ধাৰণ কৰিব আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ সপোনৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব”
“দলীয় ৰাজনীতিৰ ঊৰ্ধ্বত থাকি সংসদৰ মৰ্যাদাপূৰ্ণ মঞ্চৰ ব্যৱহাৰ কৰি দেশৰ প্ৰতি দায়বদ্ধ হওক”
“২০২৯ চনলৈকে একমাত্ৰ অগ্ৰাধিকাৰ হ’ব লাগে দেশ, ইয়াৰ দুখীয়া, কৃষক, মহিলা আৰু যুৱক-যুৱতীসকল”
“নিৰ্বাচিত চৰকাৰ আৰু ইয়াৰ প্ৰধানমন্ত্ৰীক মুখ বন্ধ কৰাসকলৰ গণতান্ত্ৰিক পৰম্পৰাত কোনো স্থান নাই”
“প্ৰথমবাৰৰ বাবে নিৰ্বাচিত সদস্যসকলক আগবাঢ়ি আহি নিজৰ মতামত দাঙি ধৰিবলৈ দিয়ক”
‘এই সদন ৰাজনৈতিক দলৰ বাবে নহয়, এই সদন দেশৰ বাবেহে। ইয়াৰ উদ্দেশ্য সাংসদসকলক সেৱা আগবঢ়োৱা নহয় বৰঞ্চ ভাৰতৰ ১৪০ কোটি নাগৰিকক সেৱা আগবঢ়োৱাহে”

বাজেট অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংবাদ মাধ্যমৰ আগত এক বিবৃতি প্ৰদান কৰে।

 

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে গৌৰৱেৰে কয় যে ৬০ বছৰৰ ব্যৱধানত একেৰাহে তৃতীয় বাৰৰ বাবে এখন চৰকাৰ ক্ষমতালৈ আহিছে। তৃতীয় কাৰ্যকালৰ চৰকাৰে বাজেট স্থাপন কৰাটো দেশৰ এক গৌৰৱময় অনুষ্ঠান হিচাপে প্ৰত্যক্ষ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে বাজেটখন অমৃত কালৰ এক মাইলৰ খুঁটি বাজেট আৰু চৰকাৰে এসময়ত দিয়া গেৰাণ্টিসমূহ বাস্তৱায়িত কৰাৰ বাবে কাম কৰি আছে। তেওঁ লগতে কয়, ‘এই বাজেটে বৰ্তমান চৰকাৰৰ আগন্তুক পাঁচ বছৰৰ দিশ নিৰ্ধাৰণ কৰিব আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ সপোনৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব।

 

তেওঁ লগতে কয় যে বিগত তিনিটা বছৰত একেৰাহে প্ৰায় ৮ শতাংশ বৃদ্ধিৰে প্ৰধান অৰ্থনীতিসমূহৰ ভিতৰত ভাৰত সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা দেশ হিচাপে পৰিগণিত হৈছে। আজি ইতিবাচক দৃষ্টিভংগী, বিনিয়োগ আৰু কৰ্মক্ষমতাৰ বাবে সুযোগসমূহ শীৰ্ষত আছে বুলিও তেওঁ কয়।

 

এতিয়া সকলো যুদ্ধ ৰাজনৈতিক দলৰ মাজত চলিছে আৰু লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত নাগৰিকে চৰকাৰ নিৰ্বাচন কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সকলো সাংসদক একত্ৰিত হৈ অহা ৫ বছৰলৈ দেশৰ হকে যুঁজিবলৈ আহ্বান জনা৷ তেওঁ লগতে সকলো ৰাজনৈতিক দলকে নিজৰ সংগঠনৰ ঊৰ্ধ্বত থাকি অহা চাৰে চাৰি বছৰলৈ সংসদৰ মৰ্যাদাপূৰ্ণ মঞ্চৰ ব্যৱহাৰ কৰি দেশৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়। “২০২৯ চনৰ জানুৱাৰী মাহত নিৰ্বাচনৰ যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হওক। তেতিয়ালৈকে দেশ, ইয়াৰ দৰিদ্ৰ, কৃষক, মহিলা আৰু যুৱক-যুৱতীসকলক একমাত্ৰ অগ্ৰাধিকাৰ দিয়া উচিত”, তেওঁ আহ্বান জনায়। তেওঁ লগতে কয় যে ২০৪৭ চনত এখন বিকশিত ভাৰতৰ সপোন আৰু সংকল্প বাস্তৱায়িত কৰিবলৈ কোনো ত্ৰুটি নাৰাখিব৷

 

প্ৰধানমন্ত্ৰীয়ে আক্ষেপ প্ৰকাশ কৰে যে একাংশ ৰাজনৈতিক দলৰ নেতিবাচক দৃষ্টিভংগীৰ বাবে বহু সাংসদে নিজৰ মতামত আৰু নিজৰ সমষ্টিৰ সৈতে জড়িত বিষয়সমূহ উত্থাপন কৰাৰ কোনো সুযোগ লাভ কৰিব নোৱাৰিলে। তেওঁ সকলো দলকে সকলো সদস্যকে বিশেষকৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত সদস্যসকলক নিজৰ মতামত দাঙি ধৰাৰ সুযোগ দিবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে নিৰ্বাচিত চৰকাৰক মুখ বন্ধ কৰাৰ প্ৰচেষ্টা আৰু সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণৰ বিষয়ে ৰাইজক সোঁৱৰাই দিয়ে। ‘গণতান্ত্ৰিক পৰম্পৰাত ইয়াৰ কোনো স্থান নাই’, প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

 

প্ৰধানমন্ত্ৰীয়ে সাংসদসকলক সোঁৱৰাই দিয়ে যে দেশৰ জনসাধাৰণে ৰাজনৈতিক দলৰ এজেণ্ডা নহয়, দেশৰ সেৱাৰ বাবে তেওঁলোকে জনাদেশ দিছে।“এই সদন ৰাজনৈতিক দলৰ বাবে নহয়, এই সদন দেশৰ বাবে। ইয়াৰ উদ্দেশ্য সাংসদসকলক সেৱা আগবঢ়োৱা নহয় বৰঞ্চ ভাৰতৰ ১৪০ কোটি নাগৰিকৰ সেৱা কৰা হৈছে”, তেওঁ দৃঢ়তাৰে দিয়ে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে সকলো সাংসদক ফলপ্ৰসূ আলোচনাৰ দিশত অৰিহণা যোগাব বুলি বিশ্বাস প্ৰকাশ কৰে। তেওঁ লগতে কয় যে দেশক আগুৱাই নিবলৈ ইতিবাচক দৃষ্টিভংগীৰ প্ৰয়োজন। “বিৰোধিতা কৰা মতামত বেয়া নহয়, বৰঞ্চ নেতিবাচক দৃষ্টিভংগীয়েহে উন্নয়নত বাধাৰ সৃষ্টি কৰে”, বুলি উল্লেখ কৰি তেওঁ লগতে কয়, গণতন্ত্ৰৰ এই মন্দিৰটো সাধাৰণ নাগৰিকৰ সপোন আৰু আকাংক্ষা পূৰণৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি সদৰি কৰি তেওঁ ভাষণ সামৰে৷

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why Abrogation Of Article 370 Was A Strategic Necessity For India

Media Coverage

Why Abrogation Of Article 370 Was A Strategic Necessity For India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 05 আগষ্ট 2026
August 05, 2026

Viksit Bharat in Action: Inclusive, Green, and Globally Competitive Under PM Modi