"অমৃত কালত ভাৰতে পানীক ভৱিষ্যতৰ ৰূপত দেখা পাইছে"
"ভাৰতে পানীক দেৱতা আৰু নদীক মাতৃ জ্ঞান কৰে"
"জল সংৰক্ষণ আমাৰ সমাজৰ সংস্কৃতি আৰু আমাৰ সামাজিক চিন্তনৰ কেন্দ্ৰ"
"নমামি গংগে অভিযানে দেশৰ বিভিন্ন ৰাজ্যৰ বাবে এটা মডেল হিচাপে ভুমুকি মাৰিছে"
"দেশৰ প্ৰতিখন জিলাত ৭৫টা অমৃত সৰোবৰৰ নিৰ্মাণ জল সংৰক্ষণৰ দিশত এটা ডাঙৰ পদক্ষেপ"
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ মাধ্যমত ব্ৰহ্মকুমাৰীৰ 'জল-জন অভিযান'ক সম্বোধন কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ মাধ্যমত ব্ৰহ্মকুমাৰীৰ 'জল-জন অভিযান'ক সম্বোধন কৰে।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মকুমাৰীসকলৰ 'জল-জন অভিযান'ৰ শুভাৰম্ভৰ অংশ হোৱাৰ সুযোগ পোৱাত সন্তুষ্টি প্ৰকাশ কৰে আৰু কয় যে তেওঁলোকৰ পৰা শিকাটো সদায়েই এটা বিশেষ অনুভৱ। প্ৰধানমন্ত্ৰীয়ে কয়, "স্বৰ্গীয় ৰাজযোগিনী দাদী জানকী জীৰ পৰা পোৱা আশীৰ্বাদ মোৰ সবাতোকৈ ডাঙৰ সম্পদ।" তেওঁ স্মৰণ কৰে যেতিয়া তেওঁ ২০০৭ত দাদী প্ৰকাশ মণি জীৰ নিধনৰ পাছত শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিবলৈ আবু ৰোডলৈ আহিছিল। প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰবিলাকত ব্ৰহ্মকুমাৰী ভগ্নীসকলৰ ফালৰ পৰা পোৱা উষ্ণ আমন্ত্ৰণৰ উল্লেখ কৰে আৰু কয় যে তেওঁ এই আধ্যাত্মিক পৰিয়ালৰ এজন সদস্য হিচাপে তেওঁলোকৰ মাজত সদায়েই উপস্থিত থাকিবলৈ চেষ্টা কৰে। তেওঁ ২০১১ত আহমেদাবাদত 'ভৱিষ্যতৰ শক্তি' কাৰ্যক্ৰম, এই সংস্থাৰ প্ৰতিষ্ঠাৰ ৭৫তম বৰ্ষৰ কাৰ্যক্ৰম, ২০১৩ত সংগম তীৰ্থধাম, ২০১৭ত ব্ৰহ্মকুমাৰী সংস্থাৰ ৮০তম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যক্ৰম আৰু অমৃত মহোৎসৱৰ কাৰ্যক্ৰম স্মৰণ কৰে তথা তেওঁ তেওঁলোকক প্ৰেম তথা স্নেহৰ বাবে ধন্যবাদ দিয়ে। তেওঁ ব্ৰহ্মকুমাৰীসকলৰ সৈতে নিজৰ বিশেষ সম্বন্ধৰ ওপৰত জোৰ দিয়ে আৰু কয় যে নিজতকৈ ঊৰ্ধলৈ উঠি সমাজক সৰ্বস্ব সমৰ্পিত কৰি দিয়াটো এওঁলোকৰ বাবে সাধনাৰ এটা ৰূপ।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে জল-জন অভিযান এনে সময়ত আৰম্ভ কৰা হৈছে যি সময়ত সমগ্ৰ পৃথিৱীত পানীৰ নাটনিক ভৱিষ্যতৰ সংকট হিচাপে চোৱা হৈছে। তেওঁ কয় যে ২১শ শতিকাৰ পৃথিৱীয়ে এতিয়া সীমিত জল সম্পদৰ গম্ভীৰতা উপলব্ধি কৰিবলৈ লৈছে আৰু নিজৰ বৃহৎ জনসংখ্যাৰ হেতু ভাৰতৰ বাবে জল সুৰক্ষা এটা বহুত ডাঙৰ প্ৰশ্ন। প্ৰধানমন্ত্ৰীয়ে কয়, "অমৃত কালত ভাৰতে পানীক ভৱিষ্যতৰ ৰূপত দেখা পাইছে। যদি পানী আছে তেতিয়াহে ভৱিষ্যৎ হ'ব।" লগতে তেওঁ আলোকপাত কৰে যে এই পৰিক্ৰমাত আজিৰ পৰাই সংযুক্ত প্ৰয়াস আৰম্ভ কৰিব লাগিব। প্ৰধানমন্ত্ৰীয়ে দেশত জল সংৰক্ষণক এটা জন আন্দোলনত পৰিণত কৰাত সন্তুষ্টি প্ৰকাশ কৰে আৰু কয় যে ব্ৰহ্মকুমাৰীসকলৰ জল-জন অভিযানে জন অংশগ্ৰহণৰ এই প্ৰয়াসক নতুন শক্তি দিব। তেওঁ কয় যে জল সংৰক্ষণ অভিযানৰ গতি উৎসাহিত হ'ব যাৰ ফলত ইয়াৰ প্ৰভাৱ দ্ৰুত হ'ব।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সেই ঋষিসকলৰ উল্লেখ কৰে যিসকলে হাজাৰ হাজাৰ বছৰ আগতেই প্ৰকৃতি, পৰিৱেশ আৰু পানীক লৈ সংযমী, সন্তুলিত আৰু সংবেদনশীল ব্যৱস্থা নিৰ্মাণ কৰিছিল। তেওঁ শতিকা পুৰণি প্ৰবাদ স্মৰণ কৰে যে পানী নষ্ট নকৰিবা, সংৰক্ষিত কৰা। তেওঁ উল্লেখ কৰে যে এই ভাবনা হাজাৰ হাজাৰ বছৰৰ পৰা ভাৰতৰ আধ্যাত্মিকতা আৰু ধৰ্মৰ অংশ হৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে কয়, "জল সংৰক্ষণ আমাৰ সমাজৰ সংস্কৃতি আৰু আমাৰ সামাজিক চিন্তনৰ কেন্দ্ৰ, সেয়ে আমি পানীক দেৱতা আৰু নদীক মাতৃ জ্ঞান কৰো।" তেওঁ এই কথাৰ ওপৰত জোৰ দিয়ে যে যেতিয়াই সমাজে প্ৰকৃতিৰ সৈতে এনেধৰণৰ চিন্তাৰ সংযোগ গঢ়ে তেতিয়া দীৰ্ঘস্থায়ী বিকাশ তেওঁলোকৰ জীৱনৰ স্বাভাৱিক পদ্ধতি হৈ পৰে। তেওঁ অতীতৰ চেতনাক পুনৰ জাগ্ৰত কৰি ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ সমাধান বিচাৰিবলৈ থকা প্ৰয়োজনৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰীয়ে জল সংৰক্ষণৰ মূল্যৰ প্ৰতি দেশবাসীৰ মাজত ভৰষা জগোৱা আৰু জল প্ৰদূষণৰ কাৰণ হৈ পৰা প্ৰতিটো বাধা দূৰ কৰাৰ আৱশ্যকতাৰ ওপৰত জোৰ দিয়ে। তেওঁ জল সংৰক্ষণৰ দিশত ব্ৰহ্মকুমাৰীৰ দৰে ভাৰতৰ আধ্যাত্মিক প্ৰতিষ্ঠানৰ ভূমিকাৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে যোৱা দশকবোৰক লৈ দুখ প্ৰকাশ কৰে যি সময়ত এক নেতিবাচক বিচাৰ প্ৰক্ৰিয়া বিকশিত হৈছিল আৰু জল সংৰক্ষণ তথা পৰিৱেশৰ দৰে বিষয়ক কঠিন বুলি গণ্য কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে যোৱা ৮-৯ বছৰত হোৱা পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি কয় যে এই মানসিকতা আৰু স্থিতি দুয়োটাই সম্পূৰ্ণৰূপে সলনি হৈছে। নমামি গংগে অভিযানৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে যে কেৱল গংগাই নহয় বৰং তাৰ সকলো সহায়ক নদীও চাফা হৈ আছে। একেদৰে গংগাৰ কিনাৰত প্ৰাকৃতিক কৃষিৰ দৰে অভিযানো আৰম্ভ হৈ গ'ল। প্ৰধানমন্ত্ৰীয়ে কয়, "নমামি গংগে অভিযানে দেশৰ বিভিন্ন ৰাজ্যৰ বাবে এটা মডেল হিচাপে ভুমুকি মাৰিছে।"

'কেচ্চ দ্য ৰেইণ কেম্পেইন'ৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অৱনমিত ভূ জলস্তৰো দেশৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান। তেওঁ কয় যে অটল ভূজল যোজনাৰ মাধ্যমত দেশৰ হাজাৰ হাজাৰ গাঁও পঞ্চায়তত জল সংৰক্ষণকো উদগণি দি থকা হৈছে। প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰতিখন জিলাত ৭৫টাকৈ অমৃত সৰোবৰ বনোৱাৰ অভিযানৰো উল্লেখ কৰে আৰু কয় যে এয়া জল সংৰক্ষণৰ দিশত এটা ডাঙৰ পদক্ষেপ।

জল সংৰক্ষণত মহিলাৰ যোগদানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গাঁৱৰ মহিলাসকলে জল সমিতিৰ মাধ্যমত জল জীৱন মিছনৰ দৰে গুৰুত্বপূৰ্ণ যোজনাৰ নেতৃত্ব বহন কৰি আছে। তেওঁ জোৰ দি কয় যে ব্ৰহ্মকুমাৰী ভগ্নীসকলে দেশৰ লগতে বিশ্বজনীন স্তৰতো এনেদৰেই ভূমিকা পালন কৰিব পাৰে। তেওঁ জল সংৰক্ষণৰ লগতে পৰিৱেশৰ সৈতে জড়িত বিষয়সমূহ উত্থাপন কৰিবলৈ প্ৰয়োজনীয়তাৰ ওপৰতো জোৰ দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ দেশে কৃষিত পানীৰ সন্তুলিত ব্যৱহাৰৰ বাবে ড্ৰিপ জলসিঞ্চনৰ দৰে প্ৰযুক্তিক উদগণি দি আছে আৰু ব্ৰহ্মকুমাৰীসকলক আহ্বান জনায় যে তেওঁলোকে ইয়াৰ ব্যৱহাৰ বঢ়াবলৈ কৃষকক অনুপ্ৰাণিত কৰক।

প্ৰধানমন্ত্ৰীয়ে এই কথাৰ ওপৰতো আলোকপাত কৰে যে সমগ্ৰ পৃথিৱীয়ে আন্তঃৰাষ্ট্ৰীয় পোষক শস্য বৰ্ষও পালন কৰি আছে। তেওঁ সকলোকে বাজৰা আৰু মোটা শস্যক নিজৰ আহাৰত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায় । তেওঁ উল্লেখ কৰে যে শ্ৰীঅন্ন বাজৰা আৰু শ্ৰীঅন্ন জোৱাৰ বহু শতিকা ধৰি ভাৰতৰ কৃষি আৰু খাদ্য অভ্যাসৰ অংশ হৈ আহিছে। তেওঁ উল্লেখ কৰে যে বাজৰা পোষক তত্ত্বৰে পৰিপূৰ্ণ আৰু খেতিৰ সময়ত পানীৰ কম উপভোগ কৰে।

নিজৰ সম্বোধনৰ শেষত প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে জল-জন অভিযান এটা সংযুক্ত প্ৰয়াসেৰে সফল হ'ব আৰু উন্নত ভৱিষ্যতৰ সৈতে উন্নত ভাৰতৰ নিৰ্মাণত সহায় কৰিব।

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hails India-UK Comprehensive Economic and Trade Agreement as a historic milestone for bilateral relations
June 17, 2026

The Prime Minister, Shri Narendra Modi, has expressed delight that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15 July 2026.

The Prime Minister said that the agreement will significantly boost bilateral trade and investment.

Shri Modi stated that the agreement will unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

The Prime Minister noted that both he and UK Prime Minister Keir Starmer, who are in Evian for the G7 Summit, are very happy with the significant momentum being added to India-UK economic ties.

The Prime Minister wrote on X;

“A historic milestone for India-UK relations.

Delighted to note that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15th July 2026.

This agreement will significantly boost our bilateral trade and investment.

It will also unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

Both PM Starmer and I, who are in Evian for the G7 Summit, are naturally very happy with the significant momentum being added to our economic ties.

@Keir_Starmer”