“পূৰ্বৰ প্ৰত্যাহ্বান নেওচি থৈ নতুন সম্ভাৱনাসমূহৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰাৰ সময় এয়া”
“উন্নয়ণক গতি প্ৰদান কৰিবলৈ আমি নতুন দৃষ্টিভংগী, নতুন চিন্তাৰে কাম কৰিব লাগিব”
“আন্তঃগাঁথনিমূলক উন্নয়ণ আৰু বৰ্দ্ধিত যোগাযোগব্যৱস্থাৰ সুবাদত ৰাজ্যখনৰ পৰ্যটন খণ্ডত উলাহৰ সৃষ্টি হৈছে”
“সকলো খণ্ড আৰু নাগৰিকৰ সম উন্নয়ণৰ লাভ গ্ৰহণৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ”
“জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণে দুৰ্নীতিক ঘৃণা কৰে, তেওঁলোকৰ বেদনা মই সদায়ে অনুভৱ কৰি আহিছো”
“জম্মু আৰু কাশ্মীৰ প্ৰতিগৰাকী ভাৰতীয়ৰে গৌৰৱ। আমি সকলোৱে মিলি জম্মু আৰু কাশ্মীৰক নতুন উচ্চতালৈ লৈ যাব লাগিব”

প্ৰধানমন্ত্ৰীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে জম্মু আৰু কাশীৰত অনুষ্ঠিত ‘ৰোজগাৰ মেলা’ সম্বোধন কৰে।

সমবেতসকলক সম্বোধি প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোক জম্ম আৰু কাশ্মীৰৰ যুৱ-প্ৰজন্মৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এটি গুৰুত্বপূৰ্ণ দিন হিচাপে অভিহিত কৰে। জম্মু-কাশ্মীৰ চৰকাৰৰ ২০টা স্থানত থকা বিভিন্ন কাৰ্যালয়ত কাৰ্যনিৰ্বাহ কৰাৰ বাবে নিয়োগ পত্ৰ পোৱা ২০,০০০ প্ৰাৰ্থীক তেওঁ অভিনন্দন জনায়। তেওঁ কয় যে এইসকল যুৱক-যুৱতীয়ে গড়কপ্টানী, স্বাস্থ্য, খাদ্য আৰু অসামৰিক যোগান, পশু পালন, জল শক্তি আৰু শিক্ষা-সংস্কৃতিৰ দৰে বিভাগসমূহত কাম কৰাৰ সুযোগ পাব। আগন্তুক দিন দিয়েকত অন্যান্য বিভাগৰ বাবে আৰু ৭০০ৰো অধিক নিযুক্তি পত্ৰ প্ৰেৰণৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আগবঢ়াই থকা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

জম্মু আৰু কাশ্মীৰৰ ইতিহাসত একৈশ শতিকাৰ এইটো দশকৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি প্ৰ্ধানমন্ত্ৰীয়ে কয়, “এতিয়া পুৰণি প্ৰত্যাহ্বানক নেওচি, নতুন সম্ভাৱনাসমূহৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰাৰ সময় সমাগত হৈছে। জম্মু আৰু কাশ্মীৰৰ যুৱকযুৱতীসকলে তেওঁলোকৰ ৰাজ্য আৰু মানুহখিনিৰ উন্নয়ণৰ বাবে ব্যাপক হাৰত আগবাঢ়ি অহা দেখি মই আনন্দিত হৈছো”। তেওঁ কয় “আমাৰ নৱ-প্ৰজন্মই জম্মু আৰু কাশ্মীৰৰ নতুন কাহিনী ৰচনা কৰিব আৰু এই উদ্দেশ্যে আয়োজিত ৰোজগাৰ মেলাই বিশেষ গুৰুত্ব বহণ কৰিছে”।

এক নতুন, স্বচ্ছ আৰু সংবেদনশীল শাসনব্যৱস্থাৰ জৰিয়তে জম্মু আৰু কাশ্মীৰৰ নিৰবিচ্ছিন্ন উন্নয়ণ সম্ভৱ হোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “বিকাশৰ গতি তীব্ৰ কৰি তোলাৰ বাবে আমি এক নতুন দৃষ্টিভংগী আৰু চিন্তাৰে কামত ব্ৰতী হ’ব লাগিব”। প্ৰসংগক্ৰমে তেওঁ তথ্য দাঙি ধৰি কয় যে ২০১৯ চনৰ পৰা এই পৰ্যন্ত প্ৰয়া ত্ৰিশ হাজাৰ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰা হৈছে, ইয়াৰে বিশ হাজাৰ নিযুক্তি যোৱা ডেৰটা বছৰত প্ৰদান কৰা হৈছে। জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্নৰ শ্ৰী মনোজ সিন্হা আৰু তেওঁ প্ৰশাসনৰ কাম-কাজক ভূয়সী প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ‘যোগ্যতাৰ ভিত্তিত নিয়োগ’ৰ মন্ত্ৰ সাৰোগত কৰি প্ৰদান কৰা নিয়োগ প্ৰক্ৰিয়াই ৰাজ্যখনৰ যুৱ-প্ৰজন্মৰ মনত নতুন বিশ্বাসৰ সৃষ্টি কৰিছে বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে।

নিয়োগ আৰু স্ব-নিয়োজনৰ বাবে যোৱা ৮টা বছৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ বিভিন্ন প্ৰান্তত ২২ অক্টোবৰৰ পৰা ‘ৰোজগাৰ মেলা’ অনুষ্ঠিত কৰি অহা হৈছে। এই অভিযানৰ প্ৰথমটো পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে আগন্তুক মাহচেৰেকত ১০ লাখৰো অধিক নিয়েগ পত্ৰ বিতৰণ কৰিব। ৰাজ্যখনত নিয়োগ সম্ভাৱনা বৃদ্ধিৰ লগতে বাণিজ্যিক পৰিৱেশ বিস্তাৰৰো পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে নতুন ঔদ্যোগিক নীতি আৰু বাণিজ্যিক সংস্কাৰৰ কৰ্ম পৰিকল্পনাই স্বাচ্ছন্দ্যৰে বাণিজ্য কৰাৰ পৰিবেশ গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিছে যিয়ে ৰাজ্যখনলৈ বিনিয়োগৰ প্ৰবাহ বৃদ্ধি কৰিছে। উন্নয়ণমূলক প্ৰকল্প সমূহত যিটো হাৰত কাম-কাজে গতি লৈছে সিয়ে ৰাজ্যখনৰ সামগ্ৰিক অৰ্থনীতিকে ৰূপান্তিৰত কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে অভিমত ব্যক্ত কৰে। ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাৰ উত্তৰণ সাধন কৰিব পৰা প্ৰকল্পৰ প্ৰসংগত তেওঁ ৰে’লৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান চলাচললৈকে উদাহৰণ দাঙি ধৰে। তেওঁ আঙুলিয়াই দি কয় যে শ্ৰীনগৰৰ পৰা ছাৰজাহলৈ ইতিমধ্যেই বিমানৰ চলাচল আৰম্ভ হৈছে। পথ-যোগাযোগৰ পৰিসৰ বৃদ্ধিয়ে যিহেতু জম্মু-কাশ্মীৰৰ আপেলসমূহ বিদেশৰ বজাৰলৈ প্ৰেৰণ কৰাত সুবিধা আগবঢ়াবলৈ লৈছে, সেয়ে ইয়াৰ পৰা কৃষকসকলো বাৰুকৈয়ে উপকৃত কৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ ড্ৰোনৰ জৰিয়তেও পৰিবহণ ব্যৱস্থাৰ উত্তৰণ সাধনৰ বাবে চৰকাৰে কাম কৰি আছে বুলি জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে কয়, “আন্তঃগাঁথনিমূলক উন্নয়ণ আৰু বৰ্দ্ধিত যোগাযোগ ব্যৱস্থাৰ সুবাদত ৰাজ্যখনৰ পৰ্যটন খণ্ডত উলাহৰ সৃষ্টি হৈছে”। প্ৰসংগক্ৰমেতে তেওঁ সকলো খণ্ড আৰু নাগৰিকৰ সম উন্নয়ণৰ লাভ গ্ৰহণৰ বাবে তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও মন্তব্য কৰে।

“জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণে দুৰ্নীতিক ঘৃণা কৰে, তেওঁলোকৰ বেদনা মই সদায়ে অনুভৱ কৰি আহিছো” বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে চৰকাৰী আঁচনিসমূহৰ লাভ সকলো নাগৰিকৰ বাবে উপলব্ধ কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে।

তেওঁ, “জম্মু আৰু কাশ্মীৰ প্ৰতিগৰাকী ভাৰতীয়ৰে গৌৰৱ বুলি অভিহিত কৰি আমি সকলোৱে মিলি জম্মু আৰু কাশ্মীৰক নতুন উচ্চতালৈ লৈ যাব লাগিব” বুলি মন্তব্য প্ৰকাশ কৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List

Media Coverage

Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Social Media Corner 26th July 2026
July 26, 2026

Nari Shakti, Border Villages & UNESCO Glory: India’s Pride Under Modi’s Leadership