“এয়া ভাৰতৰ মুহূৰ্ত”
“২১ শতিকাৰ এই দশকটো ভাৰতৰ বাবে অভূতপূৰ্ব”
“২০২৩ৰ প্ৰথম ৭৫ দিনৰ সাফল্য ভাৰতৰ মুহূৰ্তৰেই প্ৰতিফলন”
“ভাৰতীয় সংস্কৃতি আৰু ছফ্ট পাৱাৰৰ প্ৰতি বিশ্বৰ এক অভূতপূৰ্ব আকৰ্ষণ আছে”
“দেশখন আগবাঢ়ি যাবলৈ ইয়াৰ সদায় গতিশীলতা আৰু বলিষ্ঠ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা থাকিব লাগিব”
“আজি দেশবাসীয়ে চৰকাৰে তেওঁলোকৰ যত্ন লৈছে বুলি বিশ্বাস কৰে”
“আমি শাসন ব্যৱস্থাক মানৱীয় স্পৰ্শ প্ৰদান কৰিছো”
“আজি ভাৰতে যিখিনি সাধন কৰিছে, সেয়া আমাৰ গণতন্ত্ৰৰ শক্তি, আমাৰ প্ৰতিষ্ঠানৰ শক্তি প্ৰসূত”
“আমি ‘সবকা প্ৰয়াস’ৰ জৰিয়তে ভাৰতৰ মুহূৰ্ত আৰু আজাদী কা অমৃত মহোৎসৱত এখনি উন্নত ভাৰতৰ যাত্ৰাক সুদৃঢ় কৰিব লাগিব”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত ইণ্ডিয়া টুডে কনক্লেভ সম্বোধন কৰে।

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কনক্লেভৰ নিৰ্বাচিত বিষয়বস্তু - ‘ভাৰতৰ মুহূৰ্ত’ক লৈ সন্তোষ প্ৰকাশেৰে কয় যে বিশ্বৰ শ্ৰেষ্ঠ অৰ্থনীতিবিদ, বিশ্লেষক আৰু চিন্তাবিদসকলে এই মুহূৰ্তক সঁচাকৈয়ে ভাৰতৰ মুহূৰ্ত বুলি অভিহিত কৰিছে। তেখেতে লগতে কয় যে ইণ্ডিয়া টুডে গ্ৰুপে একে আশাবাদৰ প্ৰদৰ্শনেৰে ইয়াক অধিক বিশেষ কৰি তুলিছে। ২০ মাহৰ পূৰ্বে লালকিল্লাত প্ৰদান কৰা ভাষণৰ কথা মনত পেলাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এয়াই সময় আৰু এয়াই হৈছে সঠিক সময়।” প্ৰধানমন্ত্ৰীগৰাকীয়ে এয়া ভাৰতৰ মুহূৰ্ত বুলি উল্লেখ কৰে।

যিকোনো ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰাৰ বাটত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বান আৰু পৰ্য্যায়ৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে একবিংশ শতিকাৰ এই দশকৰ সময়ছোৱা ভাৰতৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। কেইবাটাও দশকৰ পূৰ্বে বিকশিত ৰাষ্ট্ৰসমূহে সন্মুখীন হোৱা পৰিস্থিতিৰ পাৰ্থক্যৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে তেওঁলোকৰ সফলতাৰ কাৰণ হ’ল তেওঁলোকে বৈশ্বিক প্ৰতিযোগিতাৰ অভাৱ থকা বিশ্বখনত নিজৰ লগতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল। তেখেতে আঙুলিয়াই দিয়ে যে আজি ভাৰতে সন্মুখীন হোৱা পৰিস্থিতি সম্পূৰ্ণ বেলেগ য’ত বিশ্বজনীন প্ৰত্যাহ্বানসমূহ ব্যাপক। তেখেতে আলোকপাত কৰি কয় যে আজি বিশ্বজুৰি চৰ্চা অব্যাহত ‘ভাৰতৰ মুহূৰ্ত’ সাধাৰণ নহয়, বিশেষকৈ দুখন ৰাষ্ট্ৰৰ মাজত অব্যাহত যুদ্ধৰ সমান্তৰালকৈ এশ বছৰৰ সৰ্ববৃহৎ মহামাৰীয়ে বিশ্বত আঘাত হানিছে। “এক নতুন ইতিহাস ৰচনা কৰা হৈছে আৰু আমি সকলোৱে একেলগে ইয়াৰ সাক্ষী হৈ আছো”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে কয় যে বিশ্বই ভাৰতৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰিছে। বিশ্ব পৰ্য্যায়ত ভাৰতৰ সাফল্যৰাজিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত বিশ্বৰ সৰ্বাধিক দ্ৰুত বৰ্ধমান অৰ্থনীতি, বিশ্বৰ ভিতৰতে স্মাৰ্টফোনৰ ডাটা ব্যৱহাৰৰ ক্ষেত্ৰত অগ্ৰদূত, বিশ্বব্যাপী ফিনটেক অভিযোজনাৰ ক্ষেত্ৰত আগৰণুৱা, বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ম’বাইল নিৰ্মাতা আৰু ইয়াত আন-আন ভিন্ন বস্তুৰ লগতে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ বাতাবৰণ আছে।

২০২৩ৰ প্ৰথম ৭৫ দিনত দেশখনৰ সাফল্যৰাজি সন্দৰ্ভত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে ভাৰতে ঐতিহাসিক সেউজ বাজেট প্ৰৱৰ্তন কৰিছে, কৰ্ণাটকৰ শিৱমোগাত নতুন বিমানবন্দৰ উদ্বোধন কৰা হৈছে, মুম্বাই মেট্ৰ’ৰ পৰৱৰ্তী পৰ্য্যায় মুকলি কৰা হৈছে, বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজে ইয়াৰ যাত্ৰা সম্পূৰ্ণ কৰিছে, বেংগালুৰু-মহীশূৰ এক্সপ্ৰেছৱে’ উদ্বোধন কৰা হৈছে, দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ৰ এটা অংশ উদ্বোধন কৰা হৈছে, মুম্বাইৰপৰা বিশাখাপট্টনমলৈ বন্দে ভাৰত ৰেলৰ ফ্লেগ অফ কৰা হৈছে, আইআইটি, ধাৰৱাৰ্ড কেম্পাছ উদ্বোধন কৰা হৈছে আৰু দেশখনে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ২১ টা দ্বীপ ২১ গৰাকী পৰমবীৰ চক্ৰ বঁটা বিজয়ীলৈ উৎসৰ্গা কৰিছে। তেখেতে আৰু কয় যে ভাৰতে পেট্ৰ’লত ২০ শতাংশ ইথানল মিশ্ৰণেৰে ই-২০ ইন্ধন মুকলি কৰিছে, টুমকুৰুত এছিয়াৰ আটাইতকৈ উন্নত হেলিকপ্টাৰ নিৰ্মাণ কেন্দ্ৰ উদ্বোধন কৰা হৈছে আৰু এয়াৰ ইণ্ডিয়াই সৰ্বকালৰ সৰ্বোচ্চ বিমান অৰ্ডাৰ প্ৰদান কৰিছে। বিগত ৭৫ দিনৰ সাফল্যৰাজি সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে ভাৰতত ই-সঞ্জীৱনী এপৰ জৰিয়তে ১০ কোটি টেলিকনছাল্টেচনৰ মাইলৰ খুঁটি অৰ্জন কৰা হৈছে, ৮ কোটি নতুন টেপ সংযোগৰ ব্যৱস্থা কৰা হৈছে, ৰেল নেটৱৰ্কৰ ১০০ শতাংশ বৈদ্যুতীকৰণ সম্ভৱ হৈছে, কুনো ৰাষ্ট্ৰীয় উদ্যানত ১২ টা চিতা অলপতে মুকলি কৰি দিয়া হৈছে, ভাৰতৰ মহিলা দলে ১৯-অনূৰ্ধ টি-২০ বিশ্বকাপত জয়লাভ কৰিছে আৰু দেশখনে দুটা অস্কাৰ লাভৰ আনন্দ অনুভৱ কৰিছে। তেখেতে লগতে জনাই যে যোৱা ৭৫ দিনত ২৮ খন গুৰুত্বপূৰ্ণ জি-২০ বৈঠক, শক্তি সন্মিলন আৰু গ্ল’বেল মিলেটছ সন্মিলন অনুষ্ঠিত হৈছে আৰু বেংগালুৰুত অনুষ্ঠিত এৰ’ ইণ্ডিয়া সন্মিলনত এশখনৰো অধিক দেশে অংশগ্ৰহণ কৰিছে। তেখেতে লগতে অৱগত কৰে যে ছিংগাপুৰৰ সৈতে ইউপিআইৰ সংযোগ হৈছে, ভাৰতে তুৰস্কক সহায় কৰিবলৈ ‘অপাৰেচন দোস্ত’ৰ শুভাৰম্ভ কৰিছিল আৰু আজি সন্ধিয়া ভাৰত-বাংলাদেশ গেছ পাইপলাইন উদ্বোধন কৰা হৈছে। “এই সকলোবোৰ ভাৰতৰ মুহূৰ্তৰ প্ৰতিফলন”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি এফালে ভাৰতে পথ, ৰে’লৱে, বন্দৰ, বিমানবন্দৰৰ দৰে ‘ফিজিকেল’ আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে, আনফালে বিশ্বত ভাৰতীয় সংস্কৃতি আৰু ছফ্ট শক্তিয়ে অভূতপূৰ্ব আকৰ্ষণ লাভ কৰিছে। “আজি সমগ্ৰ বিশ্বতে যোগাসন জনপ্ৰিয় হৈ পৰিছে। আজি আয়ুৰ্বেদৰ প্ৰতি উৎসাহ আৰু ভাৰতৰ খাদ্য-পানীয়ক লৈ উৎসাহ জাগিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে উল্লেখ কৰে যে ভাৰতীয় ছবি আৰু সংগীতে ইয়াৰ নতুন শক্তিৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ভাৰতৰ বাজৰা - শ্ৰী অন্নয়ো সমগ্ৰ বিশ্বতে স্থান লাভ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে ‘গ্ল’বেল গুড’ৰ প্ৰতি ভাৰতৰ ধাৰণা আৰু সম্ভাৱনাক বিশ্বই স্বীকৃতি জনাইছে, সেয়া আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটেই হওঁক বা দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁটেই হওঁক। “সেইবাবেই আজি বিশ্বই কৈছে - এয়া ভাৰতৰ মুহূৰ্ত”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। এই সকলোবোৰৰ বহুগুণক প্ৰভাৱ দৃশ্যমান হৈছে বুলি উল্লেখেৰে তেখেতে কয় যে বেছিভাগ দেশেই নিজে-নিজেই ভাৰতৰ প্ৰাচীন মূৰ্তিৰাজি ঘূৰাই দিছে।

“ভাৰতৰ মুহূৰ্তৰ অতিশয় বিশেষ কথাটো হ’ল যে অংগীকাৰৰ সৈতে ৰূপায়ণৰ সংযুক্ততা”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। বাতৰিৰ শিৰোনাম সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে পূৰ্বে শিৰোনামবোৰত সাধাৰণতে বিভিন্ন খণ্ডত সংঘটিত লাখ-লাখ কোটি টকাৰ কেলেংকাৰি উন্মোচিত হৈছিল আৰু জনসাধাৰণে ইয়াৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছিল। কিন্তু আজিৰ শিৰোনামত দুৰ্নীতিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ কথাক সামৰি লোৱা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পূৰ্বে কেলেংকাৰিৰ বাতৰি পৰিৱেশনেৰে সংবাদ মাধ্যমে বহু পৰিমাণে টিআৰপি লাভৰ বিপৰীতে এতিয়া তেওঁলোকে দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাতৰি প্ৰকাশৰ সুযোগ লাভ আৰু তেওঁলোকৰ টিআৰপি বাঢ়িছে বুলি কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বে বোমা বিস্ফোৰণ আৰু নক্সালবাদী কাণ্ডই শিৰোনাম দখল কৰিছিল যদিও আজি শান্তি আৰু সমৃদ্ধিৰ খবৰেহে সংবাদ শিৰোনাম দখল কৰে। তেখেতে লগতে কয় যে পূৰ্বে পৰিবেশৰ নামত বৃহৎ আন্তঃগাঁথনি প্ৰকল্প বন্ধৰ খবৰ আহিছিল, আনহাতে আজি নতুন ঘাইপথ আৰু এক্সপ্ৰেছৱে’ নিৰ্মাণৰ সমান্তৰালকৈ পৰিবেশ সম্পৰ্কীয় ইতিবাচক খবৰ আহিছে। তেখেতে আৰু কয় যে পূৰ্বে চিৰাচৰিত কৰুণ ৰেল দুৰ্ঘটনাৰ বাতৰি এতিয়া হ্ৰাস পাইছে। আধুনিক ৰেলৰ প্ৰচলনে শিৰোনাম দখল কৰিছে। তেখেতে এয়াৰ ইণ্ডিয়াৰ কেলেংকাৰি আৰু দৰিদ্ৰতা সম্পৰ্কেও ব্যক্ত কৰে। তেখেতে কয়, আজি বিশ্বৰ সৰ্ববৃহৎ বিমান চুক্তিৰ বাতৰিয়ে শিৰোনাম দখল কৰিছে। “ভাৰতৰ মুহূৰ্তই এই অংগীকাৰ আৰু ৰূপায়ণৰ পৰিৱৰ্তন সাধন কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়।

দাসত্বৰ মানসিকতাৰ বাবে ভাৰতে দীৰ্ঘদিন ধৰি দৰিদ্ৰতাৰ সন্মুখীন হ’বলগীয়া হৈছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ভাৰতৰ দৰিদ্ৰ লোকসকলে এতিয়া অতি সোনকালে দৰিদ্ৰতাৰ গ্ৰাসৰপৰা ওলাই আহিবলৈ বিচাৰিছে। তেওঁলোকে তেওঁলোকৰ ভৱিষ্যৎ প্ৰজন্মৰ জীৱনৰ লগতে তেওঁলোকৰো জীৱনটো সলনি হোৱাটো বিচাৰে।” প্ৰধানমন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে ভাৰত আত্মবিশ্বাস আৰু দৃঢ়তাৰে ভৰি থকাৰ সময়তে দেশখনক অপমান আৰু মনোবল ভংগৰ নিৰাশাবাদী আলোচনা চলি আছে। অথচ বিদেশী দেশসমূহো ভাৰতক লৈ আশাবাদী। তেখেতে উল্লেখ কৰে যে বৰ্তমানৰ চৰকাৰে নতুন ফলাফল বিচাৰে আৰু সেয়েহে গতি আৰু পৰিসৰ বৃদ্ধি কৰিছে। তেখেতে অভিলেখ সংখ্যক ১১ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণ, বেংকিং ব্যৱস্থাত ৪৮ কোটি লোকক সংযোজন, পকী ঘৰৰ বাবে ধন সেই হিতাধিকাৰীসকলৰ বেংক একাউন্টলৈ পোনপটীয়াকৈ প্ৰেৰণৰ উদাহৰণ দাঙি ধৰে। তেখেতে আৰু কয় যে ঘৰ নিৰ্মাণৰ সমগ্ৰ প্ৰক্ৰিয়াটো অহৰহভাৱে নিৰীক্ষণ কৰা হয় আৰু জিঅ’-টেগো কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে বিগত ৯ বছৰত ৩ কোটিৰো অধিক ঘৰ নিৰ্মাণেৰে দৰিদ্ৰ লোকৰ হাতত ইয়াৰ চাবি তুলি দিয়া হৈছে। তেখেতে এই ঘৰসমূহত মহিলাসকলৰো মালিকীস্বত্বৰ অধিকাৰ আছে বুলি উল্লেখেৰে কয় যে ভাৰতৰ মুহূৰ্ত আহিবই যে নিশ্চিত। দৰিদ্ৰ মহিলাসকলে ক্ষমতাশালী অনুভৱ কৰা মাত্ৰেকে এয়া বাস্তৱ।

সমগ্ৰ বিশ্বতে সম্পত্তিৰ অধিকাৰৰ প্ৰত্যাহ্বানৰ কথা চিন্তা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্ব বেংকৰ প্ৰতিবেদনৰ উদ্ধৃতি দাঙি ধৰি কয় যে বিশ্বৰ মাত্ৰ ৩০ শতাংশ লোকেহে নিজৰ সম্পত্তিৰ আইনগতভাৱে ‘টাইটেল’ পঞ্জীয়ন কৰিছে। তেখেতে পুনৰ কয় যে বিশ্ব উন্নয়নৰ সন্মুখত সম্পত্তিৰ অধিকাৰৰ অভাৱ এক প্ৰবল বাধা হিচাপে বিবেচিত হৈছে আৰু দুবছৰ পূৰ্বে শুভাৰম্ভ কৰা ভাৰতৰ পিএম-স্বামিত্ব যোজনাৰ অধীনত ড্ৰোন প্ৰযুক্তিৰ সহায়ত ভূমিৰ মেপিং কৰা হৈছে বুলি কয়। তেখেতে জনোৱা মতে, এই পৰ্য্যন্ত ভাৰতৰ দুই লাখ চৌত্ৰিশ হাজাৰ গাঁৱত ড্ৰোন জৰীপ সম্পূৰ্ণ হৈছে আৰু এক কোটি বাইশ লাখ প্ৰপাৰ্টি কাৰ্ডো বিতৰণ কৰা হৈছে। “আজি ভাৰতত এনে বহু নীৰৱ বিপ্লৱ সংঘটিত হৈছে আৰু এইসমূহ ভাৰতৰ মুহূৰ্তৰ আধাৰ হৈ পৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। ভাৰতৰ ১১ কোটি ক্ষুদ্ৰ কৃষকক উপকৃতকৰণেৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জৰিয়তে প্ৰায় ডেৰ লাখ কোটি টকা পোনপটীয়াকৈ কৃষকৰ বেংক একাউন্টলৈ প্ৰেৰণ কৰা হৈছে বুলিও তেখেতে অৱগত কৰে।

“নীতিগত সিদ্ধান্ত আৰু যথাৰ্থ অৱস্থাত স্থবিৰতা যিকোনো দেশৰ প্ৰগতিৰ ক্ষেত্ৰত এক প্ৰবল বাধা” বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। আওপুৰণি চিন্তা-চৰ্চা আৰু পন্থা আৰু কিছুমান পৰিয়ালৰ সীমাবদ্ধতাৰ বাবে ভাৰতখন দীৰ্ঘদিন ধৰি স্থবিৰ হৈ পৰিছিল বুলি উল্লেখেৰে তেখেতে কয় যে দেশখন আগুৱাই যাব লাগিলে ইয়াত সদায় গতিশীলতা আৰু সাহসী সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা থাকিব লাগে। দেশখন আগবাঢ়িব লাগিলে দেশত নতুনত্ব গ্ৰহণৰ ক্ষমতা আৰু পৰীক্ষামূলক মানসিকতা থাকিব লাগিব, দেশবাসীৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ওপৰত বিশ্বাস থাকিব লাগিব আৰু সৰ্বোপৰি আশীৰ্বাদ। লক্ষ্যত উপনীত হ’বলৈ জনসাধাৰণৰ অংশগ্ৰহণ থাকিব লাগিব। তেখেতে উল্লেখ কৰে যে কেৱল চৰকাৰ আৰু ক্ষমতাৰ জৰিয়তে সমস্যাৰ সমাধান বিচাৰি উলিয়ালে অতি সীমিত ফলাফল দিয়ে, কিন্তু ১৩০ কোটি দেশবাসীৰ শক্তি সংগঠিত হোৱা মাত্ৰেকে, সকলোৰে প্ৰচেষ্টা মাত্ৰেকে কোনো সমস্যাই দেশৰ সন্মুখত থিয় দিব নোৱাৰে। তেখেতে দেশৰ জনসাধাৰণে চৰকাৰৰ ওপৰত আস্থা ৰাখিছে বুলি সন্তুষ্টি প্ৰকাশ কৰে। “সুশাসনত মানৱীয় স্পৰ্শ আৰু সংবেদনশীলতা আছে। আমি শাসন ব্যৱস্থাক মানৱীয় স্পৰ্শ প্ৰদান কৰিছো, তেতিয়াহে ইমান ইতিবাচক প্ৰভাৱ দৃশ্যমান হ’ব পাৰে।“ তেখেতে দেশৰ প্ৰথমখন গাঁও হোৱাৰ আত্মবিশ্বাস জগাই তোলা আৰু অঞ্চলটোৰ উন্নয়নক অগ্ৰাধিকাৰ প্ৰদানকাৰী ভাইব্ৰেন্ট গাঁও আঁচনিৰ উদাহৰণ দাঙি ধৰে। তেখেতে লগতে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসকলে নিয়মিতভাৱে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰে আৰু শাসন ব্যৱস্থাক মানৱীয় স্পৰ্শৰে সংযুক্ত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনাইছে যে তেখেতে ৫০ বাৰ উত্তৰ-পূব ভ্ৰমণ কৰিছে। তেখেতে আৰু লগতে কয় যে এই সংবেদনশীলতাই উত্তৰ-পূৰ্বাঞ্চলৰ দূৰত্ব হ্ৰাসেই নহয়, বৰঞ্চ তাত শান্তি প্ৰতিষ্ঠাতো যথেষ্ট সহায় কৰিছে।

ইউক্ৰেইনৰ সংকটৰ সময়ত চৰকাৰৰ কৰ্ম-সংস্কৃতিৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে চৰকাৰখনে প্ৰায় ১৪ হাজাৰ পৰিয়ালৰ সৈতে সংযোগ স্থাপন কৰিছিল আৰু প্ৰতিঘৰ গৃহস্থীলৈ চৰকাৰৰ এজন প্ৰতিনিধি প্ৰেৰণ কৰিছিল। “আমি জটিল সময়তো তেওঁলোকক আশ্বাস প্ৰদান কৰিছিলো। চৰকাৰ তেওঁলোকৰ লগত আছে বুলি কৈছিলো”, তেখেতে কয়। “ভাৰতীয় মুহূৰ্তই মানৱীয় সংবেদনশীলতাৰে ভৰা এনে শাসনৰপৰা শক্তি লাভ কৰে।” তেখেতে লগতে কয় যে শাসন ব্যৱস্থাত এই মানৱীয় স্পৰ্শ নথকা হ’লে ক’ৰোনাৰ বিৰুদ্ধে ইমান বিশাল যুদ্ধত ৰাষ্ট্ৰখন জয়ী নহ’লহেঁতেন।

“আজি ভাৰতে যিখিনি সাধন কৰিছে, সেয়া আমাৰ গণতন্ত্ৰৰ শক্তি, আমাৰ প্ৰতিষ্ঠানসমূহৰ শক্তিৰ বাবেই সম্ভৱ হৈছে”, শ্ৰী মোদীয়ে কয়। তেখেতে কয় যে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ভাৰত চৰকাৰে নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কাৰ্য্যক বিশ্বই প্ৰত্যক্ষ কৰি আছে। তেখেতে ভাৰতে বিগত বছৰকেইটাত বহু নতুন প্ৰতিষ্ঠান গঠন কৰা বুলি অৱগতকৰণেৰে আন্তৰ্জাতিক সৌৰ মিত্ৰজোঁট আৰু দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁটৰ উদাহৰণ দাঙি ধৰে। ভৱিষ্যতৰ ৰোডমেপ নিৰ্ণয় কৰাত নিটি আয়োগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ, দেশৰ কৰ্পৰেট শাসন ব্যৱস্থা সুদৃঢ়কৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধীকৰণে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা, ভাৰতত আধুনিক কৰ ব্যৱস্থা গঢ়ি তোলাত জিএছটি কাউন্সিলৰ ভূমিকা আদিৰ কথাও তেখেতে উল্লেখ কৰে। তেখেতে লগতে উল্লেখ কৰে যে ক’ৰোনাৰ মাজতে দেশখনত বহু নিৰ্বাচন সফলতাৰে অনুষ্ঠিত হৈছে। “গোলকীয় সংকটৰ মাজতে আজি ভাৰতৰ অৰ্থনীতি শক্তিশালী, বেংকিং ব্যৱস্থা শক্তিশালী। এয়াই আমাৰ প্ৰতিষ্ঠানসমূহৰ শক্তি”, তেখেতে কয়। তেখেতে অৱগত কৰে যে চৰকাৰে এই পৰ্য্যন্ত ২২০ কোটি ক’ৰোনাৰ ভেকচিন প্ৰদান কৰিছে। “মই ভাবো যে ইয়াৰ বাবেই আমাৰ গণতন্ত্ৰ আৰু আমাৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক আটাইতকৈ বেছি আক্ৰমণ কৰা হৈছে। কিন্তু মই নিশ্চিত, এই আক্ৰমণৰ মাজতো ভাৰতে নিজৰ লক্ষ্যৰ দিশে ক্ষীপ্ৰতাৰে আগবাঢ়িব আৰু নিজৰ লক্ষ্যত উপনীত হ’ব”, তেখেতে লগতে কয়।

সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সংবাদ মাধ্যমৰ ভূমিকা বিশ্বব্যাপী সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে কয়, “আমি ‘সবকা প্ৰয়াস’ৰ জৰিয়তে ইণ্ডিয়া ম’মেন্টক সুদৃঢ় কৰি তুলিব লাগিব আৰু আজাদী কা অমৃত মহোৎসৱত এখন উন্নত ভাৰতৰ যাত্ৰাক শক্তিশালী কৰিব লাগিব।”

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Private capex jumps 67% to Rs 7.7 lakh crore, signals investment revival: CII

Media Coverage

Private capex jumps 67% to Rs 7.7 lakh crore, signals investment revival: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings to everyone on National Technology Day
May 11, 2026
PM shares a Sanskrit Subhashitam highlighting Agni as the fiery essence that awakens immense power within the smallest particles of matter

Prime Minister Shri Narendra Modi today extended greetings to everyone on National Technology Day.

The Prime Minister recalled with pride the hard work and dedication of the scientists, which led to the successful tests in Pokhran in 1998. He noted that the landmark moment reflected India’s scientific excellence and unwavering commitment.

The Prime Minister stated that technology has become a key pillar in building a self-reliant India. Shri Modi highlighted that it is accelerating innovation, expanding opportunities, and contributing to the nation’s growth across sectors. He emphasised that the continued focus remains on empowering talent, encouraging research, and creating solutions that serve both national progress and the aspirations of the people.

Reflecting on the historic milestone, the Prime Minister further noted that the nuclear tests conducted in Pokhran on this day in 1998 introduced the world to India's amazing capabilities. He lauded the scientists as the true architects of the country's pride and self-respect.

Sharing a Sanskrit Subhashitam, the Prime Minister noted that Agni is the supreme power of the heavens and the primary source of all energy on earth. This fiery essence awakens the immense power hidden within the smallest particles of matter and spreads energy and motion throughout creation.

In a series of posts on X, the Prime Minister wrote:

"Greetings on National Technology Day. We recall with pride the hard work and dedication of our scientists, which led to the successful tests in Pokhran in 1998. That landmark moment reflected India’s scientific excellence and unwavering commitment.

Technology has become a key pillar in building a self-reliant India. It is accelerating innovation, expanding opportunities and contributing to the nation’s growth across sectors. Our continued focus remains on empowering talent, encouraging research and creating solutions that serve both national progress and the aspirations of our people."

"वर्ष 1998 में आज के दिन पोखरण में हुए परमाणु परीक्षण ने दुनिया को भारत के अद्भुत सामर्थ्य से परिचित कराया। हमारे वैज्ञानिक देश के गौरव और स्वाभिमान के सच्चे शिल्पी हैं।

अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम्।
अपां रेतांसि जिन्वति॥"

Agni is the supreme power of the heavens and the primary source of all energy on earth. This fiery essence awakens the immense power hidden within the smallest particles of matter and spreads energy and motion throughout creation.