‘ইণ্টাৰনেচনেল বিগ কেটছ এলায়েন্স’ৰ শুভাৰম্ভ কৰে
বাঘৰ সংখ্যা ৩১৬৭ বুলি ঘোষণা কৰে
বাঘ সংৰক্ষণ সম্পৰ্কীয় স্মাৰক মুদ্ৰা আৰু কেইবাখনো পুস্তিকা মুকলি কৰে
"ব্যাঘ্ৰ প্ৰকল্পৰ সফলতা কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে গৌৰৱৰ মুহূৰ্ত"
"ভাৰতে পৰিস্থিতি বিজ্ঞান আৰু অৰ্থনীতিৰ মাজৰ সংঘাতত বিশ্বাস নকৰে, ই দুয়োৰে সহাবস্থানক সমানে গুৰুত্ব দিয়ে"
"ভাৰত হৈছে এনে এখন দেশ য'ত প্ৰকৃতিৰ সুৰক্ষা সংস্কৃতিৰ এটা অংশ"
"বিগ কেটৰ উপস্থিতিয়ে সকলো ঠাইতে স্থানীয় লোকসকলৰ জীৱন আৰু সেই ঠাইৰ পৰিস্থিতি বিজ্ঞানৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাইছে"
"বন্যপ্ৰাণী সুৰক্ষা এখন দেশৰেই সমস্যা নহয়, ই এক সাৰ্বজনীন সমস্যা"
"ইণ্টাৰনেচনেল বিগ কেট এলায়েন্সৰ গুৰুত্ব বিশ্বৰ ৭ টা প্ৰধান বিগ কেটৰ সংৰক্ষণৰ ওপৰত হ'ব "
"মানৱতাৰ বাবে উন্নত ভৱিষ্যত তেতিয়াহে সম্ভৱ যেতিয়া পৰিৱেশ সুৰক্ষিত থাকিব আৰু জৈৱ বৈচিত্ৰ্য বিস্তাৰিত হৈ থাকিব"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মহীশূৰৰ মহীশূৰ বিশ্ববিদ্যালয়ত 'ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ পূৰ্তি অনুষ্ঠান' উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় বিগ কেটছ এলায়েন্স (আইবিচিএ)ৰ শুভাৰম্ভ কৰে। তেওঁ 'বাঘ সংৰক্ষণৰ বাবে অমৃত কালৰ লক্ষ্য', ব্যাঘ্ৰ সংৰক্ষণৰ ব্যৱস্থাপনা কাৰ্যকৰিতা মূল্যায়নৰ পঞ্চম চক্ৰৰ এক সাৰাংশ প্ৰতিবেদন-এইসমূহ পুস্তিকা মুকলি কৰাৰ লগতে বাঘৰ সংখ্যা ঘোষণা কৰে আৰু সৰ্বভাৰতীয় বাঘ অনুমানৰ (পঞ্চম চক্ৰ) সাৰাংশ প্ৰতিবেদন প্ৰকাশ কৰে। তেওঁ প্ৰজেক্ট টাইগাৰৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে এটা স্মাৰক মুদ্ৰাও মুকলি কৰে।

 

অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতত বাঘৰ বৰ্ধিত সংখ্যাৰ গৌৰৱপূৰ্ণ ক্ষণৰ আলোচনা কৰে আৰু থিয় হৈ বাঘবোৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে। তেওঁ কয় যে প্ৰজেক্ট টাইগাৰে আজি ৫০ বছৰ সম্পূৰ্ণ কৰাৰ যুগান্তকাৰী অনুষ্ঠানৰ সাক্ষী আৰু ইয়াৰ সফলতা কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে ই গৌৰৱৰ মুহূৰ্ত। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ভাৰতে কেৱল বাঘৰ সংখ্যা হ্ৰাস হোৱাৰ পৰা ৰক্ষা কৰাই নহয়, লগতে এনে এক পৰিৱেশতন্ত্ৰও প্ৰদান কৰিছে য'ত বাঘৰ বিকাশ হ'ব পাৰে। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে ভাৰতীয় স্বাধীনতাৰ ৭৫ তম বৰ্ষত বিশ্বৰ ৭৫% বাঘ ভাৰতত আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বাঘ সংৰক্ষিত অঞ্চলসমূহে ৭৫,০০০ বৰ্গ কিলোমিটাৰ ভূমি আৱৰি আছে আৰু যোৱা দহৰ পৰা বাৰ বছৰত দেশত বাঘৰ সংখ্যা ৭৫ শতাংশ বৃদ্ধি পাইছে।

 

বিশ্বৰ বন্যপ্ৰাণী প্ৰেমীসকলৰ মনত অন্য দেশ, যত বাঘৰ সংখ্যা হয় স্থিৰ নাইবা হ্ৰাস পাই আহিছে, তাৰ তুলনাত ভাৰতত বাঘৰ সংখ্যা বৃদ্ধি হোৱা সন্দৰ্ভত উত্থাপন হোৱা প্ৰশ্নৰ পুনৰাবৃত্তি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ পৰম্পৰা আৰু সংস্কৃতি আৰু জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশৰ প্ৰতি ইয়াৰ নৈসৰ্গিক প্ৰেমৰ মাজত উত্তৰটো লুকাই আছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, "ভাৰতে পৰিস্থিতি আৰু অৰ্থনীতিৰ মাজৰ সংঘাতত বিশ্বাস নকৰে আৰু দুয়োৰে সহাবস্থানক সমান গুৰুত্ব দিয়ে"। ভাৰতৰ ইতিহাসত বাঘৰ গুৰুত্বৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মধ্যপ্ৰদেশৰ দহ হাজাৰ বছৰ পুৰণি শিলা কলাত বাঘৰ চিত্ৰ পোৱা গৈছে। তেওঁ লগতে কয় যে মধ্য ভাৰতৰ ভৰিয়া সম্প্ৰদায় আৰু মহাৰাষ্ট্ৰৰ ৱৰ্লি সম্প্ৰদায়ে বাঘক পূজা কৰে, আনহাতে ভাৰতৰ বহু সম্প্ৰদায়ে বাঘক বন্ধু আৰু ভাতৃ হিচাপে গণ্য কৰে। তেওঁ আৰু কয় যে মা দুৰ্গা আৰু ভগৱান আইয়াপ্পাৰ বাহন বাঘ।

 

বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতৰ অনন্য সাফল্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰত হৈছে এনে এখন দেশ য'ত প্ৰকৃতিৰ সুৰক্ষা সংস্কৃতিৰ এক অংশ"। তেওঁ উল্লেখ কৰে যে ভাৰতত বিশ্বৰ মাত্ৰ ২.৪ শতাংশ ভূমি আছে, কিন্তু ই বিশ্বব্যাপী জৈৱ বৈচিত্ৰ্যৰ বাবে ৮ শতাংশ অৰিহণা যোগায়। তেওঁ কয় যে ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ বাঘ পৰিসৰৰ দেশ, প্ৰায় ত্ৰিশ হাজাৰ হাতীৰ সৈতে বিশ্বৰ সৰ্ববৃহৎ এছিয়াটিক হাতী পৰিসৰৰ দেশ আৰু লগতে প্ৰায় তিনি হাজাৰ জনসংখ্যাৰ সৰ্ববৃহৎ একক শিঙৰ গঁড়ৰ দেশ। তেওঁ লগতে কয় যে এছিয়াটিক সিংহ থকা ভাৰত হৈছে বিশ্বৰ একমাত্ৰ দেশ আৰু ইয়াৰ জনসংখ্যা ২০১৫ চনত প্ৰায় ৫২৫ ৰ পৰা ২০২০ চনত প্ৰায় ৬৭৫ লৈ বৃদ্ধি পাইছে। তেওঁ ভাৰতৰ নাহৰফুটুকী বাঘৰ সংখ্যাও উল্লেখ কৰে আৰু কয় যে ৪ বছৰত ই ৬০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। গংগাৰ দৰে নদী পৰিষ্কাৰ কৰাৰ বাবে কৰা কামৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কিছুমান জলজ প্ৰজাতি যিবোৰক এসময়ত বিপদাপন্ন পৰা বুলি গণ্য কৰা হৈছিল, সেইসমূহৰো উন্নতি দেখা গৈছে। তেওঁ এই সাফল্যসমূহৰ বাবে জনসাধাৰণৰ অংশগ্ৰহণ আৰু সংৰক্ষণৰ সংস্কৃতিক কৃতিত্ব দিয়ে।

 

ভাৰতত কৰা বিভিন্ন কামৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, "বন্যপ্ৰাণীৰ বিকাশৰ বাবে পৰিৱেশতন্ত্ৰৰ বিকাশ হোৱাটো গুৰুত্বপূৰ্ণ"। তেওঁ কয় যে ভাৰতে ৰামচাৰ স্থানৰ তালিকাত ১১ টা আৰ্দ্ৰভূমি সংযোজন কৰিছে যাৰ ফলত ৰামচাৰ স্থানৰ মুঠ সংখ্যা ৭৫ হৈছেগৈ। তেওঁ লগতে উল্লেখ কৰে যে ২০১৯ৰ তুলনাত ভাৰতে ২০২১ চনৰ ভিতৰত ২২০০ বৰ্গ কিলোমিটাৰতকৈও অধিক ভূমি বন আৰু গছৰে আৱৰি পেলাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা দশকত সামূহিক সংৰক্ষণৰ সংখ্যা ৪৩ৰ পৰা ১০০ৰ অধিকলৈ বৃদ্ধি পাইছে আৰু সেইবোৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য, যিবোৰৰ চাৰিওফালৰ পৰিৱেশ-সংবেদনশীল অঞ্চলসমূহক জাননী দিয়া হৈছিল, সেই সংখ্যা ৯ ৰ পৰা ৪৬৮ লৈ বৃদ্ধি পাইছে, সেয়াও এক দশকত।

 

গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে সিংহৰ জনসংখ্যাৰ বাবে কৰা কামৰ কথা উল্লেখ কৰি কয় যে এটা ভৌগোলিক এলেকাত সীমাবদ্ধ কৰি ৰাখি বন্য জন্তু ৰক্ষা কৰিব নোৱাৰি। তেওঁ স্থানীয় লোক আৰু জন্তুৰ মাজত আৱেগৰ লগতে অৰ্থনীতিৰ সম্পৰ্ক গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটত বন্যপ্ৰাণী মিত্ৰ কাৰ্যসূচী আৰম্ভ কৰাৰ কথা উল্লেখ কৰে য'ত চিকাৰৰ দৰে কাৰ্যকলাপ নিৰীক্ষণ ৰখাৰ বাবে নগদ পুৰস্কাৰেৰে প্ৰোত্সাহিত কৰা হয়। তেওঁ গিৰৰ সিংহৰ বাবে পুনৰ্সংস্থাপন কেন্দ্ৰ খোলা আৰু গিৰ অঞ্চলৰ বন বিভাগত মহিলা-বিটৰক্ষী আৰু বনকৰ্মী নিয়োগ কৰাৰ কথাও উল্লেখ কৰে। তেওঁ এতিয়া গিৰত স্থাপিত পৰ্যটন আৰু পৰিৱেশ পৰ্যটনৰ বিশাল পৰিৱেশ তন্ত্ৰৰ ওপৰতো আলোকপাত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে প্ৰজেক্ট টাইগাৰৰ সফলতাৰ বহুতো মাত্ৰা আছে আৰু ইয়াৰ ফলত পৰ্যটকৰ কাৰ্যকলাপ, সজাগতা কাৰ্যসূচী বৃদ্ধি পাইছে আৰু বাঘ সংৰক্ষিত অঞ্চলত মানৱ-পশুৰ সংঘাত হ্ৰাস পাইছে। শ্ৰী মোদীয়ে লগতে কয়, "বিগ কেটৰ উপস্থিতিয়ে সকলো ঠাইতে স্থানীয় লোকসকলৰ জীৱন আৰু পৰিস্থিতিৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাইছে"।

 

দশক পূৰ্বে ভাৰতত চিতা বিলুপ্ত হোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অনা চিতাবোৰৰ কথা উল্লেখ কৰি এটা বিগ কেটৰ প্ৰথম সফল আন্তঃমহাদেশীয় স্থানান্তৰৰ কথা উল্লেখ কৰে। তেওঁ কেইদিনমান আগতে কুনো ৰাষ্ট্ৰীয় উদ্যানত ৪ টা ধুনীয়া চিতা পোৱালীৰ জন্ম হোৱাৰ কথা স্মৰণ কৰে। তেওঁ আৰু কয় যে প্ৰায় ৭৫ বছৰ আগতে বিলুপ্ত হোৱাৰ পিছত ভাৰতৰ ভূমিত পুনৰ চিতাই জন্ম লৈছে। তেওঁ জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষা আৰু সমৃদ্ধিৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় মিত্ৰতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, "বন্যপ্ৰাণী সুৰক্ষা এখন দেশৰেই সমস্যা নহয়, ই এক সাৰ্বজনীন বিষয়"। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ২০১৯ বৰ্ষত তেওঁ বিশ্ব ব্যাঘ্ৰ দিৱসত এছিয়াত চোৰাং চিকাৰ আৰু অবৈধ বন্যপ্ৰাণী ব্যৱসায়ৰ বিৰুদ্ধে মিত্ৰতাৰ আহ্বান জনাইছিল আৰু কৈছিল যে ইণ্টাৰনেচনেল বিগ কেট এলায়েন্স হৈছে এই মনোভাৱৰ এক সম্প্ৰসাৰণ। ইয়াৰ লাভালাভৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতকে ধৰি বিভিন্ন দেশৰ অভিজ্ঞতাৰ পৰা উদ্ভৱ হোৱা সংৰক্ষণ আৰু সুৰক্ষা কাৰ্যসূচী সহজে ৰূপায়ণ কৰাৰ লগতে বিগ কেটৰ সৈতে জড়িত সমগ্ৰ পৰিৱেশতন্ত্ৰৰ বাবে বিত্তীয় আৰু কাৰিকৰী সম্পদ সংগ্ৰহ কৰাটো সহজ হ'ব।"ইণ্টাৰনেচনেল বিগ কেট এলায়েন্সৰ গুৰুত্ব হ'ব বাঘ, সিংহ, নাহৰফুটুকী বাঘ, স্নো নাহৰফুটুকী বাঘ, পুমা, জাগুয়াৰ আৰু চিতাকে ধৰি বিশ্বৰ ৭টা প্ৰধান বিগ কেটৰ সংৰক্ষণৰ ওপৰত"। প্ৰধানমন্ত্ৰীয়ে কয় যে এই বিগ কেটবোৰ ঘৰ থকা দেশসমূহ এই মিত্ৰতাৰ অংশ হ'ব। তেওঁ লগতে কয় যে সদস্য দেশসমূহে তেওঁলোকৰ অভিজ্ঞতা ভাগ বতৰা কৰিবলৈ, তেওঁলোকৰ সহযোগী দেশক অধিক দ্ৰুততাৰে সহায় কৰিবলৈ আৰু গৱেষণা, প্ৰশিক্ষণ আৰু ক্ষমতা নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ সক্ষম হ'ব। শ্ৰী মোদীয়ে কয়, "আমি একেলগে এই প্ৰজাতিবোৰক বিলুপ্তিৰ পৰা ৰক্ষা কৰিম আৰু এক সুৰক্ষিত আৰু স্বাস্থ্যকৰ পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰিম"।

 

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ 'এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত'ৰ মূলমন্ত্ৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই এই বাৰ্তা কঢ়িয়াই আনে যে মানৱতাৰ বাবে এক উন্নত ভৱিষ্যত তেতিয়াহে সম্ভৱ হয় যেতিয়া আমাৰ পৰিৱেশ সুৰক্ষিত থাকে আৰু আমাৰ জৈৱ বৈচিত্ৰ্য বিস্তাৰিত হৈ থাকে। "এই দায়িত্ব আমাৰ সকলোৰে, ই সমগ্ৰ বিশ্বৰ", তেওঁ পুনৰ কয়। কপ-২৬ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বৃহৎ আৰু উচ্চাকাংক্ষী লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু পাৰস্পৰিক সহযোগিতাৰ ওপৰত আস্থা প্ৰকাশ কৰিছে যিয়ে পৰিৱেশ সুৰক্ষাৰ প্ৰতিটো লক্ষ্য প্ৰাপ্তিত সহায় কৰিব পাৰে।

 

এই উপলক্ষে বিদেশী অতিথি আৰু বিশিষ্ট ব্যক্তিসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ভাৰতৰ জনজাতীয় সমাজৰ জীৱন আৰু পৰম্পৰাৰ পৰা কিছু শিকি ল'বলৈ আহ্বান জনায়। তেওঁ সাহয়াদ্ৰী আৰু পশ্চিম ঘাটৰ অঞ্চলসমূহৰ ওপৰত আলোকপাত কৰে যিবোৰ জনজাতীয় লোকসকলৰ বাসস্থান আৰু কয় যে তেওঁলোকে শতিকা ধৰি বাঘকে ধৰি প্ৰতিটো জৈৱ বৈচিত্ৰ্য সমৃদ্ধ কৰাত নিয়োজিত হৈ আছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে প্ৰকৃতিৰ পৰা দিয়া আৰু লোৱাৰ ভাৰসাম্যৰ পৰম্পৰা ইয়াৰ জনজাতীয় সমাজৰ পৰা গ্ৰহণ কৰিব পাৰি। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে অস্কাৰ বিজয়ী তথ্যচিত্ৰ 'দ্য এলিফেণ্ট হুইচপাৰাৰ্ছ'ৰ কথা উল্লেখ কৰি কয় যে ই প্ৰকৃতি আৰু প্ৰাণীৰ মাজৰ বিস্ময়কৰ সম্পৰ্কৰ আমাৰ ঐতিহ্যক প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "জনজাতীয় সমাজৰ জীৱনশৈলীয়ে মিছন লাইফ অৰ্থাৎ পৰিৱেশৰ বাবে জীৱনশৈলীৰ দৃষ্টিভংগী বুজাত যথেষ্ট সহায় কৰে"।

 

এই অনুষ্ঠানত  কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱ আৰু কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবে উপস্থিত আছিল।

 

পৃষ্ঠভূমি

প্ৰধানমন্ত্ৰীয়ে ইণ্টাৰনেচনেল বিগ কেট এলায়েন্স (আইবিচিএ)ৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে এছিয়াত চোৰাং চিকাৰ আৰু অবৈধ বন্যপ্ৰাণীৰ ব্যৱসায় হ্ৰাস কৰিবলৈ আৰু দৃঢ়তাৰে নিয়ন্ত্ৰণ কৰিবলৈ ২০১৯ চনৰ জুলাই মাহত বিশ্ব নেতাৰ মিত্ৰজোঁটৰ আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰীৰ এই বাৰ্তা আগবঢ়াই নি ইণ্টাৰনেচনেল বিগ কেট এলায়েন্স আৰম্ভ কৰা হৈছে য'ত বিশ্বৰ সাতটা প্ৰধান বিগ কেট, যেনে- বাঘ, সিংহ, নাহৰফুটুকী বাঘ, স্নো লিঅপাৰ্ড, পুমা, জাগুয়াৰ আৰু চিতাৰ সুৰক্ষা আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া হ'ব আৰু এই প্ৰজাতিবোৰক আশ্ৰয় দিয়া দেশসমূহৰ পৰিসৰৰ সদস্যপদ থাকিব।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi vows stronger India-Malaysia ties in strategic pivot; says ‘no compromise’ on terrorism

Media Coverage

PM Modi vows stronger India-Malaysia ties in strategic pivot; says ‘no compromise’ on terrorism
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the limitless potential of students and the spirit of ‘Pariksha Pe Charcha’
February 09, 2026

The Prime Minister, Shri Narendra Modi said that our students are endowed with extraordinary talent and possess the complete potential to turn their dreams into reality. He noted that the objective of Pariksha Pe Charcha is to guide students on how to meaningfully use their abilities and skills for personal growth and success.

The Prime Minister shared a Sanskrit Subhashitam on the occasion-

“विद्या वितर्को विज्ञानं स्मृतिस्तत्परता क्रिया। यस्यैते षड्गुणास्तस्य नासाध्यमतिवर्तते॥”

The Subhashitam conveys that a person who possesses knowledge, logic, science, memory, promptness and activity can overcome any challenge, and nothing is impossible for such an individual.

The Prime Minister wrote on X;

“अद्भुत प्रतिभा के धनी हमारे विद्यार्थियों में अपने सपनों को सच करने की पूरी क्षमता है। 'परीक्षा पे चर्चा' का उद्देश्य भी यही है कि कैसे वे अपनी प्रतिभा और कौशल का सार्थक इस्तेमाल कर सकते हैं।

विद्या वितर्को विज्ञानं स्मृतिस्तत्परता क्रिया।

यस्यैते षड्गुणास्तस्य नासाध्यमतिवर्तते॥”