"ভাৰতে এতিয়া 'সম্ভাৱনা আৰু সামৰ্থ'তকৈ অধিক গতিৰে আগবাঢ়িছে আৰু বিশ্ব কল্যাণৰ হকে এক ডাঙৰ উদ্দেশ্য প্ৰদৰ্শন কৰিছে"
"আজি দেশে প্ৰতিভা, বাণিজ্য আৰু প্ৰযুক্তিক উৎসাহিত কৰি আছে"
"আত্মনিৰ্ভৰ ভাৰত হৈছে আমাৰ পথ আৰু আমাৰ সংকল্প"
"পৃথিৱী, পৰিৱেশ, কৃষি, পুনৰ্ব্যৱহাৰ, প্ৰযুক্তি আৰু স্বাস্থ্যসেৱাৰ বাবে কাম কৰক"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জৈন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংস্থাৰ 'জিআইটিঅ' কানেক্ট ২০২২'ৰ উদ্বোধনী অধিৱেশনত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভাষণ প্ৰদান কৰে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আজিৰ কাৰ্যসূচীৰ বিষয়বস্তু 'সবকা প্ৰয়াস'ৰ মনোভাৱৰ কথা উল্লেখ কৰি কয় যে আজি বিশ্বই ভাৰতৰ উন্নয়নমূলক প্ৰস্তাৱসমূহক ইয়াৰ লক্ষ্য প্ৰাপ্তিৰ এক মাধ্যম হিচাপে বিবেচনা কৰি আছে।

গোলকীয় শান্তি, সমৃদ্ধি তথা প্ৰত্যাহ্বানৰ সৈতে সম্পৰ্কিত সমাধানেই হওঁক অথবা গোলকীয় যোগান শৃংখলা শক্তিশালী কৰাৰ ক্ষেত্ৰতে হওঁক, বিশ্বই গভীৰ আত্মবিশ্বাসেৰে ভাৰতৰ ফালে চাই আছে।  তেওঁ লগতে কয়, "অমৃত কালক লৈ ভাৰতৰ সংকল্পৰ বিষয়ে বহু কেইখন ইউৰোপীয় দেশক অৱগত কৰি মই শেহতীয়াকৈ দেশলৈ উভতি আহিছো।"

আজি সকলোৱে অনুভৱ কৰে যে ভাৰত এতিয়া 'সম্ভাৱনা আৰু সামৰ্থ'ৰ সীমা অতিক্ৰম কৰি আগবাঢ়িছে আৰু বিশ্বকল্যাণৰ এক ডাঙৰ উদ্দেশ্য সন্মুখত লৈ কাম কৰিছে। স্বচ্ছ উদ্দেশ্য, স্পষ্ট অভিপ্ৰায় আৰু অনুকূল নীতিৰ কথা পুনৰ এবাৰ উল্লেখ কৰি তেওঁ কয় যে আজি ভাৰতে যিমান সম্ভৱ প্ৰতিভা, বাণিজ্য আৰু প্ৰযুক্তিক উৎসাহিত কৰি আছে। আজি দেশখনে প্ৰতিদিনে ডজন ডজন ষ্টাৰ্টআপ পঞ্জীয়ন কৰি আছে, প্ৰতি সপ্তাহত এটা ইউনিকৰ্ণ সৃষ্টি কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰী ই-মাৰ্কেটপ্লেচ অৰ্থাৎ জিইএম পৰ্টেল মুকলি হোৱাৰ পিছৰে পৰা সকলো ক্ৰয় সকলোৰে সন্মুখত একেটা মঞ্চত কৰা হয়। এতিয়া দূৰৱৰ্তী গাওঁ, সৰু দোকানী আৰু আত্মসহায়ক গোটৰ লোকসকলে তেওঁলোকৰ সামগ্ৰী পোনপটীয়াকৈ চৰকাৰক বিক্ৰী কৰিব পাৰে। আজি ৪০ লাখতকৈও অধিক বিক্ৰেতাই জিইএম পৰ্টেলত যোগদান কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ স্বচ্ছ কৰ মূল্যায়ন, এক ৰাষ্ট্ৰ-এক কৰ, উৎপাদনশীলতা সম্পৰ্কীয় উদগনিমূলক আঁচনিৰ বিষয়েও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভৱিষ্যতৰ বাবে আমাৰ পথ আৰু গন্তব্য স্থান স্পষ্ট। "আত্মনিৰ্ভৰ ভাৰত হৈছে আমাৰ পথ আৰু আমাৰ সংকল্প। বিগত বছৰবোৰত, আমি ইয়াৰ বাবে সকলো প্ৰয়োজনীয় পৰিৱেশ সৃষ্টি কৰিবলৈ নিৰন্তৰভাৱে কাম কৰি আহিছো।"-তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে সমবেত লোকসকলক ধৰিত্ৰী(EARTH)ৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে 'E'ৰ অৰ্থ হৈছে পৰিৱেশৰ সমৃদ্ধি। মোদীয়ে তেওঁলোকক অহা বছৰৰ ১৫ আগষ্টৰ ভিতৰত প্ৰতিখন জিলাত কমেও ৭৫ অমৃত সৰোবৰ খন্দাৰ প্ৰচেষ্টাক কেনেদৰে সমৰ্থন কৰিব পাৰে সেই বিষয়েও আলোচনা কৰিবলৈ আহ্বান জনায়।  'A'ৰ অৰ্থ হৈছে কৃষিক অধিক লাভজনক কৰা আৰু প্ৰাকৃতিক কৃষি, কৃষি প্ৰযুক্তি আৰু খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত অধিক বিনিয়োগ কৰা।  'R'ৰ অৰ্থ হৈছে ৰিচাইক্লিং আৰু বৃত্তাকাৰ অৰ্থনীতিৰ ওপৰত গুৰুত্ব দিয়া, পুনৰ ব্যৱহাৰ, হ্ৰাস আৰু পুনৰ্ব্যৱহাৰৰ বাবে কাম কৰা। 'T'ৰ অৰ্থ হৈছে যিমান সম্ভৱ সিমান মানুহৰ ওচৰলৈ প্ৰযুক্তিক লৈ যোৱা। তেওঁ দৰ্শকসকলক তেওঁলোকে কেনেকৈ ড্ৰোন প্ৰযুক্তিৰ দৰে অন্যান্য উন্নত প্ৰযুক্তিক অধিক সুলভ কৰি তুলিব পাৰে সেয়া বিবেচনা কৰিবলৈ আহ্বান জনায়। 'এইচ'ৰ অৰ্থ হৈছে স্বাস্থ্যসেৱা। তেওঁ কয় যে আজি চৰকাৰে দেশৰ প্ৰতিখন জিলাৰ স্বাস্থ্যসেৱা আৰু চিকিৎসা মহাবিদ্যালয়ৰ দৰে আন্তঃগাথনি বিকশিত কৰিবলৈ যথেষ্ট কাম কৰি আছে। তেওঁ সমবেত লোকসকলক তেওঁলোকৰ সংগঠনে ইয়াক কেনেদৰে উৎসাহিত কৰিব পাৰে সেই বিষয়ে চিন্তা কৰিবলৈ কয়।    

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Moving beyond Western paradigms: The geopolitical lesson of India’s multi-alignment

Media Coverage

Moving beyond Western paradigms: The geopolitical lesson of India’s multi-alignment
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Surat, Gujarat
June 02, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed deep pain over the tragic mishap in Surat district, Gujarat. He extended his heartfelt condolences to those who have lost their loved ones and prayed for the earliest recovery of the injured. The Prime Minister noted that rescue operations are underway and authorities are providing all possible assistance at the accident site.

The Prime Minister has announced an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) for the next of kin of each deceased. Shri Modi also noted that Rs. 50,000 would be provided to those who sustained injuries in the incident.

The Prime Minister posted on X:

"Deeply pained to hear about a mishap in Surat district, Gujarat. My condolences to those who have lost their loved ones. May the injured recover at the earliest. Rescue operations are underway and authorities are providing all possible assistance at the accident site.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM"